নাইট চুপাৰখন তেতিয়াও আহি পোৱা নাই।
অবিনাশ আৰু শ্ৰেয়া বাছ আস্থানত অপেক্ষাৰত।
“মই কি কৈছিলো মনত আছে নহয়?” শ্ৰেয়াই লাহেকৈ ক’লে অবিনাশক।
সি মূৰ দুপিয়ালে।
‘আজি ৰাতি আমি তৰা চাই যাম দেই’ - এইষাৰ কথা কৈছিল তাই।
কথাৰ সুৰত লুকাই আছিল এক অদ্ভুত উচ্ছ্বাস।
অবিনাশে মৃদুকৈ হাঁহি সন্মতি দিছিল। সি জানিছিল, তাৰ দৰেই, শ্ৰেয়াই আকাশ, তৰা আৰু জোনাক ভাল পায়।
আজি দুয়োৰে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ বাছেৰে যাত্ৰা।
এখন নতুন ধৰণৰ বাছ - সম্পূৰ্ণভাৱে শ্লিপাৰ। তলত-ওপৰত দুয়োতে শুই যাব পাৰি।
অলপ পাছত বাছখন পালেহি। সিহঁত উঠিল।
দুয়োৰে স্থান তলৰ শ্লিপাৰত। যথেষ্ঠ আহল-বহল, ধুনীয়াকৈ বহি কথাও পাতি যাব পাৰি।
অবিনাশ আৰু শ্ৰেয়া খিৰিকীখনৰ কাষতে বহি ল’লে। স্পষ্ট কাঁচৰ মাজেৰে বাহিৰখন প্ৰস্ফুটিত হৈ আছিল।
বাছখন কিছু দেৰি পাছত চলিবলৈ ধৰিলে।
খিৰিকীৰ বাহিৰত তেতিয়া সন্ধিয়া লাহে-লাহে নিশালৈ ঢাল খাইছিল।
চাহ বাগিচাৰ লানি-লানি গছবোৰৰ ওপৰত নিয়ৰৰ এক মৃদু প্ৰলাপ পৰা আৰম্ভ কৰিছিল।
বাছখনৰ ভিতৰৰ লাইটবোৰ বন্ধ কৰি দিয়াৰ লগে-লগে বাহিৰৰ এন্ধাৰ আৰু স্পষ্ট হৈ পৰিল - জিলিকি পৰিল নিশাৰ আকাশ, লগতে জিলিকি উঠিল তৰাবোৰ।
শ্ৰেয়াই অবিনাশক ইংগিত দিলে বাহিৰলৈ চাবলৈ।
ধৰাৰ ওপৰত সেয়া তৰাৰ জিকমিকনি।
তৰাবোৰে যেন সিহঁতক হাত বাউলি মাতিছে।
“এই আকাশখন চাই থাকিলে মনটো কিয় জানো ভাল লাগি যায়,” শ্ৰেয়াই লাহেকৈ ক’লে।
“আকাশে যে একো লুকুৱাই নাৰাখে, সেইবাবেই চাগে”, অবিনাশে তাইলৈ চাই উত্তৰ দিলে।
দুয়ো বাহিৰলৈ চাই থাকিল।
শিৰীষ গছবোৰ দ্ৰুত গতিত পাৰ হৈ থাকিল।
অবিনাশ শ্ৰেয়াৰ আৰু কাষ চাপিল।
তাই তৰাবোৰলৈ চাই-চাই কাহিনীৰ দৰে কিছু কথা কবলৈ ধৰিলে ক’লে - তাইৰ শৈশৱৰ কথা, কিছু অসম্পূৰ্ণ সপোনৰ কথা, তাইৰ জীৱনৰ কথা।
অবিনাশে মন দি শুনি থাকিল। এই শুনাটোও যেন এক প্ৰকাৰৰ ভালপোৱা।
কথাবোৰৰ মাজে-মাজে তাই অলপ থমকি ৰয়। সেই নীৰৱতাবোৰৰ মাজত অবিনাশে তাইৰ হাতখন লাহেকৈ ধৰি থাকে।
সেই মুহূৰ্তত তাৰ এনে লাগিছিল যেন খিৰিকীৰ বাহিৰৰ আকাশখন আৰু ভিতৰৰ এই শ্লিপাৰখনতেই পৃথিৱীখন সীমাবদ্ধ হৈ পৰিছিল।
“মোৰ কেতিয়াবা এনে লাগে যেন জীৱনত সকলোবোৰ কথা ক’ব পৰা কোনোবা এজন মানুহ লগত থাকিলেই যথেষ্ট”, শ্ৰেয়াই কিছু পৰ পাছত লাহেকৈ ক’লে।
অবিনাশে তাইৰ ফালে চালে। বাহিৰৰ পৰা অহা পোহৰে তাইৰ মুখখন উজলাই তুলিছিল। তাইৰ চকুত আছিল এক ধৰণৰ কোমল দীপ্তি - যেন বহু কথা ক’ব খোজে কিন্তু শব্দবোৰে নিজেই লাজ পায়।
“আছে নেকি তেনে কোনোবা তোমাৰ?” অবিনাশে তাইক জোকাবলৈকে সুধিলে।
শ্ৰেয়াই তাৰ ফালে চাই হাঁহিলে। তাৰ পাছত তাই লাহেকৈ অবিনাশৰ কান্ধত মূৰটো থৈ দিলে।
“এতিয়া উত্তৰ পাই গৈছা নহয়?”, তাই ক’লে।
অবিনাশে একো নক’লে। সেই মুহূৰ্তত শব্দবোৰ গৌণ হৈ পৰিছিল।
বাছখন ৰাস্তাৰ কাষৰ এখন সৰু চাহ দোকানৰ আগত ৰখালে। এজন যাত্ৰী বাছত উঠিল। কোনোবাই কিবা আনিবলৈ নামি গ’ল।
বাছখনৰ ভিতৰত পুনৰ লাইট জ্বলিল। তাৰ লগে-লগে তৰাবোৰ অলপ লুকাই গ’ল।
শ্ৰেয়াই বিৰক্তিৰে খিৰিকীৰ বাহিৰলৈ চাই থাকিল।
“তৰাবোৰ হেৰাই গ’ল,” তাই আক্ষেপেৰে ক’লে।
“হেৰাই যোৱা নাই,” অবিনাশে হাঁহি ক’লে, “কেৱল কিছু সময়ৰ বাবে চকুৰ পৰা আঁতৰি গৈছে।”
পুনৰ বাছখন চলিল। লাইটবোৰ আকৌ বন্ধ হ’ল। নিশাৰ আকাশখন যেন আকৌ সিহঁতৰ ওচৰলৈ ঘূৰি আহিল। শ্ৰেয়াই গভীৰ নিশ্বাস লৈ বাহিৰলৈ চাই থাকিল।
“শুনা,” তাই লাহেকৈ ক’লে, “এই যাত্ৰাবোৰ মোৰ খুব ভাল লাগে। গন্তব্যতকৈ বাটখিনিহে মোৰ বেছি প্ৰিয়।”
অবিনাশে তাইৰ হাতখন অলপ জোৰেৰে ধৰি ক’লে, “মোৰো। বিশেষকৈ যেতিয়া যাত্ৰাৰ সংগী তুমি।”
শ্ৰেয়াই হাঁহিলে। সেই হাঁহিত আছিল এক নিঃশব্দ প্ৰতিশ্ৰুতি।
বাহিৰত পথৰ কাষৰ গছবোৰ আৰু লাইটৰ খুঁটাবোৰ এফালৰ পৰা আনফাললৈ পাৰ হৈ গৈ আছিল। মাজে-মাজে বিস্তীৰ্ণ পথাৰ, কেতিয়াবা সকলো শূন্য - কেৱল অন্ধকাৰ।
কিন্তু বাছখনৰ ভিতৰত দুটি হৃদয় একেটা তালেৰে ধপধপাই আছিল।
শ্ৰেয়াই মৃদু স্বৰত সুধিলে: “ৰাতিৰ তৰাবোৰে জানেনে আমাৰ কাহিনী?”
অবিনাশে তাইৰ কপালত লাহেকৈ এটা চুমা দি উত্তৰ দিলে: “জানে। সেইবাবেইতো ইমান উজ্জ্বলতাৰে জিলিকি আছে।”
শ্ৰেয়াই তাৰ বুকুলৈ সোমাই আহিল।
নিশাৰ আকাশখন আৰু তৰাবোৰ সিহঁতৰ ভালপোৱাৰ নীৰৱ সাক্ষী হৈ থাকিল।
বাছখন আগবাঢ়ি গৈ থাকিল, সিহঁতৰ মৰমৰ দৰেই।
ৰাতি তেতিয়া নিশ্চুপ, গভীৰ আৰু অসীম।
Comments
Post a Comment