Skip to main content

নদী, ঈশানী আৰু মই

নদী বৰ ভাল পাওঁ মই।


নাজানো নদীৰ প্ৰতি কিয় মোৰ এই দুৰ্বাৰ আকৰ্ষণ!


নদী যেন মোৰ আজন্ম প্ৰেমিকা; মোৰ যেন মনৰ লগৰী, যাক ক'ব পাৰো মই মোৰ জীৱনৰ সকলো কথা, সকলো বেথা।


নদী এখনৰ পাৰত গোটেই দিনটো একো নকৰাকৈ বহি থাকিব পাৰো মই। 


নদীৰ সোঁতৰ সৈতে কথা পাতি যেন পাৰ কৰিব পাৰো গোটেই দিন।


সাগৰো দেখিছো মই কিন্তু সাগৰৰ প্ৰতি সেই আকৰ্ষণ মোৰ মনত কোনো দিনে থিতাপি লোৱা নাই।


সাগৰ বৰ অশান্ত; নদী সৌম্য আৰু শান্ত - ঠিক যেন মোৰ কল্পনাৰ নাৰীজনীৰ দৰে।


এইয়া আজি সন্ধিয়াও মই বহি আছো জাঁজী নৈৰ পাৰত - সম্মুখেৰে বৈ গৈছে নদীখন -  শান্ত হৈ, বুকুত হাজাৰতা অনামী, অব্যক্ত কাহিনী লৈ।


কেতিয়াবা জানিবলৈ মন যায়, এই নদীকেইখনে কি-কি বা দেখে! 


সকলো নদীয়ে বাৰু বিস্তীৰ্ণ পাৰৰে, অসংখ্য জনৰে, হাহাকাৰ শুনেনে??


শুনেনে তাই জীৱন সংগ্ৰামৰ কথা? দেখেনে তাই মানুহৰ চকুপানী? নে কেৱল নীৰব হৈ বৈ থাকে অনম্তকাললৈ?


কথাবোৰ মনতে পাগুলিয়াই বহি আছিলো। আৰু তেতিয়াই দেখিলো তাইক। মোৰ দৰে তাইও আত্মবিভোৰ হৈ চাই আছিল নদীখনলৈ।


কি ভাবি আছিল বা তাই? জীৱনৰ কথা, চাকৰিৰ কথা, পৰিয়ালৰ কথা নে কোনোবা প্ৰেমিকৰ কথা?


মোৰ উচৰত সেই প্ৰশ্নৰ উত্তৰ নাছিল।


মই তাইৰ ফালে চাই থাকিলো।


নৈপাৰৰ দুষ্ট বতাহজাকে অবিন্যস্ত কৰি তুলিছিল তাইৰ চুলি। চঞ্চল মলয়াজাকে যেন স্পর্শ কৰিব বিচাৰিছিল তাইৰ শৰীৰ।


নদীখনৰ পাৰত সন্ধিয়া লগনত তাইক দেখি মোৰো মন যেন চঞ্চল হৈ উঠিল।


********


কেইদিনমানৰ পাছত পুনৰ দেখিলো তাইক।


এইবাৰ নদীৰ পাৰত নহয়; গুৱাহাটী গ্রন্থমেলাৰ বাকৰিত। 


হাতত অনুৰাধা শৰ্মা পূজাৰীৰ "নাহৰৰ নিৰিবিলি ছাঁ" কিতাপখন লৈ তাই আন এগৰাকী যুবতীৰ সৈতে কথা পাতি আছিল। 


মই একেথৰে তাইৰ ফালে চাই থাকিলো। 


হাজাৰজন গ্রন্থপ্ৰেমিৰ মাজত মোৰ চকু কেৱল তাইৰ উপৰতে নিবদ্ধ হৈ পৰিল। 


 "নাহৰৰ নিৰিবিলি ছাঁ"ৰ ভাস্বতী, "অসীমত যাৰ হেৰাল সীমা"ৰ গৌৰি, "মিৰি জীয়ৰী"ৰ পানৈ, "অনুৰাধাৰ দেশ"ৰ অনুৰাধা, সকলো যেন আজি মোৰ সম্মুখত। 


আৰু সেই সময়তে মূৰ তুলি তাই মোৰ ফালে চালে। কেইচেকেণ্ডমানৰ কাৰণে আমাৰ চাৰি চকুৰ মিলন হ'ল। মই অপলক নেত্ৰৰে তাইৰ ফালে চাই থাকিলো। তাইৰ চকু পুনৰ কিতাপবোৰৰ ফালে গ'ল।


মই কিন্তু তেতিয়াও তাইলৈকে চাই থাকিলো। তাইৰ চকুৰ চাৱনীয়ে যেন মোক মন্ত্ৰমুগ্ধ কৰি পেলালে।


নদীৰ দৰে তাই যেন এতিয়া মোৰ বুকুৰ মাজেৰে বৈ যাব ধৰিলে। 


********


মই এতিয়াও গম পোৱা নাই তাইৰ নাম কি।


যোৰহাটৰ জাঁজী নৈৰ পাৰৰ পৰা আহি মই গুৱাহাটী পালোহি, পিছে গম নাপালো তাইৰ ঠিকনা বা কি!


পিছে সেই দুদিনৰ দেখাতে মই যেন তাইৰ প্ৰেমত হাবু-ডুবু খাবলৈ ধৰিছো।


মোৰ সমগ্ৰ সত্তাত যেন তাই বিয়পি পৰিছেহি।


কোন বা তাই? আকৌ বা লগ পাম নে নাই।


********


পুনৰ দেখা পালো তাইক। দুদিন পাছতেই।


গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয়ৰ পাছফালে ছিৰিত বহি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱা সূৰ্যটো চাই থাকোতেই দেখিলো তাইক।


দুগৰাকী যুৱতীৰ সৈতে তায়ো চাই আছে বিশাল ব্ৰহ্মপুত্ৰৰ বুকুলৈ। চকুত তাইৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ বেদনা।


মোৰ দৰে তায়ো ছাগে নদীৰ প্ৰেমত বন্দী।


মন গ'ল তাইক এবাৰ মাতিবলৈ, পিছে তাইক মাতো কি বুলি?


তাইৰ নামটোকে নাজানো মই!


********


"তাইৰ নাম ঈশানী। জাঁজীত ঘৰ। দেউতাই কৈছে তহঁত দুটাৰ খূব সুন্দৰ যোৰা আহিছে।"


মোৰ ভন্টিয়ে অণৰ্গল ফোনত কৈ গ'ল। মোৰ বিয়াৰ বাবে সম্বন্ধ এটা আহিছে। মোৰ মতামত জানিব বিছাৰিছে।


মই ধৰিব পৰা নাই মই কি ক'ম। যোৱা কিছুদিন ধৰি অনামী এক নাৰীয়ে আবৰি ৰাখিছে মোৰ সমগ্ৰ সত্তা। এই সময়ত বাৰু মই আন এগৰাকীৰ কথা ভাবো কেনেকৈ??


"ছোৱালীজনীৰ ফটো একপি পঠাইছো তোলৈ। চাই জনাবি কেনে পালি।" ভন্টিয়ে ক'লে।


মই ফোনক'লটো কাটি, তাই পঠোৱা ফটোখন চালো।


আৰে! এয়া দেখোন তাই! মই ইমান দিনে বিছাৰি ফুৰা ছোৱালীজনীৰ ফটো এতিয়া মোৰ হাতত।


নদী এখনৰ পাৰত তোলা এখন ফটো; ঈষৎ হাঁহিটোৰ সৈতে তাইক খুব ধুনীয়া দেখাইছিল।


মই একেথৰে চাই থাকিলো ফটোখনলৈ।


বিধাতাই যেন লিখি ৰাখিছিল আমাৰ কাহিনী।


আৰু অ‍ৱশেষত জানিলো মই তাইৰ নাম - ঈশানী!!


********


"মোক দেখা মনত আছেনে তোমাৰ?"


"হয়। কেইদিনমান আগতে শুক্ৰেশ্বৰ ঘাটত। চিৰিত অকলে বহি আছিল আপুনি।"


"অ'! তুমি মোক মন কৰিছিলা বুলি জনা নাছিলো।"


তাই হাঁহিলে লাজকুৰীয়াকৈ।


মই আছোহি ঈশানীহঁতৰ ঘৰত। লগত মোৰ ভন্টি আৰু মোৰ খূড়াৰ ল'ৰাটো।


আনুষ্ঠানিকভাৱে এইয়া আমাৰ প্ৰথম দেখা, প্ৰথম কথা।


আমাৰ দুয়োঘৰৰ ইচ্ছাঅনুসৰি আমি দুয়ো আজি লগ কৰিছো। ইতিমধ্যে ফোনত কিছু কথা পাতিলো আমি যোৱা কিছুদিন।


এতিয়া দুয়ো বহি লৈ কথা পাতিছো অনাগত দিনৰ কথা, কিতাপৰ কথা, জোনাকৰ কথা, চিপচিপিয়া বৰষুণত তিতাৰ কথা, আৰু, অৱশ্যেই, নদীৰ কথা।


মই তাইক ক'লো কেনেদৰে প্ৰথম দেখিছিলো মই তাইক জাঁজী নদীৰ পাৰত আৰু কেনেদৰে তাই আহি থিতাপি লৈছিলহি মোৰ বুকুৰ মাজত।


তাইৰ গাল ঈষৎ ৰঙা পৰিল।


ত‍াই যেন আৰু ধুনীয়া হৈ পৰিল। 


********


কেইমাহমানৰ পাছত আমাৰ বিয়া।


নদীৰ দৰে গতিশীল জীৱনত, নদী ভালপোৱা আমি দুয়োৱে প্ৰতিশ্ৰুতি দিছো ইজনে-সিজনক - নদীৰ দৰে আমিও আগুৱাই যাম জীৱনৰ চাকনৈয়াৰ মাজত, হাতে-হাত ধৰি, হিয়া উজাৰি মৰম কৰি।


আশীৰ্বাদ কৰিব।



Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...