বৰ গভীৰ আছিল সেই ৰাতি। আকাশখন যেন এক অসহ্য যন্ত্ৰণাত কঁপিছিল। বিজুলীৰ বজ্ৰৰেখাই আকাশখন পোহৰাই তুলিছিল। সেই ৰাতিৰ আকাশৰ তলত খোজকাঢ়ি মোৰ এনে লাগিছিল যেন হয়তো সৰগৰ পৰা কোনোবাই আমাৰ ফটো তুলি আছে। তাই আৰু মই একেটা ছাতিৰ তলত খোজকাঢ়ি গৈ আছিলোঁ। বৰষুণৰ টোপালবোৰে ছাতিৰ ওপৰত পৰি এক অদ্ভুত সুৰ সৃষ্টি কৰিছিল। তাই মোৰ হাতখন মেৰিয়াই ধৰি আছিল; যেন হাতখন এৰি দিলেই মই হেৰাই যাম। ৰাস্তাটো প্ৰায় খালী আছিল। ক'ত আছিল বাৰু বাকী মানুহবোৰ? দোকানবোৰ বন্ধ, পথবোৰ নিস্তব্ধ। কিন্তু আমি সেইবোৰলৈ একো গুৰুত্ব দিয়া নাছিলোঁ। আমাৰ বাবে সেই মুহূৰ্তকেইটা, সেই সময়কণ পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তু আছিল। কাৰণ মাজত আছিল আৰু মাত্ৰ কেইটামান দিন। তাৰ পিছত মই এই চহৰ এৰি বহু দূৰলৈ গুচি যোৱাৰ কথা। কিছু সময়ৰ নীৰৱতাৰ পাছত, তাই হঠাতে মোক সুধিছিল, “তুমি মোক পাহৰি যাবা নেকি?” প্ৰশ্নটো সৰু আছিল, কিন্তু তাৰ মাজত লুকাই আছিল তাইৰ মনৰ সহস্ৰ বেদনা, লগতে কিছু ভয়। মই হাঁহিবলৈ চেষ্টা কৰিছিলোঁ। “এনে কেতিয়াও হব নোৱাৰে। লগ পাই নেথাকিলেও, আমি সদায় সপোনত কথা পাতিম।” সেই উত্তৰ শুনি তাই এটা শেঁতা হাঁহি মাৰিছিল। হ...