Skip to main content

হৃদয়ৰ বন্ধ কোঠাৰ খোলা খিৰিকীৰে অমৃতা আৰু ইমৰোজ

অমৃতা প্ৰীতম ভাৰতীয় সাহিত্য জগতত এক চিনাকি নাম। ১০০ৰো অধিক কবিতা, জীৱনী মূলক ৰচনা, কল্প-সাহিত্য আৰু বহু পঞ্জাবী গীত ৰচনা কৰি, তেওঁ পঞ্জাবী আৰু হিন্দী সাহিত্যৰ ভঁৰাল চহকী কৰিছে। অমৃতা প্ৰীতমে ১৯৫৬ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৮২ চনত ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰিছিল। 

কিন্তু আজি লিখিবলৈ লৈছো তেওঁৰ জীৱনৰ আন এক অধ্যায়ৰ কথা, যি তেওঁৰ লিখনিসমূহৰ দৰেই জনপ্ৰিয় আৰু উল্লেখযোগ্য।

আজি লিখিবলৈ লৈছোঁ তেওঁৰ প্ৰেমৰ বিষয়ে।

কিছুমান মানুহৰ প্ৰেম কাহিনীয়ে পুৰ্ণতা পাই বিবাহৰ দ্বাৰা; কিছু কাহিনী অন্ত পৰে বিচ্ছেদত।

আৰু কিছু কাহিনী কেতিয়াও শেষ নহয় - স্মৃতি, নীৰৱতা আৰু এক দুৰ্বাৰ আবেদনৰ মাজেৰে জীয়াই থাকে।

এইটো তেনেকুৱা এক কাহিনী।

******

চাহিৰ লুধিয়ানভিৰ নাম শুনিছে নিশ্চয়? 

বিংশ শতিকাৰ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ কবি আৰু চলচ্চিত্ৰৰ গীতিকাৰ হিচাপে সমাদৃত চাহিৰ লুধিয়ানভিৰ সৃষ্টিয়ে ভাৰতীয় চলচ্চিত্ৰ জগতত গভীৰ প্ৰভাৱ পেলাইছিল। গীতিকাৰ হিচাপে অসাধাৰণ অৱদানৰ বাবে তেওঁ দুবাৰ ফিল্মফেয়াৰ বঁটা (শ্ৰেষ্ঠ গীতিকাৰ) লাভ কৰিছিল। ১৯৭১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰিছিল।

অমৃতা প্ৰীতমে প্ৰথমবাৰৰ বাবে চাহিৰ লুধিয়ানভিক লগ পাইছিল ১৯৪৪ চনত; ভাৰত তেতিয়াও স্বাধীন হোৱাই নাই। চাহিৰ ইতিমধ্য এগৰাকী সুপৰিচিত সাহিত্যিক। অমৃতাৰো কবিতা প্ৰকাশ হোৱা আৰম্ভ হৈছিল। ১৬ বছৰ বয়সতে বিয়া কৰাই দিয়া ছোৱালীজনী তেতিয়া বিবাহিত জীৱনত অসুখী। 

প্ৰথম সাক্ষাৎতেই তেওঁলোকৰ মাজত এক গভীৰ আত্মিক সংযোগ গঢ় লৈ উঠিছিল। 

কিন্তু তেওঁলোকৰ মাজত কেতিয়াও কোনো নাটকীয় প্ৰেম নিবেদন হোৱা নাছিল।

ইজনে-সিজনক কোনো প্ৰতিশ্ৰুতিও দিয়া নাছিল।

"মই তোমাক ভাল পাওঁ" - এই কথা কোনেও কোৱা নাছিল।

তেওঁলোকৰ মাজত আছিল কেৱল সাহিত্য আৰু কবিতাৰ চৰ্চা, ভাৰত বিভাজনৰ দুখ, মানুহৰ যন্ত্ৰণা আৰু নিঃসংগতাক লৈ হোৱা অন্তহীন আলাপ।

আৰু লগতে আছিল এক বুজাব নোৱাৰা নীৰৱতা।

লাহে-লাহে অমৃতাই উপলব্ধি কৰিছিল যে তেওঁ চাহিৰক গভীৰভাৱে ভাল পাই পেলাইছে।

চাহিৰ যেতিয়াই অমৃতাৰ ঘৰলৈ আহিছিল, তেওঁ এটাৰ পিছত এটাকৈ চিগাৰেট জ্বলাই খাইছিল। তেওঁ উভতি যোৱাৰ পিছত অমৃতাই নিঃশব্দে এষ্ট্ৰেত থকা আধা জ্বলা চিগাৰেটবোৰ সংগ্ৰহ কৰিছিল। তাৰ পিছত সেইবোৰ পুনৰ জ্বলাই নিজে টানি খাইছিল।

এই বিষয়ে তেওঁ পিছলৈ লিখিছিল: "মই যেন সেই চিগাৰেটবোৰ নহয়, তেওঁৰ আঙুলিবোৰ স্পৰ্শ কৰি আছিলোঁ।"

বহুতেই এইটোক উন্মাদনা বুলি কৈছিল।

অমৃতাৰ বাবে সেইটোৱেই আছিল প্ৰেম।

******

কিন্তু চাহিৰ...

তেওঁ কেতিয়াও সম্পূৰ্ণভাৱে অমৃতাৰ ওচৰলৈ অহা নাছিল।

তেওঁ অমৃতাক ভাল পাইছিল নে নাই, সেই প্ৰশ্নৰ উত্তৰ ইতিহাসেও দিব নোৱাৰিলে।

হয়তো পাইছিল।

হয়তো কবলৈ ভয় কৰিছিল।

তেওঁৰ জীৱনলৈ আন এগৰাকী নাৰী আহিছিল - সুধা মালহোত্ৰা। তেওঁ এগৰাকী গায়িকা আছিল আৰু লগতে কেইখনমান হিন্দী ছবিত অভিনয়ো কৰিছিল। ২০১৩ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰিছিল।

বহুতে কয় যে সুধা মালহোত্ৰাৰ আগমনে আতৰাই আনিছিল চাহিৰক অমৃতাৰ পৰা। পাছে সুধা মালহোত্ৰাই কোনোদিন স্ৱীকাৰ কৰা নাছিল যে তেওঁৰ সম্পৰ্ক আছিল চাহিৰৰ সৈতে আৰু পাছলৈ তেওঁ আন এজন পুৰুষক বিয়া কৰাইছিল।

বিশ্বাস কৰা হয় যে, সুধা মালহোত্ৰাৰ বিয়া চূড়ান্ত হোৱাৰ পিছত চাহিৰ লুধিয়ানভিয়ে গুমৰাহ চিনেমাৰ সেই বিখ্যাত গান "চলো এক বাৰ ফিৰ ছে অজনবী বন যায়েঁ হাম দোনো" লিখিছিল।

মুম্বাইত ঘৰ বনাই থকা চাহিৰ ওৰে জীৱন অবিবাহিত হৈয়েই থাকিল।

******

আনফালে দিল্লীত, ইতিমধ্য বিবাহ বিচ্ছেদ ঘটা অমৃতাৰ জীৱনলৈ আহিল আন এক পুৰুষ।

তেওঁৰ নাম ইমৰোজ। আচল নাম ইন্দৰজিত সিং।

ইমৰোজ আছিল এজন চিত্ৰশিল্পী তথা কবি।

এখন কিতাপৰ প্ৰচ্ছদ আঁকিবলৈ তেওঁ অমৃতাৰ ওচৰলৈ আহিছিল।

সেই সাক্ষাৎ যে তেওঁলোকৰ সমগ্ৰ জীৱন সলাই দিব, সেয়া কোনেও ভবা নাছিল।

ইমৰোজ লাহে-লাহে অমৃতাৰ জীৱনলৈ সোমাই আহিল।

অমৃতাৰ যত্ন লোৱা হ’ল।

অমৃতাই লিখি থাকোঁতে খোৱা পাহৰি গ'লে, ইমৰোজে নিঃশব্দে আহাৰ আগবঢ়াই দিছিল।

ৰাতি দেৰিলৈ লিখি থাকিলে, তেওঁ সংগ দি বহি থাকিছিল।

অসুস্থ হ'লে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল।

অমৃতাই কান্দিলে তেওঁ কাৰণ সোধা নাছিল। কেৱল কাষত বহি থাকিছিল।

ইমৰোজৰ প্ৰেম কবিতাৰে নহয়, দৈনন্দিন জীৱনৰ সৰু-সৰু যত্নৰে প্ৰকাশ পাইছিল।

******

সকলো মানুহেই জানিছিল - অমৃতাৰ হৃদয়ৰ এটা কোণত তেতিয়াও চাহিৰে বাস কৰে।

তেওঁ চাহিৰৰ কথা লিখিছিল।

চাহিৰক মনত পেলাইছিল।

চাহিৰৰ কবিতা পঢ়িছিল।

ইমৰোজে এই সকলো জানিছিল।

কিন্তু তেওঁ কেতিয়াও অমৃতাক কোৱা নাছিল যে "চাহিৰক পাহৰি যোৱা"।

এদিন দুয়ো স্কুটাৰত বহি গৈ থাকোঁতে, অমৃতাই অজানিতে ইমৰোজৰ পিঠিত আঙুলিৰে এটা নাম লিখিছিল - "চাহিৰ"।

ইমৰোজে সেই মুহূৰ্ততে বুজি পাইছিল অমৃতাই কি লিখিছে।

তেওঁ একো কোৱা নাছিল।

বহু পাছত কোনোবাই তেওঁক কথাটো সোধোতে তেওঁ কৈছিল: "প্ৰেমত প্ৰতিযোগিতা নাথাকে"।

ইমৰোজক বহুতে এইটোৱো সুধিছিল: "এনে এজনী নাৰীৰ সৈতে তুমি ৪০ বছৰ কেনেকৈ থাকিব পাৰিলা, যাৰ হৃদয়ৰ এক বৃহৎ অংশ সদায় আন এজনে দখল কৰি আছিল?"

ইমৰোজে হয়তো একো উত্তৰ দিয়া নাছিল।

কিন্তু তেওঁৰ জীৱনটোৱেই আছিল ইয়াৰ উত্তৰ।

হৃদয় যদিও এক বন্ধ কোঠা, ইয়াত বহুকেইখন খিৰিকী থাকে।

কিছু খোল খাই অতীতলৈ, কিছুৱে লৈ যায় ভৱিষ্যৎলৈ।

ইমৰোজে কোনো এখন খিৰিকী বন্ধ কৰিবলৈ চেষ্টা কৰা নাছিল।

******

২৫ অক্টোবৰ ১৯৮০ - চাহিৰ লুধিয়ানভিৰ হঠাতে হাৰ্ট এটেকত মৃত্যু হয়; কেৱল মাত্ৰ ঊনষাঠি বছৰ বয়সত।

খবৰটো পাই অমৃতা অস্বাভাৱিকভাৱে নিৰৱ হৈ পৰিছিল।

সেই নিশা তেওঁ এটা পুৰণি ড্ৰয়াৰ খুলিলে।

তাত আছিল কেইটামান চিঠি।

কেইটামান কবিতা।

আৰু বহু স্মৃতি।

ইমৰোজে দূৰৰ পৰা চাবলৈ ধৰিলে।

তেওঁ জানিছিল কিছুমান বেদনাৰ কোনো ঔষধ নাথাকে।

******

সময় আগবাঢ়ি গ'ল।

এসময়ত মানুহে চাহিৰ আৰু অমৃতাৰ কথা কমকৈ ক'বলৈ ধৰিলে।

সকলোৱে ক'বলৈ ধৰিলে অমৃতা আৰু ইমৰোজৰ বিষয়ে।

বিবাহ নকৰাকৈয়ে তেওঁলোক চাৰি দশকৰো অধিক সময় একেলগে কটালে।

এটা ঘৰ য'ত কবিতা আৰু চিত্ৰকলাই একেলগে বাস কৰিছিল।

******

২০০৫ চনত অমৃতা প্ৰীতমৰ মৃত্যুৰ পিছতো ইমৰোজে তেওঁলৈ চিঠি লিখি থাকিল, তেওঁৰ ছবি আঁকি থাকিল, যেন তেওঁ ক'ৰবাত ওচৰতে আছে।

সম্ভৱতঃ এইটোৱেই এই কাহিনীৰ প্ৰকৃত অন্ত।

চাহিৰ আছিল অপূৰ্ণ আকাংক্ষা।

অমৃতা আছিল সেই আকাংক্ষাৰ প্ৰতীক।

আৰু ইমৰোজ আছিল সেই নীৰৱ মানুহজন, যিয়ে অপূৰ্ণ প্ৰেমকো এটা সম্পূৰ্ণ জীৱন দিব পাৰিছিল।

সম্ভৱতঃ এই কাহিনীয়ে আমাক এটা কথাই শিকাই যে সঁচা প্ৰেমে সদায় অধিকাৰ নিবিচাৰে।

কেতিয়াবা সঁচা প্ৰেম মানে হৈছে এজন মানুহৰ হৃদয়টো যিদৰে আছে, ঠিক সেইদৰেই সন্মান আৰু মৰমেৰে আঁকোৱালি লোৱা।

(এই গল্পটোত উল্লেখ থকা তথ্যবোৰ সঁচা — যেনে অমৃতা প্ৰীতমৰ চাহিৰ লুধিয়ানভিৰ প্ৰতি গভীৰ প্ৰেম, তেওঁৰ চিগাৰেটৰ অৱশিষ্ট সংৰক্ষণ কৰি পুনৰ জ্বলাই খোৱা, ইমৰোজৰ সৈতে আজীৱন সংগী হিচাপে জীৱন কটোৱা আৰু ইমৰোজৰ পিঠিত আঙুলিৰে "চাহিৰ" নাম লিখা। কেৱল কিছু কাল্পনিক সংলাপ আৰু অনুভূতিৰ সংযোজন কৰি এই গল্পটো ৰচনা কৰা হৈছে)





Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নদী, ঈশানী আৰু মই (খণ্ড-৫) (বানপানী বিশেষ)

বহুতে হয়তো জানে মই নদী কিমান ভাল পাওঁ। ঈশানীয়েও জানে। বহু দিন আৰু বহু ৰাতি আমি পাতিছোঁ নদীৰ কথা। মোৰ দৰে তায়ো বন্দী নদীৰ প্ৰেমত। আমাৰ বিয়াৰ পাছতেই সুধিছিলোঁ মই তাইক বানপানীৰ কথা। সুধিছিলোঁ জাঁজী নদীৰ পৰা কেৱল কিছু দূৰ অৱস্থিত সিহঁতৰ ঘৰখনত কেতিয়াবা সোমাইছিল নেকি নদীৰ পানী। পিছে নাই; তাই কৈছিল যে সৰু থাকোতেই এবাৰ দেখিছিল পানী চোতাল পোৱা কিন্তু ঘৰত সোমোৱা নাছিল। আনকি তাইৰ ককাক-আইতাকেও দেখা নাছিল বানপানীৰ প্ৰলয়। পাছে এইবাৰ!! এইবাৰ সলনি হ’ল সকলো সমীকৰণ! জাঁজী নদীৰ পানী আহি সোমাল ঈশানীহঁতৰ ঘৰত। কোনোদিনে মানুহক কষ্ট নিদিয়া জাঁজী, দৰিকা, মিতং, আদি, সৰু নদীবোৰে এইবাৰ জীয়াতু ভোগালে ৰাইজক। আৰু দিখৌ! দিখৌ নদীয়ে নমাই আনিলে জলপ্ৰলয়! ****** ১৯ জুলাই ২০২৬। মাজনিশা। সেই নিশাটো মনত পৰিলে এতিয়াও কিবা এটা অস্বস্তি লাগে। ফুটবল বিশ্বকাপৰ ফাইনেল চাবলৈ আমি দুয়ো সাজু হৈছিলোঁ। পানী বঢ়াৰ খবৰ আহি আছিল যদিও ঈশানীহঁতৰ অঞ্চলটোত বানপানী হব বুলি আমি ভবা নাছিলোঁ। কিন্তু পুৱা সেই বিশ্বাসটো ভাঙি গ’ল। এটা ভিডিঅ’ত দেখা গ’ল পানী বহু ওপৰলৈ উঠিছে। তাহাঁতৰ ঘৰৰ গেটখন প্ৰায় পানীৰ তলত। আৰু ঈশানীহঁতৰ ঘৰখনো সেই পানীৰ মাজত...

কটন কলেজৰ বাহিৰত কিতাপ বিক্ৰী কৰা ছোৱালীজনী

প্ৰথমবাৰৰ বাবে যেতিয়া সি তাইক লক্ষ্য কৰিছিল, তাই তেতিয়া কিতাপ এখনৰ দামক লৈ গ্ৰাহক এজনৰ লগত তৰ্ক কৰি আছিল। “নহব খুড়া”, তাই কিতাপখন হাতত লৈ কৈ আছিল, “হোমেন বৰগোহাঁইৰ প্ৰথম সংস্কৰণৰ কিতাপ ত্ৰিশ টকাত বিক্ৰি কৰিব নোৱাৰি। হৃদয় ভাঙিলেও আজিকালি তাতকৈ বেছি খৰচ হয়।” মানুহজন হাঁহি-হাঁহি বিৰবিৰাই গুচি গ’ল। তাই একো গুৰুত্ব নিদিলে।  কটন ইউনিভাৰ্চিটিৰ মূল গেটখনৰ ইপাৰে কাঠৰ টুলখনত তাই আকৌ বহিল আৰু কিতাপবোৰ পুনৰ সজাই ল’লে। গেটখনৰ কাষত ৰৈ ঋতুৰাজে তাইৰ ফালে চাই থাকিল। আগতেও সি তাইক দেখিছিল। প্ৰতিদিনে ৰাজনীতি বিজ্ঞানৰ ক্লাছ আৰু ছাত্ৰ একতা সভাৰ আলোচনাবোৰৰ মাজত সি তাইক দেখে - এখন ম্লান হৈ পৰা নীলা টাৰ্পলিনৰ তলত বহি চেকেণ্ড হেণ্ড কিতাপ বিক্ৰী কৰে তাই।  তাইৰ তাত উপলব্ধ আছিল অসমীয়া উপন্যাসৰ এক মেটমৰা সম্ভাৰ, পৰীক্ষাৰ গাইড, হালধীয়া হৈ পৰা বহুকেইটা কবিতা সংকলন, কিছু পুৰণি আলোচনী আৰু সযতনে ভাঁজ কৰি থোৱা বাতৰি কাকত। বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে তাইক আওকাণ কৰিছিল। ঋতুৰাজে নকৰিছিল। কিয় সি তাইক মন কৰিছিল সি নাজানে। হয়তো চৌপাশৰ মানুহবোৰৰ লগত তাইৰ মিল নাছিল, সেই বাবে। বা, এনেকৈ বিশ্ববিদ্যালয় এখনৰ সম্মুখত কিতাপ...