"এই ঠাইতে হেনো ঊষাই অনিৰূদ্ধক প্ৰপ'জ কৰিছিল!" সি হাঁহি-হাঁহি ক'লে। "কি যে অদ্ভুত কথাবোৰ কৈ থাকা তুমি!" তাই চকু পকাই কৈ উঠিল। "আৰে! সচাঁকৈ কৈছো। বিশ্বাস নাই হোৱা যদি সুধি লোৱা।" "কাক সুধিম?" "ঊষা বা অনিৰূদ্ধক" "তুমি এটা পাগল!" "তোমাৰ প্ৰেমেহে পাগল কৰিলে আচলতে মোক।" "হব' দিয়া, লেৰেলা সাদৰ দেখুৱাব নালাগে এতিয়া। যাওগৈ ব'লা, সন্ধিয়া হ'বৰে হ'ল।" "আৰু অলপ দেৰি থাকা! অগ্নিগড়ৰ ওপৰৰ পৰা সূৰ্যটো বিশাল ব্ৰহ্মপুত্ৰৰ মাজত বিলিন হোৱা দেখিছা জানো তুমি?" সি আকুল কন্ঠেৰে ক'লে। তাই তাৰ ফালে চালে। তাৰ চকুত মাজত তাইৰ হেৰাই যাবলৈ মন গল। তাই লাহেকৈ তাৰ কান্ধত মুৰটো থৈ তাক সুধিলে, "আমি বিয়া কেতিয়া পাতিম?" "চাকৰিটো হৈ ল'বলৈ দিয়া। তাৰ পাচত কইনা সজাই তোমাক ঘৰলৈ লৈ যাম।" চকুত অনাগত ভৱিষ্যতৰ ৰঙীণ সপোন সামৰি তাই আগলৈ চাই থাকিল। সম্মুখত তেতিয়া বেলিৰ হেঙুলীয়া আভাই অগ্নিগড়ত শোনিতৰ ৰঙেৰে মায়াজাল গুঠিছিল। ****** "এই ঠাইতে হেনো কৃষ্ণই ৰাধাক প্ৰপজ কৰিছিল!" "এই অদ্ভু...