জীৱন নদীৰ প্ৰেমৰ ঘাট
"এই ঠাইতে হেনো ঊষাই অনিৰূদ্ধক প্ৰপ'জ কৰিছিল!" সি হাঁহি-হাঁহি ক'লে।
"কি যে অদ্ভুত কথাবোৰ কৈ থাকা তুমি!" তাই চকু পকাই কৈ উঠিল।
"আৰে! সচাঁকৈ কৈছো। বিশ্বাস নাই হোৱা যদি সুধি লোৱা।"
"কাক সুধিম?"
"ঊষা বা অনিৰূদ্ধক"
"তুমি এটা পাগল!"
"তোমাৰ প্ৰেমেহে পাগল কৰিলে আচলতে মোক।"
"হব' দিয়া, লেৰেলা সাদৰ দেখুৱাব নালাগে এতিয়া। যাওগৈ ব'লা, সন্ধিয়া হ'বৰে হ'ল।"
"আৰু অলপ দেৰি থাকা! অগ্নিগড়ৰ ওপৰৰ পৰা সূৰ্যটো বিশাল ব্ৰহ্মপুত্ৰৰ মাজত বিলিন হোৱা দেখিছা জানো তুমি?" সি আকুল কন্ঠেৰে ক'লে।
তাই তাৰ ফালে চালে। তাৰ চকুত মাজত তাইৰ হেৰাই যাবলৈ মন গল।
তাই লাহেকৈ তাৰ কান্ধত মুৰটো থৈ তাক সুধিলে, "আমি বিয়া কেতিয়া পাতিম?"
"চাকৰিটো হৈ ল'বলৈ দিয়া। তাৰ পাচত কইনা সজাই তোমাক ঘৰলৈ লৈ যাম।"
চকুত অনাগত ভৱিষ্যতৰ ৰঙীণ সপোন সামৰি তাই আগলৈ চাই থাকিল।
সম্মুখত তেতিয়া বেলিৰ হেঙুলীয়া আভাই অগ্নিগড়ত শোনিতৰ ৰঙেৰে মায়াজাল গুঠিছিল।
******
"এই ঠাইতে হেনো কৃষ্ণই ৰাধাক প্ৰপজ কৰিছিল!"
"এই অদ্ভুত কথাবোৰ কোৱা তুমি কেতিয়া বাদ দিবা বাৰু!"
"মোক বিয়া কৰাইছা যেতিয়া আজীৱন এই কথাবোৰ শুনিব লাগিব তুমি।"
বৃন্দাবনৰ ৰাধা দামোদৰ মন্দিৰত তেতিয়া ভক্তসকল কৃষ্ণ বন্দনাত ব্যস্ত।
তাহাঁত দুয়োতাৰ মুখ-চুপতি শুনিবলৈ কাৰো সময় নাই।
"বৃন্দাবনলৈ আহি নিজকে কৃষ্ণ বুলি নাভাবিবা আকৌ তুমি।"
"মই কৃষ্ণ নহ'লেও, তুমি কিন্তু সদায়েই মোৰ ৰাধা।"
******
"এই ঠাইতে হেনো জংকিয়ে পানৈক প্ৰপজ কৰিছিল!"
"তুমিয়েও যে আৰু! ৰিয়াই শুনিলে কি বুলি ভাবিব।"
"কি বুলি ভাবিব! ভাবিব যে তাইৰ দেউতাক আজিও ৰোমান্তিক আৰু মাকজনী একেবাৰে নিৰস।"
"হ'ব দিয়া। মনে-মনে থাকা এতিয়া।"
"ঘূনাসুঁতিৰ পাৰত বহি যদি আমি জংকি-পানৈৰ কথাই নাপাতো, তেনেহ'লে ইয়ালৈ আহি কি লাভ!"
কথাখিনি কৈ সি আগলৈ চালে।
সম্মুখত সেয়া ব্ৰহ্মপুত্ৰ।
সহস্ৰ বছৰ ধৰি অসমৰ বুকুৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ।
অসমবাসীৰ সুখ-দুঃখৰ লগৰী ব্ৰহ্মপুত্ৰ।
এই ব্ৰহ্মপুত্ৰৰ পাৰতেই ডাঙৰ-দীঘল হৈ সি এতিয়া এজনী কলেজীয়া ছোৱালীৰ বাপেক হ'লগৈ।
সময়বোৰ যেন পোহৰৰ বেগত আগুৱাই গৈছে।
******
"এই ঠাইতেই হেনো জুলিয়াছ চিজাৰে ক্লিয়পেট্ৰাক প্ৰপজ কৰিছিল!"
"হেই, মনে-মনে থাকা! ৰিয়াৰ শাহু-শহুৰে শুনিলে কি বুলি ভাবিব।"
"তাহাঁতি অসমীয়া বুজি নাপায় নহয়।"
"তথাপিও তুমি এইবোৰ আবোল-তাবোল বলকি নাথাকিবা। আমি এতিয়া আমাৰ দেশত নাই। আমি জোঁৱাইৰ ঘৰৰ আলহি এতিয়া।"
"তুমি বাৰু কেতিয়াবা ভাবিছিলা নে যে তোমাৰ ছোৱালীয়ে ইটালিৰ ল'ৰা এটা বিয়া কৰাব বুলি?"
"ভবা নাছিলো কিন্তু মই জানিছিলো যে তাই কেতিয়াও বেয়া ল'ৰা এটা পছন্দ নকৰে বুলি।"
আমেৰিকাত গৱেষণা কৰিবলৈ গৈ যেতিয়া ৰিয়াই তাহাঁতক জনাইছিল ইটালিৰ ৰবাৰ্টোৰ কথা, সিহঁতি তাইৰ পছন্দক সম্মান জনাই বিয়াৰ বাবে সম্মতি দিছিল।
এতিয়া ৰোমৰ ৰাস্তাই ঘাটে ঘুৰি তাহাঁতি বিছাৰি আছিল ছিজাৰ-ক্লিয়পেট্ৰাৰ সেই প্ৰাচীন ৰোমান ইতিহাস।
******
"এই ঠাইতেই হেনো অৰিন্দমে অৰ্চণাক প্ৰপজ কৰিছিল!"
"কোন অৰিন্দম? কোন অৰ্চণা?"
"মোক যে অলপ আগতে চাই গ'ল, সেই ডাক্তৰজন আকৌ। অৰ্চনা তেওঁৰ পত্নীৰ নাম।"
"তুমি এতিয়াও এই অযথা কথাবোৰ কোৱা এৰা নাই। হস্পিটালৰ বিচনাত পৰি থাকি এইবোৰ কথা কৈ নেকি বাৰু কোনোবাই।"
"হস্পিতালত আছো বুলিয়েই কথা নক'ম নেকি বাৰু। পিছে ৰিয়াই ফোন কৰিছিল নেকি আকৌ?"
"তাহাঁতি এয়াৰপোৰ্টৰ পৰা ফোন কৰিছিল। এতিয়ালৈকে প্লেনত উঠিলে ছাগে।"
"নাতিনীজনীক চাবলৈ যে ইমান মন গৈছে।"
"তাহাঁতি কালিলৈ ৰাতিপুৱা পাবহি। তুমি শুই থাকা এতিয়া। ডাক্তৰে তোমাক বেছি কথা ক'বলৈ মানা কৰিছে।"
******
"এই ঠাইতেই তোৰ দেউতাই মোক প্ৰপজ কৰিছিল।"
চকুৰ পানীৰে তিতি থকা দুচকুৰে তাই আগলৈ আঙুলিয়াই ক'লে।
সম্মুখত সেয়া ব্ৰহ্মপুত্ৰ।
সহস্ৰজনৰ প্ৰেমৰ কাহিনী নিজৰ বুকুত লৈ নিৰৱে বৈ থকা ব্ৰহ্মপুত্ৰ।
এক আজীৱন প্ৰেমিকৰ মৃত্যুত কান্দি থকা এই ব্ৰহ্মপুত্ৰ।
******
Comments
Post a Comment