নাইট চুপাৰখন তেতিয়াও আহি পোৱা নাই। অবিনাশ আৰু শ্ৰেয়া বাছ আস্থানত অপেক্ষাৰত। “মই কি কৈছিলো মনত আছে নহয়?” শ্ৰেয়াই লাহেকৈ ক’লে অবিনাশক। সি মূৰ দুপিয়ালে। ‘আজি ৰাতি আমি তৰা চাই যাম দেই’ - এইষাৰ কথা কৈছিল তাই। কথাৰ সুৰত লুকাই আছিল এক অদ্ভুত উচ্ছ্বাস। অবিনাশে মৃদুকৈ হাঁহি সন্মতি দিছিল। সি জানিছিল, তাৰ দৰেই, শ্ৰেয়াই আকাশ, তৰা আৰু জোনাক ভাল পায়। আজি দুয়োৰে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ বাছেৰে যাত্ৰা। এখন নতুন ধৰণৰ বাছ - সম্পূৰ্ণভাৱে শ্লিপাৰ। তলত-ওপৰত দুয়োতে শুই যাব পাৰি। অলপ পাছত বাছখন পালেহি। সিহঁত উঠিল। দুয়োৰে স্থান তলৰ শ্লিপাৰত। যথেষ্ঠ আহল-বহল, ধুনীয়াকৈ বহি কথাও পাতি যাব পাৰি। অবিনাশ আৰু শ্ৰেয়া খিৰিকীখনৰ কাষতে বহি ল’লে। স্পষ্ট কাঁচৰ মাজেৰে বাহিৰখন প্ৰস্ফুটিত হৈ আছিল। বাছখন কিছু দেৰি পাছত চলিবলৈ ধৰিলে। খিৰিকীৰ বাহিৰত তেতিয়া সন্ধিয়া লাহে-লাহে নিশালৈ ঢাল খাইছিল। চাহ বাগিচাৰ লানি-লানি গছবোৰৰ ওপৰত নিয়ৰৰ এক মৃদু প্ৰলাপ পৰা আৰম্ভ কৰিছিল। বাছখনৰ ভিতৰৰ লাইটবোৰ বন্ধ কৰি দিয়াৰ লগে-লগে বাহিৰৰ এন্ধাৰ আৰু স্পষ্ট হৈ পৰিল - জিলিকি পৰিল নিশাৰ আকাশ, লগতে জিলিকি ...