Skip to main content

আৰু একাপ চাহ খোৱা নহ'ল

"সেই গাড়ীবোৰলৈ চা; যেন ৰ'বলৈ সময় নাই। তীব্ৰ গতিত কেৱল আগুৱাই গৈ আছে।" সি কৈ উঠিল।


তাই মূৰটো ৰাস্তাৰ ফালে ঘূৰাই দিলে।


ৰাস্তাটোৰ কাষতে থকা ৰেষ্টুৰেণ্টখনত সিহঁত দুয়ো বহি আছিল।


সময় তেতিয়া সন্ধিয়া।


সূৰ্য ইতিমধ্যে পশ্চিম দিগন্তত অস্ত গৈছিল।


ষ্ট্ৰীট লাইটবোৰে এতিয়া চহৰখনলৈ নামি অহা অন্ধকাৰক পৰাস্ত কৰিবলৈ চেষ্টা চলাই আছিল।


"মই কি কৈ আছো তই শুনিছনে নাই?" তাই তালৈ চাই সুধিলে।


সি কিন্তু তেতিয়াও ৰাস্তাৰ ফালে চাই আছিল।


"কাৰোৰে ৰ'বলৈ সময় নাই। সকলোৱে যেন ধৰিব নোৱাৰা কিবা এটা খেদি ফুৰিছে।"


"মোৰ ফালে চা।" তাই অলপ উষ্মাৰে ক'লে।


সি তাইৰ ফালে মূখখন ঘুৰালে।


এটা মিঠা হাঁহিৰ সৈতে, তাইৰ চকুলৈ চাই ক'লে, "তোৰ কথা কোন দিনা নুশুনাকৈ আছো মই!"


তাই লাজত ৰঙা পৰিল।


"লাজ কৰিলে তোক বৰ ধুনীয়া লাগে।" সি তাইক জোকাবলৈ ক'লে।


"লেৰেলা সাদৰ দেখাব নালাগে। মনে-মনে থাক।" তাই মিছা খং এটা দেখুৱাই ক'লে।


কিছু সময় দুয়ো মৌন হৈ থাকিল।


ৱ‍েইটাৰ এজনে আহি চাহ আৰু চিঙৰা দি থৈ গ'ল।


"বিয়াৰ বজাৰ কত কৰিবি পিছে?" চাহৰ কাপটোত চুমুক এটা দি সি সুধিলে।


চিঙৰাটো হাতত লোৱা অৱস্থাতে তাই ৰৈ গ'ল।


চকুপানীৰ টোপাল কেইটামান চকামকাকৈ তাইৰ চকুত ধৰা পৰিল।


তাই চিঙৰাটো পুনৰ প্লেটখনত থৈ দিলে।


"আৰে, এনেই শুধিলো আৰু কিবা এটা; তাতে তই ইমান আবেগিক হৈ যাব লাগেনে।" সি কথাটো পাতলাই দিবলৈ ক'লে।


তাই এইবাৰ নিজৰ বেগটো খুলিলে। ভিতৰৰ পৰা ৰুমাল এখন উলিয়াই, চকুকেইটা মোহাৰিলে।


সি তাইলৈ চাই থাকিল।


"মোক কন্দুৱাই খুব ভাল পাৱ ন' তই?" তাই ৰুমালখন পুনৰ বেগত ভৰাই কৈ উঠিল।


"বিয়াৰ বজাৰ কত কৰিবি বুলি শুধিলেই যে তই কান্দিবি মই কেনেকৈ জানিম।"


"কিডাল জান' তেনেহ'লে!" তাই কৈ পুনৰ কান্দিবলৈ ধৰিলে।


কাষৰ টেবুলত বহি থকা মানুহ দুজনে তাহাঁতৰ ফালে চাবলৈ ধৰিলে।


"কান্দিছ কিয়? আমি নিজৰ ইচ্ছামতে আমাৰ সম্বন্ধ বিচ্ছেদ কৰিছো। আৰু এতিয়া তোৰ বিয়াৰ বাবে মই সুখী। তোৰ হ'বলগীয়া গিৰিয়েৰ কিমান ভাল মই ইতিমধ্যে খবৰ কৰি গম পাইছোৱেই। সি তোক সম্পূৰ্ণ সুখত ৰাখিব; তয়ো সুখি থাকিবি তাৰ লগত।"


"আৰু তই?"


"মই? মোৰ কি?"


"তই জানো সুখত থাকিবি? মোৰ আনৰ লগত বিয়া হৈ গ'লে তই সুখত থাকিব পাৰিবি?"


"মই জাতি-কুল মিলাই, তোৰ নিছিনা এজনী বিছাৰি ল'ম", সি হাঁহি-হাঁহি ক'লে।


তাৰ কথাত এইবাৰ তায়ো হাঁহি উঠিল।


চাহ কাপত শেষ চুমুকটো মাৰি, সি তাইক ক'লে, "আৰু একাপ চাহ খাবি নেকি? আকৌ বা এনেকৈ লগ পামনে নাই।"


তাই নিজৰ ঘড়ীটোলৈ চালে।


"৭.৩০টা বাজিব হ'ল। হোষ্টেলৰ গেট মাৰি দিব। চাহ আৰু নেখাও দে।"


"থিক আছে।" 


পইছা দি সিহঁত দুয়োতা বাহিৰলৈ আহি, তাইৰ হোষ্টেলৰ ফালে খোজ পেলাব ধৰিলে।


দুয়োৰে মূখত কোনো মাত নাই।


ক'বলৈ বহু কথা, কিন্তু ক'বহে পৰা নাই।


কালি তাইৰ দেউতাক আহিব।


তাইক গাঁৱৰ ঘৰলৈ লৈ যাবগৈ - একেবাৰে।


কেইমাহমানৰ পাছত তাইৰ বিয়া।


ক'বলৈ আৰু কি থাকিল?


থাকিল….বহুত কিবা-কিবি থাকিল….কিন্তু এতিয়া সেইবোৰ কৈ লাভ নাই।


সিহঁত দুয়োতাই জানে সেই কথা।


তাইৰ হোষ্টেলৰ গেটৰ কাষ পালেহি সিহঁতি।


"যা তেনেহ'লে", ছাঁ-পোহৰৰ মাজৰ ঠাইটুকুৰাত থিয় হৈ সি তাইক ক'লে।


"তোৰ অলপ হলেও বেয়া লাগিছে নাই বাৰু!" তাৰ ফালে চাই তাই ক'লে।


সি হাতদুখন মেলি দিলে।


তাই আগবাঢ়ি আহি শেষবাৰৰ বাবে তাৰ আলিঙ্গনত সোমাই পৰিল।


কেৱল কেইটামান ছেকেণ্ড - তাতেই যেন সিহঁতৰ দুবছৰীয়া সম্বন্ধৰ সমস্ত প্ৰেম সোমাই থাকিল।


তাই লাহেকৈ তাৰ আলিঙ্গনৰ পৰা ওলাই, হোষ্টেলৰ ফালে খোজ দিলে।


সি তাই যোৱা ফালে চাই থাকিল।


আৰু একাপ চাহ খোৱা আৰু কেতিয়াও হৈ নুঠিল।


******

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...