Skip to main content

Posts

Showing posts from April, 2024

প্ৰাপ্তি-অপ্ৰাপ্তিৰ ভাষা

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটি সৰু ৰাস্তা। ৰাস্তাটোৰে নামি গ’লে সোঁফালে এটা পুখুৰী, বাঁওফালে এখন সৰু দোকান। পুখুৰীটোৰ লগতে এটি ঘৰ, দোকানখনৰ কাষতে এখন স্কুল। পুখুৰীটোৰ পাৰতে এজোপা গুলঞ্চ ফুলৰ গছ; তাৰ তলতে বাঁহেৰে নিৰ্মিত এখন বেঞ্চ। ৰুটি-ঘুগুনি খাবলৈ দোকানখনলৈ অহা স্কুলৰ ল’ৰাবোৰ প্ৰায়েই এই বেঞ্চখনতে বহে।  ********* যোৱা কিছুদিনৰ পৰা এই বেঞ্চখনত যুবক-যুবতী এহালক দেখা পোৱা গৈছে। স্কুলখন বৰ্তমান বন্ধ।  ল’ৰা-ছোৱালীবোৰ নাই বাবে দোকানখনো প্ৰায় বন্ধ হৈ থাকে। এই বেঞ্চখনত এতিয়া সেই যুুবক আৰু যুবতীক বহি থকা দেখা যায়। দুয়ো ন-বিবাহিত। যুবকজন বাছত উঠি কামলৈ যায়, যুবতীগৰাকী আগবঢ়াবলৈ আহে। বাছখন অহা লৈকে দুয়ো তাত বহি কথা পাতে। কি কথা পাতে সেয়া জনাৰ উপায় নাই। সেই কথোপকথনৰ সাক্ষী কেৱল সেই বেঞ্চখন আৰু গুলঞ্চ ফুলৰ গছজোপা। ******** পুখুৰীৰ পাৰৰ ঘৰটোতো এজনী ছোৱালী থাকে। খিৰিকীখনৰ কাষতে বহি কিবা লিখি থকা দেখা যায় তাইক। কেতিয়াবা খিৰিকীৰে বাহিৰৰ পৃথিৱীখন পৰ্যবেক্ষন কৰে তাই। বহী এখনৰ পাতত খোদিত হয় তাইৰ অনুভৱবোৰ।  ******** “দুদিনমান মেঘালয়ত ফুৰি আহোগৈ ব’লা।” বেঞ্চখনত বহি-বহি যুবকজনে ক’লে। যুবতীগৰাকীয়ে মু...

অশান্ত, প্ৰাণান্ত, জীৱন্ত

 বতৰটো গোমা। আকাশত ডাৱৰৰ স্পষ্ট আভাস। কেইঘণ্টামানৰ পাছত বৰষুণ দিয়াৰ সম্ভাৱনা। চোতালখন সাৰি থকাৰ মাজতে জবাই আকাশৰ ফালে চাই আছিল। বতৰটোৰ দৰেই তাইৰ মনো বৰ এটা ফৰকাল নহয়। বহু কিছু চিন্তাই তাইৰ মনত বাহৰ পাতি আছিল। “ঐ জবা! ভোট দিবলৈ যাবিনে?” কাষৰ ঘৰৰ পৰা ৰমলাই মাত দিলে। জবাই কি উত্তৰ দিব ভাবিব নোৱাৰি মনে-মনে থাকিল। “কি ভাবি আছ? যাবি যদি ক’; মোৰ মানুহটো ভোট দিবলৈ গৈছে, সি উভতি আহিলে আমি যাব পাৰিম।” ৰমলাই পুনৰ কলে। “যাম বাৰু” জবাই ক’লে আৰু লাহেকৈ ঘৰৰ ভিতৰলৈ খোজ দিলে। ৰমলাৰ কথাষাৰে জবাক বেজিৰ দৰে বিন্ধিলে। ‘মোৰ মানুহটো’ - জবাৰ যে মানুহটো নাই! কিমাননো দিন হৈছিল বিয়াৰ - সাত মাহ - সাত মাহতে বিধৱা হ’ল তাই! ****** সৰুতে মাক-দেউতাকক হেৰুৱা জবা ডাঙৰ-দীঘল হৈছিল মোমায়েকৰ ঘৰত। মোমায়েকে তাইক মৰম কৰিছিল যদিও মামীয়েকৰ বাবে তাই আছিল এক জঞ্জাল। হায়াৰ ছেকেণ্ডৰী পৰীক্ষা পাছ কৰাৰ পাছৰে পৰা তাইৰ বাবে দৰা চোৱা আৰম্ভ কৰিছিল মামীয়েকে। আৰু এদিন তেনেকৈয়ে তাইৰ বিয়া হৈ গৈছিল যতীনৰ সৈতে। কাষৰে এখন ব্যক্তিগত চিকিৎসালয়ৰ তৃতীয় বৰ্গৰ চাকৰিয়াল আছিল যতীন। চিকিৎসালয়ৰ কাষতে সৰু ঘৰ এটাত থাকিছিল সি। তাৰ মাক-দেউতাক থাকিছিল গাওঁ...