বৰ গভীৰ আছিল সেই ৰাতি।
আকাশখন যেন এক অসহ্য যন্ত্ৰণাত কঁপিছিল।
বিজুলীৰ বজ্ৰৰেখাই আকাশখন পোহৰাই তুলিছিল।
সেই ৰাতিৰ আকাশৰ তলত খোজকাঢ়ি মোৰ এনে লাগিছিল যেন হয়তো সৰগৰ পৰা কোনোবাই আমাৰ ফটো তুলি আছে।
তাই আৰু মই একেটা ছাতিৰ তলত খোজকাঢ়ি গৈ আছিলোঁ। বৰষুণৰ টোপালবোৰে ছাতিৰ ওপৰত পৰি এক অদ্ভুত সুৰ সৃষ্টি কৰিছিল।
তাই মোৰ হাতখন মেৰিয়াই ধৰি আছিল; যেন হাতখন এৰি দিলেই মই হেৰাই যাম।
ৰাস্তাটো প্ৰায় খালী আছিল। ক'ত আছিল বাৰু বাকী মানুহবোৰ?
দোকানবোৰ বন্ধ, পথবোৰ নিস্তব্ধ।
কিন্তু আমি সেইবোৰলৈ একো গুৰুত্ব দিয়া নাছিলোঁ। আমাৰ বাবে সেই মুহূৰ্তকেইটা, সেই সময়কণ পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তু আছিল।
কাৰণ মাজত আছিল আৰু মাত্ৰ কেইটামান দিন।
তাৰ পিছত মই এই চহৰ এৰি বহু দূৰলৈ গুচি যোৱাৰ কথা।
কিছু সময়ৰ নীৰৱতাৰ পাছত, তাই হঠাতে মোক সুধিছিল, “তুমি মোক পাহৰি যাবা নেকি?”
প্ৰশ্নটো সৰু আছিল, কিন্তু তাৰ মাজত লুকাই আছিল তাইৰ মনৰ সহস্ৰ বেদনা, লগতে কিছু ভয়।
মই হাঁহিবলৈ চেষ্টা কৰিছিলোঁ।
“এনে কেতিয়াও হব নোৱাৰে। লগ পাই নেথাকিলেও, আমি সদায় সপোনত কথা পাতিম।”
সেই উত্তৰ শুনি তাই এটা শেঁতা হাঁহি মাৰিছিল। হয়তো তাই জানিছিল যে সপোন বাস্তৱ নহয়। তথাপিও তাই বিশ্বাস কৰিছিল।
কিছুমান মিছা কথা মানুহে সত্য বুলি বিশ্বাস কৰিব বিচাৰে, কাৰণ কেতিয়াবা সত্য সহ্য কৰাটো কষ্টদায়ক।
আমি আহি তাইৰ ঘৰৰ সন্মুখত উপস্থিত হৈছিলোঁ।
বিজুলীৰ চমকে আকৌ এবাৰ আকাশ পোহৰাই তুলিছিল।
সেই পোহৰত মই তাইৰ মুখলৈ চাইছিলোঁ। তাইৰ গালত সেয়া বৰষুণৰ টোপাল নে চকুপানী আছিল, মই ধৰিব পৰা নাছিলোঁ।
“যাওঁ”, মোৰ হাতখন এৰি তাই লাহেকৈ কৈছিল।
মই একো নোকোৱাকৈ তাইলৈ চাই আছিলোঁ।
সেই মুহূৰ্তত আচলতে আমি ইটোৱে-সিটোক বিদায় দিব বিচৰা নাছিলোঁ।
কেইছেকেণ্ডমান আমি একে ঠাইতে থিয় হৈ আছিলোঁ। সেই সময়খিনিক যেন আৰু অলপ দীঘল কৰিব বিচাৰিছিলোঁ আমি।
কিছু পৰ পাছত, লাহেকৈ তাই ঘৰৰ ফালে আগবাঢ়িছিল। ঘৰৰ বাহিৰৰ দুৱাৰখনৰ ওচৰত থিয় হৈ এবাৰ ঘূৰি চাই হাঁহিছিল তাই।
সেই হাঁহিটোত আছিল ভালপোৱা, দুখ, আশা আৰু অসহায়তা।
তাৰ পিছত তাই ভিতৰলৈ সোমাই গৈছিল।
দুৱাৰখন বন্ধ হৈ পৰিছিল।
বহু পৰ মই সেই ঠাইতে থিয় হৈ আছিলোঁ।
তাৰ পিছত মই নিজৰ ঘৰলৈ খোজ দিছিলোঁ।
বৰষুণৰ বেগ তেতিয়াও কমা নাছিল।
ৰাস্তাৰ কাষৰ লাইটবোৰ এক অস্পষ্ট স্মৃতিৰ দৰে জিলিকি আছিল।
মোৰ কাণত তেতিয়াও বাজি আছিল তাইৰ প্ৰশ্নটো: “তুমি মোক পাহৰি যাবা নেকি?”
তাৰ পাছত বহু বছৰ পাৰ হৈ গ'ল।
জীৱনে মোক বহু চহৰ দেখুৱালে, বহু মানুহৰ লগত চিনাকি কৰালে। কিন্তু কেতিয়াবা যেতিয়া গভীৰ ৰাতি বৰষুণ নামে আৰু বিজুলীয়ে আকাশ আলোকিত কৰে, মই অজানিতে সেই ৰাতিটোলৈ উভতি যাওঁ।
মই এতিয়াও ভাবোঁ - হয়তো সেইদিনা সঁচাকৈয়ে কোনোবাই আকাশৰ পৰা আমাৰ ফটো তুলিছিল!
আজিও বিচাৰোঁ মই সেই ফটোবোৰ!!
বৰষুণৰ মাজত, এটা ছাতিৰ তলত থিয় হৈ থকা সেই দুটি আত্মাৰ ফটো - এক পুৰুষ, এক নাৰী।
কেতিয়াও সঁচা নহয় বুলি জানিও সপোন দেখা সেই দুটি প্ৰেমৰ পথিকৰ পথ আৰু কোনোদিনে লগ নহল।
মনত থাকিল কেৱল সেই ৰাতিটো….
আৰু সেইজাক বৰষুণ।
******
Comments
Post a Comment