এটি অসমাপ্ত গল্প
বৰষুণজাকে চহৰখনৰ তাপমাত্ৰা বহুগুণে কমাই তুলিছিল।
গৰমৰ উৎপাতৰ পৰা ৰক্ষা পাই মানুহখিনিয়ে স্বস্তিৰ নিশ্বাস পেলাইছিল।
ৰাস্তাৰ কাষৰ সৰু এখন হোটেলত বহি সি চাহ একাপ হাতত লৈ বাহিৰলৈ চাই আছিল।
চিপচিপিয়া বৰষুণজাকৰ মাজেৰে ৰাস্তাত গাড়ী-মানুহৰ অবিৰত যাত্ৰা চলি আছিল।
কামৰ সংক্ৰান্তত সি আজি আহি এই চহৰত উপস্হিত হৈছেহি।
প্ৰায় সাত বছৰ পাছত আহিছে ইয়ালৈ সি। এটা সময় আছিল যেতিয়া এই চহৰখনৰ এটা-এটা ৰাস্তা, এটা-এটা এলেকা, সি চিনি পাইছিল।
কিন্তু এই চহৰখন এতিয়া তাৰ বাবে অচিনাকি।
এইখন চহৰৰ কিছু নিলগত অৱস্হিত বিশ্ববিদ্যালয়খনত পঢ়া-শুনা সম্পূৰ্ণ কৰি উলাই যোৱা ইতিমধ্যে আঠ বছৰৰ বেছি হ'ল। শেষবাৰ সি আহিছিল বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত।
আৰু সেই বাৰেই শেষ দেখিছিল সি তাইক।
তাৰ সৈতে কথা পতা নাছিল তাই।
এবুকু অভিমান হৃদয়ৰ মাজত লৈ সিয়ো মতা নাছিল তাইক।
সি নাজানে কেনে আছে তাই এতিয়া।
তাইৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন হোৱাটছএপযোগে পঠাই দিছিল তালৈ।
সি কোনো উত্তৰ দিয়া নাছিল সেই মেছেজটোৰ।
কি বুলিনো লিখিলেহেতেন সি?
বিয়াৰ শুভেচ্ছা জনালো বুলি? সুখী থাক বুলি? নে তোক এতিয়াও ভালপাওঁ বুলি?
নাই, কোনো উত্তৰ নিদিলে সি সেইদিনা। গোটেই নিশা তাইৰ কথা ভাবি উজাগৰে কটালে সি সেই ৰাতি।
আজি এই চহৰখনত ভৰি দিয়াৰ পাছতেই তাৰ মনলৈ পুনৰ আহিছে তাইৰ কথা।
এখন বাছ হোটেলখনৰ আগেৰে পাৰ হৈ গ'ল।
বাছখন তাৰ চিনাকি। সিহঁতি পঢ়া বিশ্ববিদ্যালয়খনৰ বাছ। নিৰ্দিষ্ট সময়ৰ মূৰে-মূৰে বিশ্ববিদ্যালয়ৰ পৰা চহৰলৈ আৰু চহৰখনৰ পৰা বিশ্ববিদ্যালয়লৈ অহা-যোৱা কৰে এই বাছকেইখনে।
বাছখনৰ পাৰ হৈ যোৱা অলপ পাছত এখন ৰিক্সা পাৰ হৈ গ'ল। ৰিক্সাখনত এহাল যুৱক-যুৱতী।
বিজুলীৰ চমকৰ দৰে সেই মুহূৰ্ত্তত তাৰ মনৰ মাজেৰে পাৰ হৈ গ'ল একালৰ এক বিশেষ স্মৃতি।
সেই দিনা খুব সম্ভৱ দেওবাৰ আছিল। বতৰো আজিৰ দৰেই আছিল। চিপচিপিয়া এক বৰষুণে চহৰখনক তিয়াই আছিল।
সিহঁত কেইটামান বিশ্ববিদ্যালয়ৰ পৰা চহৰলৈ আহিছিল - তিনিটা ল'ৰা আৰু তিনিজনী ছোৱালী।
ছোৱালীকেইজনীয়ে অলপ বজাৰ কৰিব, তাৰ পাছত সিহঁত গোটেইকেইটাই চিনেমা এখন চাব, আৰু তাৰ পাচত হোটেল এখনত কিবা খাই বিশ্ববিদ্যালয়লৈ ঘুৰি যাব। এইটোৱেই আছিল সেইদিনাখনৰ পৰিকল্পনা।
সেইমতে সিহঁতি আহি চহৰত আহি উপস্হিত হৈছিলহি।
বাছৰ পৰা নামি সিহঁতি ৰিক্সা তিনিখন ৰখালে। তাই তাৰ লগত একেখন ৰিক্সাতে উঠিল।
আচলতে সি ধৰিব নোৱাৰিলে তাই তাৰ লগত যাম বুলিয়েই উঠিল নে আন দুখন ৰিক্সাত বাকিকেইজন উঠি দিয়াৰ বাবেহে তাই তাৰ লগত উঠিল।
তাই তেতিয়ালৈকে গম নাপায় যে সি তাইক ভাল পাই।
আনকি আন কোনেও গম নাপায় যে সি তাইক ভাল পাই।
তাইক ভালপোৱা কথাতো সি সকলোৰে পৰা লুকুৱাই ৰাখিছিল।
তাৰ বুকুৰ মাজত এক সপোণ হৈ জীয়াই আছিল সেই ভালপোৱা - সংগোপনে, সকলোৰে আগোচৰে।
নিজৰ লগতে কথা পাতিছিল সি, নিজকে কৈছিল সি কিমান ভাল পাই তাইক।
তাইৰ সৈতে সপোনৰ এক ঘৰ সাজিছিল সি তাৰ কল্পনাৰে। কিন্তু সেই সপোনক বাস্তব কেনেকৈ কৰিব সেইটোহে সি নাজানিছিল।
"বৰষুণজাক বৰ বেয়া সময়ত আহিল।" ৰিক্সাখনত উঠিয়েই তাই কৈছিল সেইদিনা।
"কিয়?" কল্পনাৰ সাগৰৰ পৰা সাৰ পাই সি সুধিছিল।
"বজাৰ কৰিব আছে, চিনেমা চাবলৈ আছে; এই বৰষুণজাক নহা হ'লে ভাল আছিল।" তাই আগলৈ চাই-চাই কৈছিল।
"মই তোৰ কথাত সহমত নহয়। বৰষুণজাক অহাৰ কাৰণে বেছি ভালহে লাগিছে।"
"কিনো ভাল লাগিছে! এতিয়া পানী আৰু বোকা খচকি-খচকি বজাৰ কৰিব লাগিব।"
"তই এই বোকা-পানী খচকি থকাৰ কথা ভাবি থকাতকৈ, এই ধুনীয়া বতৰতো উপভোগ নকৰ কিয়? এই গৰমৰ দিনত এই বৰষুণজাক প্ৰকৃতিৰ এই সুন্দৰ উপহাৰ বুলি ভাব।" সি এক কাব্যিক ভাষাৰে তাইক উত্তৰ দিছিল।
তাই তাৰ কথাত হাঁহি উঠিছিল। সি তাইলৈ চাইছিল। তাইৰ দুচকুৰ সম্মোহনত সি হেৰাই গৈছিল।
চিপ-চিপকৈ পৰি থকা বৰষাৰ সেই ধাৰাৰ মাজেৰে গৈ থকা ৰিক্সাখনত বহি, সেইদিনা তাৰ মনত পৰিছিল এটি গানলৈ - "ক'ৰ এজাক সপোন যেন বৰষুণ"।
গানটো এতিয়াও যেন তাৰ কাণত বাজি আছিল।
সেইয়া যেন এক সপোনেই আছিল - ভালপোৱা ছোৱালীজনীৰ সৈতে নিবিড়ভাৱে বহি বৰষুণৰ মাজেৰে সি যেন গমন কৰিছিল এক অচিন জগতলৈ।
সেইদিনতোৰ কথা সি আজিও পাহৰা নাই।
আৰু নাই পাহৰা সি সেই দিনটোৰ কথা, যিদিনা সি গম পাইছিল তাই আন এক যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা।
অন্তৰখন বিধ্বস্ত হৈ পৰিছিল সেইদিনা তাৰ। বৰদৈচিলা এজাকে যেন ভাঙি থৈ গৈছিলহি তাৰ সপোনৰ অট্টালিকা।
অকলে-অকলে কান্দিছিল সি সেইদিনা।
বহু কষ্ট কৰি সংযত কৰিছিল সি নিজকে।
তাইক কিন্তু জানিব নিদিলে সি এই কথা। আনৰ দৰে সিয়ো তাইক দিলে শুভেচ্ছা।
কিন্তু সেইদিনাৰ পৰা তাইৰ বন্ধুত্ব যেন এক বোজা হৈ পৰিল তাৰ বাবে।
লাহে-লাহে আঁতৰাই আনিবলৈ ধৰিলে সি নিজকে তাইৰ পৰা।
তাই বুজি নাপালে কিয় সি তাইৰ সৈতে আগৰ দৰে কথা নপতা হ'ল, কিয় সি তাইৰ সৈতে চহৰলৈ নোযোৱা হ'ল।
আৰু যেতিয়া এদিন অতিষ্ঠ হৈ তাইক তাক সুধিলে সেই কথা, সি কৈ দিলে সকলো সঁচা কথা। এফালৰ পৰা তাৰ ভঙা হৃদয়খন উন্মুক্ত কৰি দিলে তাইৰ সম্মুখত।
তাই যেন ভয় খাই উঠিল তাৰ প্ৰেমৰ উন্মাদনা দেখি। আৰু লাহে-লাহে তায়ো আঁতৰি গৈ থাকিল তাৰ পৰা।
বাকি থাকি ৰ'ল কেৱল কিছু টুকুৰা স্মৃতি আৰু কিছু বন্ধুত্বৰ প্ৰতিশ্ৰুতি।
চাহ কাপত শেষ চুমুক এটা মাৰি সি উলাই আহিল হোটেইখনৰ পৰা।
বাহিৰত তেতিয়াও চিপচিপিয়া বৰষুণ।
যিটো ৰাস্তাৰে এটা সময়ত সি তাইৰ সৈতে ৰিক্সাখনত উঠি গৈছিল, সেই একেই ৰাস্তাৰে আজি সি অকলশৰে খোজ পেলালে।
কাষত আজি তাৰ কোনো নাই, মন গহ্বৰত বজা নাই আজি কোনো গান।
সি খোজকাঢ়ি গৈ থাকিল।
বৰষুণৰ টোপালবোৰে তাক তিয়াই থাকিল।
সময়বোৰ আগৰ গতিতে আগবাঢ়ি থাকিল।
******
Comments
Post a Comment