কঁপি উঠে কিয় তাজমহল
"কঁপি উঠে কিয় তাজমহল", সি তাইৰ ফালে চাই ক'লে।
"কি?" তাই বুজি নাপালে।
"কঁপি উঠে কিয় তাজমহল"
"তাজমহল কঁপি আছে নেকি?" তাই আগলৈ মূৰ ডাঙি চাবলৈ চেষ্টা কৰিলে।
"ভূপেন হাজৰিকাৰ গান এইটো। তাজমহল সঁচাকৈ কঁপিছে বুলি কোৱা নাই মই।"
"তাকে কোৱা। মই বুজি পোৱাকে কবা কথাবোৰ।"
"মোৰ কথাবোৰ তুমি বুজি নোপোৱাই!" সি ধেমালিৰ চলেৰে ক'লে।
"তোমাৰ বাৰে-বিংকৰা কথাবোৰ বুজিবলৈ মোৰ সময় নাই! যোৱা টিকট দুটা কিনি আনা।" তাজমহলৰ বাহিৰত টিকট কাউন্টাৰটোৰ সম্মুখত থিয় হৈ তাই ক'লে।
******
ছিকিউৰিটি গেট পাৰ হৈ সিহঁতি সোমাই গ'ল ভিতৰলৈ।
তাজমহল এতিয়াও চকুত পৰা নাই।
সম্মুখত ফটোগ্ৰাফাৰ আৰু টুৰিষ্ট গাইডৰ অগণন অনুৰোধ - ফটো তোলক, গাইড এজন লওঁক।
বিনম্ৰতাৰে সিহঁতৰ অনুৰোধ প্ৰত্যাখ্যান কৰি তাহাঁতি সোঁফালে ঘুৰি তাজমহলৰ ফালে খোজ পেলালে।
বিশালকায় প্ৰৱেশ দুৱাৰৰখনৰ মাজেৰে সিহঁত সোমাই গ'ল।
চকুৰ আগত সেয়া তাজমহল - মুমতাজ মহল আৰু ছাহ জাহানৰ অন্তিম শয়নৰ থলী, প্ৰেমৰ সৌধ হিচাপে বিশ্ব বিখ্যাত তাজমহল।
"১৯৮৩ চনত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে তালিকাভুক্ত হোৱা তাজমহল, মোগল স্থাপত্যশৈলীৰ এক অপূৰ্ব নিদৰ্শন।" গাইড এজনে বিদেশী পৰ্যটক এজনক কৈ থকা সি শুনিলে।
সি তাইৰ ফালে চালে।
নিমগ্ন হৈ তাই তাজমহলৰ ফালে চাই আছে।
"কি ভাবিছা?" সি তাইক সুধিলে।
সিহঁতৰ কাষত তেতিয়া আন সকলো ব্যস্ত ফটো তোলাত।
"এইখিনিৰ পৰা তাজমহল ইমান সৰু যেন লাগিছে।" তাই কৈ উঠিল।
"আমি কাষ চাপিলেহে উমান পাম ইয়াৰ বিশালতাৰ।" এইবুলি কৈ সি তাইৰ হাতত ধৰি আগবাঢ়িল।
মোগল গাৰ্ডেনৰ মাজেৰে খোজকাঢ়ি তাহাঁতি আগলৈ গৈ থাকিল।
যিমানেই আগবাঢ়িছে সিমানেই সিহঁতি অনুভৱ কৰিবলৈ ধৰিছে তাজমহলৰ বিশালতাৰ।
"এইখিনিতেই ফটোকেইখনমান তুলি লওঁ আহা। তোমাৰ ফোনটো দিয়া, সেইটোত বেছি ভালকৈ আহে ফটোবোৰ।" সি ক'লে।
তাই নিজৰ মোবাইলটো তাক দিলে।
ভিন্ন-ভিন্ন ভংগীমাৰে সিহঁতি ফটো তুলি পুনৰ আগবাঢ়িল তাজমহলৰ ফালে।
******
"তাৰ ফোনটো লগা নাই!"
"তাইৰ ফোনটোলৈ কৰ।"
"সেইটোও লগা নাই!"
"ক'ত বা আছে সিহঁত?"
"তাকেই ভাবিছো!"
******
বিশাল, বিশ্ব বিখ্যাত এই প্ৰেমৰ সৌধটোৰ ভিতৰলৈ সোমাই যাওঁতে সিহঁতৰ মনৰ মাজেৰে এক অনামি শিহৰণ পাৰ হৈ গ'ল।
ভৰিৰ জোতাৰ উপৰত এক কাপোৰৰ আৱৰণ লগাই সিহঁতি প্ৰৱেশ কৰিলে তাজমহলৰ অৰ্ন্তভাগত।
ভিতৰত ছাহ জাহান আৰু মুমতাজৰ সমাধিটো চাই দুয়ো তাজমহলৰ পাছফালৰ দিশে খোজ দিলে।
"ছাহ জাহানে বা কি বুলি ভাবি বনাইছিল এইটো?" তাই তাজমহলৰ নিমজ বগা মাৰ্বলৰ দেৱালত হাত ফুৰাই কৈ উঠিল।
"মুমতাজৰ স্মৃতি ধৰি ৰাখিবলৈ।" সি উত্তৰ দিলে।
"উম্! পিছে তুমি মোৰ স্মৃতি ধৰি ৰাখিবলৈ কি কৰিবা?" তাই হাঁহি-হাঁহি সুধিলে।
"সেইটো মই ইতিমধ্যে ভাবিয়েই থৈছো!"
"কি? সঁচাকৈয়ে?"
"অ'! কিন্তু সেইটো তোমাৰ মৰাৰ পাছতহে কৰিব পাৰিম।"
"যাঃ! তোমাৰ ফাল্টু কথাবোৰ কোৱা বন্ধ কৰা।"
দুয়ো হাঁহি-হাঁহি আগবাঢ়িল।
******
"লাগিছেনে ফোনটো?"
"ফোন ৰিং হৈছে কিন্তু এটায়ো ফোনটো ধৰা নাই।"
"সিহঁতৰ লগৰ কাৰোবাৰ ফোন নম্বৰ আছে নেকি?"
******
"আমাৰ আশাবোৰ অসম্পূৰ্ণ হৈয়েই থাকিব নেকি বাৰু?" তাজমহলৰ পাছফালেৰে বৈ যোৱা যমুনা নদীখনৰ ফালে চাই-চাই তাই কৈ উঠিল।
"জীৱনৰ সকলো আশা যদি পুৰণ হৈ যায়, তেনেহ'লে জীৱনৰ সকলো মাদকতা দেখোন হেৰাই যাব।" সি তাইৰ কথাৰ উত্তৰত ক'লে।
"তাৰমানে কি?"
"আচলতে অসম্পূৰ্ণ আশাবোৰেই কেতিয়াবা আমাৰ জীৱনৰ চালিকা শক্তি হৈ পৰে। সকলো কথা যদি আমাৰ ভবামতেই হয়, তেতিয়াহ'লে জীৱন সংগ্ৰামৰ একো অৰ্থই নাথাকিবই দেখোন।" সি গম্ভীৰ ভাবে ক'লে।
"কিন্তু সংগ্ৰামনো কিয় লাগে জীৱনত? সকলো বস্তু নিজৰ ভবামতেই, নিয়াৰিকৈ হলে ভাল লাগে।"
"কিন্তু জীৱনত যদি একো সংগ্ৰামেই নাথাকে, তেনে জীৱনৰ মাদকতা ক'ত!"
তাই একো নকলে। সম্মুখেৰে বৈ যোৱা যমুনাখনলৈ একেথৰে চাই থাকিল তাই। এই শান্ত যমুনাখনে বাৰু বুজিছেনে কিমান অশান্ত আজি তাইৰ বুকুখন!
তাক হেৰুৱাৰ দুঃখ এটাই তাইক খুলি-খুলি খাইছে। তাৰো তেনে লাগিছেনে বাৰু? সেইবাবেই আজি তাজমহল অহাৰ কথা কৈছিল নেকি সি?
ইটোৱে সিটোক হেৰুৱাৰ আগতেই যেন এইটো এক শেষ অভিষাৰ!
******
"তাৰ লগৰটোৱে নাজানে সি ক'ত। সি খবৰ কৰিব বুলি কৈছে।"
"লগৰটোক জনালি নেকি কথাখিনি?"
"নাই কোৱা।"
******
"ঘুৰি যাওঁ ব'লা। বহু দেৰি হ'ল।" হাতৰ ঘড়ীটোলৈ চাই সি ক'লে।
"আৰু কিছু সময় ৰ'বা।" তাই কৈ উঠিল।
কিয় জানো তাইৰ এনে লাগিল যেন আৰু কোনোদিনে তাই তাক এইদৰে নিবিড়ভাবে নাপাব।
সময়বোৰ ধৰি ৰাখিবলৈ তাইৰ দুৰ্বাৰ ইচ্ছা এটা হৈছিল।
"তেনেহ'লে আৰু কেইখনমান ফটো মৰা যাওঁক।" সেই বুলি কৈ সি ফোনটো জেপৰ পৰা উলিয়ালে।
মূল তাজমহলৰ ভিতৰত ফটো তোলা নিষেধ বাবে তাহাঁতি ফোনকেইটা উলিওৱা নাছিল।
ফোনটো এতিয়া হাতত লৈ সি দেখিলে বহুকেইটা মিছডক'ল!
ছিকিউৰিটি গেটত সোমোৱা সময়ত দুয়োটাই নিজৰ ফোন চাইলেন্ট কৰি লৈছিল। ফোনকেইটা সেইদৰেই থাকিল।
দুয়োতাই এতিয়াহে দেখিলে যে ঘৰৰ মানুহে সিহঁতক ফোন কৰি আছে!
******
"ভয় খুৱাই দিলি তহঁতি আমাক।" মাকে তাক গালি পাৰি-পাৰি ক'লে।
"তোমালোকৰ মনবোৰ হঠাতে সলনি হ'ব বুলিনো আমি কেনেকৈ জানিম।"
"হঠাতে সলনি হোৱা নাই! আমি বহুত ভাবিলো কথাবোৰ। তোৰ দেউতাই আজি নিজেই তাইৰ দেউতাকক লগ কৰি আহিলেগৈ। তহঁতি সঁচাকৈয়ে যদি ইটোৱে-সিটোক ভাল পাৱ, আমিনো বাধা দিবলৈ কোন।"
"কথাখিনি শুনি যে ইমান ভাল লাগিছে।"
"তাই ক'ত?"
"মোৰ লগতে আছে। তায়ো ফোনত কথা পাতি আছে নিজৰ দেউতাকৰ লগত, চকুপানী বোৱাই-বোৱাই।" সি তাইৰ ফালে চাই ক'লে।
আবেলিৰ মিঠা ৰ'দজাকে তাইৰ তিতি থকা দুগালত ৰঙীন এক আভা বিয়পাই পেলাইছিল।
প্ৰাপ্তিৰ এক আনন্দই তাইৰ মূখখন আৰু ধুনীয়া কৰি তুলিছিল।
যোৱা দুবছৰে সিহঁত দুয়োতা দিল্লীত একেলগে চাকৰি কৰি আছিল আৰু তেতিয়াই তাহাঁতি ইটোৱে-সিটোৰ প্ৰেমত পৰিছিল।
পিছে দুয়ো বেলেগ জাতিৰ হোৱা বাবে, তাহাঁতৰ ঘৰত সিহঁতৰ বিয়াৰ বাবে সম্মতি দিয়া হোৱা নাছিল। আৰু দুয়োৱে নিজৰ ঘৰখনৰ অমতত বিয়া হোৱাৰ বাবে প্ৰস্তুত নাছিল।
আৰু আজি সঁচাকৈয়ে সি তাইক তাজমহললৈ আনিছিল তাহাঁতৰ প্ৰণয়ৰ অন্তিম খণ্ড হিচাপে। তাৰ এনে লাগি আছিল যেন তাহাঁতৰ সম্বন্ধ বিচ্ছেদ হ'বলৈ যেন আৰু বেছি দিন নাই।
কিন্তু নিয়তিয়ে তাহাঁতৰ কথা শুনিলে।
সিহঁতৰ আশাবোৰ অসম্পূৰ্ণ হৈ থাকিবলৈ নিদিলে।
ফোনটো থৈ দুয়োতা কাষ চাপিল।
সি তাইক জোৰেৰে সাবটি ধৰিলে।
কাষত থকা পৰ্যতকবোৰে অবাক হৈ তাহাঁতলৈ চালে।
সিহঁতৰ তেতিয়া সেইবোৰলৈ ভ্ৰুক্ষেপ নাই।
সিহঁত এতিয়া নিজৰ মাজতেই মগ্ন।
তাজমহল যেন এইবাৰ সঁচাকৈয়ে কঁপি উঠিল।
*******
Comments
Post a Comment