পাগলাদিয়া… পাগলাদিয়া নদী… ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত। মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড। বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...