ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটি সৰু ৰাস্তা। ৰাস্তাটোৰে নামি গ’লে সোঁফালে এটা পুখুৰী, বাঁওফালে এখন সৰু দোকান। পুখুৰীটোৰ লগতে এটি ঘৰ, দোকানখনৰ কাষতে এখন স্কুল। পুখুৰীটোৰ পাৰতে এজোপা গুলঞ্চ ফুলৰ গছ; তাৰ তলতে বাঁহেৰে নিৰ্মিত এখন বেঞ্চ। ৰুটি-ঘুগুনি খাবলৈ দোকানখনলৈ অহা স্কুলৰ ল’ৰাবোৰ প্ৰায়েই এই বেঞ্চখনতে বহে। ********* যোৱা কিছুদিনৰ পৰা এই বেঞ্চখনত যুবক-যুবতী এহালক দেখা পোৱা গৈছে। স্কুলখন বৰ্তমান বন্ধ। ল’ৰা-ছোৱালীবোৰ নাই বাবে দোকানখনো প্ৰায় বন্ধ হৈ থাকে। এই বেঞ্চখনত এতিয়া সেই যুুবক আৰু যুবতীক বহি থকা দেখা যায়। দুয়ো ন-বিবাহিত। যুবকজন বাছত উঠি কামলৈ যায়, যুবতীগৰাকী আগবঢ়াবলৈ আহে। বাছখন অহা লৈকে দুয়ো তাত বহি কথা পাতে। কি কথা পাতে সেয়া জনাৰ উপায় নাই। সেই কথোপকথনৰ সাক্ষী কেৱল সেই বেঞ্চখন আৰু গুলঞ্চ ফুলৰ গছজোপা। ******** পুখুৰীৰ পাৰৰ ঘৰটোতো এজনী ছোৱালী থাকে। খিৰিকীখনৰ কাষতে বহি কিবা লিখি থকা দেখা যায় তাইক। কেতিয়াবা খিৰিকীৰে বাহিৰৰ পৃথিৱীখন পৰ্যবেক্ষন কৰে তাই। বহী এখনৰ পাতত খোদিত হয় তাইৰ অনুভৱবোৰ। ******** “দুদিনমান মেঘালয়ত ফুৰি আহোগৈ ব’লা।” বেঞ্চখনত বহি-বহি যুবকজনে ক’লে। যুবতীগৰাকীয়ে মু...