আৰু একাপ চাহ খোৱা নহ'ল
"সেই গাড়ীবোৰলৈ চা; যেন ৰ'বলৈ সময় নাই। তীব্ৰ গতিত কেৱল আগুৱাই গৈ আছে।" সি কৈ উঠিল।
তাই মূৰটো ৰাস্তাৰ ফালে ঘূৰাই দিলে।
ৰাস্তাটোৰ কাষতে থকা ৰেষ্টুৰেণ্টখনত সিহঁত দুয়ো বহি আছিল।
সময় তেতিয়া সন্ধিয়া।
সূৰ্য ইতিমধ্যে পশ্চিম দিগন্তত অস্ত গৈছিল।
ষ্ট্ৰীট লাইটবোৰে এতিয়া চহৰখনলৈ নামি অহা অন্ধকাৰক পৰাস্ত কৰিবলৈ চেষ্টা চলাই আছিল।
"মই কি কৈ আছো তই শুনিছনে নাই?" তাই তালৈ চাই সুধিলে।
সি কিন্তু তেতিয়াও ৰাস্তাৰ ফালে চাই আছিল।
"কাৰোৰে ৰ'বলৈ সময় নাই। সকলোৱে যেন ধৰিব নোৱাৰা কিবা এটা খেদি ফুৰিছে।"
"মোৰ ফালে চা।" তাই অলপ উষ্মাৰে ক'লে।
সি তাইৰ ফালে মূখখন ঘুৰালে।
এটা মিঠা হাঁহিৰ সৈতে, তাইৰ চকুলৈ চাই ক'লে, "তোৰ কথা কোন দিনা নুশুনাকৈ আছো মই!"
তাই লাজত ৰঙা পৰিল।
"লাজ কৰিলে তোক বৰ ধুনীয়া লাগে।" সি তাইক জোকাবলৈ ক'লে।
"লেৰেলা সাদৰ দেখাব নালাগে। মনে-মনে থাক।" তাই মিছা খং এটা দেখুৱাই ক'লে।
কিছু সময় দুয়ো মৌন হৈ থাকিল।
ৱেইটাৰ এজনে আহি চাহ আৰু চিঙৰা দি থৈ গ'ল।
"বিয়াৰ বজাৰ কত কৰিবি পিছে?" চাহৰ কাপটোত চুমুক এটা দি সি সুধিলে।
চিঙৰাটো হাতত লোৱা অৱস্থাতে তাই ৰৈ গ'ল।
চকুপানীৰ টোপাল কেইটামান চকামকাকৈ তাইৰ চকুত ধৰা পৰিল।
তাই চিঙৰাটো পুনৰ প্লেটখনত থৈ দিলে।
"আৰে, এনেই শুধিলো আৰু কিবা এটা; তাতে তই ইমান আবেগিক হৈ যাব লাগেনে।" সি কথাটো পাতলাই দিবলৈ ক'লে।
তাই এইবাৰ নিজৰ বেগটো খুলিলে। ভিতৰৰ পৰা ৰুমাল এখন উলিয়াই, চকুকেইটা মোহাৰিলে।
সি তাইলৈ চাই থাকিল।
"মোক কন্দুৱাই খুব ভাল পাৱ ন' তই?" তাই ৰুমালখন পুনৰ বেগত ভৰাই কৈ উঠিল।
"বিয়াৰ বজাৰ কত কৰিবি বুলি শুধিলেই যে তই কান্দিবি মই কেনেকৈ জানিম।"
"কিডাল জান' তেনেহ'লে!" তাই কৈ পুনৰ কান্দিবলৈ ধৰিলে।
কাষৰ টেবুলত বহি থকা মানুহ দুজনে তাহাঁতৰ ফালে চাবলৈ ধৰিলে।
"কান্দিছ কিয়? আমি নিজৰ ইচ্ছামতে আমাৰ সম্বন্ধ বিচ্ছেদ কৰিছো। আৰু এতিয়া তোৰ বিয়াৰ বাবে মই সুখী। তোৰ হ'বলগীয়া গিৰিয়েৰ কিমান ভাল মই ইতিমধ্যে খবৰ কৰি গম পাইছোৱেই। সি তোক সম্পূৰ্ণ সুখত ৰাখিব; তয়ো সুখি থাকিবি তাৰ লগত।"
"আৰু তই?"
"মই? মোৰ কি?"
"তই জানো সুখত থাকিবি? মোৰ আনৰ লগত বিয়া হৈ গ'লে তই সুখত থাকিব পাৰিবি?"
"মই জাতি-কুল মিলাই, তোৰ নিছিনা এজনী বিছাৰি ল'ম", সি হাঁহি-হাঁহি ক'লে।
তাৰ কথাত এইবাৰ তায়ো হাঁহি উঠিল।
চাহ কাপত শেষ চুমুকটো মাৰি, সি তাইক ক'লে, "আৰু একাপ চাহ খাবি নেকি? আকৌ বা এনেকৈ লগ পামনে নাই।"
তাই নিজৰ ঘড়ীটোলৈ চালে।
"৭.৩০টা বাজিব হ'ল। হোষ্টেলৰ গেট মাৰি দিব। চাহ আৰু নেখাও দে।"
"থিক আছে।"
পইছা দি সিহঁত দুয়োতা বাহিৰলৈ আহি, তাইৰ হোষ্টেলৰ ফালে খোজ পেলাব ধৰিলে।
দুয়োৰে মূখত কোনো মাত নাই।
ক'বলৈ বহু কথা, কিন্তু ক'বহে পৰা নাই।
কালি তাইৰ দেউতাক আহিব।
তাইক গাঁৱৰ ঘৰলৈ লৈ যাবগৈ - একেবাৰে।
কেইমাহমানৰ পাছত তাইৰ বিয়া।
ক'বলৈ আৰু কি থাকিল?
থাকিল….বহুত কিবা-কিবি থাকিল….কিন্তু এতিয়া সেইবোৰ কৈ লাভ নাই।
সিহঁত দুয়োতাই জানে সেই কথা।
তাইৰ হোষ্টেলৰ গেটৰ কাষ পালেহি সিহঁতি।
"যা তেনেহ'লে", ছাঁ-পোহৰৰ মাজৰ ঠাইটুকুৰাত থিয় হৈ সি তাইক ক'লে।
"তোৰ অলপ হলেও বেয়া লাগিছে নাই বাৰু!" তাৰ ফালে চাই তাই ক'লে।
সি হাতদুখন মেলি দিলে।
তাই আগবাঢ়ি আহি শেষবাৰৰ বাবে তাৰ আলিঙ্গনত সোমাই পৰিল।
কেৱল কেইটামান ছেকেণ্ড - তাতেই যেন সিহঁতৰ দুবছৰীয়া সম্বন্ধৰ সমস্ত প্ৰেম সোমাই থাকিল।
তাই লাহেকৈ তাৰ আলিঙ্গনৰ পৰা ওলাই, হোষ্টেলৰ ফালে খোজ দিলে।
সি তাই যোৱা ফালে চাই থাকিল।
আৰু একাপ চাহ খোৱা আৰু কেতিয়াও হৈ নুঠিল।
******
Comments
Post a Comment