Skip to main content

কঁপি উঠে কিয় তাজমহল

 "কঁপি উঠে কিয় তাজমহল", সি তাইৰ ফালে চাই ক'লে।


"কি?" তাই বুজি নাপালে।


"কঁপি উঠে কিয় তাজমহল"


"তাজমহল কঁপি আছে নেকি?" তাই আগলৈ মূৰ ডাঙি চাবলৈ চেষ্টা কৰিলে। 


"ভূপেন হাজৰিকাৰ গান এইটো। তাজমহল সঁচাকৈ কঁপিছে বুলি কোৱা নাই মই।"


"তাকে কোৱা। মই বুজি পোৱাকে কবা কথাবোৰ।"


"মোৰ কথাবোৰ তুমি বুজি নোপোৱাই!" সি ধেমালিৰ চলেৰে ক'লে।


"তোমাৰ বাৰে-বিংকৰা কথাবোৰ বুজিবলৈ মোৰ সময় নাই! যোৱা টিকট দুটা কিনি আনা।" তাজমহলৰ বাহিৰত টিকট কাউন্টাৰটোৰ সম্মুখত থিয় হৈ তাই ক'লে।


******


ছিকিউৰিটি গেট পাৰ হৈ সিহঁতি সোমাই গ'ল ভিতৰলৈ।


তাজমহল এতিয়াও চকুত পৰা নাই।


সম্মুখত ফটোগ্ৰাফাৰ আৰু টুৰিষ্ট গাইডৰ অগণন অনুৰোধ - ফটো তোলক, গাইড এজন লওঁক।


বিনম্ৰতাৰে সিহঁতৰ অনুৰোধ প্ৰত্যাখ্যান কৰি তাহাঁতি সোঁফালে ঘুৰি তাজমহলৰ ফালে খোজ পেলালে।


বিশালকায় প্ৰৱেশ দুৱাৰৰখনৰ মাজেৰে সিহঁত সোমাই গ'ল। 


চকুৰ আগত সেয়া তাজমহল - মুমতাজ মহল আৰু ছাহ জাহানৰ অন্তিম শয়নৰ থলী, প্ৰেমৰ সৌধ হিচাপে বিশ্ব বিখ্যাত তাজমহল।


"১৯৮৩ চনত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে তালিকাভুক্ত হোৱা তাজমহল, মোগল স্থাপত্যশৈলীৰ এক অপূৰ্ব নিদৰ্শন।" গাইড এজনে বিদেশী পৰ্যটক এজনক কৈ থকা সি শুনিলে।


সি তাইৰ ফালে চালে।  


নিমগ্ন হৈ তাই তাজমহলৰ ফালে চাই আছে।


"কি ভাবিছা?" সি তাইক সুধিলে।


সিহঁতৰ কাষত তেতিয়া আন সকলো ব্যস্ত ফটো তোলাত।


"এইখিনিৰ পৰা তাজমহল ইমান সৰু যেন লাগিছে।" তাই কৈ উঠিল।


"আমি কাষ চাপিলেহে উমান পাম ইয়াৰ বিশালতাৰ।" এইবুলি কৈ সি তাইৰ হাতত ধৰি আগবাঢ়িল। 


মোগল গাৰ্ডেনৰ মাজেৰে খোজকাঢ়ি তাহাঁতি আগলৈ গৈ থাকিল।


যিমানেই আগবাঢ়িছে সিমানেই সিহঁতি অনুভৱ কৰিবলৈ ধৰিছে তাজমহলৰ বিশালতাৰ।


"এইখিনিতেই ফটোকেইখনমান তুলি লওঁ আহা। তোমাৰ ফোনটো দিয়া, সেইটোত বেছি ভালকৈ আহে ফটোবোৰ।" সি ক'লে।


তাই নিজৰ মোবাইলটো তাক দিলে।


ভিন্ন-ভিন্ন ভংগীমাৰে সিহঁতি ফটো তুলি পুনৰ আগবাঢ়িল তাজমহলৰ ফালে। 


******


"তাৰ ফোনটো লগা নাই!"


"তাইৰ ফোনটোলৈ কৰ।"


"সেইটোও লগা নাই!"


"ক'ত বা আছে সিহঁত?"


"তাকেই ভাবিছো!"


******


বিশাল, বিশ্ব বিখ্যাত এই প্ৰেমৰ সৌধটোৰ ভিতৰলৈ সোমাই যাওঁতে সিহঁতৰ মনৰ মাজেৰে এক অনামি শিহৰণ পাৰ হৈ গ'ল।


ভৰিৰ জোতাৰ উপৰত এক কাপোৰৰ আৱৰণ লগাই সিহঁতি প্ৰৱেশ কৰিলে তাজমহলৰ অৰ্ন্তভাগত। 


ভিতৰত ছাহ জাহান আৰু মুমতাজৰ সমাধিটো চাই দুয়ো তাজমহলৰ পাছফালৰ দিশে খোজ দিলে। 


"ছাহ জাহানে বা কি বুলি ভাবি বনাইছিল এইটো?" তাই তাজমহলৰ নিমজ বগা মাৰ্বলৰ দেৱালত হাত ফুৰাই কৈ উঠিল।


"মুমতাজৰ স্মৃতি ধৰি ৰাখিবলৈ।" সি উত্তৰ দিলে।


"উম্! পিছে তুমি মোৰ স্মৃতি ধৰি ৰাখিবলৈ কি কৰিবা?" তাই হাঁহি-হাঁহি সুধিলে।


"সেইটো মই ইতিমধ্যে ভাবিয়েই থৈছো!"


"কি? সঁচাকৈয়ে?"


"অ'! কিন্তু সেইটো তোমাৰ মৰাৰ পাছতহে কৰিব পাৰিম।"


"যাঃ! তোমাৰ ফাল্টু কথাবোৰ কোৱা বন্ধ কৰা।"


দুয়ো হাঁহি-হাঁহি আগবাঢ়িল।


******


"লাগিছেনে ফোনটো?"


"ফোন ৰিং হৈছে কিন্তু এটায়ো ফোনটো ধৰা নাই।"


"সিহঁতৰ লগৰ কাৰোবাৰ ফোন নম্বৰ আছে নেকি?"


******


"আমাৰ আশাবোৰ অসম্পূৰ্ণ হৈয়েই থাকিব নেকি বাৰু?" তাজমহলৰ পাছফালেৰে বৈ যোৱা যমুনা নদীখনৰ ফালে চাই-চাই তাই কৈ উঠিল।


"জীৱনৰ সকলো আশা যদি পুৰণ হৈ যায়, তেনেহ'লে জীৱনৰ সকলো মাদকতা দেখোন হেৰাই যাব।" সি তাইৰ কথাৰ উত্তৰত ক'লে।


"তাৰমানে কি?"


"আচলতে অসম্পূৰ্ণ আশাবোৰেই কেতিয়াবা আমাৰ জীৱনৰ চালিকা শক্তি হৈ পৰে। সকলো কথা যদি আমাৰ ভবামতেই হয়, তেতিয়াহ'লে জীৱন সংগ্ৰামৰ একো অৰ্থই নাথাকিবই দেখোন।" সি গম্ভীৰ ভাবে ক'লে।


"কিন্তু সংগ্ৰামনো কিয় লাগে জীৱনত? সকলো বস্তু নিজৰ ভবামতেই, নিয়াৰিকৈ হলে ভাল লাগে।"


"কিন্তু জীৱনত যদি একো সংগ্ৰামেই নাথাকে, তেনে জীৱনৰ মাদকতা ক'ত!"


তাই একো নকলে। সম্মুখেৰে বৈ যোৱা যমুনাখনলৈ একেথৰে চাই থাকিল তাই। এই শান্ত যমুনাখনে বাৰু বুজিছেনে কিমান অশান্ত আজি তাইৰ বুকুখন!


তাক হেৰুৱাৰ দুঃখ এটাই তাইক খুলি-খুলি খাইছে। তাৰো তেনে লাগিছেনে বাৰু? সেইবাবেই আজি তাজমহল অহাৰ কথা কৈছিল নেকি সি? 


ইটোৱে সিটোক হেৰুৱাৰ আগতেই যেন এইটো এক শেষ অভিষাৰ!


******


"তাৰ লগৰটোৱে নাজানে সি ক'ত। সি খবৰ কৰিব বুলি কৈছে।"


"লগৰটোক জনালি নেকি কথাখিনি?"


"নাই কোৱা।"


******


"ঘুৰি যাওঁ ব'লা। বহু দেৰি হ'ল।" হাতৰ ঘড়ীটোলৈ চাই সি ক'লে।


"আৰু কিছু সময় ৰ'বা।" তাই কৈ উঠিল। 


কিয় জানো তাইৰ এনে লাগিল যেন আৰু কোনোদিনে তাই তাক এইদৰে নিবিড়ভাবে নাপাব।


সময়বোৰ ধৰি ৰাখিবলৈ তাইৰ দুৰ্বাৰ ইচ্ছা এটা হৈছিল।


"তেনেহ'লে আৰু কেইখনমান ফটো মৰা যাওঁক।" সেই বুলি কৈ সি ফোনটো জেপৰ পৰা উলিয়ালে।


মূল তাজমহলৰ ভিতৰত ফটো তোলা নিষেধ বাবে তাহাঁতি ফোনকেইটা উলিওৱা নাছিল।


ফোনটো এতিয়া হাতত লৈ সি দেখিলে বহুকেইটা মিছডক'ল!


ছিকিউৰিটি গেটত সোমোৱা সময়ত দুয়োটাই নিজৰ ফোন চাইলেন্ট কৰি লৈছিল। ফোনকেইটা সেইদৰেই থাকিল।


দুয়োতাই এতিয়াহে দেখিলে যে ঘৰৰ মানুহে সিহঁতক ফোন কৰি আছে!


******


"ভয় খুৱাই দিলি তহঁতি আমাক।" মাকে তাক গালি পাৰি-পাৰি ক'লে।


"তোমালোকৰ মনবোৰ হঠাতে সলনি হ'ব বুলিনো আমি কেনেকৈ জানিম।" 


"হঠাতে সলনি হোৱা নাই! আমি বহুত ভাবিলো কথাবোৰ। তোৰ দেউতাই আজি নিজেই তাইৰ দেউতাকক লগ কৰি আহিলেগৈ। তহঁতি সঁচাকৈয়ে যদি ইটোৱে-সিটোক ভাল পাৱ, আমিনো বাধা দিবলৈ কোন।"


"কথাখিনি শুনি যে ইমান ভাল লাগিছে।"


"তাই ক'ত?"


"মোৰ লগতে আছে। তায়ো ফোনত কথা পাতি আছে নিজৰ দেউতাকৰ লগত, চকুপানী বোৱাই-বোৱাই।" সি তাইৰ ফালে চাই ক'লে।


আবেলিৰ মিঠা ৰ'দজাকে তাইৰ তিতি থকা দুগালত ৰঙীন এক আভা বিয়পাই পেলাইছিল।


প্ৰাপ্তিৰ এক আনন্দই তাইৰ মূখখন আৰু ধুনীয়া কৰি তুলিছিল।


যোৱা দুবছৰে সিহঁত দুয়োতা দিল্লীত একেলগে চাকৰি কৰি আছিল আৰু তেতিয়াই তাহাঁতি ইটোৱে-সিটোৰ প্ৰেমত পৰিছিল।


পিছে দুয়ো বেলেগ জাতিৰ হোৱা বাবে, তাহাঁতৰ ঘৰত সিহঁতৰ বিয়াৰ বাবে সম্মতি দিয়া হোৱা নাছিল। আৰু দুয়োৱে নিজৰ ঘৰখনৰ অমতত বিয়া হোৱাৰ বাবে প্ৰস্তুত নাছিল। 


আৰু আজি সঁচাকৈয়ে সি তাইক তাজমহললৈ আনিছিল তাহাঁতৰ প্ৰণয়ৰ অন্তিম খণ্ড হিচাপে। তাৰ এনে লাগি আছিল যেন তাহাঁতৰ সম্বন্ধ বিচ্ছেদ হ'বলৈ যেন আৰু বেছি দিন নাই।


কিন্তু নিয়তিয়ে তাহাঁতৰ কথা শুনিলে। 


সিহঁতৰ আশাবোৰ অসম্পূৰ্ণ হৈ থাকিবলৈ নিদিলে।


ফোনটো থৈ দুয়োতা কাষ চাপিল।


সি তাইক জোৰেৰে সাবটি ধৰিলে।


কাষত থকা পৰ্যতকবোৰে অবাক হৈ তাহাঁতলৈ চালে।


সিহঁতৰ তেতিয়া সেইবোৰলৈ ভ্ৰুক্ষেপ নাই।


সিহঁত এতিয়া নিজৰ মাজতেই মগ্ন।


তাজমহল যেন এইবাৰ সঁচাকৈয়ে কঁপি উঠিল। 


*******

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...