Skip to main content

প্ৰেমৰ নীৰৱতা

ট্ৰেইনখনে লাহে-লাহে গতি লোৱা আৰম্ভ কৰিলে। প্লেটফৰ্মৰ হাই-উৰুমিবোৰ কমি আহিল।


ৰিমাই খিৰিকিৰ কাষত বহি বাহিৰলৈ চাই যাব ধৰিলে। গুৱাহাটীৰ পৰা লামডিংলৈ আজিৰ এই যাত্ৰা। পৰিয়ালৰ এখন বিয়ালৈ বুলি তাহাঁতি সকলো উলাইছে। সকলো মানে মাক, দেউতাক, তাইৰ বায়েক আৰু ভায়েক।


আজি বহুদিনৰ পাছত তাই ৰেলেৰে যাত্ৰা কৰিছে। এইবাৰ কিন্তু তাইৰ অলপ বস্তুবোৰ বেলেগ যেন লাগিছে। পথাৰবোৰ যেন আগতকৈ বহু বেছি ধুনীয়া হ'ল, আকাশখন যেন আৰু বিশাল হ'ল, গছবোৰ যেন আৰু সেউজীয়া হৈ পৰিল। 


১৬ বছৰত ভৰি দিয়াৰ পাছত পৃথিৱীখন যেন তাইৰ কাৰণে আৰু ৰঙীন হৈ পৰিল!


ৰেলৰ ভিতৰত মানুহবোৰ নিজৰ মাজত কথা পতাত ব্যস্ত। তাইৰ মাক ব্যস্ত তাইৰ ভায়েকক কিবা এটা খুৱাবলৈ; ঘৰৰ পৰা অহা সময়ত সি একোকে নাখালে। এতিয়াও সি নাখাও বুলি কোৱাত মাকে তাক গালি পাৰি আছে। বায়েক ব্যস্ত মোবাইলত; বাপেকে বাতৰি কাকত এখন পঢ়ি আছে।


ৰিমাৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। তাইৰ চকু বাহিৰত। দ্ৰুত গতিত পাৰ হৈ যোৱা গছ-পথাৰ-ঘৰবোৰ চাই-চাই তাই নিজৰ মাজতে মগন।


খিৰিকিৰে সোমাই অহা বতাহজাকে তাইৰ চুলিবোৰ খেলি-মেলি কৰি দিছিল। তাই চুলিখিনি থিক কৰি-কৰি, বাহিৰলৈ চাই থাকিল। গুৱাহাটীৰ কংক্ৰিতৰ পৃথিৱীখনৰ পৰা বাহিৰ হৈ তাই আপোন পাহৰা হৈ থাকিল।


অলপ পাছত তাইৰ খিৰিকিৰে মূৰটো বাহিৰলৈ উলিয়াবলৈ মন গ'ল। তাই লাহেকৈ মাকৰ ফালে চালে। মাক তেতিয়া টোপনিয়াই আছিল, দেউতাক তেতিয়াও বাতৰি কাকতৰ মাজত। 


ৰিমাই লাহেকৈ মূৰটো খিৰিকিৰে বাহিৰলৈ উলিয়ালে। বলিয়া এজাক বতাহে তাইক কোবাই থৈ গ'ল। তাই আগলৈ চালে আৰু সেই একে মুহূৰ্ত্ততে আন এযোৰ চকুৱে পাছফালে চালে।


তাহাঁতি বহি যোৱা ডবাটোৰ আগৰ দুৱাৰখনত এজন পুলিচৰ জোৱান - হয় সি ৰেলৱে পুলিচ বা চি.ৰ.পি.ফ.ৰ জোৱান; তাই সেইটো ধৰিব নোৱাৰিলে। সি দুৱাৰখনৰ পৰা তাৰ মূৰটো উলিয়াই পাছলৈ চোৱা সময়ত ৰিমাৰ চকুৱে-চকুৱে পৰিল। ৰিমাই মূৰটো ভিতৰলৈ সুমুৱাই আনিলে।


কেইছেকেণ্ডমানৰ পাছত তাই আকৌ মূৰটো খিৰিকিৰ বাহিৰলৈ উলিয়ালে। জোৱানজনক তাই পুনৰ দেখিলে। এক কুমলীয়া চেহেৰাৰ যুৱক; হয়টো নতুনকৈ চাকৰিত সোমাইছে। ২১-২২ বছৰীয়া যুৱক যেন অনুমান হ'ল ৰিমাৰ। 


তাই পুনৰ মূৰটো ভৰালে; অলপ পাছত আকৌ উলিয়ালে। যুৱকজনে যেন তাইলৈ অপেক্ষা কৰি আছিল। তাইৰ ফালে চাই সি মৃদুকৈ হাঁহিলে। ৰিমাই মূৰটো ভৰাই দিলে।


এক অনামি শিহৰণ তাইৰ বুকুৰ মাজেৰে পাৰ হৈ গ'ল। তাই নিজেই ধৰিব নোৱাৰিলে কি হ'ল। তাই নিজৰ চাৰিওফালে চালে। নাই, তাইৰ পৰিয়ালৰ কোনেও ধৰিব নোৱাৰিলে কি হ'ল। 


তাই পুনৰ লাহেকৈ মূৰটো বাহিৰলৈ উলিয়ালে। যুৱকজন তেতিয়াও তাতে আছিল। সি পুনৰ তাইৰ ফালে চাই হাঁহিলে। এইবাৰ ৰিমাৰ ওঁঠটো হাঁহি জিলিকি উঠিল। চঞ্চল বতাহজাকে দুয়োৰে হাঁহিবোৰ কঢ়িয়াবলৈ ধৰিলে।


ৰিমাৰ মনৰ মাজত এজাক ধুমুহা বলিবলৈ ধৰিলে। জীৱনত এই প্ৰথমবাৰ তাই অনুভৱ কৰিলে এনে এক আৱেগ। কি নাম এই আৱেগৰ, এই শিহৰণৰ!


এয়াই বাৰু প্ৰেম নেকি? তাই ভাবিবলৈ ধৰিলে।


তাইৰ লগৰ কেইজনীমানৰ কথাবোৰ মনলৈ আহিবলৈ ধৰিলে। তাহাঁতি কাষত থকা হ'লে সিহঁতক সুধিব পৰা গ'লহেতেন।


পিছে এতিয়া কাক সুধিব? 


তাই পুনৰ মূৰটো বাহিৰলৈ উলিয়াই আগলৈ চালে। সেই যুৱকজনৰ চকু তেতিয়া আনফালে। ৰিমাৰ মন গ'ল তাক মাতিবলৈ; পিছে কি বুলিনো মাতিব! তাই অপেক্ষা কৰিলে সি ঘূৰি চোৱালে।


অলপ পাছত সি ঘূৰি চালে আৰু লগে-লগে তাৰ চকু-মুখ উজ্জল হৈ উঠিল। তাইলৈ চাই সি লাহেকৈ হাঁহিলে; ৰিমা লাজতে ৰঙা পৰি গ'ল।


তাই মূৰটো ভিতৰলৈ ভৰাই আনিলে। ইতিমধ্যে তাইৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। তাইৰ কাষত বহি যোৱা আন কোনোৱেই সেইটো ধৰিব পৰা নাই।


ৰিমাৰ মন গ'ল সেই যুৱকজনৰ লগত কথা পাতিবলৈ। কিন্তু পাতিব কিদৰে? 


বাথৰুমৰ ফালে গ'লে তাই তাক দুৱাৰখনৰ কাষত লগ পাব; কিন্তু সেইটো কৰিবলৈ তাইৰ ভয় লাগিল। 


তাই নিজৰ ছিটতে বহি মনৰ ভিতৰতে কথাবোৰ পাগুলি থাকিল।


"ব'লছোন বাথৰুমৰ পৰা আহো।" তাইৰ বায়কে কোৱা কথাষাৰ শুনি তাই চক্ খাই উঠিল। বায়েকে বাৰু তাইৰ মনৰ কথা বুজি পালে নেকি?


"ব'ল আকৌ! কি ভাবি আছ?" বায়েকে কৈ ছীটৰ পৰা উঠিল।


তাই বায়েকৰ পাছে-পাছে বাথৰুমৰ ফালে যাবলৈ ধৰিলে। 


তাইৰ বুকুৰ মাজৰ ধুমুহাই এতিয়া বৰদৈচিলাৰ ৰূপ লৈছিল।


বাথৰুমৰ কাষৰ খালিঠাইটুকুৰাত চাৰিজন জোৱান ৰৈ আছিল। তাৰে এজন সেই যুৱকজন। 


তাক দেখি ৰিমাই মূৰ তল কৰিলে আৰু লাহেকৈ বাওঁফালৰ বাথৰুমটোত সোমালে। তাইৰ হৃদস্পন্দনে তেতিয়া ছাগে বিশ্ব ৰেকৰ্ড কৰিছে। 


ভিতৰত কিছু সময় থাকি তাই উলাই আহিল। বায়েক তেতিয়াও উলাই অহা নাই। 


বাহিৰত তেতিয়া সেই যুৱকজনক লগৰকেইজনে জোকাই আছিল।


"নামটো কি সোধ", কোনোবা এজনে কোৱা তাই শুনিলে।


তাইৰ বুকুত ঢেকিৰ চাব এটা পৰা যেন লাগিল।


সেই মুহূৰ্ত্ততে বায়েক উলাই আহিল আৰু তাইক হাতত ধৰি ভিতৰৰ ফালে লৈ গ'ল।


তাইৰ পুনৰ আহি নিজৰ ছীটত বহিলেহি। 


তাইক নামটো সোধা হ'লে বাৰু তাই কি কৰিলেহেতেন? ক'লেহেতেন নে? নে তাই মনে-মনে থাকিলহেতেন?


তাই ধৰিব নোৱাৰিলে। 


অলপ পাছত ট্ৰেইনখন এটা স্টেচনত ৰখালে। চাহ, চানা, আদি বিক্ৰি কৰা মানুহবোৰ ভিতৰলৈ সোমাই আহিল। 


সেই কোলাহলৰ মাজত তাই দেখিলে যে সেই যুৱকজন প্লেটফৰ্মৰ এটা চুকত ৰৈ তাইলৈ চাই আছে। তাৰ লগৰকেইজন তেতিয়া তাৰ লগত নাই। 


তায়ো তাৰ ফালে চাই থাকিল।


একো নোকোৱাকৈ দুয়ো যেন বহু কথা পাতিলে!


ৰেলখনে অলপ পাছত পুনৰ যাত্ৰা আৰম্ভ কৰিলে।


ৰিমাই পুনৰ মূৰটো বাহিৰলৈ উলিয়ালে। 


"কি কৰিছ তই? মূৰটো ভিতৰলৈ আন।" মাকৰ মাতত তাইৰ সম্বিত ঘূৰি আহিল।


"খিৰিকিৰে মূৰ নুলিয়াবলৈ তোক কৈছিলো নে নাই?" মাকে খঙেৰে ক'লে।


তাই মনে-মনে থাকিল।


"তাই অথনিৰে পৰা এনেকৈয়ে আহি আছে। তুমি শুই আছিলা কাৰণে নেদেখিলা।" বায়েকে মোবাইলৰ পৰা মূৰ নুতুলাকৈ ক'লে।


"তই মাজলৈ আহ। মই সেইটুকুৰাত বহিম।" মাকে কৈ উঠিল। 


"নালাগে। আকৌ মূৰ নুলিয়াও বাৰু।" তাই সেইবুলি কৈ বাহিৰলৈ চাবলৈ ধৰিলে।


তাইৰ কান্দিবলৈ মন গ'ল। কিন্তু কিয় সেইটোহে তাই ধৰিব নোৱাৰিলে - সেই অচিনাকী যুৱকজনক তাই চাব নোৱাৰিব সেই দুঃখত নে সি যে তাইক চাব নোৱাৰিব সেই দুঃখত!


ৰেলখন গৈ থাকিল। তাহাঁতৰ লক্ষ্যস্থানলৈ আৰু বেছি দেৰি নাই।


ৰিমা অধৈৰ্য হৈ পৰিল। সেই যুৱকজনক এবাৰ চাবলৈ মন গ'ল, তাৰ নামটো জানিবলৈ মন গ'ল, তাৰ ঘৰ কত সুধিবলৈ মন গ'ল।


অলপ পাছত তাই দেখিলে যে সেই জোৱানকেইজন তাহাঁতৰ ডবাৰ মাজেৰে পাৰ হৈ গৈছে। সি একেবাৰে পাছত। তাইৰ ফালে আঁৰ চকুৰে চাই সি পাৰ হৈ গ'ল।


ৰিমাই বাহিৰত একো প্ৰতিক্ৰিয়া নেদেখুৱালে কিন্তু ভিতৰত তাইৰ হৃদয়খন আৱেগেৰে তিতি জুৰুলী-জুপুৰী হৈ আছিল।


কিছু সময়ৰ পাছত ৰেলখন লামডিং পালেহি। তাহাঁতি নামিব ধৰিলে।


ৰিমাৰ চকুযুৰিয়ে তেতিয়া সেই যুৱকজনক বিছাৰি ফুৰিছিল।


নাই, তাই তাক দেখা নাই!


তাহাঁতি প্লেটফৰ্মত নামি বাহিৰৰ ফালে খোজকাঢ়ি যাব ধৰিলে আৰু সেই সময়তে তাই তাক দেখিলে।


আন এটা ডবাৰ দুৱাৰত থিয় সি তাইৰ ফালে চাই আছে।


তাৰ দুচকুত চকুপানী তাই স্পষ্টকৈ দেখা পালে।


অপলক নেত্ৰৰে তাইৰ ফালে চাই, নিৰৱে সি কান্দি আছিল।


ৰিমাৰ সেই মুহূৰ্ত্তত চিঞৰি-চিঞৰি কান্দিবলৈ মন গ'ল। কিন্তু সেইটো তাই কৰিব নোৱাৰে। মাক-দেউতাক, বায়েক-ভায়েক, সকলো আছে তাইৰ কাষত।


দুঃখৰ বেদনাখিনি বুকুতে সাবতি তাই তাৰ ফালে চাই-চাই ক্ৰমান্বয়ে স্টেচনৰ বাহিৰলৈ খোজ দিলে।


সিক্ত নয়নেৰে তাইক বিদায় দি সেই যুৱকজন ৰেলখনৰ সৈতে গুছি গ'ল।


তাই তাক আৰু কেতিয়াও দেখা নাপালে।


**************

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...