প্ৰেমৰ নীৰৱতা
ট্ৰেইনখনে লাহে-লাহে গতি লোৱা আৰম্ভ কৰিলে। প্লেটফৰ্মৰ হাই-উৰুমিবোৰ কমি আহিল।
ৰিমাই খিৰিকিৰ কাষত বহি বাহিৰলৈ চাই যাব ধৰিলে। গুৱাহাটীৰ পৰা লামডিংলৈ আজিৰ এই যাত্ৰা। পৰিয়ালৰ এখন বিয়ালৈ বুলি তাহাঁতি সকলো উলাইছে। সকলো মানে মাক, দেউতাক, তাইৰ বায়েক আৰু ভায়েক।
আজি বহুদিনৰ পাছত তাই ৰেলেৰে যাত্ৰা কৰিছে। এইবাৰ কিন্তু তাইৰ অলপ বস্তুবোৰ বেলেগ যেন লাগিছে। পথাৰবোৰ যেন আগতকৈ বহু বেছি ধুনীয়া হ'ল, আকাশখন যেন আৰু বিশাল হ'ল, গছবোৰ যেন আৰু সেউজীয়া হৈ পৰিল।
১৬ বছৰত ভৰি দিয়াৰ পাছত পৃথিৱীখন যেন তাইৰ কাৰণে আৰু ৰঙীন হৈ পৰিল!
ৰেলৰ ভিতৰত মানুহবোৰ নিজৰ মাজত কথা পতাত ব্যস্ত। তাইৰ মাক ব্যস্ত তাইৰ ভায়েকক কিবা এটা খুৱাবলৈ; ঘৰৰ পৰা অহা সময়ত সি একোকে নাখালে। এতিয়াও সি নাখাও বুলি কোৱাত মাকে তাক গালি পাৰি আছে। বায়েক ব্যস্ত মোবাইলত; বাপেকে বাতৰি কাকত এখন পঢ়ি আছে।
ৰিমাৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। তাইৰ চকু বাহিৰত। দ্ৰুত গতিত পাৰ হৈ যোৱা গছ-পথাৰ-ঘৰবোৰ চাই-চাই তাই নিজৰ মাজতে মগন।
খিৰিকিৰে সোমাই অহা বতাহজাকে তাইৰ চুলিবোৰ খেলি-মেলি কৰি দিছিল। তাই চুলিখিনি থিক কৰি-কৰি, বাহিৰলৈ চাই থাকিল। গুৱাহাটীৰ কংক্ৰিতৰ পৃথিৱীখনৰ পৰা বাহিৰ হৈ তাই আপোন পাহৰা হৈ থাকিল।
অলপ পাছত তাইৰ খিৰিকিৰে মূৰটো বাহিৰলৈ উলিয়াবলৈ মন গ'ল। তাই লাহেকৈ মাকৰ ফালে চালে। মাক তেতিয়া টোপনিয়াই আছিল, দেউতাক তেতিয়াও বাতৰি কাকতৰ মাজত।
ৰিমাই লাহেকৈ মূৰটো খিৰিকিৰে বাহিৰলৈ উলিয়ালে। বলিয়া এজাক বতাহে তাইক কোবাই থৈ গ'ল। তাই আগলৈ চালে আৰু সেই একে মুহূৰ্ত্ততে আন এযোৰ চকুৱে পাছফালে চালে।
তাহাঁতি বহি যোৱা ডবাটোৰ আগৰ দুৱাৰখনত এজন পুলিচৰ জোৱান - হয় সি ৰেলৱে পুলিচ বা চি.ৰ.পি.ফ.ৰ জোৱান; তাই সেইটো ধৰিব নোৱাৰিলে। সি দুৱাৰখনৰ পৰা তাৰ মূৰটো উলিয়াই পাছলৈ চোৱা সময়ত ৰিমাৰ চকুৱে-চকুৱে পৰিল। ৰিমাই মূৰটো ভিতৰলৈ সুমুৱাই আনিলে।
কেইছেকেণ্ডমানৰ পাছত তাই আকৌ মূৰটো খিৰিকিৰ বাহিৰলৈ উলিয়ালে। জোৱানজনক তাই পুনৰ দেখিলে। এক কুমলীয়া চেহেৰাৰ যুৱক; হয়টো নতুনকৈ চাকৰিত সোমাইছে। ২১-২২ বছৰীয়া যুৱক যেন অনুমান হ'ল ৰিমাৰ।
তাই পুনৰ মূৰটো ভৰালে; অলপ পাছত আকৌ উলিয়ালে। যুৱকজনে যেন তাইলৈ অপেক্ষা কৰি আছিল। তাইৰ ফালে চাই সি মৃদুকৈ হাঁহিলে। ৰিমাই মূৰটো ভৰাই দিলে।
এক অনামি শিহৰণ তাইৰ বুকুৰ মাজেৰে পাৰ হৈ গ'ল। তাই নিজেই ধৰিব নোৱাৰিলে কি হ'ল। তাই নিজৰ চাৰিওফালে চালে। নাই, তাইৰ পৰিয়ালৰ কোনেও ধৰিব নোৱাৰিলে কি হ'ল।
তাই পুনৰ লাহেকৈ মূৰটো বাহিৰলৈ উলিয়ালে। যুৱকজন তেতিয়াও তাতে আছিল। সি পুনৰ তাইৰ ফালে চাই হাঁহিলে। এইবাৰ ৰিমাৰ ওঁঠটো হাঁহি জিলিকি উঠিল। চঞ্চল বতাহজাকে দুয়োৰে হাঁহিবোৰ কঢ়িয়াবলৈ ধৰিলে।
ৰিমাৰ মনৰ মাজত এজাক ধুমুহা বলিবলৈ ধৰিলে। জীৱনত এই প্ৰথমবাৰ তাই অনুভৱ কৰিলে এনে এক আৱেগ। কি নাম এই আৱেগৰ, এই শিহৰণৰ!
এয়াই বাৰু প্ৰেম নেকি? তাই ভাবিবলৈ ধৰিলে।
তাইৰ লগৰ কেইজনীমানৰ কথাবোৰ মনলৈ আহিবলৈ ধৰিলে। তাহাঁতি কাষত থকা হ'লে সিহঁতক সুধিব পৰা গ'লহেতেন।
পিছে এতিয়া কাক সুধিব?
তাই পুনৰ মূৰটো বাহিৰলৈ উলিয়াই আগলৈ চালে। সেই যুৱকজনৰ চকু তেতিয়া আনফালে। ৰিমাৰ মন গ'ল তাক মাতিবলৈ; পিছে কি বুলিনো মাতিব! তাই অপেক্ষা কৰিলে সি ঘূৰি চোৱালে।
অলপ পাছত সি ঘূৰি চালে আৰু লগে-লগে তাৰ চকু-মুখ উজ্জল হৈ উঠিল। তাইলৈ চাই সি লাহেকৈ হাঁহিলে; ৰিমা লাজতে ৰঙা পৰি গ'ল।
তাই মূৰটো ভিতৰলৈ ভৰাই আনিলে। ইতিমধ্যে তাইৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। তাইৰ কাষত বহি যোৱা আন কোনোৱেই সেইটো ধৰিব পৰা নাই।
ৰিমাৰ মন গ'ল সেই যুৱকজনৰ লগত কথা পাতিবলৈ। কিন্তু পাতিব কিদৰে?
বাথৰুমৰ ফালে গ'লে তাই তাক দুৱাৰখনৰ কাষত লগ পাব; কিন্তু সেইটো কৰিবলৈ তাইৰ ভয় লাগিল।
তাই নিজৰ ছিটতে বহি মনৰ ভিতৰতে কথাবোৰ পাগুলি থাকিল।
"ব'লছোন বাথৰুমৰ পৰা আহো।" তাইৰ বায়কে কোৱা কথাষাৰ শুনি তাই চক্ খাই উঠিল। বায়েকে বাৰু তাইৰ মনৰ কথা বুজি পালে নেকি?
"ব'ল আকৌ! কি ভাবি আছ?" বায়েকে কৈ ছীটৰ পৰা উঠিল।
তাই বায়েকৰ পাছে-পাছে বাথৰুমৰ ফালে যাবলৈ ধৰিলে।
তাইৰ বুকুৰ মাজৰ ধুমুহাই এতিয়া বৰদৈচিলাৰ ৰূপ লৈছিল।
বাথৰুমৰ কাষৰ খালিঠাইটুকুৰাত চাৰিজন জোৱান ৰৈ আছিল। তাৰে এজন সেই যুৱকজন।
তাক দেখি ৰিমাই মূৰ তল কৰিলে আৰু লাহেকৈ বাওঁফালৰ বাথৰুমটোত সোমালে। তাইৰ হৃদস্পন্দনে তেতিয়া ছাগে বিশ্ব ৰেকৰ্ড কৰিছে।
ভিতৰত কিছু সময় থাকি তাই উলাই আহিল। বায়েক তেতিয়াও উলাই অহা নাই।
বাহিৰত তেতিয়া সেই যুৱকজনক লগৰকেইজনে জোকাই আছিল।
"নামটো কি সোধ", কোনোবা এজনে কোৱা তাই শুনিলে।
তাইৰ বুকুত ঢেকিৰ চাব এটা পৰা যেন লাগিল।
সেই মুহূৰ্ত্ততে বায়েক উলাই আহিল আৰু তাইক হাতত ধৰি ভিতৰৰ ফালে লৈ গ'ল।
তাইৰ পুনৰ আহি নিজৰ ছীটত বহিলেহি।
তাইক নামটো সোধা হ'লে বাৰু তাই কি কৰিলেহেতেন? ক'লেহেতেন নে? নে তাই মনে-মনে থাকিলহেতেন?
তাই ধৰিব নোৱাৰিলে।
অলপ পাছত ট্ৰেইনখন এটা স্টেচনত ৰখালে। চাহ, চানা, আদি বিক্ৰি কৰা মানুহবোৰ ভিতৰলৈ সোমাই আহিল।
সেই কোলাহলৰ মাজত তাই দেখিলে যে সেই যুৱকজন প্লেটফৰ্মৰ এটা চুকত ৰৈ তাইলৈ চাই আছে। তাৰ লগৰকেইজন তেতিয়া তাৰ লগত নাই।
তায়ো তাৰ ফালে চাই থাকিল।
একো নোকোৱাকৈ দুয়ো যেন বহু কথা পাতিলে!
ৰেলখনে অলপ পাছত পুনৰ যাত্ৰা আৰম্ভ কৰিলে।
ৰিমাই পুনৰ মূৰটো বাহিৰলৈ উলিয়ালে।
"কি কৰিছ তই? মূৰটো ভিতৰলৈ আন।" মাকৰ মাতত তাইৰ সম্বিত ঘূৰি আহিল।
"খিৰিকিৰে মূৰ নুলিয়াবলৈ তোক কৈছিলো নে নাই?" মাকে খঙেৰে ক'লে।
তাই মনে-মনে থাকিল।
"তাই অথনিৰে পৰা এনেকৈয়ে আহি আছে। তুমি শুই আছিলা কাৰণে নেদেখিলা।" বায়েকে মোবাইলৰ পৰা মূৰ নুতুলাকৈ ক'লে।
"তই মাজলৈ আহ। মই সেইটুকুৰাত বহিম।" মাকে কৈ উঠিল।
"নালাগে। আকৌ মূৰ নুলিয়াও বাৰু।" তাই সেইবুলি কৈ বাহিৰলৈ চাবলৈ ধৰিলে।
তাইৰ কান্দিবলৈ মন গ'ল। কিন্তু কিয় সেইটোহে তাই ধৰিব নোৱাৰিলে - সেই অচিনাকী যুৱকজনক তাই চাব নোৱাৰিব সেই দুঃখত নে সি যে তাইক চাব নোৱাৰিব সেই দুঃখত!
ৰেলখন গৈ থাকিল। তাহাঁতৰ লক্ষ্যস্থানলৈ আৰু বেছি দেৰি নাই।
ৰিমা অধৈৰ্য হৈ পৰিল। সেই যুৱকজনক এবাৰ চাবলৈ মন গ'ল, তাৰ নামটো জানিবলৈ মন গ'ল, তাৰ ঘৰ কত সুধিবলৈ মন গ'ল।
অলপ পাছত তাই দেখিলে যে সেই জোৱানকেইজন তাহাঁতৰ ডবাৰ মাজেৰে পাৰ হৈ গৈছে। সি একেবাৰে পাছত। তাইৰ ফালে আঁৰ চকুৰে চাই সি পাৰ হৈ গ'ল।
ৰিমাই বাহিৰত একো প্ৰতিক্ৰিয়া নেদেখুৱালে কিন্তু ভিতৰত তাইৰ হৃদয়খন আৱেগেৰে তিতি জুৰুলী-জুপুৰী হৈ আছিল।
কিছু সময়ৰ পাছত ৰেলখন লামডিং পালেহি। তাহাঁতি নামিব ধৰিলে।
ৰিমাৰ চকুযুৰিয়ে তেতিয়া সেই যুৱকজনক বিছাৰি ফুৰিছিল।
নাই, তাই তাক দেখা নাই!
তাহাঁতি প্লেটফৰ্মত নামি বাহিৰৰ ফালে খোজকাঢ়ি যাব ধৰিলে আৰু সেই সময়তে তাই তাক দেখিলে।
আন এটা ডবাৰ দুৱাৰত থিয় সি তাইৰ ফালে চাই আছে।
তাৰ দুচকুত চকুপানী তাই স্পষ্টকৈ দেখা পালে।
অপলক নেত্ৰৰে তাইৰ ফালে চাই, নিৰৱে সি কান্দি আছিল।
ৰিমাৰ সেই মুহূৰ্ত্তত চিঞৰি-চিঞৰি কান্দিবলৈ মন গ'ল। কিন্তু সেইটো তাই কৰিব নোৱাৰে। মাক-দেউতাক, বায়েক-ভায়েক, সকলো আছে তাইৰ কাষত।
দুঃখৰ বেদনাখিনি বুকুতে সাবতি তাই তাৰ ফালে চাই-চাই ক্ৰমান্বয়ে স্টেচনৰ বাহিৰলৈ খোজ দিলে।
সিক্ত নয়নেৰে তাইক বিদায় দি সেই যুৱকজন ৰেলখনৰ সৈতে গুছি গ'ল।
তাই তাক আৰু কেতিয়াও দেখা নাপালে।
**************
Comments
Post a Comment