তপত উশাহৰ শেষ নিঃশ্বাস

"যদু, ভাত বাঢ়িব পৰা হ'লনে?"


"হৈছেই আৰু খূৰী। অলপ পাছত সকলো সাজু হ'ব।"


"সোনকালে কৰ। মানুহখিনিৰ ভোক লাগিছেই ছাগে।"


"এই ভাজিখিনি হ'লেই হৈ যাব।"


হেতাৰে ভাজিখিনি লৰাই-লৰাই যদুৱে কৈ উঠিল।


সি মোবাইলটো উলিয়াই সময়টো চালে - দুপৰীয়া ১টা বাজিব হ'ল।


ঘৰখনৰ বাহিৰে-ভিতৰে তেতিয়া উথপথপ।


দুদিন পাছত ঘৰখনত বিয়া।


যদুক আজিৰ পৰা দায়িত্ব দিয়া হৈছে ঘৰৰ আলহিসকলৰ বাবে আহাৰ বনোৱাৰ।


এই ক্ষেত্ৰত তাৰ নাম আছে। বিয়া-সবাহে তাক প্ৰায়ে মাতে খাদ্য প্ৰস্তুত কৰিবলৈ। 


ক'বলৈ গ'লে সেয়াই তাৰ উপাৰ্জনৰ মূল পথ। লগতে সি মাজে-মাজে হাজিৰা কামো কৰে।


অকলশৰীয়া মানুহ - তাৰ জীৱন এনেদৰেই চলি গৈছে। 


যদুৱে আকৌ এবাৰ ভাজিখিনি লৰালে। 


আৰু অলপ পাছত ভাত বাঢ়িব পৰা হ'ব।


ঘৰৰ পাছফালৰ চোতালৰ এটা অংশত তাক ভাত বনোৱাৰ সকলো জোগাৰ কৰি দিয়া হৈছে।


সি বাল্টি কেইটা পানীৰে ধুই ল'লে। দাইল আৰু ভাজিখিনি সেইকেইতাত বাকি দিব লাগিব। 


"ভাত বাঢ়িব পৰা হ'ল নেকি, যদু দা?" ৰশ্মিয়ে আহি তাক সুধিলে।


এই ৰশ্মিৰে বিয়া দুদিন পাছত।


"হৈছেই আৰু। তুমি পেপাৰ প্লেটকেইখন সাজু কৰা, মই খোৱা বস্তুবোৰ যতনাই দিম।"


ৰশ্মি পুনৰ ভিতৰলৈ সোমাই গ'ল।


যদুৱে গেছটো বন্ধ কৰিলে।


সেই সময়তে ঘৰৰ ভিতৰত শব্দৰ কোলাহল যেন অলপ বাঢ়ি গ'ল।


যদুৱে বুজি পালে। বিয়াৰ আলহি আৰু কোনোবা আহি পালেহি।


বিয়াৰ দিন উচৰ চাপি অহাৰ লগে-লগে ঘৰখন মানুহেৰে উপচি পৰিছেহি।


যদুৱে ভাজিখিনি বাল্টি এটাত ভৰোৱাত লাগিল।


হঠাৎ তাৰ কাণত পৰিলেহি এষাৰ মাত।


সেয়া যে ৰেখাৰ মাত।


ৰশ্মিয়ে দেখোন কৈছিলে ৰেখা বিয়াখনলৈ আহিব নোৱাৰে বুলি।


ৰশ্মিৰ বৰদেউতাকৰ জীয়েক ৰেখা দিল্লীত থাকে। তাইৰ গিৰিয়েকে তাত চাকৰি কৰে। ৰেখাও তাত বেংক এটাত কৰ্মৰত।


বিয়ালৈ আহিবলৈ ৰেখাই ছুটি নাপালে বুলি কৈছিল ৰশ্মিয়ে তাক।


কিন্তু এতিয়া ভিতৰত ৰেখাৰ মাত শুনি আৰু লগতে সবৰে হাঁহি শুনি যদুৱে বুজি পালে যে ৰেখাই চাৰপ্ৰাইজ দিম বুলিয়েই ৰশ্মিক বিয়ালৈ নাহো বুলি কৈছিল ছাগে।


যদুৰ মনটোৱে হঠাৎ কিবা এটা যেন কোলাহল কৰি উঠিল।


ৰেখা স্কুলত তাৰ সহপাঠী আছিল।


ৰেখাৰ দেউতাক সেইখন স্কুলৰে শিক্ষক আছিল।


যেতিয়া সিহঁতি অষ্টম শ্ৰেণীত আছিল, সেই সময়তে ৰেখাই স্কুলৰ নাটক এখনত ৰাধাৰ অভিনয় কৰিছিল।


সেইদিনা যে তাইক ইমান ধুনীয়া দেখাইছিল!


সেইদিনাৰ পৰাই যদুৰ মনত ৰেখাৰ প্ৰতি এক আকৰ্ষণ জাগিছিল।


লাহে-লাহে সেই আকৰ্ষণ, প্ৰেমলৈ ৰূপান্তৰিত হৈছিল।


কিন্তু সেয়া আছিল একপক্ষীয় প্ৰেম।


সি কোনোদিনে তাইক কব নোৱাৰিলে তাৰ মনৰ কথা।


আনকি তাৰ কোনো বন্ধুকো সি নকলে তাইক ভালপোৱাৰ কথা।


এক হীনমান্যতাই তাক গোটেই জীৱন আগুৰি ৰাখিছিল।


দিন হাজিৰা কৰি ঘৰ চলোৱা তাৰ দেউতাক আৰু বেমাৰি মাকজনীৰ কথা ভাবিয়েই, সি এই প্ৰেম, আদিৰ পৰা আতৰি থাকিব বিচাৰিছিল।


তাৰ সম্মুখত একো এটা ভাল ভৱিষ্যত নাই বুলি সি ধৰিয়ে লৈছিল।


পঢ়া-শুনাতো সি ভাল নাছিল; মেট্ৰীক পৰীক্ষা সি পাছ কৰিব নোৱাৰিলেই।


তাৰ পাছৰ পৰাই সি সৰু-সুৰা কাম কৰিয়েই চলি আছে। 


কিন্তু কিয় জানো ৰেখা যেন সদায়েই তাৰ মনৰ এটা অংশত থিতাপি লৈ থাকিল।


এতিয়াও কেতিয়াবা নিজান ৰাতি তাৰ ৰেখালৈ মনত পৰে।


তাইৰ বিয়াৰ দিনা সি ঘৰত নিশব্দে কান্দিছিল।


ৰেখাৰ বিয়াৰ কেইবছৰ হ'ল বাৰু - সি মনতে হিচাপ কৰি চালে।


চাৰি বছৰমানেই হ'ল ছাগে।


"যদু দা, ভাতখিনি নিব পৰা হ'লনে?" ৰশ্মিৰ ভায়েকে আহি সুধিলত তাৰ চিন্তাৰ যতি পৰিল।


"হৈ গ'ল। লৈ যাব পাৰা।" যদুৱে তাক দেখুৱাই দিলে।


ভিতৰত মানুহবোৰ খাবলৈ বহিল।


যদু পাছফালৰ চোতালখনতে প্লাছটিকৰ চকী এখনত বহি থাকিল।


ৰেখাৰ মাতটো সি মাজে-মাজে শুনি আছে, কিন্তু সি এতিয়াও তাইক দেখা নাই।


তাইক দেখিলে বাৰু তাৰ কেনে লাগিব? তাই বাৰু তাক চিনি পাবনে? তাক মাতিবনে?


সি মনতে কথাবোৰ পাগুলিয়াই থাকোতে, কোন মূহুৰ্ততনো ৰেখা আহি তাৰ সম্মুখত উপস্হিত হ'লহি সি গমেই নাপালে।


তাইক তাৰ চকুৰ আগত দেখি অলপ সময় সি অবাক হৈ থাকিল।


"কি হ'ল! চিনি পোৱা নাই নেকি?" এটা মিঠা হাঁহিৰ সৈতে ৰেখাই তাক সুধিলে।


যদুৱে তেতিয়াও একো উত্তৰ দিব পৰা নাই।


তাৰ সম্মুখত যেন সেয়া এসময়ৰ স্কুলৰ নাটকৰ ৰাধাজনী।


"তই সঁচাকৈয়ে মোক চিনি পোৱা নাই নেকি?" তাই পুনৰ সুধিলে।


"পাইছো।" সি লাহেকৈ উত্তৰ দিলে। 


"তই বোলে আজিকালি একদম নামকৰা ৰান্ধনি। ময়ো এইমাত্ৰ খালো তই বনোৱা খানা। বঢ়িয়া হৈছে দেই।" ৰেখাই কৈ থাকিল।


যদুৱে কেৱল শুনি থাকিল। তাৰ মুখৰ পৰা শব্দ ওলোৱা যেন বন্ধ হৈ গ'ল। 


"তোৰ ঘৰত ভালনে? মা-দেউতাৰ কেনে?" ৰেখাই সুধিলে।


"ভালেই।" সি ক'লে; তাৰ মা-দেউতা ঢুকুৱা যে বহু বছৰ হ'ল, সেইটো কথা ক'বলৈ তাৰ মন নগ'ল।


"তই বিয়া পাতিলি নাই?" তাই পুনৰ সুধিলে।


"নাই"


"ছোৱালী থিক কৰি থৈছ নেকি কৰ'বাত?" তাই দুষ্ট হাঁহি এটাৰ সৈতে তাক জোকোৱাৰ ছলেৰে সুধিলে।


সি কিবা উত্তৰ দিয়াৰ আগতেই, কোনোবাই ভিতৰৰ পৰা ৰেখাক চিঞৰি মাতিলে।


"পাছত কথা পাতিম দে", সেইবুলি কৈ ৰেখা ভিতৰলৈ সোমাই গ'ল।


যদু সেই ঠাইতেই ৰৈ থাকিল।


তাৰ কেনে লাগিছিল সি নিজেই ধৰিব পৰা নাছিল।


"যদু, তই ভাত খাই ল'বি দেই", ৰশ্মিৰ দেউতাকে আহি তাক কৈ গ'লহি।


তেতিয়াহে তাৰ সম্বিত ঘুৰি আহিল।


তাৰ ভোক লাগিছিল, কিন্তু কিয় জানো তাৰ খাবলৈ মন নগ'ল।


ৰেখাক দেখা পাই তাৰ মনত যি ধুমুহা বলিব ধৰিছে, সেইটোৱে যেন তাৰ পেটৰ ভোকক আওকান কৰিব ধৰিছে।


সি ভাত থোৱা বাচনটোলৈ চালে। 


ওপৰৰ পৰা ধাকনিখন উঠাই দিয়াৰ লগে-লগে ধোঁৱাবোৰ ওপৰলৈ উৰিবলৈ ধৰিলে।


সেই সময়তে যদুৰ এনে লাগিলে যেন সেই ধোঁৱাবোৰো তাৰ অনুভূতিবোৰৰ দৰে।


ইমান দিনে মনৰ মাজত জমা কৰি ৰখা অনুভূতিখিনি যেন ৰেখাক দেখাৰ পাছত এই ধোঁৱাখিনিৰ দৰে ওলাই আহিছে।


সি ভাতখিনিলে চাই থাকিল।


পেটটো তাৰ কলমলাই উঠিল।


সি প্লেট এখনত ভাত, দাইল আৰু ভাজি অলপ লৈ খোৱাত লাগিল।


প্ৰেমৰ উত্তাপ যিমানেই নহঁওক, পেটৰ ভোকৰ দাবানলতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে।


সি ভাত খাই থাকিল।


ধোঁৱাবোৰ বতাহত বিলিন হৈ পৰিল।


*********

Comments

Popular posts from this blog

প্ৰাপ্তি-অপ্ৰাপ্তিৰ ভাষা

দেবু

সপোনত বন্দী তাইৰ ইতিহাস