Skip to main content

Posts

Showing posts from March, 2024

জীৱন নদীৰ প্ৰেমৰ ঘাট

 "এই ঠাইতে হেনো ঊষাই অনিৰূদ্ধক প্ৰপ'জ কৰিছিল!" সি হাঁহি-হাঁহি ক'লে।  "কি যে অদ্ভুত কথাবোৰ কৈ থাকা তুমি!" তাই চকু পকাই কৈ উঠিল। "আৰে! সচাঁকৈ কৈছো। বিশ্বাস নাই হোৱা যদি সুধি লোৱা।" "কাক সুধিম?" "ঊষা বা অনিৰূদ্ধক" "তুমি এটা পাগল!" "তোমাৰ প্ৰেমেহে পাগল কৰিলে আচলতে মোক।" "হব' দিয়া, লেৰেলা সাদৰ দেখুৱাব নালাগে এতিয়া। যাওগৈ ব'লা, সন্ধিয়া হ'বৰে হ'ল।" "আৰু অলপ দেৰি থাকা! অগ্নিগড়ৰ ওপৰৰ পৰা সূৰ্যটো বিশাল ব্ৰহ্মপুত্ৰৰ মাজত বিলিন হোৱা দেখিছা জানো তুমি?" সি আকুল কন্ঠেৰে ক'লে। তাই তাৰ ফালে চালে। তাৰ চকুত মাজত তাইৰ হেৰাই যাবলৈ মন গল। তাই লাহেকৈ তাৰ কান্ধত মুৰটো থৈ তাক সুধিলে, "আমি বিয়া কেতিয়া পাতিম?" "চাকৰিটো হৈ ল'বলৈ দিয়া। তাৰ পাচত কইনা সজাই তোমাক ঘৰলৈ লৈ যাম।" চকুত অনাগত ভৱিষ্যতৰ ৰঙীণ সপোন সামৰি তাই আগলৈ চাই থাকিল। সম্মুখত তেতিয়া বেলিৰ হেঙুলীয়া আভাই অগ্নিগড়ত শোনিতৰ ৰঙেৰে মায়াজাল গুঠিছিল। ****** "এই ঠাইতে হেনো কৃষ্ণই ৰাধাক প্ৰপজ কৰিছিল!" "এই অদ্ভু...

নদী, ঈশানী আৰু মই

নদী বৰ ভাল পাওঁ মই। নাজানো নদীৰ প্ৰতি কিয় মোৰ এই দুৰ্বাৰ আকৰ্ষণ! নদী যেন মোৰ আজন্ম প্ৰেমিকা; মোৰ যেন মনৰ লগৰী, যাক ক'ব পাৰো মই মোৰ জীৱনৰ সকলো কথা, সকলো বেথা। নদী এখনৰ পাৰত গোটেই দিনটো একো নকৰাকৈ বহি থাকিব পাৰো মই।  নদীৰ সোঁতৰ সৈতে কথা পাতি যেন পাৰ কৰিব পাৰো গোটেই দিন। সাগৰো দেখিছো মই কিন্তু সাগৰৰ প্ৰতি সেই আকৰ্ষণ মোৰ মনত কোনো দিনে থিতাপি লোৱা নাই। সাগৰ বৰ অশান্ত; নদী সৌম্য আৰু শান্ত - ঠিক যেন মোৰ কল্পনাৰ নাৰীজনীৰ দৰে। এইয়া আজি সন্ধিয়াও মই বহি আছো জাঁজী নৈৰ পাৰত - সম্মুখেৰে বৈ গৈছে নদীখন -  শান্ত হৈ, বুকুত হাজাৰতা অনামী, অব্যক্ত কাহিনী লৈ। কেতিয়াবা জানিবলৈ মন যায়, এই নদীকেইখনে কি-কি বা দেখে!  সকলো নদীয়ে বাৰু বিস্তীৰ্ণ পাৰৰে, অসংখ্য জনৰে, হাহাকাৰ শুনেনে?? শুনেনে তাই জীৱন সংগ্ৰামৰ কথা? দেখেনে তাই মানুহৰ চকুপানী? নে কেৱল নীৰব হৈ বৈ থাকে অনম্তকাললৈ? কথাবোৰ মনতে পাগুলিয়াই বহি আছিলো। আৰু তেতিয়াই দেখিলো তাইক। মোৰ দৰে তাইও আত্মবিভোৰ হৈ চাই আছিল নদীখনলৈ। কি ভাবি আছিল বা তাই? জীৱনৰ কথা, চাকৰিৰ কথা, পৰিয়ালৰ কথা নে কোনোবা প্ৰেমিকৰ কথা? মোৰ উচৰত সেই প্ৰশ্নৰ উত্তৰ নাছিল। মই তাইৰ ফালে চা...

তুমি আৰু মই

 আত্মবিভোৰ হৈ নদীখনলৈ চাই আছিল তাই। পানীৰ সেই শান্ত ধাৰাৰ মাজত তাই নিজকে যেন হেৰুৱাই পেলাইছিল। মই আহি কাষত ৰোৱা তাই গম নাপালে। লাহেকৈ মই তাইৰ কাষত বহিলো। তাই তেতিয়াও মোৰ ফালে চোৱা নাই। মই তাইৰ হাত এখন মোৰ হাতৰ মুঠিৰ মাজত আকোঁৱালি ললো। তাই তেতিয়াও নিজৰ ভাৱত মগন। ****** আজি সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাত মূখৰ গোটেই ৰাজ্য। ‘ভেলেন্টাইন দে’ বুলিও আজি কিছুমানৰ মাজত বিশেষে উলাহ। তাইৰ পিছে সেইবোৰলৈ ভ্ৰুক্ষেপ নাই।  কিছুমান চিন্তা মনত পাক-ঘূৰণি খাই আছিল তাইৰ। পূবৰ বেলি লাহেকৈ পশ্চিমলৈ লহিয়াবলৈ লৈছিল। মই তাইক কাষৰ কলেজখনলৈ এপাক যাবলৈ লগ ধৰিলো। “নাযাওঁ দিয়া। আজি মন নাই। এনেই এপাক খোজকাঢ়ি ঘৰলৈ যাওঁগৈ ব’লা।” মই মূৰ দুপিয়ালো। ****** পদপথৰ উপৰেৰে আমি দুয়ো খোজকাঢ়ি গৈ আছো। কাষেৰে গাড়ী-বাইকবোৰ তীব্ৰ গতিৰে পাৰ হৈ গৈছে। কাৰোৱেই ৰ’বলৈ যেন সময় নাই। পদপথত তাৰ বিপৰিতে আন এক সংগ্ৰাম। চহৰৰ তীব্ৰ গতিৰ জীৱনৰ তুলনাত পদপথৰ বাসিন্দাৰ নিথৰ জীৱন।  মলিয়ন কাপোৰ, অবিন্যস্ত চুলিৰে আবৰা এজাক যেন নাম-ঠিকনাবিহীন প্ৰাণীৰ বাসস্থান এই পদপথবোৰ। তেনেতে মোৰ চকু পৰিল এহাল বৃদ্ধ-বৃদ্ধাৰ ওপৰত। বৃদ্ধাৰ ...

তপত উশাহৰ শেষ নিঃশ্বাস

"যদু, ভাত বাঢ়িব পৰা হ'লনে?" "হৈছেই আৰু খূৰী। অলপ পাছত সকলো সাজু হ'ব।" "সোনকালে কৰ। মানুহখিনিৰ ভোক লাগিছেই ছাগে।" "এই ভাজিখিনি হ'লেই হৈ যাব।" হেতাৰে ভাজিখিনি লৰাই-লৰাই যদুৱে কৈ উঠিল। সি মোবাইলটো উলিয়াই সময়টো চালে - দুপৰীয়া ১টা বাজিব হ'ল। ঘৰখনৰ বাহিৰে-ভিতৰে তেতিয়া উথপথপ। দুদিন পাছত ঘৰখনত বিয়া। যদুক আজিৰ পৰা দায়িত্ব দিয়া হৈছে ঘৰৰ আলহিসকলৰ বাবে আহাৰ বনোৱাৰ। এই ক্ষেত্ৰত তাৰ নাম আছে। বিয়া-সবাহে তাক প্ৰায়ে মাতে খাদ্য প্ৰস্তুত কৰিবলৈ।  ক'বলৈ গ'লে সেয়াই তাৰ উপাৰ্জনৰ মূল পথ। লগতে সি মাজে-মাজে হাজিৰা কামো কৰে। অকলশৰীয়া মানুহ - তাৰ জীৱন এনেদৰেই চলি গৈছে।  যদুৱে আকৌ এবাৰ ভাজিখিনি লৰালে।  আৰু অলপ পাছত ভাত বাঢ়িব পৰা হ'ব। ঘৰৰ পাছফালৰ চোতালৰ এটা অংশত তাক ভাত বনোৱাৰ সকলো জোগাৰ কৰি দিয়া হৈছে। সি বাল্টি কেইটা পানীৰে ধুই ল'লে। দাইল আৰু ভাজিখিনি সেইকেইতাত বাকি দিব লাগিব।  "ভাত বাঢ়িব পৰা হ'ল নেকি, যদু দা?" ৰশ্মিয়ে আহি তাক সুধিলে। এই ৰশ্মিৰে বিয়া দুদিন পাছত। "হৈছেই আৰু। তুমি পেপাৰ প্লেটকেইখন সাজু কৰা, মই খোৱা বস্তুবো...

আৰু একাপ চাহ খোৱা নহ'ল

"সেই গাড়ীবোৰলৈ চা; যেন ৰ'বলৈ সময় নাই। তীব্ৰ গতিত কেৱল আগুৱাই গৈ আছে।" সি কৈ উঠিল। তাই মূৰটো ৰাস্তাৰ ফালে ঘূৰাই দিলে। ৰাস্তাটোৰ কাষতে থকা ৰেষ্টুৰেণ্টখনত সিহঁত দুয়ো বহি আছিল। সময় তেতিয়া সন্ধিয়া। সূৰ্য ইতিমধ্যে পশ্চিম দিগন্তত অস্ত গৈছিল। ষ্ট্ৰীট লাইটবোৰে এতিয়া চহৰখনলৈ নামি অহা অন্ধকাৰক পৰাস্ত কৰিবলৈ চেষ্টা চলাই আছিল। "মই কি কৈ আছো তই শুনিছনে নাই?" তাই তালৈ চাই সুধিলে। সি কিন্তু তেতিয়াও ৰাস্তাৰ ফালে চাই আছিল। "কাৰোৰে ৰ'বলৈ সময় নাই। সকলোৱে যেন ধৰিব নোৱাৰা কিবা এটা খেদি ফুৰিছে।" "মোৰ ফালে চা।" তাই অলপ উষ্মাৰে ক'লে। সি তাইৰ ফালে মূখখন ঘুৰালে। এটা মিঠা হাঁহিৰ সৈতে, তাইৰ চকুলৈ চাই ক'লে, "তোৰ কথা কোন দিনা নুশুনাকৈ আছো মই!" তাই লাজত ৰঙা পৰিল। "লাজ কৰিলে তোক বৰ ধুনীয়া লাগে।" সি তাইক জোকাবলৈ ক'লে। "লেৰেলা সাদৰ দেখাব নালাগে। মনে-মনে থাক।" তাই মিছা খং এটা দেখুৱাই ক'লে। কিছু সময় দুয়ো মৌন হৈ থাকিল। ৱ‍েইটাৰ এজনে আহি চাহ আৰু চিঙৰা দি থৈ গ'ল। "বিয়াৰ বজাৰ কত কৰিবি পিছে?" চাহৰ কাপটোত চুমুক এটা দি...

মইজনী আজিও জীয়াই আছো

"আমাৰ মনটো বৰ অদ্ভুত নহয়নে! কেতিয়াবা এনে কিছুমান কথা মনত পেলাই দিয়ে, যি আমাৰ স্মৃতি গহ্বৰৰ ভিতৰত বছৰ-বছৰ ধৰি লুকাই আছিল।" অন্তৰাই চাহৰ কাপতো হাতেৰে ঘূৰাই-ঘূৰাই কৈ উঠিল। তাইৰ বান্ধবী ৰেখা আৰু বিদিশাই প্ৰশ্নবোধক দৃষ্টিৰে তাইৰ ফালে চালে।  "এইমাত্ৰ আমাৰ কাষেৰে যে মানুহ এজন পাৰ হৈ গ'ল, তেওঁক দেখি মোৰ মনটোৱে প্ৰায় ৩০ বছৰ আগৰ কথা এটা মনত পেলাই দিলে।"  "কি কথা?" ৰেখাই সুধিলে। "মই তেতিয়া নৱম শ্ৰেণীত। মা-দেউতাৰ লগত দিল্লীলৈ গৈছিলো। তাত এদিন আমি হোটেল এখনৰ বাহিৰত ল'নত বহি কিবা খাই আছিলো। সেই সময়তে এজন মানুহ আহি আমাৰ কাষৰ টেবুল এখনত বহিলেহি। অতি সুন্দৰ-সুঠাম পুৰুষ আছিল সেইজন। চিগাৰেট এটা মুখত লৈ তেওঁ আলোচনী এখন পঢ়ি আছিল। কিয় জানো মোৰ তেওঁলৈ চাই থাকিবৰ মন গৈছিল। তেওঁৰ পৰা চকু আঁতৰাব পৰা নাছিলো মই। আমাৰ খোৱা হোৱাৰ পাছত যেতিয়া আমি হোটেলখনৰ পৰা উলাই আহিছিলো, তেতিয়া মোৰ খুব বেয়া লাগিছিল। সেই মানুহজনক মই আৰু কেতিয়াও নেদেখিলো কিন্তু আজিও মোৰ তেওঁৰ চেহেৰাটো মনত আছে।"  "তাৰমানে সেই মানুহজন তোৰ প্ৰথম প্ৰেম আছিল!" বিদিশাই হাঁহি-হাঁহি ক'লে। "...

এটি অসমাপ্ত গল্প

বৰষুণজাকে চহৰখনৰ তাপমাত্ৰা বহুগুণে কমাই তুলিছিল। গৰমৰ উৎপাতৰ পৰা ৰক্ষা পাই মানুহখিনিয়ে স্বস্তিৰ নিশ্বাস পেলাইছিল।  ৰাস্তাৰ কাষৰ সৰু এখন হোটেলত বহি সি চাহ একাপ হাতত লৈ বাহিৰলৈ চাই আছিল। চিপচিপিয়া বৰষুণজাকৰ মাজেৰে ৰাস্তাত গাড়ী-মানুহৰ অবিৰত যাত্ৰা চলি আছিল।  কামৰ সংক্ৰান্তত সি আজি আহি এই চহৰত উপস্হিত হৈছেহি।  প্ৰায় সাত বছৰ পাছত আহিছে ইয়ালৈ সি। এটা সময় আছিল যেতিয়া এই চহৰখনৰ এটা-এটা ৰাস্তা, এটা-এটা এলেকা, সি চিনি পাইছিল।  কিন্তু এই চহৰখন এতিয়া তাৰ বাবে অচিনাকি।  এইখন চহৰৰ কিছু নিলগত অৱস্হিত বিশ্ববিদ্যালয়খনত পঢ়া-শুনা সম্পূৰ্ণ কৰি উলাই যোৱা ইতিমধ্যে আঠ বছৰৰ বেছি হ'ল। শেষবাৰ সি আহিছিল বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত। আৰু সেই বাৰেই শেষ দেখিছিল সি তাইক। তাৰ সৈতে কথা পতা নাছিল তাই।  এবুকু অভিমান হৃদয়ৰ মাজত লৈ সিয়ো মতা নাছিল তাইক।  সি নাজানে কেনে আছে তাই এতিয়া।  তাইৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন হোৱাটছএপযোগে পঠাই দিছিল তালৈ।  সি কোনো উত্তৰ দিয়া নাছিল সেই মেছেজটোৰ।  কি বুলিনো লিখিলেহেতেন সি?  বিয়াৰ শুভেচ্ছা জনালো বুলি? সুখী থাক বুলি? নে তোক এতিয়াও ...

কঁপি উঠে কিয় তাজমহল

 "কঁপি উঠে কিয় তাজমহল", সি তাইৰ ফালে চাই ক'লে। "কি?" তাই বুজি নাপালে। "কঁপি উঠে কিয় তাজমহল" "তাজমহল কঁপি আছে নেকি?" তাই আগলৈ মূৰ ডাঙি চাবলৈ চেষ্টা কৰিলে।  "ভূপেন হাজৰিকাৰ গান এইটো। তাজমহল সঁচাকৈ কঁপিছে বুলি কোৱা নাই মই।" "তাকে কোৱা। মই বুজি পোৱাকে কবা কথাবোৰ।" "মোৰ কথাবোৰ তুমি বুজি নোপোৱাই!" সি ধেমালিৰ চলেৰে ক'লে। "তোমাৰ বাৰে-বিংকৰা কথাবোৰ বুজিবলৈ মোৰ সময় নাই! যোৱা টিকট দুটা কিনি আনা।" তাজমহলৰ বাহিৰত টিকট কাউন্টাৰটোৰ সম্মুখত থিয় হৈ তাই ক'লে। ****** ছিকিউৰিটি গেট পাৰ হৈ সিহঁতি সোমাই গ'ল ভিতৰলৈ। তাজমহল এতিয়াও চকুত পৰা নাই। সম্মুখত ফটোগ্ৰাফাৰ আৰু টুৰিষ্ট গাইডৰ অগণন অনুৰোধ - ফটো তোলক, গাইড এজন লওঁক। বিনম্ৰতাৰে সিহঁতৰ অনুৰোধ প্ৰত্যাখ্যান কৰি তাহাঁতি সোঁফালে ঘুৰি তাজমহলৰ ফালে খোজ পেলালে। বিশালকায় প্ৰৱেশ দুৱাৰৰখনৰ মাজেৰে সিহঁত সোমাই গ'ল।  চকুৰ আগত সেয়া তাজমহল - মুমতাজ মহল আৰু ছাহ জাহানৰ অন্তিম শয়নৰ থলী, প্ৰেমৰ সৌধ হিচাপে বিশ্ব বিখ্যাত তাজমহল। "১৯৮৩ চনত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হিচ...

প্ৰেমৰ নীৰৱতা

ট্ৰেইনখনে লাহে-লাহে গতি লোৱা আৰম্ভ কৰিলে। প্লেটফৰ্মৰ হাই-উৰুমিবোৰ কমি আহিল। ৰিমাই খিৰিকিৰ কাষত বহি বাহিৰলৈ চাই যাব ধৰিলে। গুৱাহাটীৰ পৰা লামডিংলৈ আজিৰ এই যাত্ৰা। পৰিয়ালৰ এখন বিয়ালৈ বুলি তাহাঁতি সকলো উলাইছে। সকলো মানে মাক, দেউতাক, তাইৰ বায়েক আৰু ভায়েক। আজি বহুদিনৰ পাছত তাই ৰেলেৰে যাত্ৰা কৰিছে। এইবাৰ কিন্তু তাইৰ অলপ বস্তুবোৰ বেলেগ যেন লাগিছে। পথাৰবোৰ যেন আগতকৈ বহু বেছি ধুনীয়া হ'ল, আকাশখন যেন আৰু বিশাল হ'ল, গছবোৰ যেন আৰু সেউজীয়া হৈ পৰিল।  ১৬ বছৰত ভৰি দিয়াৰ পাছত পৃথিৱীখন যেন তাইৰ কাৰণে আৰু ৰঙীন হৈ পৰিল! ৰেলৰ ভিতৰত মানুহবোৰ নিজৰ মাজত কথা পতাত ব্যস্ত। তাইৰ মাক ব্যস্ত তাইৰ ভায়েকক কিবা এটা খুৱাবলৈ; ঘৰৰ পৰা অহা সময়ত সি একোকে নাখালে। এতিয়াও সি নাখাও বুলি কোৱাত মাকে তাক গালি পাৰি আছে। বায়েক ব্যস্ত মোবাইলত; বাপেকে বাতৰি কাকত এখন পঢ়ি আছে। ৰিমাৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। তাইৰ চকু বাহিৰত। দ্ৰুত গতিত পাৰ হৈ যোৱা গছ-পথাৰ-ঘৰবোৰ চাই-চাই তাই নিজৰ মাজতে মগন। খিৰিকিৰে সোমাই অহা বতাহজাকে তাইৰ চুলিবোৰ খেলি-মেলি কৰি দিছিল। তাই চুলিখিনি থিক কৰি-কৰি, বাহিৰলৈ চাই থাকিল। গুৱাহাটীৰ কংক্ৰিতৰ পৃথিৱীখনৰ পৰা বাহি...