অমৃতা প্ৰীতম ভাৰতীয় সাহিত্য জগতত এক চিনাকি নাম। ১০০ৰো অধিক কবিতা, জীৱনী মূলক ৰচনা, কল্প-সাহিত্য আৰু বহু পঞ্জাবী গীত ৰচনা কৰি, তেওঁ পঞ্জাবী আৰু হিন্দী সাহিত্যৰ ভঁৰাল চহকী কৰিছে। অমৃতা প্ৰীতমে ১৯৫৬ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৮২ চনত ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰিছিল। কিন্তু আজি লিখিবলৈ লৈছো তেওঁৰ জীৱনৰ আন এক অধ্যায়ৰ কথা, যি তেওঁৰ লিখনিসমূহৰ দৰেই জনপ্ৰিয় আৰু উল্লেখযোগ্য। আজি লিখিবলৈ লৈছোঁ তেওঁৰ প্ৰেমৰ বিষয়ে। কিছুমান মানুহৰ প্ৰেম কাহিনীয়ে পুৰ্ণতা পাই বিবাহৰ দ্বাৰা; কিছু কাহিনী অন্ত পৰে বিচ্ছেদত। আৰু কিছু কাহিনী কেতিয়াও শেষ নহয় - স্মৃতি, নীৰৱতা আৰু এক দুৰ্বাৰ আবেদনৰ মাজেৰে জীয়াই থাকে। এইটো তেনেকুৱা এক কাহিনী। ****** চাহিৰ লুধিয়ানভিৰ নাম শুনিছে নিশ্চয়? বিংশ শতিকাৰ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ কবি আৰু চলচ্চিত্ৰৰ গীতিকাৰ হিচাপে সমাদৃত চাহিৰ লুধিয়ানভিৰ সৃষ্টিয়ে ভাৰতীয় চলচ্চিত্ৰ জগতত গভীৰ প্ৰভাৱ পেলাইছিল। গীতিকাৰ হিচাপে অসাধাৰণ অৱদানৰ বাবে তেওঁ দুবাৰ ফিল্মফেয়াৰ বঁটা (শ্ৰেষ্ঠ গীতিকাৰ) লাভ কৰিছিল। ১৯৭১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰিছিল। অমৃতা প্...