Skip to main content

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া…

পাগলাদিয়া নদী… 

ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ।

নামেই যাৰ পৰিচয়।

আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত। 

মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া।

কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড। 

বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ।

তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক।

নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা??

******

বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই।

উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ।

ঈশানীয়ে কিন্তু দেখিছিল।

তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল।

এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক।

কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক।

******

আৰু চকুলোৰ নদী!

জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান!

তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিলো মই আৰু ঈশানী…

নদী তাতো দৃশ্যমান।

বানপানীৰ কথা তাতো প্ৰবাহমান।

এখন শুকাই যোৱা নৈৰ সুঁতিৰ আগত সংলাপৰত জুবিন দা!

বেদনাবোৰ জানো নদী এখনৰ দৰেই বৈ থকা নাছিল তেওঁৰ বুকুৰ মাজত?

কোনেও নেদেখিলেনে?

কোনেও নুবুজিলেনে?

‘মই অকলশৰীয়া’ বুলি কোৱা মানুহজন কিন্তু সদায় মানুহৰ মাজতেই থাকিছিল। 

নদী ভাল পাইছিল তেওঁ। সেয়ে কৈছিল মৰিলে ব্ৰহ্মপুত্ৰত উটাই দিবলৈ!

******

চিনেমাখন চাই আহি ঈশানীক কৈছিলো অলপ দেৰি এনেই খোজকাঢ়িম বুলি। তাই বুজিছিল। 

তাই জানে জুবিন গাৰ্গক কিমান ভালপাওঁ মই। 

দুয়ো নীৰৱে খোজ দিলোঁ কিছু পৰ; মনলৈ আহি আছিল জুবিন দাৰ কথা।

সাগৰ ভাল নাপাওঁ বুলি বহুবাৰ কৈছোঁ মই, লিখিছোঁ কথাটো। আৰু এতিয়া সাগৰ বেয়া পোৱা আৰু এটা কাৰণ গোট খালেহি! 

কেৱল নদীৰ প্ৰেমত বন্দী মই; সাগৰ নাপাওঁ ভাল।

******

আৰু এখন নদী আছে - মৰা ভৰলী…

জীয়া ভৰলী নদীৰ এক পৰিত্যক্ত গতিপথ এই মৰা ভৰলী নদী…

অৰুণাচল প্ৰদেশৰ টাৱাংৰ এটা হিমবাহৰ পৰা উৎপত্তি হোৱা ভৰলী নদীখন অৰুণাচল প্ৰদেশত কামেং বুলিও জনা যায়।

এই ভৰলী নদীৰ ব্ৰহ্মপুত্ৰৰ পৰা বিছিন্ন সুঁতি হৈছে মৰা ভৰলী।

এই মৰা ভৰলী পাৰেৰে দুবছৰ যাত্ৰা কৰিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে।

বহু ছাত্ৰ-ছাত্ৰীয়ে হয়টো গমেই নাপালে এইখন যে মৰা ভৰলী।

এখন মৃত নদীৰ বেদনা বাৰু কোনে বুজিব!

ব্ৰহ্মপুত্ৰৰ পৰা মাথোঁ কেই যোজন দূৰৈত থাকিও, মহাবাহুৰ লগত মিলিত হব নোৱাৰা বেদনা কঢ়িয়াই ফুৰা এই মৰা ভৰলীৰ কথা বাৰু কোনে শুনিব!

মই কিন্তু হৃদয়ঙ্গম কৰিছিলোঁ; বুজিছিলোঁ সেই বেথা!

ডাঠ কুঁৱলীৰে ঢকা এটি নিশা, সেই মৰা ভৰলী পাৰেৰে আহি, এক নীৰৱ নিশা পাৰ কৰাও মনত আছে মোৰ।

মোৰ দুবছৰীয়া হোষ্টেল জীৱনৰ একমাত্ৰ নিজম নিশা।

নদী আৰু শীতৰ কোমল গভীৰ আলিংগন অনুভৱ কৰিছিলোঁ মই সেইদিনা!

******

ঈশানীয়েও ভাল পাই নদীক।

ঠিক মোৰ দৰেই।

বিয়াৰ পাছত সেয়ে বহু সময় আমি কটাইছো নদীৰ পাৰত।

আমাৰ জীৱনো নদীৰ দৰে নহয় জানো!!

কেতিয়াবা শান্ত, কেতিয়াবা উন্মাদ!

আৰু কেতিয়াবা দুৰ্দান্ত…মৰুতৃষ্ণাৰ বেদনা কঢ়িয়াই ফুৰা মৰমৰ উত্তাল ছন্দ!

এই শান্তি আৰু উন্মাদনাৰ মাজতেই যেন মই বিচাৰি পাওঁ ঈশানীক - শান্তি, ধৈৰ্য্য আৰু সৌন্দর্যৰ তাই যেন এক নদী।

******

নদীয়ে যিদৰে বেদনা কঢ়িয়াই, সেইদৰে ভালপোৱাবোৰো কঢ়িয়াই।

আমাৰ মৰম-ভালপোৱা এতিয়া কঢ়িয়াই ফুৰিছে বহু নদী, বহু হৃদে।

ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি জাঁজী, টিংৰাই, ৰঙাজান

 আৰু বহু কেইখনে।

আমাৰ জীৱন নদীৰ দুটি সুঁতি এক হৈ আমি আগলৈ ধাৱমান।

সংগী আমাৰ নদী, জোনাক, বৰষুণ আৰু মৰমৰ অভিমান। 

******

Comments

Popular posts from this blog

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...