বহুতে হয়তো জানে মই নদী কিমান ভাল পাওঁ।
ঈশানীয়েও জানে।
বহু দিন আৰু বহু ৰাতি আমি পাতিছোঁ নদীৰ কথা।
মোৰ দৰে তায়ো বন্দী নদীৰ প্ৰেমত।
আমাৰ বিয়াৰ পাছতেই সুধিছিলোঁ মই তাইক বানপানীৰ কথা।
সুধিছিলোঁ জাঁজী নদীৰ পৰা কেৱল কিছু দূৰ অৱস্থিত সিহঁতৰ ঘৰখনত কেতিয়াবা সোমাইছিল নেকি নদীৰ পানী।
পিছে নাই; তাই কৈছিল যে সৰু থাকোতেই এবাৰ দেখিছিল পানী চোতাল পোৱা কিন্তু ঘৰত সোমোৱা নাছিল।
আনকি তাইৰ ককাক-আইতাকেও দেখা নাছিল বানপানীৰ প্ৰলয়।
পাছে এইবাৰ!!
এইবাৰ সলনি হ’ল সকলো সমীকৰণ!
জাঁজী নদীৰ পানী আহি সোমাল ঈশানীহঁতৰ ঘৰত।
কোনোদিনে মানুহক কষ্ট নিদিয়া জাঁজী, দৰিকা, মিতং, আদি, সৰু নদীবোৰে এইবাৰ জীয়াতু ভোগালে ৰাইজক।
আৰু দিখৌ!
দিখৌ নদীয়ে নমাই আনিলে জলপ্ৰলয়!
******
১৯ জুলাই ২০২৬।
মাজনিশা।
সেই নিশাটো মনত পৰিলে এতিয়াও কিবা এটা অস্বস্তি লাগে।
ফুটবল বিশ্বকাপৰ ফাইনেল চাবলৈ আমি দুয়ো সাজু হৈছিলোঁ।
পানী বঢ়াৰ খবৰ আহি আছিল যদিও ঈশানীহঁতৰ অঞ্চলটোত বানপানী হব বুলি আমি ভবা নাছিলোঁ।
কিন্তু পুৱা সেই বিশ্বাসটো ভাঙি গ’ল।
এটা ভিডিঅ’ত দেখা গ’ল পানী বহু ওপৰলৈ উঠিছে।
তাহাঁতৰ ঘৰৰ গেটখন প্ৰায় পানীৰ তলত।
আৰু ঈশানীহঁতৰ ঘৰখনো সেই পানীৰ মাজত।
মই ঈশানীৰ মুখলৈ চাই আছিলোঁ।
সেই মুখত মই আগতে নেদেখা এটা ভয় দেখিছিলোঁ।
নিজৰ ঘৰখন দূৰৰ পৰা চোৱা ভয়।
নিজৰ মানুহবোৰৰ খবৰ নোপোৱাৰ ভয়।
আৰু হয়তো তাতকৈও ডাঙৰ - নিজৰ শৈশৱটো হঠাৎ পানীৰ মাজত হেৰাই যোৱাৰ ভয়।
ঈশানীৰ বাবে সেই ঘৰখন কেৱল এখন ঘৰ নহয়।
তাইৰ শৈশৱ তাত।
তাইৰ কৈশোৰ তাত।
তাইৰ যৌৱন তাত।
তাইৰ অসংখ্য হাঁহি তাত।
অসংখ্য কান্দোনো হয়তো তাতেই।
দেৱালবোৰ তাইৰ চিনাকি।
কোঠাবোৰ তাইৰ চিনাকি।
চোতালখন তাইৰ চিনাকি।
ঘৰৰ প্ৰতিটো বস্তুৰ সৈতে কিবা নহয় কিবা এটা কাহিনী জড়িত।
সেই ঘৰখনৰ ভিতৰত থকা এখন পুৰণি চকীও হয়তো তাইৰ বাবে কেৱল এখন চকী নহয়।
এখন কিতাপ কেৱল কিতাপ নহয়।
এযোৰ পুৰণি কাপোৰ কেৱল কাপোৰ নহয়।
প্ৰতিটো বস্তুৰ সৈতে এটি সময় জড়িত হৈ আছিল।
এজন মানুহ জড়িত।
এটা ঘটনা জড়িত।
এটা স্মৃতি জড়িত।
আৰু সেইবাবেই যেতিয়া পানী কমিছিল আৰু আমি ঘৰখনৰ ভিতৰখন দেখিছিলোঁ, তেতিয়া ক্ষয়-ক্ষতিৰ হিচাপ কৰাটো ইমান সহজ নাছিল।
কিমান টকাৰ আচবাব নষ্ট হ’ল, সেইটো হিচাপ কৰিব পাৰি।
কিমান কাপোৰ নষ্ট হ’ল, সেইটোও ক’ব পাৰি।
কিন্তু কিমান স্মৃতি নষ্ট হ’ল?
তাৰ কোনো হিচাপ নাই!
******
ঘৰখনৰ ভিতৰত বোকা।
মাটিৰ সেমেকা গোন্ধ।
দেৱালত পানীৰ চিন।
মজিয়াত জমা হোৱা এক ডাঠ চামনি।
আৰু সেই সকলোৰে মাজত পৰি থকা কিছুমান বস্তু, যিবোৰক দেখি ঈশানী হৈছিল স্তব্ধ।
যেতিয়া কিবা এটা বস্তু পেলাবলগীয়া হয়, তেতিয়া তাইৰ মুখখন চাব নোৱাৰি।
কাৰণ বস্তুটো পেলোৱা মানে তাইৰ বাবে কেৱল এটা পুৰণি বস্তু পেলোৱা নহয়।
সেই বস্তুটোৰ সৈতে জড়িত এটা সময়ক যেন বিদায় দিয়া।
এটা স্মৃতিক বিদায় দিয়া।
মই তেতিয়া তাইক কি বুলি কওঁ?
“সকলো ঠিক হৈ যাব” বুলি?
কেনেকৈ কওঁ?
ঘৰখন হয়তো ঠিক হৈ যাব।
মজিয়া পৰিষ্কাৰ হ’ব।
আচবাব নতুনকৈ বনাব পাৰি।
কিতাপ আকৌ কিনিব পাৰি।
কাপোৰ আকৌ ল’ব পাৰি।
কিন্তু কিছুমান বস্তু?
কিছুমান মানুহ?
কিছুমান স্মৃতি?
সেইবোৰ জানো আকৌ কিনিব পাৰি?
এইটোৱেই হয়তো বানপানীৰ আটাইতকৈ কঠিন দিশ।
পানীয়ে কেৱল ঘৰ এটি নষ্ট নকৰে।
ই মানুহৰ অতীততো হাত দিয়ে।
এখন ঘৰ যেতিয়া পানীৰ তললৈ যায়, তেতিয়া ঘৰৰ লগত থকা কিছুমান স্মৃতিও পানীৰ তললৈ যায়।
আৰু পানী কমি যোৱাৰ পাছত মানুহে সেই স্মৃতিবোৰৰ মাজেৰেই আকৌ জীৱনটো বিচাৰিবলৈ চেষ্টা কৰে।
ঈশানীক মই সেই কামটো কৰোঁতে দেখিছোঁ।
বোকাৰে লেতেৰা হোৱা ঘৰখন চাফা কৰি আছে।
নষ্ট হোৱা বস্তুবোৰ আঁতৰাইছে।
বচাব পৰা বস্তুবোৰ বচাইছে।
আৰু তাৰ মাজে-মাজে নিজৰ অতীতটোও যেন বিচাৰি ফুৰিছে।
কেতিয়াবা তাই হাঁহে।
কেতিয়াবা একো নকয়।
কেতিয়াবা এটা সৰু বস্তু দেখি বহু পুৰণি কথা মনত পেলায়।
তেতিয়া মই মনে মনে ভাবোঁ - মানুহৰ স্মৃতি আচলতে ক’ত থাকে?
মনত?
নে বস্তুবোৰত?
হয়তো দুয়োটাতে।
সেইবাবেই কিছুমান বস্তুৰ কোনো আৰ্থিক মূল্য নাথাকিলেও মানুহে তাক পেলাব নোৱাৰে।
কাৰণ সেই বস্তুটোৰ মাজত এটা জীৱন লুকাই থাকে।
এটা ঘৰ লুকাই থাকে।
এজন মানুহ লুকাই থাকে।
এটা শৈশৱ লুকাই থাকে।
আৰু বানপানীয়ে সেই লুকাই থকা পৃথিৱীখনকেই আঘাত কৰে।
******
আজিও মই নদীক ভাল পাওঁ।
জাঁজীকো।
দিখৌকো।
সৰু-সৰু নদীবোৰকো।
কিন্তু এটা কথা বুজি পালোঁ মই - নদীক ভালপোৱা আৰু নদীক বুজা - দুইটা একে কথা নহয়।
নদীক ভাল পাবলৈ হ’লে নদীৰ শক্তিকো বুজিব লাগিব।
নদীৰ পথক সন্মান কৰিব লাগিব।
নদীৰ সৈতে সহাৱস্থানৰ ভাষা শিকিব লাগিব।
এইবাৰৰ বানপানীয়ে মোক এই কথাটো শিকালে।
বানপানী কেৱল এক প্ৰাকৃতিক দুৰ্যোগ নহয়।
ই মানুহৰ জীৱনৰ মাজত সোমাই পৰা এটা দীঘলীয়া অধ্যায়।
পানী কমি যায়।
কিন্তু কাহিনীটো তাতেই শেষ নহয়।
সেই কাহিনী চলি থাকে ঘৰ চাফা কৰাৰ মাজত, ভঙা আচবাব মেৰামতি কৰাৰ মাজত, পুনৰ জীৱিকা আৰম্ভ কৰাৰ মাজত আৰু কেতিয়াবা নিশা অকলে বহি পুৰণি স্মৃতিবোৰ মনত পেলোৱাৰ মাজত।
আৰু মোৰ বাবে এইবাৰৰ এই বানপানী সদায় এক ব্যক্তিগত অনুভৱ হৈ থাকিব।
কাৰণ এইবাৰ বানপানী কেৱল মোৰ চকুৰ সন্মুখেৰে পাৰ হৈ হোৱা এটা দৃশ্য নাছিল।
এইবাৰ বানপানী আহিছিল ঈশানীৰ ঘৰলৈ।
আহিছিল আমাৰ স্মৃতিলৈ।
আৰু আহিছিল নদী, ঈশানী আৰু মোৰ কাহিনীলৈ।
("নন্দিনী" আলোচনীৰ অক্টোবৰ ২০২৬ সংখ্যাত প্ৰকাশিত)
Comments
Post a Comment