তুমি আৰু মই
আত্মবিভোৰ হৈ নদীখনলৈ চাই আছিল তাই।
পানীৰ সেই শান্ত ধাৰাৰ মাজত তাই নিজকে যেন হেৰুৱাই পেলাইছিল।
মই আহি কাষত ৰোৱা তাই গম নাপালে।
লাহেকৈ মই তাইৰ কাষত বহিলো।
তাই তেতিয়াও মোৰ ফালে চোৱা নাই।
মই তাইৰ হাত এখন মোৰ হাতৰ মুঠিৰ মাজত আকোঁৱালি ললো।
তাই তেতিয়াও নিজৰ ভাৱত মগন।
******
আজি সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাত মূখৰ গোটেই ৰাজ্য।
‘ভেলেন্টাইন দে’ বুলিও আজি কিছুমানৰ মাজত বিশেষে উলাহ।
তাইৰ পিছে সেইবোৰলৈ ভ্ৰুক্ষেপ নাই।
কিছুমান চিন্তা মনত পাক-ঘূৰণি খাই আছিল তাইৰ।
পূবৰ বেলি লাহেকৈ পশ্চিমলৈ লহিয়াবলৈ লৈছিল।
মই তাইক কাষৰ কলেজখনলৈ এপাক যাবলৈ লগ ধৰিলো।
“নাযাওঁ দিয়া। আজি মন নাই। এনেই এপাক খোজকাঢ়ি ঘৰলৈ যাওঁগৈ ব’লা।”
মই মূৰ দুপিয়ালো।
******
পদপথৰ উপৰেৰে আমি দুয়ো খোজকাঢ়ি গৈ আছো।
কাষেৰে গাড়ী-বাইকবোৰ তীব্ৰ গতিৰে পাৰ হৈ গৈছে।
কাৰোৱেই ৰ’বলৈ যেন সময় নাই।
পদপথত তাৰ বিপৰিতে আন এক সংগ্ৰাম।
চহৰৰ তীব্ৰ গতিৰ জীৱনৰ তুলনাত পদপথৰ বাসিন্দাৰ নিথৰ জীৱন।
মলিয়ন কাপোৰ, অবিন্যস্ত চুলিৰে আবৰা এজাক যেন নাম-ঠিকনাবিহীন প্ৰাণীৰ বাসস্থান এই পদপথবোৰ।
তেনেতে মোৰ চকু পৰিল এহাল বৃদ্ধ-বৃদ্ধাৰ ওপৰত।
বৃদ্ধাৰ চুলি ফণিয়াই সেই বৃদ্ধই কৈ আছিল তাইক কিবা কথা।
আমি তেখেতসকলৰ কাষ চপাত, মোৰ কাণত পৰিল সেই বৃদ্ধৰ কিছু কথা - “তই চিন্তা নকৰিবি। তোক মই একো হ’বলৈ নিদিওঁ। গোটেই জীৱন যুঁজিছো, তোৰ বেমাৰতোৰ লগতো যুঁজিম।”
আমি সেই বৃদ্ধ দম্পতীৰ কাষেৰে পাৰ হৈ আহিলো।
কাণত বাজি থাকিল সেইষাৰ কথা।
******
“মই যেতিয়া বুঢ়ী হৈ যাম, তেতিয়াও মৰম কৰিবানে তুমি মোক?”
ৰাতি বিচনাত তাইৰ মোলৈ প্ৰশ্ন।
বুজি পালো মই - তাইৰ মনতো সেই বৃদ্ধ দম্পতীৰ কথা।
“এইটো প্ৰশ্নৰ উত্তৰ শব্দৰে দিব নোৱাৰো মই। আজিৰ পৰা ৩০-৪০ বছৰৰ পাছত প্ৰশ্নটোৰ উত্তৰ নিজেই পাই যাবা।”
দাৰ্শনিকৰ দৰে কথাষাৰ কৈ মই তাইৰ ফালে চাই হাঁহিলো।
তাই চকু পকাই অলপ পৰ মোৰ ফালে চালে। তাৰ পাছত তাইৰ ওঁঠেৰে নিগৰি আহিল এক মিঠা হাঁহি।
******
বাহিৰত তেতিয়া নিজান।
দিনটো গানেৰে-মাতেৰে ৰজনজনাই থকা পূজা মণ্ডপবোৰ এতিয়া শান্ত।
প্ৰেমিক-প্ৰেমিকাৰে ভৰি থকা পাৰ্কবোৰ এতিয়া বন্ধ।
পদপথৰ ওপৰত বৃদ্ধ দম্পতীহালো টোপনীত লালকাল।
******
Comments
Post a Comment