Skip to main content

Posts

Showing posts from November, 2026

অপেক্ষাৰ ঠিকনাবোৰ

অন্নপূৰ্ণা মিষ্টান্ন ভাণ্ডাৰ। ৰাজীৱে নামটো আকৌ এবাৰ পঢ়ি চালে। অন্নপূৰ্ণা মিষ্টান্ন ভাণ্ডাৰ। গাড়ীখন অলপ আগুৱাই গৈছিল যদিও সি চালকক ৰখাবলৈ ক'লে। চৰকাৰী গাড়ীখন ৰাস্তাৰ কাষত ৰৈ গ'ল।  সি খিৰিকীৰে বাহিৰলৈ চালে।  দোকানখনৰ সন্মুখত আগৰ দৰেই কেইখনমান প্লাষ্টিকৰ চকী, কাঁচৰ বাকচত সজাই থোৱা ৰসগোল্লা, কাজু বৰফি আৰু লালমোহন। অৱশ্যে দোকানখনৰ সন্মুখৰ চাইনব'ৰ্ডখন নতুন হৈছে। আগৰ সেই সৰু দোকানখন এতিয়া কিছু ডাঙৰ হৈছে। কিমান দিনৰ মূৰত সি এইখন মিঠাই দোকানৰ সন্মুখত আহি ৰৈছেহি বাৰু? সি মনত পেলাবলৈ চেষ্টা কৰিলে। হয়তো বিছ বছৰৰ পাছত। এটা সময়ত সি প্ৰায়েই ইয়াত ৰৈ থাকিছিল সুৰভীৰ বাবে।  সুৰভী - তাৰ কলেজীয়া দিনৰ প্ৰেমিকা।  এই মিঠাইৰ দোকানখনৰ কাষতেই সিহঁতি লগ হৈছিল। তাৰ পিছত দুয়ো একেলগে কলেজলৈ গৈছিল। কেতিয়াবা সুৰভীয়ে দেৰি কৰিলে সি দোকানখনৰ সন্মুখত থিয় হৈ থাকিছিল। কেতিয়াবা দোকানৰ পৰা ৰসগোল্লা বা বৰফি এটা খাই সময় পাৰ কৰিছিল।  দোকানৰ মালিকজনেও সিহঁতক চিনি পাইছিল। আনকি কেতিয়াবা সুৰভী অহা দেৰি হ’লে তেওঁ হাঁহি মাৰি সুধিছিল, "আজি তাইৰ আহোঁতে দেৰি হ'ব নেকি?" উচৰ-পাজৰৰ দোকানীসকলেও চাগৈ জ...