Skip to main content

সপোনত বন্দী তাইৰ ইতিহাস

 ভালকৈ টোপনি ধৰা নাই তাইৰ।


কিয় জানো চকু মুদিলেই তাই দেখা পাইছে এটাৰ পাছত আন এটা অদ্ভূত সপোন।


বাৰে-বাৰে সাৰ পাই গৈছে তাই।


আজি দিনটো তাই শিৱসাগৰত কটাইছিল। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱ দৌল, সকলোবোৰ চাই আহিছিল তাই। আহোম সাম্ৰাজ্যৰ ঐতিহ্যৰ মাজত দিনটো পাৰ কৰি আহি, তাইৰ মনত বহুতো প্ৰশ্নৰ জন্ম হৈছিল।


আৰু সেইবাবেই চাগে আজি তাইৰ সপোনত অসম বুৰঞ্জীৰ কিছু ঘটনাপ্ৰবাহ বৈ গৈছেহি।


******


তাইৰ সম্মুখত সেয়া তলাতল ঘৰ।


কিন্তু সেয়া আজি দেখা তলাতল ঘৰ নহয় - তাই সপোনত দেখিছে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত কাঠেৰে নিৰ্মাণ কৰা সেই ৰাজকীয় আবাস।


তলাতল ঘৰৰ উপৰভাগ এতিয়া উন্মুক্ত নহয়। তাইৰ সম্মুখত এতিয়া সেই চাৰি মহলীয়া ৰাজকীয় আৱাস। তাই দেখিছে ৰজাৰ মন্ত্ৰণাঘৰ, ৰাণীৰ কক্ষ, ন্যায়সোধা ফুকনৰ বৰচৰা, ভিতৰুৱাল ফুকনৰ গোপন বৰচৰা।


তাই সপোনত বিচৰণ কৰি থাকিল সেই ৰাজকীয় কাৰেঙত।


তলাতল ঘৰৰ তলৰ সুৰঙ্গবোৰহে তাই দেখা নাপালে।


******


এতিয়া তাইৰ সমুখত কীৰ্তি চন্দ্ৰ বৰবৰুৱা। 


খং আৰু চিন্তাৰে জৰ্জৰিত তেওঁৰ মুখমণ্ডল।


স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত তেওঁৰ অপাৰ ক্ষমতা কিন্তু তেওঁৰ সংঘাত মায়ামৰা সত্ৰৰ সৈতে।


মায়ামৰীয়া মহন্ত,অষ্টভুজ মহন্তৰ পুত্ৰ গাগিনী ডেকা মহন্তক অপমান কৰাক লৈ ইতিমধ্যে পৰিস্থিতি বেয়ালৈ ঢাল খাইছে।


তাই এতিয়া দেখিছে ৰাঘৱ মৰাণক। 


আহোমৰ হাতত অপমানিত হৈ ৰাঘৱৰ বুকুত জ্বলিছে জুই।


বিদ্ৰোহ কৰি উঠিল মৰাণসকলে।


আৰু আৰম্ভ হ’ল সেই বিখ্যাত মোৱামৰীয়া বিদ্ৰোহ।


ৰাঘৱক সংগ দিলে নাহৰখৰা শ‌ইকীয়া আৰু তেওঁৰ দুই পত্নী ৰাধা আৰু ৰুক্মিণীয়ে। 


সেই বিদ্ৰোহৰ জুইত জাহ গল আহোম ৰাজধানী ৰংপুৰ। জ্বলি উঠিল তলাতল ঘৰ। 


তাই এতিয়া দেখিছে মোৱামৰীয়া বিদ্ৰোহত তলাতল ঘৰৰ কাঠেৰে নিৰ্মিত ওপৰৰ সেই দুই মহল জুইত জাহ যোৱা।


তাই ছটফটাই উঠিল।


******


তাইৰ সম্মুখত সেয়া কুৰংগনয়নী - মণিপুৰৰ ৰাজকুমাৰী আৰু অসমৰ বৰকুঁৱৰী।


স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ সৈতে বিবাহ হৈ অসমৰ বোৱাৰী হোৱা কুৰংগনয়নী আজি তাইৰ সপোনত।


কুৰংগনয়নীৰ হাতত এখন তৰোৱাল।


সেয়া ৰাঘৱ মৰাণ - ক্ষমতা দখল কৰি ৰাঘৱে ইতিমধ্যে বিধৱা হোৱা কুৰংগনয়নীক জোৰকৈ নিজৰ কৰি ৰাখিছিল।


সেয়া বহাগ বিহুৰ সময়।


বিহুৱা দলৰ ছদ্মবেশত অহা আহোম সেনাৰ দলটোৰ আগত ৰাঘৱ মৰাণে আঁঠু লৈছে।


আৰু সেই মূহুৰ্ততে কুৰংগনয়নীৰ হাতত থকা তৰোৱালে আঘাত কৰিছে ৰাঘৱক।


কুৰংগনয়নীৰ প্ৰতিশোধ আজি তাইৰ সপোনত!


আহোম সেনাই পুনৰ দখল কৰিলে শাসনৰ বাঘজৰী।


তাই সপোনত দেখি আছে কথাবোৰ।


এইবোৰ বাৰু সপোন নে ইতিহাস নে কিংবদন্তি!


নাজানে তাই!


সপোন ৰাজ্যত বিচৰণ কৰি তাই আজি বুৰঞ্জীৰ মাজত।


******


এতিয়া তাই শদিয়াত।


তাইৰ সম্মুখত সেয়া সাধনী নাৰায়ণ, চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী। 


শেষ চুতীয়া ৰজা ধৰ্মধ্বজপালৰ (ধীৰনাৰায়ণ) কন্যা তাই - যাক আমি আজি জানো সতী সাধনী বুলি।


তাই দেখি আছে চন্দনগিৰি পৰ্বতৰ শিখৰত সতী সাধনীক আত্মবলিদানৰ বাবে সাজু হোৱা।


ইতিমধ্যে আহোম সেনাই পৰাস্ত কৰিছিল তাইৰ সৈন্যবাহিনীক।


আত্মসমৰ্পনতকৈ মৃত্য বাছি লৈছিল সেই মহীয়সী নাৰীয়ে।


সেই দৃশ্য দেখি সপোনতে তাই যেন কান্দি উঠিল।


*****


এতিয়া তাই ইয়াণ্ডাবুত।


ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা মাত্ৰ ৮০ কিলোমিটাৰ আঁতৰত থকা ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু গাঁৱত।


এই গাঁৱতেই হস্তাক্ষৰ কৰা হৈছিল সেই বিখ্যাত ইয়াণ্ডাবু সন্ধি - এই সন্ধিখনেই সলাই পেলাইছিল আধুনিক অসমৰ ইতিহাস।


তাই দেখি আছে ব্ৰিটিছ জেনেৰেল ছাৰ আৰ্চিবল্ড কেম্পবেল আৰু তেতিয়াৰ ব্ৰহ্মদেশৰ লেগাইৰ ৰাজ্যপাল মহা মিন লা কিয়' টিন'-এ এই সন্ধিত স্বাক্ষৰ কৰি থকা।


মানৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল অসম।


আহোম সাম্ৰাজ্যৰ অন্ত পৰিছিল।


আৰম্ভ হৈছিল ব্ৰিটিছ শাসন।  


সেয়া যেন আন এক অধ্যায়।


তাই সপোনতে ভাগৰি পৰিছিল।

 

******


শেষ নিশা তাইৰ টোপনি ধৰিছিল।


ৰাতিপুৱা সাৰ পাই বিচনাতে বহি ভাবি থাকিল তাই সপোনৰ কথাবোৰ।


ইতিহাসে হেনো পক্ষ নলয়।


পাছে ইতিহাসে জানো কব পাৰে কোন নায়ক, কোন খলনায়ক?


নে সেয়া কেৱল ইতিহাস লিখাজনৰ বা পঢ়াজনৰ নিজৰ ব্যাখ্যা?


নায়কৰ বা সংজ্ঞা কি?


খলনায়ক নো কোন?


আৰু তাই - এই ইতিহাসত তাইৰ স্থান কত? 


তাইনো কোন?


হঠাৎ খোলা খিৰিকীখনেৰে বৈ অহা এজাক বতাহে কোবাই থৈ গ’ল তাইক।


বতাহজাকে যেন লগতে উত্তৰ দি গ’ল

 - তাই বুজিলে তাই কোন!


তাই কুৰংগনয়নী, তাই ৰাধা, তাই ৰুক্মিণী, তাই সাধনী।


তাই হৈছে নাৰী - ইতিহাসৰ পাতে-পাতে তাইৰ কাহিনী।


******






Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...