Skip to main content

Posts

ৰাতিৰ তৰাবোৰে জানেনে আমাৰ কাহিনী

নাইট চুপাৰখন তেতিয়াও আহি পোৱা নাই। অবিনাশ আৰু শ্ৰেয়া বাছ আস্থানত অপেক্ষাৰত। “মই কি কৈছিলো মনত আছে নহয়?” শ্ৰেয়াই লাহেকৈ ক’লে অবিনাশক। সি মূৰ দুপিয়ালে। ‘আজি ৰাতি আমি তৰা চাই যাম দেই’ - এইষাৰ কথা কৈছিল তাই।  কথাৰ সুৰত লুকাই আছিল এক অদ্ভুত উচ্ছ্বাস। অবিনাশে মৃদুকৈ হাঁহি সন্মতি দিছিল। সি জানিছিল, তাৰ দৰেই, শ্ৰেয়াই আকাশ, তৰা আৰু জোনাক ভাল পায়।  আজি দুয়োৰে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ বাছেৰে যাত্ৰা।  এখন নতুন ধৰণৰ বাছ - সম্পূৰ্ণভাৱে শ্লিপাৰ। তলত-ওপৰত দুয়োতে শুই যাব পাৰি। অলপ পাছত বাছখন পালেহি। সিহঁত উঠিল।  দুয়োৰে স্থান তলৰ শ্লিপাৰত। যথেষ্ঠ আহল-বহল, ধুনীয়াকৈ বহি কথাও পাতি যাব পাৰি। অবিনাশ আৰু শ্ৰেয়া খিৰিকীখনৰ কাষতে বহি ল’লে। স্পষ্ট কাঁচৰ মাজেৰে বাহিৰখন প্ৰস্ফুটিত হৈ আছিল। বাছখন কিছু দেৰি পাছত চলিবলৈ ধৰিলে।  খিৰিকীৰ বাহিৰত তেতিয়া সন্ধিয়া লাহে-লাহে নিশালৈ ঢাল খাইছিল।  চাহ বাগিচাৰ লানি-লানি গছবোৰৰ ওপৰত নিয়ৰৰ এক মৃদু প্ৰলাপ পৰা আৰম্ভ কৰিছিল। বাছখনৰ ভিতৰৰ লাইটবোৰ বন্ধ কৰি দিয়াৰ লগে-লগে বাহিৰৰ এন্ধাৰ আৰু স্পষ্ট হৈ পৰিল - জিলিকি পৰিল নিশাৰ আকাশ, লগতে জিলিকি ...
Recent posts

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নদী, ঈশানী আৰু মই (খণ্ড-৩)

৪ ডিচেম্বৰ। ঈশানীৰ জন্মদিন। আমাৰ বিয়াৰ ঠিক আগে-আগে, তাইৰ জন্মদিন আমাৰ ঘৰত উদযাপন কৰিছিলোঁ। ঘৰত তেতিয়া উখল-মাখল পৰিবেশ। আমি কেক কাটিছিলোঁ, তাই ভিডিঅ’ ক’লত চাই আছিল। তাৰ কিছুদিন পাছতেই কইনা হৈ তাই আমাৰ ঘৰত পদাৰ্পন কৰিছিল। এতিয়া জন্মদিনত তাই মোৰ কাষত। নাৰীৰ হেনো বহু ৰূপ - আজি তাই পত্নী ৰূপে মোৰ কাষত। ****** নদীৰ বাৰু জন্মদিন থাকেনে?  আমাৰ অসমৰ জীৱনৰেখা ব্ৰহ্মপুত্ৰৰ জন্মদিন কেতিয়া? ইয়াৰ ছাগে কোনো উত্তৰ নাই। চিৰকাল, নিৰন্তৰ ভাৱে বৈ থকা সেই জলধাৰাৰ কোনো উৎপত্তিৰ দিন সঠিককৈ নাই। কিন্তু নদীয়ে নিজৰ জীৱনকালত যেনেদৰে বহু একা-বেঁকা পথ অতিক্ৰম কৰি নানা ৰঙেৰে উদ্ভাসিত হৈ পৰে, সেইদৰে জীৱন পথত অতিক্ৰম কৰা বহু কেইটা জন্মদিনৰ মাজেৰে আহি ঈশানীয়ে মোৰ জীৱনত বুলাই দিলেহি বহু ৰঙীন মূহুৰ্তৰ পয়োভৰ।  ****** আৰু জোনাক… নদীক যিদৰে ভালপাওঁ মই, সেইদৰে জোনাকৰো প্ৰেমত বন্দী মই। লগতে তায়ো। তায়ো ভাল পাই জোনাকৰ মায়াজাল। বিয়াৰ আগতেই পাতিছিলো আমি জোনাকৰ কথা, জোনাকৰ বৰষুণত তিতাৰ কথা। কিছুদিন আগতে এটি সন্ধিয়া চাহ বাগানৰ মাজে-মাজে খোজকাঢ়ি ফুৰিছিলো আমি দুয়ো। ধৰাত তেতিয়া জোনাক। জোনাকৰ পোহৰে ৰাস্তাটোত এক ...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

ৰামপথাৰৰ ৰাইফল

  ৰামপথাৰ - আধুনিক আৰু পুৰাতন - দুখন জগতৰ মাজত আবদ্ধ এখন গাঁও। ভৌগলিক ভাৱে এখন ভিতৰুৱা ঠাই, তথাপিও আধুনিকতাৰ পৰশে চুই যোৱা।  বৰপেটা জিলাৰ এটি প্ৰান্তত, বেকী নদীৰ পাৰৰ এখন অখ্যাত গাঁও। ইয়াত মোবাইল নেটৱৰ্ক ভালদৰেই পোৱা যাই, পিছে ৰাস্তাৰ নেটৱৰ্কটোহে বেয়া - মানে শিলগুটি দিয়া ৰাস্তা। প্ৰত্যেক নিৰ্বাচনৰ আগত ভাল ৰাস্তাৰ প্ৰতিশ্ৰুতি দিয়া হয়, পিছে সেই ৰাস্তাটো এতিয়াও হৈ উঠা নাই। গাঁওখনৰ বেছিভাগ ঘৰেই এতিয়া কংক্ৰিটৰ। বিদ্যুৎ যোগান আছে যদিও বিজুলী মাজে-মাজে বিচ্ছিন্ন হয়।  গাওঁৰ যুৱকসকলে সস্তীয়া স্মাৰ্টফোনত ইউটিউব ভিডিঅ’ আৰু ইনষ্টাগ্ৰাম ৰীল চাই সময় কটাই। মহিলাসকলেও মোবাইলৰ ব্যৱহাৰ শিকি, আত্মসহায়ক গোটৰ কাম কৰিবলৈ হোৱাটছএপ গ্ৰুপ গঠন কৰি লৈছে।  গাঁওখনত বহু বছৰৰ পৰাই হিন্দু-মুছলমান, দুয়ো ধৰ্মৰে মানুহে মিলাপ্ৰিতিৰে বসবাস কৰিছিল। কিন্তু যোৱা কিছু বছৰৰ পৰা অঞ্চলটোৰ জনগাঁথনিত যেন এক নিস্তব্ধ পৰিৱৰ্তন ঘটিছিল। নদীৰ বালিচাপৰিত কিছু সংখ্যক জুপুৰি ঘৰ গজি উঠিছিল। স্থানীয় স্কুলখনৰ নামপঞ্জীত অধিক অচিনাকি নাম ওলাবলৈ ধৰিছিল।  লাহে-লাহে গাঁওখনৰ চাহৰ দোকানৰ আড্ডাবোৰত আৰু হোৱাটছএপ ফৰৱ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...

সপোনত বন্দী তাইৰ ইতিহাস

 ভালকৈ টোপনি ধৰা নাই তাইৰ। কিয় জানো চকু মুদিলেই তাই দেখা পাইছে এটাৰ পাছত আন এটা অদ্ভূত সপোন। বাৰে-বাৰে সাৰ পাই গৈছে তাই। আজি দিনটো তাই শিৱসাগৰত কটাইছিল। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱ দৌল, সকলোবোৰ চাই আহিছিল তাই। আহোম সাম্ৰাজ্যৰ ঐতিহ্যৰ মাজত দিনটো পাৰ কৰি আহি, তাইৰ মনত বহুতো প্ৰশ্নৰ জন্ম হৈছিল। আৰু সেইবাবেই চাগে আজি তাইৰ সপোনত অসম বুৰঞ্জীৰ কিছু ঘটনাপ্ৰবাহ বৈ গৈছেহি। ****** তাইৰ সম্মুখত সেয়া তলাতল ঘৰ। কিন্তু সেয়া আজি দেখা তলাতল ঘৰ নহয় - তাই সপোনত দেখিছে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত কাঠেৰে নিৰ্মাণ কৰা সেই ৰাজকীয় আবাস। তলাতল ঘৰৰ উপৰভাগ এতিয়া উন্মুক্ত নহয়। তাইৰ সম্মুখত এতিয়া সেই চাৰি মহলীয়া ৰাজকীয় আৱাস। তাই দেখিছে ৰজাৰ মন্ত্ৰণাঘৰ, ৰাণীৰ কক্ষ, ন্যায়সোধা ফুকনৰ বৰচৰা, ভিতৰুৱাল ফুকনৰ গোপন বৰচৰা। তাই সপোনত বিচৰণ কৰি থাকিল সেই ৰাজকীয় কাৰেঙত। তলাতল ঘৰৰ তলৰ সুৰঙ্গবোৰহে তাই দেখা নাপালে। ****** এতিয়া তাইৰ সমুখত কীৰ্তি চন্দ্ৰ বৰবৰুৱা।  খং আৰু চিন্তাৰে জৰ্জৰিত তেওঁৰ মুখমণ্ডল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত তেওঁৰ অপাৰ ক্ষমতা কিন্তু তেওঁৰ সংঘাত মায়ামৰা সত্ৰৰ সৈতে। মায়ামৰীয়া মহন্ত,অষ্ট...