অন্নপূৰ্ণা মিষ্টান্ন ভাণ্ডাৰ।
ৰাজীৱে নামটো আকৌ এবাৰ পঢ়ি চালে।
অন্নপূৰ্ণা মিষ্টান্ন ভাণ্ডাৰ।
গাড়ীখন অলপ আগুৱাই গৈছিল যদিও সি চালকক ৰখাবলৈ ক'লে। চৰকাৰী গাড়ীখন ৰাস্তাৰ কাষত ৰৈ গ'ল।
সি খিৰিকীৰে বাহিৰলৈ চালে।
দোকানখনৰ সন্মুখত আগৰ দৰেই কেইখনমান প্লাষ্টিকৰ চকী, কাঁচৰ বাকচত সজাই থোৱা ৰসগোল্লা, কাজু বৰফি আৰু লালমোহন। অৱশ্যে দোকানখনৰ সন্মুখৰ চাইনব'ৰ্ডখন নতুন হৈছে। আগৰ সেই সৰু দোকানখন এতিয়া কিছু ডাঙৰ হৈছে।
কিমান দিনৰ মূৰত সি এইখন মিঠাই দোকানৰ সন্মুখত আহি ৰৈছেহি বাৰু?
সি মনত পেলাবলৈ চেষ্টা কৰিলে।
হয়তো বিছ বছৰৰ পাছত।
এটা সময়ত সি প্ৰায়েই ইয়াত ৰৈ থাকিছিল সুৰভীৰ বাবে।
সুৰভী - তাৰ কলেজীয়া দিনৰ প্ৰেমিকা।
এই মিঠাইৰ দোকানখনৰ কাষতেই সিহঁতি লগ হৈছিল। তাৰ পিছত দুয়ো একেলগে কলেজলৈ গৈছিল। কেতিয়াবা সুৰভীয়ে দেৰি কৰিলে সি দোকানখনৰ সন্মুখত থিয় হৈ থাকিছিল। কেতিয়াবা দোকানৰ পৰা ৰসগোল্লা বা বৰফি এটা খাই সময় পাৰ কৰিছিল।
দোকানৰ মালিকজনেও সিহঁতক চিনি পাইছিল। আনকি কেতিয়াবা সুৰভী অহা দেৰি হ’লে তেওঁ হাঁহি মাৰি সুধিছিল, "আজি তাইৰ আহোঁতে দেৰি হ'ব নেকি?"
উচৰ-পাজৰৰ দোকানীসকলেও চাগৈ জানিছিল সিহঁতৰ কথা। সেই সময়ত এই সৰু ঠাইখিনিয়েই যেন আছিল ৰাজীৱৰ পৃথিৱীখনৰ কেন্দ্ৰবিন্দু।
সেই দিনবোৰ এতিয়া কিবা সপোন যেন লাগে।
সুৰভী এতিয়া কেনে আছে বাৰু?
তাইৰ বিয়া হোৱা আৰু ল'ৰা এটা হোৱা বুলি সি জানে। কিন্তু তাই এতিয়া কত থাকে সি নাজানে। হয়তো কোনোবা চহৰত সংসাৰ পাতিছে। হয়তো কেতিয়াবা এই ঠাইলৈ আহিলে তাইৰ চকুতো পৰে এই অন্নপূৰ্ণা মিষ্টান্ন ভাণ্ডাৰৰ নামটো। তেতিয়া তাইৰো মনত পৰেনে সেই ল'ৰাটোৰ কথা, যি এসময়ত এই দোকানখনৰ সন্মুখত তাইৰ বাবে ৰৈ থাকিছিল?
ৰাজীৱে এটা দীঘল উশাহ ল'লে।
কলেজ শেষ হোৱাৰ পিছত সি এবছৰ গেপ লৈছিল। তাৰ পিছত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। সেই মাজৰ এবছৰতে সুৰভী তাৰ জীৱনৰ পৰা আঁতৰি গৈছিল। সম্পৰ্কটো কেতিয়া শেষ হৈছিল, সি এতিয়া ঠিক মনত পেলাব নোৱাৰে। মাথোঁ মনত আছে, এদিন দুয়োৰে মাজত কথা পাতিবলৈ একোৱেই বাকী নাছিল।
বিশ্ববিদ্যালয়ৰ দিনবোৰত তাৰ জীৱনলৈ আহিছিল পূবালী।
এইবাৰ অপেক্ষাৰ ঠাইখন সলনি হৈছিল। পূবালীৰ হোষ্টেলৰ কাষৰ চাৰিআলিটো।
বিশ্ববিদ্যালয়ৰ তিনিটা ছোৱালী হোষ্টেল আছিল সেই চাৰিআলিটোৰ কাষত।
বিশ্ববিদ্যালয় কেম্পাছৰ ভিতৰৰ সেই চাৰিআলিটোত তেতিয়া কোনো দোকান নাছিল। সেয়া আছিল কেৱল বহুকেইজন লৰাৰ অপেক্ষাৰ থলী।
ক্লাছৰ পৰা আহি, অলপ সময় তাৰ হোষ্টেলৰ ৰুমত থাকি, সন্ধিয়া হ'লেই ৰাজীৱ গৈ তাত ৰৈ থাকিছিল।
পূবালীৰ হোষ্টেলৰ পৰা ওলাই আহিবলৈ কেতিয়াবা দহ মিনিট, কেতিয়াবা আধা ঘণ্টাও লাগিছিল। সেই সময়খিনিত সি সেই চাৰিআলিটোৰে অহা-যোৱা কৰা মানুহবোৰ চাইছিল, কেতিয়াবা তাত ৰৈ থকা আন লৰাৰ লগত কথা পাতিছিল।
তাই ওলাই অহাৰ পাছত দুয়ো চাহ খাবলৈ গৈছিল আৰু তাৰ পাছত বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰতে খোজকাঢ়ি অলপ ঘূৰি ফুৰিছিল।
কেতিয়াবা পূবালীয়ে ফোন কৰি কৈছিল, "আজি আহিব নালাগে, মোৰ প্ৰজেক্টৰ কাম আছে।"
কিন্তু সি তথাপিও গৈছিল। হয়তো তাই ওলাই আহিব পাৰে, এই আশাত।
বিশ্ববিদ্যালয় শেষ হোৱাৰ এবছৰ পিছত পূবালী আৰু ৰাজীৱ এৰা-এৰি হৈছিল।
সি সেই সময়ত এটা প্ৰাইভেট কোম্পানীত কাম কৰিছিল।
চৰকাৰী চাকৰিৰ বাবে পৰীক্ষাৰ তৈয়াৰী কৰা, পৰিয়ালৰ আশা আৰু ভৱিষ্যতৰ হিচাপ-নিকাচৰ মাজত কেতিয়াবা প্ৰেমৰ বাবে ঠাই নোহোৱা হৈ পৰে। অন্ততঃ তেতিয়া সি তেনেকৈয়ে ভাবিছিল।
পূবালীৰ লগত বিচ্ছেদ হোৱা প্ৰায় ছমাহমানৰ পিছত তাৰ জীৱনলৈ আহিছিল পৰিণীতা।
এইবাৰ অপেক্ষাৰ ঠাইখন আছিল অলপ বেলেগ। পৰিণীতা থকা ভাৰা ঘৰটোৰ গলিটোৰ এমূৰে থকা দৰবৰ দোকানখন।
প্ৰতিদিনে সন্ধিয়া অফিচৰ পৰা আহি মুখ-হাত ধুই সি ওলাই গৈছিল। দৰবৰ দোকানখনৰ সন্মুখত ৰৈ পৰিণীতালৈ ফোন কৰিছিল। তাইও অফিচৰ পৰা আহি তাৰ ফোনৰ অপেক্ষাত থাকিছিল। সি ফোন কৰাৰ পাছত তাই গলিটোৰ পৰা ওলাই আহিছিল। তাৰ পিছত দুয়ো গৈ ভাইটিৰ দোকানত চাহ খাইছিল।
ভাইটিৰ দোকানখনৰ চাহৰ সোৱাদ আজিও তাৰ মনত আছে। চিচাৰ গিলাচত দিয়া চাহ। চাহ খাই দুয়োটা অলপ এনেই খোজকাঢ়ি কথা পাতি ঘূৰি ফুৰিছিল। কেতিয়াবা কেৱল চাহ খাই দুয়োটা নিজৰ-নিজৰ ৰূমলৈ ঘূৰি গৈছিল।
পৰিণীতাৰ লগতো সম্পৰ্কটো বেছিদিন নাথাকিল। তাই বেলেগ চাকৰি এটা পাই আন এখন চহৰলৈ গুচি গ’ল। জীৱনৰ ব্যস্ততা, দূৰত্ব আৰু কিছুমান অব্যক্ত অভিমানে লাহে লাহে সিহঁতৰ মাজৰ ঠাইখিনি বঢ়াই আনিছিল।
আৰু এখন ঠাই আছিল - ভাই ধাবা।
সেই সৰু ধাবাখনৰ সন্মুখত সি লগ কৰিছিল ৰীমাক।
ৰীমা তাৰ প্ৰেমিকা নাছিল। আনকি ঠিক বন্ধুও নাছিল। তাই আছিল তাৰ এজন বন্ধুৰ সম্পৰ্কীয় ভগ্নী।
কেনেকৈ তাইৰ সৈতে তাৰ আত্মীয়তা বাঢ়িছিল, সি নিজেই ক'ব নোৱাৰে। হয়তো এই চহৰখনত নতুনকৈ চাকৰি কৰিবলৈ আহি চিনাকি মানুহৰ অভাৱত তাই ৰাজীৱৰ লগত কথা পাতিছিল। হয়তো ৰাজীৱেও নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত কাৰোবাৰ সৈতে অলপ সময় কথা পাতিবলৈ বিচাৰিছিল।
দুয়ো প্ৰায়েই ভাই ধাবাৰ সন্মুখত লগ হৈছিল। কেতিয়াবা ধাবাৰ ভিতৰত বহি চাহ খাইছিল, কেতিয়াবা ৰাস্তাৰ কাষত থিয় হৈয়ে কথা পাতিছিল। ৰীমাই নিজৰ ঘৰ, চাকৰি, ভৱিষ্যৎ আৰু বহুতো সৰু-বৰ কথাৰ বিষয়ে কৈছিল। ৰাজীৱে শুনিছিল।
ৰীমাৰ সৈতে তাৰ কোনো প্ৰেমৰ সম্পৰ্ক নাছিল। কিন্তু সেই সময়খিনিও তাৰ জীৱনৰ এটা বিশেষ অধ্যায় হৈ ৰৈ গৈছিল।
লাহেকৈ সময় বাগৰিল।
সি চৰকাৰী চাকৰি এটা পালে।
জীৱন আগুৱাই গৈ থাকিল।
চাকৰি, পদোন্নতি, বদলি, নতুন দায়িত্ব, সভা-সমিতি, চৰকাৰী ফাইল - জীৱনটো এটা নিৰ্দিষ্ট ছন্দত আগবাঢ়ি গ'ল।
ৰাজীৱে এতিয়া চল্লিশৰ দেওনা পাৰ কৰিলে। ৰাজ্য চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়া হিচাপে পুনৰ এই ঠাইলৈ বদলি হ’ল তাৰ।
সি নিজৰ বিভাগত যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্বত আছে। চৰকাৰী গাড়ী, নিৰ্দিষ্ট সময়সূচী, সভা আৰু ভ্ৰমণ, এইবোৰেই এতিয়া তাৰ দৈনন্দিন জীৱনৰ অংশ।
বিয়াও পাতিলে সি। পত্নী সাগৰিকা।
সুখ-দুখ, অভিমান, মৰম আৰু দায়িত্বৰ এখন পূৰ্ণাংগ সংসাৰ।
সাগৰিকাৰ সৈতে তাৰ সম্পৰ্কটোত কিন্তু অপেক্ষাৰ ঠাই নাই।
কিছু অপেক্ষা হয়তো আছে, কিন্তু সেই অপেক্ষা কোনো দোকানৰ সন্মুখত থিয় হৈ থকাৰ দৰে নহয়।
সাগৰিকাৰ বাবে অপেক্ষা সি অফিচৰ পৰা ঘূৰি অহাৰ, কিছু অপেক্ষা একেলগে বজাৰলৈ যোৱাৰ, বিয়া খাবলৈ যোৱাৰ, কৰবালৈ ফুৰিবলৈ যোৱাৰ।
প্ৰেমৰ সংজ্ঞা হয়তো সময়ৰ লগত সলনি হয়।
কিন্তু আজি অন্নপূৰ্ণা মিষ্টান্ন ভাণ্ডাৰৰ সন্মুখত ৰৈ তাৰ মনলৈ আন এটা চিন্তা আহিল।
এই ঠাইবোৰ কেৱল তাৰ অপেক্ষাৰ স্থান আছিলনে?
নহয়। প্ৰতিখন ঠাইৰ নিজৰো এটা কাহিনী আছিল।
এই অন্নপূৰ্ণা মিষ্টান্ন ভাণ্ডাৰখনৰ কথাই ধৰা যাওক। দোকানখনৰ মালিকজনে হয়তো কিমান মানুহৰ প্ৰেমৰ আৰম্ভণি দেখিছিল। কিমান যুৱক-যুৱতীয়ে ইয়াৰ সন্মুখত লগ কৰিছিল। কিমানজনে মিঠাই কিনি প্ৰেমিকাৰ হাতত দিছিল। কিমানজনে হয়তো শেষবাৰৰ বাবে ইয়াৰ সন্মুখত লগ পাই বিদায় লৈছিল। সেই মালিকজনৰো হয়তো নিজা এটা প্ৰেমৰ কাহিনী আছিল। হয়তো তেওঁ নিজেও কেতিয়াবা কাৰোবাৰ বাবে এনেকৈয়ে ৰৈ আছিল।
পূবালীৰ হোষ্টেলৰ কাষৰ চাৰিআলিটোও নিশ্চয় কেৱল তাৰ বাবে অপেক্ষাৰ ঠাই নাছিল। সেই চাৰিআলিত আন লৰাবোৰেও নিজৰ প্ৰেয়সীৰ বাবে অপেক্ষা কৰিছিল, কোনোবাই নিজৰ বান্ধবীক নোটছ দিবলৈ বা আনিবলৈ অপেক্ষা কৰিছিল, হোষ্টেলৰ কোনো ছোৱালীয়ে নিজৰ দেউতাকৰ বাবে অপেক্ষা কৰিছিল, কোনোবাই ককায়েক বা ভনীয়েকৰ বাবে অপেক্ষা কৰিছিল।
হোষ্টেলৰ চিকিউৰিটি গাৰ্ডকেইজনেও হয়তো সন্ধিয়া ঘৰলৈ যোৱাৰ আগতে কাৰোবাৰ ফোনৰ বাবে অপেক্ষা কৰিছিল।
পৰিণীতাৰ ভাৰা ৰুমৰ গলিৰ সেই দৰবৰ দোকানখনত কিমান মানুহে নিজৰ আপোনজনৰ ঔষধ কিনিবলৈ আহিছিল। কোনোবাই হয়তো ৰোগীৰ আৰোগ্যৰ আশাত ঔষধ কিনিছিল, কোনোবাই হতাশাত তাত থিয় হৈ দৰবৰ বৰ্ধিত দামৰ কথা আলোচনা কৰিছিল।
দোকানখনৰ মালিকজনৰ বাবে হয়তো সেই ঠাইটুকুৰা আছিল তেওঁৰ জীৱিকাৰ ঠিকনা, কিন্তু ৰাজীৱৰ বাবে সেয়া আছিল এটা সময়ৰ ঠিকনা।
আৰু ভাই ধাবা!
সেই ধাবাখনৰ চকীবোৰত কিমান মানুহে কিমান কথা পাতিছিল! কোনোবাই চাকৰিৰ ইণ্টাৰভিউৰ আগদিনা বহি চিন্তা কৰিছিল, কোনোবাই বন্ধুৰ সৈতে হাঁহি-ধেমালি কৰিছিল, কোনোবাই হয়তো ঘৰৰ পৰা পলাই আহি ভৱিষ্যতৰ পৰিকল্পনা কৰিছিল। ৰীমাৰ সৈতে তাৰ কথোপকথনবোৰৰ বাহিৰেও সেই ধাবাখনৰ নিশ্চয় হাজাৰটা অচিনাকি কাহিনী আছিল।
ৰাজীৱে হঠাৎ অনুভৱ কৰিলে, মানুহে ঠাইবোৰৰ মাজত নিজৰ স্মৃতিবোৰ এৰি যায়। কিন্তু ঠাইবোৰে কেৱল এজন মানুহৰ স্মৃতি কঢ়িয়াই নুফুৰে। সেই একেখন ঠাইতে হাজাৰজন মানুহৰ হাজাৰটা কাহিনী জমা হৈ থাকে। কোনোবাই সেই ঠাইত প্ৰথম প্ৰেম বিচাৰি পায়, কোনোবাই শেষ বিদায় দিয়ে, কোনোবাই নতুন জীৱনৰ সপোন দেখে।
কিছুমান ঠাই মানুহৰ জীৱনৰ পৰা হেৰাই যায়। কিছুমান ঠাই একেই থাকে, কেৱল মানুহবোৰ সলনি হৈ যায়।
"ছাৰ, যাব নেকি?"
চালকৰ মাতত ৰাজীৱৰ সম্বিৎ ঘূৰি আহিল।
"অঁ, ব'লা।"
গাড়ীখন লাহে লাহে আগবাঢ়িল।
ৰাজীৱে এবাৰ পিছলৈ ঘূৰি চালে। অন্নপূৰ্ণা মিষ্টান্ন ভাণ্ডাৰখন ক্ৰমাৎ সৰু হৈ আহিল। তাৰ মনত পৰিল, কলেজৰ দিনত সুৰভীয়ে ৰসগোল্লা বৰ ভাল পাইছিল। সি এবাৰ দোকানখনৰ পৰা তাইৰ বাবে ৰসগোল্লা কিনি আনিছিল। তাই হাঁহি হাঁহি কৈছিল, "তুমি মোক মিঠাই খুৱাই শকত কৰিবা বিচাৰিছা নেকি?"
ৰাজীৱৰ ওঁঠৰ কোণত এটা মৃদু হাঁহি বিৰিঙি উঠিল।
সি ভাবিলে, আজি যদি সি সুৰভীক লগ পায়, সি তাইক চিনি পাবনে? সুৰভীয়ে বাৰু তাক চিনি পাবনে? হয়তো পাব। হয়তো নাপাব। হয়তো দুয়ো দুই মিনিট কথা পাতিব আৰু তাৰ পিছত নিজৰ নিজৰ বাটেৰে গুচি যাব।
কিন্তু তাৰ পিছতো এই দোকানখন থাকিব। হয়তো আৰু বিশ বছৰ পিছতো থাকিব। নতুন নতুন ল'ৰা-ছোৱালী আহিব। কোনোবাই কাৰোবাৰ বাবে অপেক্ষা কৰিব। কোনোবাই প্ৰেমত পৰিব। কোনোবাই বিচ্ছেদৰ দুখ লৈ ইয়াৰ সন্মুখেৰে পাৰ হ'ব।
ৰাজীৱে খিৰিকীৰে বাহিৰলৈ চাই থাকিল।
আজি তাৰ অনুভৱ হৈছে মানুহে যেন আচলতে কেৱল মানুহৰ বাবেই অপেক্ষা নকৰে। কেতিয়াবা অপেক্ষা কৰে এটা সময়ৰ বাবে, এটা অনুভৱৰ বাবে, নিজৰ জীৱনৰ সেই ক্ষণৰ বাবে, যি হয়তো বহু বছৰ আগতেই হেৰাই গ’ল।
গাড়ীখন লাহেকৈ চহৰৰ ব্যস্ত পথত সোমাই পৰিল।
অন্নপূৰ্ণা মিষ্টান্ন ভাণ্ডাৰখন নিজৰ দৈনন্দিন ব্যস্ততালৈ উভতি গ'ল। দোকানীজনে এজন গ্ৰাহকক মিঠাইৰ পেকেট বান্ধি দিলে। এজন যুৱকে দোকানখনৰ সন্মুখত ম'বাইল চাই থিয় হৈ থাকিল। অলপ পিছতে এখন স্কুটী আহি ৰ'ল। এজনী ছোৱালী নামি আহি ল'ৰাজনৰ কাষ চাপিল।
দুয়ো হাঁহি মাৰি কথা পাতিবলৈ ধৰিলে।
হয়তো সিহঁতৰ বাবেও এইখন দোকান এদিন এটা বিশেষ স্মৃতি হৈ ৰ'ব।
কাৰণ, মানুহে ঠাইবোৰত কেৱল ভৰি থৈ নাযায়, নিজৰ জীৱনৰ কিছু সময়ো এৰি থৈ যায়।
আৰু সেই সময়বোৰৰেই জন্ম দিয়ে এনে বহু কাহিনীৰ।
Comments
Post a Comment