নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি।

বেলি তেতিয়া পশ্চিম দিশে ধাৱমান।

গাওঁৰ পদূলিবোৰ প্ৰায় উদং।

ৰাস্তাতো বেছি মানুহ নাই।

লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল।

কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়! 

তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ।

লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব।

তাৰ পাছত কি কৰিব তাই একো ভবাই নাই!

******

পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল। 

চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে।

টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন।

তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে।

সেয়া ৰন্টু। 

লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল।

পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে।

তাৰ পাছত চাইকেলখন চলাই সি লাহেকৈ আগবাঢ়িল।

লিপিকা কিছু সময় তেনেকৈয়ে খিৰিকীখনৰ কাষতে থাকিল।

যোৱা কিছু দিনৰ পৰা এয়া যেন এক অঘোষিত পৰম্পৰা হৈ পৰিছিল।

আবেলি সময়ত ৰন্টু আহি লিপিকাহঁতৰ ঘৰৰ আগেৰে টিলিঙা বজাই পাৰ হ’ব। লিপিকাই পৰ্দাৰ ফাঁকেৰে তাক চাব। পৰ্দাখনত হোৱা ফাঁকটো দেখি ৰন্টুৱে গম পাই যায় যে তাই তাক দেখিলে। তাৰ পাছত সি চাইকেলখন চলাই গুচি যায়।

******

ৰন্টু আৰু লিপিকা একেইখন গাঁৱৰে নিৱাসী।

দুয়ো একেই কলেজতে পঢ়া। অৱশ্যে সি তাইতকৈ দুবছৰ ডাঙৰ।

ৰন্টুৱে ইতিমধ্যে বি.এ. পাছ কৰিলে। যোৱা প্ৰায় দুবছৰ সি চাকৰি এটাৰ সন্ধানত।

বৰ্তমান সি ঘৰৰ খেতিত লাগি দিছে যদিও, এটা স্থায়ী সংস্থাপনৰ বাবেও সি সমানে লাগি আছে।

আৰু তাৰ এটা মুখ্য কাৰণ হৈছে লিপিকা।

সৰুৰে পৰা সি তাইক দেখিছে। একেই স্কুল, একেই কলেজত পঢ়িছে।

গাওঁৰ ভাওনা, সভা, নামঘৰ - সকলোতে তাইক দেখা পাই সি।

তাৰ দৰে তায়ো সামাজিক কামবোৰত ভাগ লয়।

আৰু এনেদৰেই এদিন ইজনে-আনজনৰ মনৰ কথা বুজি উঠিছিল। পাছে ইটোৱে-সিটোক সেই কথাষাৰ মুখেৰে কব পৰা নাছিল।

কিবা যেন ভয়, কিবা যেন সংকোচ দুয়োৰে মনত আছিল।

ইতিমধ্যে ৰন্টুৰ লগৰ দুই-এটাই তাইক কেতিয়াবা জোকোৱা আৰম্ভ কৰিছিল।

লিপিকাহঁতৰ কাষৰ ঘৰৰ বিপুল দা, ৰন্টুৰ খুব ভাল বন্ধু।

সৰুতে বিপুলে লিপিকাক জোকাইছিল - “লিপিকা, আলুগুতি পিটিকা” - বুলি। তেতিয়া তাই কান্দি-কান্দি মাক-দেউতাকক লগাই দিছিল কথাবোৰ আৰু বিপুলে ঘৰত মাৰ খাইছিল।

পিছে এতিয়া বিপুলে তাইক দেখিলে “মন হীৰা দৈ, চাইকেল নহয় টিলিঙা” গানটো গোৱা আৰম্ভ কৰি দিয়ে।

লিপিকাৰ মাজে-মাজে ভয়ো লাগে। ঘৰত গম পালে কি হ’ব, সেই কথা ভাবি কেতিয়াবা তাইৰ চিন্তা হয়।

******

“তই তাইক তোৰ মনৰ কথাবোৰ কৈ নিদিয় কিয়? তায়ো তোক ভাল পাই সেই কথা তই নিজেও জান’! এনেকৈ সদাই টিলিঙা বজায়েই প্ৰেম কৰিবি নেকি?”, বিপুলে ৰন্টুক ক’লে।

সিঁহতৰ গাওঁখনৰ কাষেৰে এখন নৈ বৈ গৈছিল।

মাজে-মাজে সিহঁতি আহি নদীখনতে গা ধুৱে।

আজিও সিহঁত দুটা নদীৰ পানীত।

“মই জানো তাই মোক ভাল পাই বুলি। তায়ো ভালদৰে জানে মই তাইক ভালপাওঁ বুলি। পাছে ভালপোৱাই জানো সকলো। ভৱিষ্যতৰ কথাও ভাবিব লাগিব। না মোৰ চাকৰি আছে, না মোৰ টকা-পইছা আছে। আমাৰ ঘৰৰ অৱস্থাও তই জানই দেখোন। ইমান অভাৱৰ মাজত তাইক জানো মই সুখত ৰাখিব পাৰিম!” 

পানীৰ সোঁতৰ মাজত থিয় হৈ ৰন্টুৱে কৈ উঠিল।

“সেইদিনা যে ইণ্টাৰভিও দিছিলি, সেইটোৰ ফলাফল কেতিয়া দিব?”

“অহা মাহত দিব লাগে।”

“সেইটো পালে কিন্তু তই ৰৈ নাথাকিবি। এহাতে চাকৰি আৰু আনহাতে লিপিকা!” কথাষাৰ কৈ বিপুলে হাঁহি মাৰি উঠিল।

নদীৰ পানী বৈ থাকিল।

******

“মথাউৰিৰ কাষৰ বিষ্ণুদাৰ ঘৰটো পাৰ হৈ ডাঙৰ গছজোপাৰ তলত সি ৰৈ থাকিব। তই ঠিক পাঁচ বজাত সেই ঠাইলৈ যাবি।” 

বিপুলৰ কথাত লিপিকাই কি কৰিম-কি নকৰিমকে ঠাইতে ৰৈ থাকিল।

বিপুল সিঁহতৰ ঘৰলৈ মাজে-মাজে এনেও আহে, পাছে আজি আহি যে সি এনে এটা কথা তাইক কব, লিপিকাই ভৱা নাছিল। 

‘কিয় বা মাতিছে সি??’ তাই ভাবিবলৈ ধৰিলে। অলপ ভয়ো লাগিল।

“বেছি ভাবি থাকিব নালাগে! তই মুঠতে যাবি।”

কথাষাৰ কৈ বিপুল গ’লগৈ।

লিপিকাৰ মনৰ মাজত তেতিয়া এজাক ধুমুহা।

******

লিপিকাই অকলে যাবলৈ সাহস কৰিব নোৱাৰিলে।

তাইৰ লগৰ কল্পনাকো লগত লৈ গ’ল। কল্পনাই সকলোবোৰ কথা জানে বাবে, তাইক লগত লৈ যোৱাটো সুবিধাজনক বুলি ভাবিলে লিপিকাই।

পাঁচ বজাৰ ঠিক আগে-আগে দুয়ো গৈ সেই ঠাইটুকুৰা পালেগৈ।

গছজোপাৰ তলত সেয়া ৰন্টু।

চাইকেলখন গছজোপাৰ গাত ভেজা দি ৰখাই থৈছে। কিছু সময় আগতে লিপিকাহঁতৰ ঘৰৰ আগেৰে টিলিঙা বজাই পাৰ হৈ আহিছে সি।

“তই কথা পাতগৈ। মই এইখিনিতে আছোঁ।” কল্পনাই কলে।

লিপিকাই মুৰ দুপিয়াই আগবাঢ়িল।

ৰন্টুৱে তাইৰ ফালে চাই আছিল।

কিয় জানো তাইৰ আজি বেছিকৈ লাজ লাগিল।

তাই গৈ তাৰ কাষ পালেগৈ।

ৰন্টুৱে একো নোকোৱাকৈ তাইৰ ফালে কাগজৰ খাম এটা আগবঢ়াই দিলে।

তাই অলপ অপ্ৰস্তুত হ’ল।

‘প্ৰেমপত্ৰ দিবলৈ মোক ইয়ালৈ মাতিলে নেকি!’ তাইৰ মনলৈ প্ৰথম এই কথাষাৰেই আহিল।

তাৰ পাছতহে তাই মন কৰিলে যে খামটো অলপ বেলেগ ধৰণৰ।

যেতিয়া তাই হাতত খামখন লৈ ওপৰত “অসম চৰকাৰ” বুলি লিখি থোৱা দেখিলে, তাই বুজি উঠিলে সেইখন কি।

সি চাকৰি পালে!

লিপিকাই তাৰ ফালে চালে।

লাহেকৈ হাঁহি এটা মাৰি ৰন্টুৱে ক’লে, “চাকৰিটো নিজৰ কৰিলোঁ। এতিয়া তোমাকো নিজৰ কৰিব বিচাৰোঁ। তুমি কি কোৱা?”

“উত্তৰটো তুমি জানাই”, এইবুলি কৈ তাই লাজতে তলমুৰ কৰিলে।

“মন হীৰা দৈ” গানটো গাই, চাইকেলৰ টিলিঙা বজাই বিপুল কাষেৰে পাৰ হৈ গ’ল।

মথাউৰিৰ কাষেৰে নৈখনে এটি নতুন সপোন নিজৰ বুকুৰ মাজত লৈ বৈ যাবলৈ ধৰিলে।

******

Comments

Popular posts from this blog

প্ৰাপ্তি-অপ্ৰাপ্তিৰ ভাষা

দেবু

সপোনত বন্দী তাইৰ ইতিহাস