Skip to main content

তপত উশাহৰ শেষ নিঃশ্বাস

"যদু, ভাত বাঢ়িব পৰা হ'লনে?"


"হৈছেই আৰু খূৰী। অলপ পাছত সকলো সাজু হ'ব।"


"সোনকালে কৰ। মানুহখিনিৰ ভোক লাগিছেই ছাগে।"


"এই ভাজিখিনি হ'লেই হৈ যাব।"


হেতাৰে ভাজিখিনি লৰাই-লৰাই যদুৱে কৈ উঠিল।


সি মোবাইলটো উলিয়াই সময়টো চালে - দুপৰীয়া ১টা বাজিব হ'ল।


ঘৰখনৰ বাহিৰে-ভিতৰে তেতিয়া উথপথপ।


দুদিন পাছত ঘৰখনত বিয়া।


যদুক আজিৰ পৰা দায়িত্ব দিয়া হৈছে ঘৰৰ আলহিসকলৰ বাবে আহাৰ বনোৱাৰ।


এই ক্ষেত্ৰত তাৰ নাম আছে। বিয়া-সবাহে তাক প্ৰায়ে মাতে খাদ্য প্ৰস্তুত কৰিবলৈ। 


ক'বলৈ গ'লে সেয়াই তাৰ উপাৰ্জনৰ মূল পথ। লগতে সি মাজে-মাজে হাজিৰা কামো কৰে।


অকলশৰীয়া মানুহ - তাৰ জীৱন এনেদৰেই চলি গৈছে। 


যদুৱে আকৌ এবাৰ ভাজিখিনি লৰালে। 


আৰু অলপ পাছত ভাত বাঢ়িব পৰা হ'ব।


ঘৰৰ পাছফালৰ চোতালৰ এটা অংশত তাক ভাত বনোৱাৰ সকলো জোগাৰ কৰি দিয়া হৈছে।


সি বাল্টি কেইটা পানীৰে ধুই ল'লে। দাইল আৰু ভাজিখিনি সেইকেইতাত বাকি দিব লাগিব। 


"ভাত বাঢ়িব পৰা হ'ল নেকি, যদু দা?" ৰশ্মিয়ে আহি তাক সুধিলে।


এই ৰশ্মিৰে বিয়া দুদিন পাছত।


"হৈছেই আৰু। তুমি পেপাৰ প্লেটকেইখন সাজু কৰা, মই খোৱা বস্তুবোৰ যতনাই দিম।"


ৰশ্মি পুনৰ ভিতৰলৈ সোমাই গ'ল।


যদুৱে গেছটো বন্ধ কৰিলে।


সেই সময়তে ঘৰৰ ভিতৰত শব্দৰ কোলাহল যেন অলপ বাঢ়ি গ'ল।


যদুৱে বুজি পালে। বিয়াৰ আলহি আৰু কোনোবা আহি পালেহি।


বিয়াৰ দিন উচৰ চাপি অহাৰ লগে-লগে ঘৰখন মানুহেৰে উপচি পৰিছেহি।


যদুৱে ভাজিখিনি বাল্টি এটাত ভৰোৱাত লাগিল।


হঠাৎ তাৰ কাণত পৰিলেহি এষাৰ মাত।


সেয়া যে ৰেখাৰ মাত।


ৰশ্মিয়ে দেখোন কৈছিলে ৰেখা বিয়াখনলৈ আহিব নোৱাৰে বুলি।


ৰশ্মিৰ বৰদেউতাকৰ জীয়েক ৰেখা দিল্লীত থাকে। তাইৰ গিৰিয়েকে তাত চাকৰি কৰে। ৰেখাও তাত বেংক এটাত কৰ্মৰত।


বিয়ালৈ আহিবলৈ ৰেখাই ছুটি নাপালে বুলি কৈছিল ৰশ্মিয়ে তাক।


কিন্তু এতিয়া ভিতৰত ৰেখাৰ মাত শুনি আৰু লগতে সবৰে হাঁহি শুনি যদুৱে বুজি পালে যে ৰেখাই চাৰপ্ৰাইজ দিম বুলিয়েই ৰশ্মিক বিয়ালৈ নাহো বুলি কৈছিল ছাগে।


যদুৰ মনটোৱে হঠাৎ কিবা এটা যেন কোলাহল কৰি উঠিল।


ৰেখা স্কুলত তাৰ সহপাঠী আছিল।


ৰেখাৰ দেউতাক সেইখন স্কুলৰে শিক্ষক আছিল।


যেতিয়া সিহঁতি অষ্টম শ্ৰেণীত আছিল, সেই সময়তে ৰেখাই স্কুলৰ নাটক এখনত ৰাধাৰ অভিনয় কৰিছিল।


সেইদিনা যে তাইক ইমান ধুনীয়া দেখাইছিল!


সেইদিনাৰ পৰাই যদুৰ মনত ৰেখাৰ প্ৰতি এক আকৰ্ষণ জাগিছিল।


লাহে-লাহে সেই আকৰ্ষণ, প্ৰেমলৈ ৰূপান্তৰিত হৈছিল।


কিন্তু সেয়া আছিল একপক্ষীয় প্ৰেম।


সি কোনোদিনে তাইক কব নোৱাৰিলে তাৰ মনৰ কথা।


আনকি তাৰ কোনো বন্ধুকো সি নকলে তাইক ভালপোৱাৰ কথা।


এক হীনমান্যতাই তাক গোটেই জীৱন আগুৰি ৰাখিছিল।


দিন হাজিৰা কৰি ঘৰ চলোৱা তাৰ দেউতাক আৰু বেমাৰি মাকজনীৰ কথা ভাবিয়েই, সি এই প্ৰেম, আদিৰ পৰা আতৰি থাকিব বিচাৰিছিল।


তাৰ সম্মুখত একো এটা ভাল ভৱিষ্যত নাই বুলি সি ধৰিয়ে লৈছিল।


পঢ়া-শুনাতো সি ভাল নাছিল; মেট্ৰীক পৰীক্ষা সি পাছ কৰিব নোৱাৰিলেই।


তাৰ পাছৰ পৰাই সি সৰু-সুৰা কাম কৰিয়েই চলি আছে। 


কিন্তু কিয় জানো ৰেখা যেন সদায়েই তাৰ মনৰ এটা অংশত থিতাপি লৈ থাকিল।


এতিয়াও কেতিয়াবা নিজান ৰাতি তাৰ ৰেখালৈ মনত পৰে।


তাইৰ বিয়াৰ দিনা সি ঘৰত নিশব্দে কান্দিছিল।


ৰেখাৰ বিয়াৰ কেইবছৰ হ'ল বাৰু - সি মনতে হিচাপ কৰি চালে।


চাৰি বছৰমানেই হ'ল ছাগে।


"যদু দা, ভাতখিনি নিব পৰা হ'লনে?" ৰশ্মিৰ ভায়েকে আহি সুধিলত তাৰ চিন্তাৰ যতি পৰিল।


"হৈ গ'ল। লৈ যাব পাৰা।" যদুৱে তাক দেখুৱাই দিলে।


ভিতৰত মানুহবোৰ খাবলৈ বহিল।


যদু পাছফালৰ চোতালখনতে প্লাছটিকৰ চকী এখনত বহি থাকিল।


ৰেখাৰ মাতটো সি মাজে-মাজে শুনি আছে, কিন্তু সি এতিয়াও তাইক দেখা নাই।


তাইক দেখিলে বাৰু তাৰ কেনে লাগিব? তাই বাৰু তাক চিনি পাবনে? তাক মাতিবনে?


সি মনতে কথাবোৰ পাগুলিয়াই থাকোতে, কোন মূহুৰ্ততনো ৰেখা আহি তাৰ সম্মুখত উপস্হিত হ'লহি সি গমেই নাপালে।


তাইক তাৰ চকুৰ আগত দেখি অলপ সময় সি অবাক হৈ থাকিল।


"কি হ'ল! চিনি পোৱা নাই নেকি?" এটা মিঠা হাঁহিৰ সৈতে ৰেখাই তাক সুধিলে।


যদুৱে তেতিয়াও একো উত্তৰ দিব পৰা নাই।


তাৰ সম্মুখত যেন সেয়া এসময়ৰ স্কুলৰ নাটকৰ ৰাধাজনী।


"তই সঁচাকৈয়ে মোক চিনি পোৱা নাই নেকি?" তাই পুনৰ সুধিলে।


"পাইছো।" সি লাহেকৈ উত্তৰ দিলে। 


"তই বোলে আজিকালি একদম নামকৰা ৰান্ধনি। ময়ো এইমাত্ৰ খালো তই বনোৱা খানা। বঢ়িয়া হৈছে দেই।" ৰেখাই কৈ থাকিল।


যদুৱে কেৱল শুনি থাকিল। তাৰ মুখৰ পৰা শব্দ ওলোৱা যেন বন্ধ হৈ গ'ল। 


"তোৰ ঘৰত ভালনে? মা-দেউতাৰ কেনে?" ৰেখাই সুধিলে।


"ভালেই।" সি ক'লে; তাৰ মা-দেউতা ঢুকুৱা যে বহু বছৰ হ'ল, সেইটো কথা ক'বলৈ তাৰ মন নগ'ল।


"তই বিয়া পাতিলি নাই?" তাই পুনৰ সুধিলে।


"নাই"


"ছোৱালী থিক কৰি থৈছ নেকি কৰ'বাত?" তাই দুষ্ট হাঁহি এটাৰ সৈতে তাক জোকোৱাৰ ছলেৰে সুধিলে।


সি কিবা উত্তৰ দিয়াৰ আগতেই, কোনোবাই ভিতৰৰ পৰা ৰেখাক চিঞৰি মাতিলে।


"পাছত কথা পাতিম দে", সেইবুলি কৈ ৰেখা ভিতৰলৈ সোমাই গ'ল।


যদু সেই ঠাইতেই ৰৈ থাকিল।


তাৰ কেনে লাগিছিল সি নিজেই ধৰিব পৰা নাছিল।


"যদু, তই ভাত খাই ল'বি দেই", ৰশ্মিৰ দেউতাকে আহি তাক কৈ গ'লহি।


তেতিয়াহে তাৰ সম্বিত ঘুৰি আহিল।


তাৰ ভোক লাগিছিল, কিন্তু কিয় জানো তাৰ খাবলৈ মন নগ'ল।


ৰেখাক দেখা পাই তাৰ মনত যি ধুমুহা বলিব ধৰিছে, সেইটোৱে যেন তাৰ পেটৰ ভোকক আওকান কৰিব ধৰিছে।


সি ভাত থোৱা বাচনটোলৈ চালে। 


ওপৰৰ পৰা ধাকনিখন উঠাই দিয়াৰ লগে-লগে ধোঁৱাবোৰ ওপৰলৈ উৰিবলৈ ধৰিলে।


সেই সময়তে যদুৰ এনে লাগিলে যেন সেই ধোঁৱাবোৰো তাৰ অনুভূতিবোৰৰ দৰে।


ইমান দিনে মনৰ মাজত জমা কৰি ৰখা অনুভূতিখিনি যেন ৰেখাক দেখাৰ পাছত এই ধোঁৱাখিনিৰ দৰে ওলাই আহিছে।


সি ভাতখিনিলে চাই থাকিল।


পেটটো তাৰ কলমলাই উঠিল।


সি প্লেট এখনত ভাত, দাইল আৰু ভাজি অলপ লৈ খোৱাত লাগিল।


প্ৰেমৰ উত্তাপ যিমানেই নহঁওক, পেটৰ ভোকৰ দাবানলতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে।


সি ভাত খাই থাকিল।


ধোঁৱাবোৰ বতাহত বিলিন হৈ পৰিল।


*********

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...