Skip to main content

কটন কলেজৰ বাহিৰত কিতাপ বিক্ৰী কৰা ছোৱালীজনী

প্ৰথমবাৰৰ বাবে যেতিয়া সি তাইক লক্ষ্য কৰিছিল, তাই তেতিয়া কিতাপ এখনৰ দামক লৈ গ্ৰাহক এজনৰ লগত তৰ্ক কৰি আছিল।

“নহব খুড়া”, তাই কিতাপখন হাতত লৈ কৈ আছিল, “হোমেন বৰগোহাঁইৰ প্ৰথম সংস্কৰণৰ কিতাপ ত্ৰিশ টকাত বিক্ৰি কৰিব নোৱাৰি। হৃদয় ভাঙিলেও আজিকালি তাতকৈ বেছি খৰচ হয়।”

মানুহজন হাঁহি-হাঁহি বিৰবিৰাই গুচি গ’ল। তাই একো গুৰুত্ব নিদিলে। 

কটন ইউনিভাৰ্চিটিৰ মূল গেটখনৰ ইপাৰে কাঠৰ টুলখনত তাই আকৌ বহিল আৰু কিতাপবোৰ পুনৰ সজাই ল’লে।

গেটখনৰ কাষত ৰৈ ঋতুৰাজে তাইৰ ফালে চাই থাকিল।

আগতেও সি তাইক দেখিছিল।

প্ৰতিদিনে ৰাজনীতি বিজ্ঞানৰ ক্লাছ আৰু ছাত্ৰ একতা সভাৰ আলোচনাবোৰৰ মাজত সি তাইক দেখে - এখন ম্লান হৈ পৰা নীলা টাৰ্পলিনৰ তলত বহি চেকেণ্ড হেণ্ড কিতাপ বিক্ৰী কৰে তাই। 

তাইৰ তাত উপলব্ধ আছিল অসমীয়া উপন্যাসৰ এক মেটমৰা সম্ভাৰ, পৰীক্ষাৰ গাইড, হালধীয়া হৈ পৰা বহুকেইটা কবিতা সংকলন, কিছু পুৰণি আলোচনী আৰু সযতনে ভাঁজ কৰি থোৱা বাতৰি কাকত।

বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে তাইক আওকাণ কৰিছিল।

ঋতুৰাজে নকৰিছিল।

কিয় সি তাইক মন কৰিছিল সি নাজানে। হয়তো চৌপাশৰ মানুহবোৰৰ লগত তাইৰ মিল নাছিল, সেই বাবে। বা, এনেকৈ বিশ্ববিদ্যালয় এখনৰ সম্মুখত কিতাপ বিক্ৰি কৰা ছোৱালী সি দেখা নাছিল, সেই বাবে। 

বা হয়তো ভাষণ, অনশণ, প্ৰতিবাদ আৰু অন্তহীন ভিৰৰ মাজতো শেহতীয়াকৈ সি অসহ্যকৰভাৱে অকলশৰীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল।

সি গেটৰ কাষৰ পৰা গৈ তাইৰ সেই সৰু নীলা টাৰ্পলিনৰ তল পালেগৈ।

তাইক ভালদৰে চালে সি - ছোৱালীজনীৰ চেহেৰাত কিবা এটা জেদী ভাৱ আছিল, এক দৃঢ়তা আছিল।

“হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ কিবা কিতাপ আছেনে?”

ওপৰলৈ নোচোৱাকৈয়ে তাই উত্তৰ দিলে, “আপুনি তেওঁৰ কবিতা পঢ়িব বিচাৰে নে কলেজৰ নিৰ্বাচনৰ সময়ত তেওঁৰ কবিতাৰ উদ্ধৃতি দিব বিচাৰে?”

ঋতুৰাজ চক খাই উঠিল। তাই তাৰমানে জানে যে সি এজন ছাত্ৰ নেতা। 

তাই মুৰ তুলি তাৰ ফালে চালে। তাইৰ চকুত এক প্ৰকাৰৰ আমোদ সি দেখা পাইছিল।

“মই পঢ়িব বিচাৰো”, সি ক’লে।

“ভাল কথা। ৰাজনীতিৰ মানুহবোৰে সাধাৰণতে কবিতা ধ্বংস কৰে।” 

“মই কোনো ৰাজনীতিবিদ নহয়।”

“আগলৈ নিশ্চয় হ’বগৈ।” এখন প্ৰায় পুৰণি কিতাপ তাৰ হাতত তুলি দি তাই কৈ উঠিল।

“এশ টকা।” তাই দামটো লগতে ক’লে।

“কিতাপখনৰ অৱস্থা ইমান ভাল নহয় দেখোন।” সি পৃষ্ঠাবোৰ লুটিয়াই কৈ উঠিল।

“কবিতাৰ কিতাপবোৰ তেনেকুৱাই।”

নিজকে ৰখাব পৰাৰ আগতেই সি হাঁহি উঠিল।

কথাবোৰ তেনেকৈয়ে আৰম্ভ হৈছিল।

******

তাইৰ নাম নন্দিনী।

প্ৰতিদিনে পুৱা মালিগাঁৱৰ ভাড়াঘৰৰ পৰা কিতাপ ভৰ্তি দুটা গধুৰ বেগ লৈ আহিছিল তাই। 

দুপৰীয়ালৈকে তাইৰ চাৰিওফালে ফুটপাথটোত সাহিত্যৰ ছাত্ৰ-ছাত্ৰী, কেইজনমান কবি, কিছু অকলশৰীয়া গৱেষক আৰু বিপ্লৱৰ নামত এতিয়াও ৰোমাঞ্চিত হোৱা কিছু মানুহ গোট খাইছিল।

ঋতুৰাজো দৈনিক তাইৰ কাষলৈ যোৱা হ’ল।

কেতিয়াবা তাইৰ লগত অলপ দীঘলীয়া কথা-বতৰা কৰিবলৈকে, তাইৰ পৰা কিতাপ কিনিছিল সি।

প্ৰথমতে সিহঁতি সাহিত্যৰ কথা পাতিছিল।

তাৰ পিছত অসমীয়া চিনেমাৰ কথা পতা হ’ল।

তাৰ পিছত গুৱাহাটীৰ কথা।

তাৰ পিছত জগতৰ সকলো কথা সিহঁতি পতা হ’ল।

“আপুনি জানেনে এই চহৰখনৰ সমস্যা কি?” এদিন তাই তাক সুধিলে।

“তুমিয়ে কোৱাছোন।”

"কোনেও কাৰো কথা নুশুনে। সকলোৱে কেৱল ডাঙৰ-ডাঙৰ ভাষণ দিয়ে।"

ঋতুৰাজে হাঁহি এটা মাৰি ক’লে, “মোৰ কথা ক’লা নেকি?”

"আপুনিও তাৰ মাজত এজন", তাই স্পষ্টভাৱে ক’লে।

“তুমি আমাৰ দৰে ছাত্ৰ নেতাক অপছন্দ কৰা নেকি?”

“উদ্দেশ্য আৰু উচ্চাকাংক্ষাৰ মাজত পাৰ্থক্য নেদেখা মানুহক মই অপছন্দ কৰো।”

কথাষাৰে তাৰ মনত সাঁচ বহাই থৈ গ’ল।

সাধাৰণতে সি তাইৰ লগত তৰ্ক কৰিলেহেঁতেন। 

তৰ্ক প্ৰতিযোগিতাত যুক্তিপূৰ্ণভাৱে কথা কব পৰাৰ বাবে সি জনজাত আছিল। কিন্তু তাইৰ আগত সি যেন নিস্তব্ধ হৈ পৰিল।

কাৰণ তাই বেলেগ ধৰণে কথাবোৰ কৈছিল।

জোৰেৰে নহয়। নাটকীয়ভাৱে নহয়।

কিন্তু জীৱনত ইতিমধ্যে বহু ঘাট-প্ৰতিঘাট, মিছা অভিনয় আৰু হতাশা দেখা কোনোবা এজনৰ নিশ্চয়তাৰে।

******

লাহে-লাহে শীত আহি পালেহি।

গুৱাহাটীৰ পুৱা কুঁৱলীৰে ঢাক খাই পৰিল। 

বিশ্ববিদ্যালয়ৰ ওচৰৰ চাহৰ দোকানবোৰৰ টিনখিনি নিয়ঁৰত তিতি থাকিছিল। 

ব্ৰহ্মপুত্ৰৰ ওপৰত বগা এখন চাদৰ দেখা গৈছিল।

এদিন আবেলি প্ৰতিবাদী কাৰ্যসূচী এটা অন্ত হোৱাৰ পাছত সি তাইৰ কাষত উপস্থিত হৈছিল।

নন্দিনীয়ে ভ্ৰু কোঁচাই ক’লে, "আজি কি ভাষণ দি আহিল?"

সি কেৱল হাঁহিলে, একো উত্তৰ নিদিলে।

“আপুনি এইবোৰ কাৰ্যসূচী যথেষ্ট উপভোগ কৰে যেন পাইছোঁ।”

"তেনে নহয়। মই আশা কৰো যে কথাবোৰ সলনি হ’ব, মানুহৰ সমস্যাবোৰ সমাধান হ’ব।”

তাই তাৰ ফালে চালে আৰু মৃদুভাৱে ক’লে, “আৰু মই আশা কৰো যে আপোনাৰ দৰে মানুহবোৰ আগলৈ গৈ যাতে হতাশ নহয়।”

******

কিছুদিনৰ পাছত, এটি বৰ্ষণমূখৰ সন্ধিয়া।

নন্দিনীয়ে তাইৰ কিতাপবোৰ বেগত ভৰাই আছিল। তাই যাবৰ হৈছিল। 

ঋতুৰাজে সহায় কৰি দিছিল তাইক।

তাৰ মাজতে, সি তাইক বহুদিনৰ পৰা সুধিব বিছৰা কথা এটা ক’লে, “তুমি ইয়াত কিয় কিতাপ বিক্ৰী কৰা মই আজিও নাজানো।”

তাই দ্বিধাবোধ কৰিলে।

তাৰ পাছত লাহেকৈ ক’লে, “যোৰহাটত মোৰ দেউতাৰ এখন কিতাপৰ দোকান আছিল।”

“আছিল?”

“লকডাউনৰ সময়ত তেওঁৰ মৃত্যু হৈছিল। দোকানখন বন্ধ হৈ গ’ল। তাৰ পিছত মই কলেজত পঢ়িব পৰা নাছিলো।”

"ম‍ই দুঃখিত।" সি কিছু অসহায় ভাৱে ক’লে; হয়তো সি সুধিব নালাগিছিল।

“জীৱন গতিশীল। আমি এনেকৈয়ে চলিব লাগিব।”

“তুমি কিন্তু এতিয়াও কিতাপৰ কাষতেই থাকিলা।”

“সেইটোৱেই সমস্যা”, তাই দুখৰ হাঁহি এটা মাৰিলে। “কিতাপে আমাক নষ্ট কৰে। গল্প-কবিতাৰ মাজত জীয়াই থকাৰ পিছত সাধাৰণ জীৱনটো কঠিন হৈ পৰে।”

বৰষুণৰ বেগ বাঢ়ি আহিছিল।

ক্ষন্তেক সময়ৰ বাবে দুয়োৰে কোনোৱেই কথা কোৱা নাছিল।

তেনেতে হঠাৎ কাৰেন্ট গ’ল।

ফুটপাথটো আন্ধাৰে গিলি পেলালে।

বৰষুণৰ মাজেৰে কেৱল গাড়ীৰ হেডলাইটবোৰৰ পোহৰ অহা-যোৱা কৰিছিল।

আৰু সেই অদ্ভুত নিস্তব্ধতাৰ মাজত ঋতুৰাজে উপলব্ধি কৰিছিল যে সি তাইৰ কাষৰ পৰা যাব নিবিচাৰে।

সেই নিস্তব্ধতা ফালি, মনত সাহস গোটাই সি ক’লে, “আজিকালি তোমাৰ কাষত নথকা সময়তো মই তোমাৰ কথা ভাবো।”

বিজুলীৰ এক ৰেখাই ঠাইখন পোহৰাই গ’ল। 

ঢেৰেকণিৰ এক প্ৰতিধ্বনি যেন নন্দিনীৰ বুকুৰ মাজত শুনা গ’ল।

“আপুনি মোৰ কথা ভবা উচিত নহয়” তাই ক’লে।

"কিয়?"

“কাৰণ আপোনাৰ দৰে ল’ৰাবোৰ অৱশেষত গুচি যায়।”

“মই তেনেকুৱা নহয়—”

তাই তাৰ ফালে চালে, পোনপটীয়াকৈ, আৰু ক’লে, “আপুনি কোনোবাদিনা গুৰুত্বপূৰ্ণ কিবা পদত থাকিবগৈ। বিধায়ক। মন্ত্ৰী। আপোনাৰ চাৰিওকাষে চিকিউৰিটি গাৰ্ড। বিধান সভাত ভাষণ দিব।”

"আৰু তুমি?"

“মই তেতিয়াও ইয়াতেই থাকিম; পুৰণি জৰাজীৰ্ণ কিতাপ বিক্ৰী কৰি।”

তাইৰ মাতত থকা দুখে তাক অস্থিৰ কৰি তুলিলে।

"এয়াই বাস্তৱ।” তাক একো উত্তৰ দিয়াৰ সময় নিদি, চিপচিপিয়া বৰষুণজাকৰ মাজেৰে বেগ দুটা লৈ তাই গুছি গ’ল।

******

সেই নিশা, বৰষুণত তিতি-তিতি, তাইৰ কথা ভাৱি সি বহু সময় উদ্দেশ্যবিহীনভাৱ খোজ কাঢ়ি থাকিল।

হোষ্টেল যাবলৈ তাৰ মন নগ’ল।

কাৰো লগত কথা পাতিবলৈ তাৰ মন নগ’ল।

******

পাছদিনা সি এটা কামৰ বাবে লখিমপুৰ যাব লগা হ’ল।

তিনিদিনৰ পাছত আহি সি দেখিলে যে তাই নাই।

কেৱল নীলা ৰঙৰ টাৰ্পলিনখনহে বেৰৰ কাষত পৰি আছে।

তাৰ মনৰ ভিতৰত এক আতংকৰ সৃষ্টি হ’ল।

ওচৰৰ চাহ বেপাৰীজনক সি তাইৰ কথা সুধিলে।

“তাই গুচি গ’ল।”

"ক’লৈ?"

“ভালদৰে নাজানো। কোনোবা আত্মীয়ৰ ঘৰলৈ যাব বুলি কৈছিল। নতুনকৈ কিবা কৰিব বুলি ক’লে।”

ঋতুৰাজে খালী ফুটপাথটোলৈ এক উদাস দৃষ্টিৰে চাই থাকিল।

সি ভাবিবলৈ ধৰিলে যে প্ৰেম বাৰু এনেকুৱাই নেকি - কোনো আগজাননী নিদিয়াকৈ হঠাৎ আহে আৰু ধৰি ৰাখিবলৈ শিকাৰ আগতেই নোহোৱা হৈ যায়।

******

বহু মাহ পাৰ হৈ গ’ল।

বিশ্ববিদ্যালয়লৈ নিৰ্বাচন বতৰ আহিল।

ছাত্ৰ সন্থাৰ নিৰ্বাচনত ঋতুৰাজে পুনৰবাৰ ব্যাপক ব্যৱধানত জয়লাভ লাভ কৰিলে।

লগৰবোৰে ফুৰ্টিৰে তাৰ বিজয় উদযাপন কৰিলে।

ঢোল, শ্লোগান, ফুলৰ মালা, টেলিভিছনৰ কেমেৰা।

তথাপিও সেই কোলাহলৰ মাজতো তাৰ চকু গেটৰ বাহিৰৰ ফুটপাথৰ সেই বিশেষ ঠাইটুকুৰাটোলৈ ফালে মাজে-মাজে গৈ থাকিল।

খালী।

এতিয়াও খালী।

*******

প্ৰায় এবছৰৰ পাছত, শীতকালৰ এটি আবেলি, সি কিতাপ এখন বিচাৰি পানবজাৰৰ এখন সৰু কিতাপৰ দোকানত প্ৰৱেশ কৰিলে।

আৰু সোমায়েই সি থৰ লাগিল।

এখন সৰু টুলত বহি, কিতাপ এখনৰ পাত লুটিয়াই, বহি আছে তাই।

কেইচেকেণ্ডমান সি কেৱল থিয় হৈ তাইলৈ চাই থাকিল।

নন্দিনীয়ে কিতাপখনৰ পৰা মুৰ তুলিলে।

চাৰি চকুৰ মিলন হ’ল।

তাইৰ ওঁঠত ক্ষীণ হাঁহি এটা ওলাই আহিল।

“ভাষণৰ সলনি পুনৰ কিতাপ কিনিবলৈ আহিল আপুনি?” তাই সুধিলে।

ঋতুৰাজে মৃদু হাঁহি এটা মাৰিলে; বহুদিন ধাৰাষাৰ বৰষুণৰ পাছত আজি যেন ধৰাত ৰ’দৰ পোহৰ পৰিল।

“নহয়, এইবাৰ মই কিতাপ বিক্ৰী কৰা ছোৱালীজনীক বিচাৰি আহিলোঁ।”

*******

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নদী, ঈশানী আৰু মই (খণ্ড-৫) (বানপানী বিশেষ)

বহুতে হয়তো জানে মই নদী কিমান ভাল পাওঁ। ঈশানীয়েও জানে। বহু দিন আৰু বহু ৰাতি আমি পাতিছোঁ নদীৰ কথা। মোৰ দৰে তায়ো বন্দী নদীৰ প্ৰেমত। আমাৰ বিয়াৰ পাছতেই সুধিছিলোঁ মই তাইক বানপানীৰ কথা। সুধিছিলোঁ জাঁজী নদীৰ পৰা কেৱল কিছু দূৰ অৱস্থিত সিহঁতৰ ঘৰখনত কেতিয়াবা সোমাইছিল নেকি নদীৰ পানী। পিছে নাই; তাই কৈছিল যে সৰু থাকোতেই এবাৰ দেখিছিল পানী চোতাল পোৱা কিন্তু ঘৰত সোমোৱা নাছিল। আনকি তাইৰ ককাক-আইতাকেও দেখা নাছিল বানপানীৰ প্ৰলয়। পাছে এইবাৰ!! এইবাৰ সলনি হ’ল সকলো সমীকৰণ! জাঁজী নদীৰ পানী আহি সোমাল ঈশানীহঁতৰ ঘৰত। কোনোদিনে মানুহক কষ্ট নিদিয়া জাঁজী, দৰিকা, মিতং, আদি, সৰু নদীবোৰে এইবাৰ জীয়াতু ভোগালে ৰাইজক। আৰু দিখৌ! দিখৌ নদীয়ে নমাই আনিলে জলপ্ৰলয়! ****** ১৯ জুলাই ২০২৬। মাজনিশা। সেই নিশাটো মনত পৰিলে এতিয়াও কিবা এটা অস্বস্তি লাগে। ফুটবল বিশ্বকাপৰ ফাইনেল চাবলৈ আমি দুয়ো সাজু হৈছিলোঁ। পানী বঢ়াৰ খবৰ আহি আছিল যদিও ঈশানীহঁতৰ অঞ্চলটোত বানপানী হব বুলি আমি ভবা নাছিলোঁ। কিন্তু পুৱা সেই বিশ্বাসটো ভাঙি গ’ল। এটা ভিডিঅ’ত দেখা গ’ল পানী বহু ওপৰলৈ উঠিছে। তাহাঁতৰ ঘৰৰ গেটখন প্ৰায় পানীৰ তলত। আৰু ঈশানীহঁতৰ ঘৰখনো সেই পানীৰ মাজত...