Skip to main content

মইজনী আজিও জীয়াই আছো

"আমাৰ মনটো বৰ অদ্ভুত নহয়নে! কেতিয়াবা এনে কিছুমান কথা মনত পেলাই দিয়ে, যি আমাৰ স্মৃতি গহ্বৰৰ ভিতৰত বছৰ-বছৰ ধৰি লুকাই আছিল।"


অন্তৰাই চাহৰ কাপতো হাতেৰে ঘূৰাই-ঘূৰাই কৈ উঠিল।


তাইৰ বান্ধবী ৰেখা আৰু বিদিশাই প্ৰশ্নবোধক দৃষ্টিৰে তাইৰ ফালে চালে। 


"এইমাত্ৰ আমাৰ কাষেৰে যে মানুহ এজন পাৰ হৈ গ'ল, তেওঁক দেখি মোৰ মনটোৱে প্ৰায় ৩০ বছৰ আগৰ কথা এটা মনত পেলাই দিলে।" 


"কি কথা?" ৰেখাই সুধিলে।


"মই তেতিয়া নৱম শ্ৰেণীত। মা-দেউতাৰ লগত দিল্লীলৈ গৈছিলো। তাত এদিন আমি হোটেল এখনৰ বাহিৰত ল'নত বহি কিবা খাই আছিলো। সেই সময়তে এজন মানুহ আহি আমাৰ কাষৰ টেবুল এখনত বহিলেহি। অতি সুন্দৰ-সুঠাম পুৰুষ আছিল সেইজন। চিগাৰেট এটা মুখত লৈ তেওঁ আলোচনী এখন পঢ়ি আছিল। কিয় জানো মোৰ তেওঁলৈ চাই থাকিবৰ মন গৈছিল। তেওঁৰ পৰা চকু আঁতৰাব পৰা নাছিলো মই। আমাৰ খোৱা হোৱাৰ পাছত যেতিয়া আমি হোটেলখনৰ পৰা উলাই আহিছিলো, তেতিয়া মোৰ খুব বেয়া লাগিছিল। সেই মানুহজনক মই আৰু কেতিয়াও নেদেখিলো কিন্তু আজিও মোৰ তেওঁৰ চেহেৰাটো মনত আছে।" 


"তাৰমানে সেই মানুহজন তোৰ প্ৰথম প্ৰেম আছিল!" বিদিশাই হাঁহি-হাঁহি ক'লে।


"নহয়। সেয়া প্ৰেম নাছিল; সেয়া আছিল কিবা এক অনামি, অচিনাকী আকৰ্ষণ। তাক প্ৰেমৰ সংজ্ঞা দিব পৰা নেযায়।"


"ৰাজীৱ আছিল তোৰ প্ৰথম প্ৰেম, নহয় জানো?" ৰেখাই সুধিলে।


"ৰাজীৱ নহয়। স্কুলত আমাৰ ক্লাছত ল'ৰা এটা আছিল; নন্দন আছিল তাৰ নাম। পঢ়া-শুনাত চোকা, শান্ত-শিষ্ট ল'ৰা আছিল সি। খুব কম কথা কৈছিল কিন্তু যেতিয়াই তাৰ লগত কথা পাতিছিলো মোৰ মনৰ কৰবাত যেন পুলক এটা জাগি উঠিছিল। হৃদয়ৰ এটি কোণত সি থিতাপি লৈছিলহি। কিন্তু তাক কোনোদিন কব নোৱাৰিলো কথাষাৰ; সিও কেতিয়াও মোৰ প্ৰতি একো ধাউতি নেদেখুৱালে। মেট্ৰিক পৰীক্ষাৰ পাছৰ পৰা আমাৰ পঢ়া ঠাইবোৰ সলনি হ'ল। তাক লগ নাপালো আৰু কেতিয়াও।" 


"তাৰ পাছত তই ৰাজীৱক লগ পালি কলেজত?"


"অ', কলেজৰ প্ৰথম দিনকেইটাৰ পৰাই আমি কাষ চাপি আহিছিলো। মোৰ প্ৰেমক পূৰ্ণতা ৰাজীৱেই দিছিল।"


কথাষাৰ কৈ অন্তৰা ৰৈ দিলে।


চকুকেইটা যেন অলপ সেমেকি উঠিল।


ৰেখাই লাহেকৈ তাইৰ হাতখন সাবটি ধৰিলে। তাই জানে অন্তৰাই কি ভাবিছে।


অন্তৰা আৰু ৰাজীৱৰ এখন সুখৰ সংসাৰ আছিল। পৰী নামৰ এজনী মৰমলগা ছোৱালী আছিল।


কিন্তু নিয়তিৰ কি পৰিহাস!


বিয়া এখনৰ পৰা আহি থাকোতে, দুৰ্ঘটনা এটাত ৰাজীৱ, পৰী আৰু তাইৰ শাহু-শহুৰ, সকলোৰে মৃত্যু হ'ল। 


অন্তৰাৰ সপোনৰ সংসাৰখন এদিনতে ভাঙি থানবান হ'ল।


কিন্তু থানবান নহ'ল অন্তৰাৰ মনোবল।


আজি তাই সমগ্ৰ দেশতে পৰিচিত এগৰাকী আগশাৰীৰ চিত্ৰকৰ। দেশে-বিদেশে তাইৰ চিত্ৰৰ প্ৰৰ্দশনী পতা হয়।


কিন্তু তাই জানো সুখী?


সেই কথা ৰেখা আৰু বিদিশাই সুধিম বুলিও কোনো দিনে সোধা নাই।


"মই জানো তহঁতে কি ভাবিছ।" অন্তৰাই দুয়োজনীৰ ফালে চাই ক'লে।


সিহঁতি অন্তৰাৰ মুখলৈ চাই থাকিল।


"তহঁতি জানিব বিচাৰ' যে সাংস্কৃতিক জগতখনত ইমান সম্মান পোৱাৰ পাছতো মই আজি সুখীনে।"


ৰেখাই লাহেকৈ মূৰ দুপিয়ালে।


"যেতিয়া সেই দুৰ্ঘটনাটো ঘটিছিল, তাৰ কেইদিনমান পাছলৈকে মোৰ হিতাহিত জ্ঞান নাছিল। জীৱনটো আগলৈ কেনেকৈ আগুৱাই নিওঁ মই ভাবিব পৰা নাছিলো। সম্মুখত কেৱল অন্ধকাৰ দেখা পাইছিলো মই। আৰু তেনে এটি দিনতে মই পৰীৰ কিতাপ-বহীৰ মাজত ৰঙৰ পেঞ্চিল এডাল পাইছিলো।"


"তহঁতি জান' আগতে মই কিমান অঁকা-মেলা কৰিছিলো। বিয়াৰ পাছত সকলো বাদ পৰিছিল। কিন্তু সেইদিনা পৰীৰ সেই ৰঙৰ পেঞ্চিলডাল পোৱাৰ পাছত, মোৰ মনত আশাৰ এক ৰেঙণী দেখা পালো। সেইডালে যেন মোক জীয়াৰ থকাৰ প্ৰেৰণা দিলে। মই আৰ্টৰ কৰ্ছ এটা কৰিলো আৰু লগতে মোৰ মনৰ সকলো ভা‍ৱনাবোৰ তুলিকাত ৰঙেৰে তুলি ধৰিবলৈ ধৰিলো। আজি মই যি ঠাইত উপস্থিত হৈছোহি তাৰ মূল অৱদান পৰীৰ সেই পেঞ্চিলডাল।"


অন্তৰাই আৰু কিবা ক'ব খুজিছিলে কিন্তু সেই সময়তে যুৱতী দুগৰাকী আহি তাইক মাত লগালেহি।


"বাইদেউ, আমি চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ ছাত্ৰী। আমি তাত ‘বেচ্চেলৰ অৱ ফাইন আৰ্টচ’ ডিগ্ৰী কৰি আছো। আপোনাৰ চিত্ৰকলাৰ আমি গুনমুগ্ধ; আপুনি অঁকা ছবি চাই আমি বহু কিছু শিকিব পাৰিছো।"


অন্তৰাই যুৱতীকেইগৰাকীৰ ফালে চালে। নিজৰেই যেন যৌবনৰ দিনকেইতা মনত পৰি গ'ল তাইৰ। 


গুৱাহাটীত অৱস্থিত চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়, সুকুমাৰ কলা বিষয়ক শিক্ষা প্ৰদান কৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী মহাবিদ্যালয়। শিল্পী জীৱেশ্বৰ বৰুৱায়ে স্থাপন কৰা এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। অন্তৰাই বহুবাৰ এই মহাবিদ্যালয়খনত নিমন্ত্ৰিত অতিথি হিচাপে গৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিছে। 


"আপোনাৰ সৈতে ফটো এখন তুলিব পাৰিমনে?" যুৱতী এগৰাকীয়ে ক'লে।


অন্তৰাই সম্মতি জনালে। ফটো দুখন তুলি যুৱতীকেইগৰাকী গ'লগৈ। 


"তোৰ অনুৰাগী যথেষ্ট আছে কিন্তু দেই! আমি তোক লৈ সঁচাকৈয়ে গৌৰৱবোধ কৰো।" বিদিশাই কৈ উঠিল। 


অন্তৰাই মৃদুকৈ হাঁহিলে।


কিছু সময় অলপ নিৰৱতাৰ পৰা পাছত অন্তৰাই পুনৰ ক'বলৈ ধৰিলে।


"তহঁতে জানিব বিছাৰিছিলি মই আজি সুখীনে? হয়, মই সুখী। ৰাজীৱ, পৰী, মা-দেউতাৰ অনুপস্থিতি অনুভৱ হয় মাজে-মাজে, কিন্তু মই জানো এক অজান ঠাইৰ পৰা সিহঁত সকলোৱে মোক চাই আছে আৰু মোক প্ৰেৰণা প্ৰদান কৰি আছে।"


"বহুতে ভাবে যে গিৰিয়েক বা সন্তানৰ মৃত্যুৰ পাছত এগৰাগী নাৰী অসহায় অবলা হৈ পৰে। পিছে সেইটো ভূল ধাৰণা। পত্নী বা মাতৃ হোৱাৰ বাহিৰেও এগৰাকী নাৰীৰ নিজৰ এক পৰিচয় থাকে, এক নিজস্ব সত্তা থাকে। সেই সত্তাটোক, নিজৰ মাজৰ সেই 'মই'জনীক,চিনিপোৱাতো প্ৰতিগৰাকী নাৰীৰ বাবে দৰকাৰী।"


"মই নিজকে বিছাৰি পালো আৰু সেয়ে জীৱনৰ প্ৰতিটো প্ৰতিঘাটৰ মাজেৰেও, এই ৰং-তুলিকাৰ মাজেৰে, মইজনী আজিও জীয়াই আছো।"

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...