Skip to main content

তুমি আৰু মই

 আত্মবিভোৰ হৈ নদীখনলৈ চাই আছিল তাই।


পানীৰ সেই শান্ত ধাৰাৰ মাজত তাই নিজকে যেন হেৰুৱাই পেলাইছিল।


মই আহি কাষত ৰোৱা তাই গম নাপালে।


লাহেকৈ মই তাইৰ কাষত বহিলো।


তাই তেতিয়াও মোৰ ফালে চোৱা নাই।


মই তাইৰ হাত এখন মোৰ হাতৰ মুঠিৰ মাজত আকোঁৱালি ললো।


তাই তেতিয়াও নিজৰ ভাৱত মগন।


******


আজি সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাত মূখৰ গোটেই ৰাজ্য।


‘ভেলেন্টাইন দে’ বুলিও আজি কিছুমানৰ মাজত বিশেষে উলাহ।


তাইৰ পিছে সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। 


কিছুমান চিন্তা মনত পাক-ঘূৰণি খাই আছিল তাইৰ।


পূবৰ বেলি লাহেকৈ পশ্চিমলৈ লহিয়াবলৈ লৈছিল।


মই তাইক কাষৰ কলেজখনলৈ এপাক যাবলৈ লগ ধৰিলো।


“নাযাওঁ দিয়া। আজি মন নাই। এনেই এপাক খোজকাঢ়ি ঘৰলৈ যাওঁগৈ ব’লা।”


মই মূৰ দুপিয়ালো।


******


পদপথৰ উপৰেৰে আমি দুয়ো খোজকাঢ়ি গৈ আছো।


কাষেৰে গাড়ী-বাইকবোৰ তীব্ৰ গতিৰে পাৰ হৈ গৈছে।


কাৰোৱেই ৰ’বলৈ যেন সময় নাই।


পদপথত তাৰ বিপৰিতে আন এক সংগ্ৰাম।


চহৰৰ তীব্ৰ গতিৰ জীৱনৰ তুলনাত পদপথৰ বাসিন্দাৰ নিথৰ জীৱন। 


মলিয়ন কাপোৰ, অবিন্যস্ত চুলিৰে আবৰা এজাক যেন নাম-ঠিকনাবিহীন প্ৰাণীৰ বাসস্থান এই পদপথবোৰ।


তেনেতে মোৰ চকু পৰিল এহাল বৃদ্ধ-বৃদ্ধাৰ ওপৰত।


বৃদ্ধাৰ চুলি ফণিয়াই সেই বৃদ্ধই কৈ আছিল তাইক কিবা কথা।


আমি তেখেতসকলৰ কাষ চপাত, মোৰ কাণত পৰিল সেই বৃদ্ধৰ কিছু কথা - “তই চিন্তা নকৰিবি। তোক মই একো হ’বলৈ নিদিওঁ। গোটেই জীৱন যুঁজিছো, তোৰ বেমাৰতোৰ লগতো যুঁজিম।”


আমি সেই বৃদ্ধ দম্পতীৰ কাষেৰে পাৰ হৈ আহিলো।


কাণত বাজি থাকিল সেইষাৰ কথা।


******


“মই যেতিয়া বুঢ়ী হৈ যাম, তেতিয়াও মৰম কৰিবানে তুমি মোক?”


ৰাতি বিচনাত তাইৰ মোলৈ প্ৰশ্ন।


বুজি পালো মই - তাইৰ মনতো সেই বৃদ্ধ দম্পতীৰ কথা।


“এইটো প্ৰশ্নৰ উত্তৰ শব্দৰে দিব নোৱাৰো মই। আজিৰ পৰা ৩০-৪০ বছৰৰ পাছত প্ৰশ্নটোৰ উত্তৰ নিজেই পাই যাবা।” 


দাৰ্শনিকৰ দৰে কথাষাৰ কৈ মই তাইৰ ফালে চাই হাঁহিলো।


তাই চকু পকাই অলপ পৰ মোৰ ফালে চালে। তাৰ পাছত তাইৰ ওঁঠেৰে নিগৰি আহিল এক মিঠা হাঁহি।


******


বাহিৰত তেতিয়া নিজান।


দিনটো গানেৰে-মাতেৰে ৰজনজনাই থকা পূজা মণ্ডপবোৰ এতিয়া শান্ত।


প্ৰেমিক-প্ৰেমিকাৰে ভৰি থকা পাৰ্কবোৰ এতিয়া বন্ধ।


পদপথৰ ওপৰত বৃদ্ধ দম্পতীহালো টোপনীত লালকাল।


******

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...