Skip to main content

এটি অসমাপ্ত গল্প

বৰষুণজাকে চহৰখনৰ তাপমাত্ৰা বহুগুণে কমাই তুলিছিল।


গৰমৰ উৎপাতৰ পৰা ৰক্ষা পাই মানুহখিনিয়ে স্বস্তিৰ নিশ্বাস পেলাইছিল। 


ৰাস্তাৰ কাষৰ সৰু এখন হোটেলত বহি সি চাহ একাপ হাতত লৈ বাহিৰলৈ চাই আছিল।


চিপচিপিয়া বৰষুণজাকৰ মাজেৰে ৰাস্তাত গাড়ী-মানুহৰ অবিৰত যাত্ৰা চলি আছিল। 


কামৰ সংক্ৰান্তত সি আজি আহি এই চহৰত উপস্হিত হৈছেহি। 


প্ৰায় সাত বছৰ পাছত আহিছে ইয়ালৈ সি। এটা সময় আছিল যেতিয়া এই চহৰখনৰ এটা-এটা ৰাস্তা, এটা-এটা এলেকা, সি চিনি পাইছিল। 


কিন্তু এই চহৰখন এতিয়া তাৰ বাবে অচিনাকি। 


এইখন চহৰৰ কিছু নিলগত অৱস্হিত বিশ্ববিদ্যালয়খনত পঢ়া-শুনা সম্পূৰ্ণ কৰি উলাই যোৱা ইতিমধ্যে আঠ বছৰৰ বেছি হ'ল। শেষবাৰ সি আহিছিল বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত।


আৰু সেই বাৰেই শেষ দেখিছিল সি তাইক।


তাৰ সৈতে কথা পতা নাছিল তাই। 


এবুকু অভিমান হৃদয়ৰ মাজত লৈ সিয়ো মতা নাছিল তাইক। 


সি নাজানে কেনে আছে তাই এতিয়া। 


তাইৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন হোৱাটছএপযোগে পঠাই দিছিল তালৈ। 


সি কোনো উত্তৰ দিয়া নাছিল সেই মেছেজটোৰ। 


কি বুলিনো লিখিলেহেতেন সি? 


বিয়াৰ শুভেচ্ছা জনালো বুলি? সুখী থাক বুলি? নে তোক এতিয়াও ভালপাওঁ বুলি?


নাই, কোনো উত্তৰ নিদিলে সি সেইদিনা। গোটেই নিশা তাইৰ কথা ভাবি উজাগৰে কটালে সি সেই ৰাতি। 


আজি এই চহৰখনত ভৰি দিয়াৰ পাছতেই তাৰ মনলৈ পুনৰ আহিছে তাইৰ কথা।


এখন বাছ হোটেলখনৰ আগেৰে পাৰ হৈ গ'ল।


বাছখন তাৰ চিনাকি। সিহঁতি পঢ়া বিশ্ববিদ্যালয়খনৰ বাছ। নিৰ্দিষ্ট সময়ৰ মূৰে-মূৰে বিশ্ববিদ্যালয়ৰ পৰা চহৰলৈ আৰু চহৰখনৰ পৰা বিশ্ববিদ্যালয়লৈ অহা-যোৱা কৰে এই বাছকেইখনে। 


বাছখনৰ পাৰ হৈ যোৱা অলপ পাছত এখন ৰিক্সা পাৰ হৈ গ'ল। ৰিক্সাখনত এহাল যুৱক-যুৱতী।


বিজুলীৰ চমকৰ দৰে সেই মুহূৰ্ত্তত তাৰ মনৰ মাজেৰে পাৰ হৈ গ'ল একালৰ এক বিশেষ স্মৃতি। 


সেই দিনা খুব সম্ভৱ দেওবাৰ আছিল। বতৰো আজিৰ দৰেই আছিল। চিপচিপিয়া এক বৰষুণে চহৰখনক তিয়াই আছিল।


সিহঁত কেইটামান বিশ্ববিদ্যালয়ৰ পৰা চহৰলৈ আহিছিল - তিনিটা ল'ৰা আৰু তিনিজনী ছোৱালী। 


ছোৱালীকেইজনীয়ে অলপ বজাৰ কৰিব, তাৰ পাছত সিহঁত গোটেইকেইটাই চিনেমা এখন চাব, আৰু তাৰ পাচত হোটেল এখনত কিবা খাই বিশ্ববিদ্যালয়লৈ ঘুৰি যাব। এইটোৱেই আছিল সেইদিনাখনৰ পৰিকল্পনা। 


সেইমতে সিহঁতি আহি চহৰত আহি উপস্হিত হৈছিলহি। 


বাছৰ পৰা নামি সিহঁতি ৰিক্সা তিনিখন ৰখালে। তাই তাৰ লগত একেখন ৰিক্সাতে উঠিল।


আচলতে সি ধৰিব নোৱাৰিলে তাই তাৰ লগত যাম বুলিয়েই উঠিল নে আন দুখন ৰিক্সাত বাকিকেইজন উঠি দিয়াৰ বাবেহে তাই তাৰ লগত উঠিল। 


তাই তেতিয়ালৈকে গম নাপায় যে সি তাইক ভাল পাই।


আনকি আন কোনেও গম নাপায় যে সি তাইক ভাল পাই।


তাইক ভালপোৱা কথাতো সি সকলোৰে পৰা লুকুৱাই ৰাখিছিল।


তাৰ বুকুৰ মাজত এক সপোণ হৈ জীয়াই আছিল সেই ভালপোৱা - সংগোপনে, সকলোৰে আগোচৰে। 


নিজৰ লগতে কথা পাতিছিল সি, নিজকে কৈছিল সি কিমান ভাল পাই তাইক।


তাইৰ সৈতে সপোনৰ এক ঘৰ সাজিছিল সি তাৰ কল্পনাৰে। কিন্তু সেই সপোনক বাস্তব কেনেকৈ কৰিব সেইটোহে সি নাজানিছিল।


"বৰষুণজাক বৰ বেয়া সময়ত আহিল।" ৰিক্সাখনত উঠিয়েই তাই কৈছিল সেইদিনা।


"কিয়?" কল্পনাৰ সাগৰৰ পৰা সাৰ পাই সি সুধিছিল।


"বজাৰ কৰিব আছে, চিনেমা চাবলৈ আছে; এই বৰষুণজাক নহা হ'লে ভাল আছিল।" তাই আগলৈ চাই-চাই কৈছিল।


"মই তোৰ কথাত সহমত নহয়। বৰষুণজাক অহাৰ কাৰণে বেছি ভালহে লাগিছে।"


"কিনো ভাল লাগিছে! এতিয়া পানী আৰু বোকা খচকি-খচকি বজাৰ কৰিব লাগিব।"


"তই এই বোকা-পানী খচকি থকাৰ কথা ভাবি থকাতকৈ, এই ধুনীয়া বতৰতো উপভোগ নকৰ কিয়? এই গৰমৰ দিনত এই বৰষুণজাক প্ৰকৃতিৰ এই সুন্দৰ উপহাৰ বুলি ভাব।" সি এক কাব্যিক ভাষাৰে তাইক উত্তৰ দিছিল।


তাই তাৰ কথাত হাঁহি উঠিছিল। সি তাইলৈ চাইছিল। তাইৰ দুচকুৰ সম্মোহনত সি হেৰাই গৈছিল।


চিপ-চিপকৈ পৰি থকা বৰষাৰ সেই ধাৰাৰ মাজেৰে গৈ থকা ৰিক্সাখনত বহি, সেইদিনা তাৰ মনত পৰিছিল এটি গানলৈ - "ক'ৰ এজাক সপোন যেন বৰষুণ"।


গানটো এতিয়াও যেন তাৰ কাণত বাজি আছিল। 


সেইয়া যেন এক সপোনেই আছিল - ভালপোৱা ছোৱালীজনীৰ সৈতে নিবিড়ভাৱে বহি বৰষুণৰ মাজেৰে সি যেন গমন কৰিছিল এক অচিন জগতলৈ।


সেইদিনতোৰ কথা সি আজিও পাহৰা নাই।


আৰু নাই পাহৰা সি সেই দিনটোৰ কথা, যিদিনা সি গম পাইছিল তাই আন এক যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা।  


অন্তৰখন বিধ্বস্ত হৈ পৰিছিল সেইদিনা তাৰ। বৰদৈচিলা এজাকে যেন ভাঙি থৈ গৈছিলহি তাৰ সপোনৰ অট্টালিকা। 


অকলে-অকলে কান্দিছিল সি সেইদিনা।


বহু কষ্ট কৰি সংযত কৰিছিল সি নিজকে। 


তাইক কিন্তু জানিব নিদিলে সি এই কথা। আনৰ দৰে সিয়ো তাইক দিলে শুভেচ্ছা।


কিন্তু সেইদিনাৰ পৰা তাইৰ বন্ধুত্ব যেন এক বোজা হৈ পৰিল তাৰ বাবে।


লাহে-লাহে আঁতৰাই আনিবলৈ ধৰিলে সি নিজকে তাইৰ পৰা।


তাই বুজি নাপালে কিয় সি তাইৰ সৈতে আগৰ দৰে কথা নপতা হ'ল, কিয় সি তাইৰ সৈতে চহৰলৈ নোযোৱা হ'ল।


আৰু যেতিয়া এদিন অতিষ্ঠ হৈ তাইক তাক সুধিলে সেই কথা, সি কৈ দিলে সকলো সঁচা কথা। এফালৰ পৰা তাৰ ভঙা হৃদয়খন উন্মুক্ত কৰি দিলে তাইৰ সম্মুখত। 


তাই যেন ভয় খাই উঠিল তাৰ প্ৰেমৰ উন্মাদনা দেখি। আৰু লাহে-লাহে তায়ো আঁতৰি গৈ থাকিল তাৰ পৰা।


বাকি থাকি ৰ'ল কেৱল কিছু টুকুৰা স্মৃতি আৰু কিছু বন্ধুত্বৰ প্ৰতিশ্ৰুতি।  


চাহ কাপত শেষ চুমুক এটা মাৰি সি উলাই আহিল হোটেইখনৰ পৰা।


বাহিৰত তেতিয়াও চিপচিপিয়া বৰষুণ।


যিটো ৰাস্তাৰে এটা সময়ত সি তাইৰ সৈতে ৰিক্সাখনত উঠি গৈছিল, সেই একেই ৰাস্তাৰে আজি সি অকলশৰে খোজ পেলালে।


কাষত আজি তাৰ কোনো নাই, মন গহ্বৰত বজা নাই আজি কোনো গান।


সি খোজকাঢ়ি গৈ থাকিল।


বৰষুণৰ টোপালবোৰে তাক তিয়াই থাকিল।


সময়বোৰ আগৰ গতিতে আগবাঢ়ি থাকিল।


******

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...