Skip to main content

জীৱন নদীৰ প্ৰেমৰ ঘাট

 "এই ঠাইতে হেনো ঊষাই অনিৰূদ্ধক প্ৰপ'জ কৰিছিল!" সি হাঁহি-হাঁহি ক'লে। 

"কি যে অদ্ভুত কথাবোৰ কৈ থাকা তুমি!" তাই চকু পকাই কৈ উঠিল।

"আৰে! সচাঁকৈ কৈছো। বিশ্বাস নাই হোৱা যদি সুধি লোৱা।"

"কাক সুধিম?"

"ঊষা বা অনিৰূদ্ধক"

"তুমি এটা পাগল!"

"তোমাৰ প্ৰেমেহে পাগল কৰিলে আচলতে মোক।"

"হব' দিয়া, লেৰেলা সাদৰ দেখুৱাব নালাগে এতিয়া। যাওগৈ ব'লা, সন্ধিয়া হ'বৰে হ'ল।"

"আৰু অলপ দেৰি থাকা! অগ্নিগড়ৰ ওপৰৰ পৰা সূৰ্যটো বিশাল ব্ৰহ্মপুত্ৰৰ মাজত বিলিন হোৱা দেখিছা জানো তুমি?" সি আকুল কন্ঠেৰে ক'লে।

তাই তাৰ ফালে চালে। তাৰ চকুত মাজত তাইৰ হেৰাই যাবলৈ মন গল।

তাই লাহেকৈ তাৰ কান্ধত মুৰটো থৈ তাক সুধিলে, "আমি বিয়া কেতিয়া পাতিম?"

"চাকৰিটো হৈ ল'বলৈ দিয়া। তাৰ পাচত কইনা সজাই তোমাক ঘৰলৈ লৈ যাম।"

চকুত অনাগত ভৱিষ্যতৰ ৰঙীণ সপোন সামৰি তাই আগলৈ চাই থাকিল।

সম্মুখত তেতিয়া বেলিৰ হেঙুলীয়া আভাই অগ্নিগড়ত শোনিতৰ ৰঙেৰে মায়াজাল গুঠিছিল।

******

"এই ঠাইতে হেনো কৃষ্ণই ৰাধাক প্ৰপজ কৰিছিল!"

"এই অদ্ভুত কথাবোৰ কোৱা তুমি কেতিয়া বাদ দিবা বাৰু!"

"মোক বিয়া কৰাইছা যেতিয়া আজীৱন এই কথাবোৰ শুনিব লাগিব তুমি।"

বৃন্দাবনৰ ৰাধা দামোদৰ মন্দিৰত তেতিয়া ভক্তসকল কৃষ্ণ বন্দনাত ব্যস্ত। 

তাহাঁত দুয়োতাৰ মুখ-চুপতি শুনিবলৈ কাৰো সময় নাই।

"বৃন্দাবনলৈ আহি নিজকে কৃষ্ণ বুলি নাভাবিবা আকৌ তুমি।"

"মই কৃষ্ণ নহ'লেও, তুমি কিন্তু সদায়েই মোৰ ৰাধা।"

******

"এই ঠাইতে হেনো জংকিয়ে পানৈক প্ৰপজ কৰিছিল!"

"তুমিয়েও যে আৰু! ৰিয়াই শুনিলে কি বুলি ভাবিব।"

"কি বুলি ভাবিব! ভাবিব যে তাইৰ দেউতাক আজিও ৰোমান্তিক আৰু মাকজনী একেবাৰে নিৰস।"

"হ'ব দিয়া। মনে-মনে থাকা এতিয়া।"

"ঘূনাসুঁতিৰ পাৰত বহি যদি আমি জংকি-পানৈৰ কথাই নাপাতো, তেনেহ'লে ইয়ালৈ আহি কি লাভ!" 

কথাখিনি কৈ সি আগলৈ চালে।

সম্মুখত সেয়া ব্ৰহ্মপুত্ৰ।

সহস্ৰ বছৰ ধৰি অসমৰ বুকুৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ।

অসমবাসীৰ সুখ-দুঃখৰ লগৰী ব্ৰহ্মপুত্ৰ।

এই ব্ৰহ্মপুত্ৰৰ পাৰতেই ডাঙৰ-দীঘল হৈ সি এতিয়া এজনী কলেজীয়া ছোৱালীৰ বাপেক হ'লগৈ।

সময়বোৰ যেন পোহৰৰ বেগত আগুৱাই গৈছে।

******

"এই ঠাইতেই হেনো জুলিয়াছ চিজাৰে ক্লিয়পেট্ৰাক প্ৰপজ কৰিছিল!"

"হেই, মনে-মনে থাকা! ৰিয়াৰ শাহু-শহুৰে শুনিলে কি বুলি ভাবিব।"

"তাহাঁতি অসমীয়া বুজি নাপায় নহয়।"

"তথাপিও তুমি এইবোৰ আবোল-তাবোল বলকি নাথাকিবা। আমি এতিয়া আমাৰ দেশত নাই। আমি জোঁৱাইৰ ঘৰৰ আলহি এতিয়া।"

"তুমি বাৰু কেতিয়াবা ভাবিছিলা নে যে তোমাৰ ছোৱালীয়ে ইটালিৰ ল'ৰা এটা বিয়া কৰাব বুলি?"

"ভবা নাছিলো কিন্তু মই জানিছিলো যে তাই কেতিয়াও বেয়া ল'ৰা এটা পছন্দ নকৰে বুলি।"

আমেৰিকাত গৱেষণা কৰিবলৈ গৈ যেতিয়া ৰিয়াই তাহাঁতক জনাইছিল ইটালিৰ ৰবাৰ্টোৰ কথা, সিহঁতি তাইৰ পছন্দক সম্মান জনাই বিয়াৰ বাবে সম্মতি দিছিল।

এতিয়া ৰোমৰ ৰাস্তাই ঘাটে ঘুৰি তাহাঁতি বিছাৰি আছিল ছিজাৰ-ক্লিয়পেট্ৰাৰ সেই প্ৰাচীন ৰোমান ইতিহাস।

******

"এই ঠাইতেই হেনো অৰিন্দমে অৰ্চণাক প্ৰপজ কৰিছিল!"

"কোন অৰিন্দম? কোন অৰ্চণা?"

"মোক যে অলপ আগতে চাই গ'ল, সেই ডাক্তৰজন আকৌ। অৰ্চনা তেওঁৰ পত্নীৰ নাম।"

"তুমি এতিয়াও এই অযথা কথাবোৰ কোৱা এৰা নাই। হস্পিটালৰ বিচনাত পৰি থাকি এইবোৰ কথা কৈ নেকি বাৰু কোনোবাই।"

"হস্পিতালত আছো বুলিয়েই কথা নক'ম নেকি বাৰু। পিছে ৰিয়াই ফোন কৰিছিল নেকি আকৌ?"

"তাহাঁতি এয়াৰপোৰ্টৰ পৰা ফোন কৰিছিল। এতিয়ালৈকে প্লেনত উঠিলে ছাগে।"

"নাতিনীজনীক চাবলৈ যে ইমান মন গৈছে।"

"তাহাঁতি কালিলৈ ৰাতিপুৱা পাবহি। তুমি শুই থাকা এতিয়া। ডাক্তৰে তোমাক বেছি কথা ক'বলৈ মানা কৰিছে।"

******

"এই ঠাইতেই তোৰ দেউতাই মোক প্ৰপজ কৰিছিল।"

চকুৰ পানীৰে তিতি থকা দুচকুৰে তাই আগলৈ আঙুলিয়াই ক'লে।

সম্মুখত সেয়া ব্ৰহ্মপুত্ৰ।

সহস্ৰজনৰ প্ৰেমৰ কাহিনী নিজৰ বুকুত লৈ নিৰৱে বৈ থকা ব্ৰহ্মপুত্ৰ।

এক আজীৱন প্ৰেমিকৰ মৃত্যুত কান্দি থকা এই ব্ৰহ্মপুত্ৰ।

******

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...