Skip to main content

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

 

লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল। 

সময় তেতিয়া সন্ধিয়া ৫ বাজিছে।

আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে।

সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ।

আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে।

আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই।

সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে।

কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে।

প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল।

‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন!

লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ।

সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে।

তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে।

সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল।

সি তাইলৈ ভালদৰে চালে।

তাইৰ বিশেষ পৰিৱৰ্তন হোৱা সি দেখা নাপালে - হয়তো চুলিৰ ষ্টাইল অলপ সলনি হৈছে। বেছি শকত হোৱা নাই যদিও, আগতকৈ অলপ শকত হ’ল। 

সভা শেষ হোৱাৰ পাছত কথা পাতিম বুলি সি ঠিৰাং কৰিলে।

******

আলোচনাচক্ৰখন বৰ সুন্দৰকৈ অনুষ্ঠিত হৈ হ’ল। দৰ্শক হিচাপে বিষয়টোৰ ওপৰত সিও কিছু বক্তব্য ৰাখিলে।

কথাখিনি কৈ থাকোঁতে সি মন কৰিছিল যে তাইৰ চকু তাৰ ওপৰত নিৱদ্ধ। তাক দেখি তায়ো নিশ্চয় কিছু আচৰিত হৈছিল।

সৰুকৈ চাহ- জলপানৰ আয়োজন কৰা হৈছিল। সি হাতত চাহৰ কাপটো লৈ তাইৰ ফালে আগবাঢ়ি গ’ল।

তাই লগৰজনীৰ লগত কথা পাতি আছিল। তাক দেখি তায়ো তাৰ ফালে আগবাঢ়ি আহিল।

"কেনে আছ তই?" সি সুধিলে।

“মোৰ ভাল। তোৰ খবৰ ক’?”

“মোৰো ভাল। কাম কৰি আছোঁ, জীৱনটো আগুৱাই গৈ আছে।” 

দুয়ো গৈ চুক এটাত বহিলেগৈ। অলপ নিৰলে কথা পাতিবলৈ যেন দুয়োৰে মন গৈছিল। 

কিছু সময় মৌনতা। 

“বহু দিনৰ পাছত লগ পালোঁ তোক”, নীৰৱতাৰ অন্ত পেলাই সি ক’লে।

“পাঁচ বছৰমান হ’ল চাগে?”

“সাত বছৰ”, সি উত্তৰ দিলে।

"সাত বছৰ…" তায়ো ক’লে, মনতে যেন তাই হিচাপ কৰাত লাগিল।

সি হিচাপ নকৰিলেও হ’ব - তাৰ মনত আছে সাত বছৰ আগৰ সেই দিনটোৰ কথা। 

“আমি শেষবাৰৰ বাবে কেতিয়া লগ পাইছিলো মনত আছেনে?” তাইৰ মনত আছে নাই জানিবলৈ সি সুধিলে।

তাই সৰুকৈ হাঁহিলে আৰু ক’লে, “আছে। আমি একেলগে কফি খাইছিলো আৰু তাৰ পিছত তই মোক ঘৰত নমাই থৈ আহিছিলি।”

“তাৰ পাছত যে আমি ইমান দিন লগ নোপোৱাকৈ থাকিম তই সেই সময়ত ভাবিছিলিনে?” তাইৰ চকুলৈ চাই সি ক’লে।

“নাই, এবাৰো ভবা নাছিলো”, তাইৰ মাতটোৱে যেন সেই পুৰণা স্মৃতিৰ এক নিস্তব্ধ ওজন কঢ়িয়াই লৈ ফুৰিছিল।

পুনৰ কিছু মৌনতা। অকথিত কথাৰে ভৰা আন কেইটিমান ক্ষণ।

সেই শেষ লগ পোৱাৰ পাছৰ কাজিয়াবোৰ, কথা নপতাকৈ থকা দিনবোৰ, লাহে-লাহে ইটো-সিটোৰ পৰা আঁতৰি অহা কথাবোৰ, দুয়োৰে মনৰ মাজত আগদেৱা কৰিবলৈ ধৰিলে।

আত্ম-অৱজ্ঞাসূচক হাঁহি এটা মাৰি সি ক’লে, “আমি যে ইমান পাগল আছিলো তেতিয়া!”

“সেই সময়ত আমি জীৱনৰ বিষয়ে জনিছিলোৱেই বা কিমান!”, তাই কিছু গহীন হৈ ক’লে।

“সেইটো হয়। ডেকা বয়স, তেজত যৌৱনৰ জোৱাৰ আৰু পাগলামি কৰাৰ কিবা এটা আমেজ আছিল। সপোনো আছিল বহু - নিজক লৈ, তোক লৈ, আমাক লৈ।”

“আৰু তাৰ পিছত সকলোবোৰ ছিন্ন-ভিন্ন হৈ পৰিল,” তাই সহজভাৱে ক’লে।

সি হাঁহিলে। 

"তেতিয়া আমি কৈশোৰ পাৰ কৰি, যৌৱনত ভৰি দিছিলোহে। সঁচা কথা ক'বলৈ গ'লে আমি তেতিয়া আৱেগত উটি-ভাঁহি আছিলো। আৰু তাৰ পিছত আমি ডাঙৰ হ'লোঁ। আমি সলনি হ'লোঁ। মই কিছু ভুল কৰিলোঁ, কিছু তই কৰিলি। আৰু আমাৰ প্ৰেম, আমাৰ ভালপোৱা, ম্লান হৈ পৰিল।"

তাই তলমূৰ কৰিলে আৰু তাৰ পিছত মৃদুকৈ হাঁহি কৈ উঠিল, “আমাৰ প্ৰথম কাজিয়াখন মনত আছেনে?”

“তোক যে সেই চিঠিখন লিখিছিলোঁ আৰু তই কান্দিছিলি?”

“অ’। মই বহুত কান্দিছিলো সেইদিনা।”

“মই কেতিয়াও তোক আঘাত দিব বিচৰা নাছিলো।”

“কিন্তু তথাপিও তই দিলি!”

"ভুলবোৰ তাৰ পৰাই আৰম্ভ হৈছিল চাগে….”

“হয়তো…” তাই মৃদুভাৱে ক’লে।

মানুহ এজন আহি তাক মাত লগালেহি। সি কিছু সময় সেই মানুহজনৰ সৈতে কথা পাতিলে। 

হেণ্ডছেক এটা দি মানুহজন গ’লগৈ।

তাৰ তেতিয়া কথা এটা মনত পৰিল তাৰ।

ওঁঠত হাঁহি এটা সানি, সি তাইক সুধিলে, “প্ৰথম তোৰ হাতত ধৰি খোজকাঢ়ি ফুৰা সেই দিনটো মনত আছেনে তোৰ?” 

তাই হাঁহিলে। “অৱশ্যেই আছে। আমাৰ লগৰবোৰে যাতে আমি হাতত ধৰি খোজকাঢ়ি আছোঁ বুলি গম নাপায়, তাৰ বাবে আমি যি কিমান সচেতন আছিলো! বেলেগে কি কৈছে একো গুৰুত্ব নিদিয়াকৈ, সকলো কথা শুনি থকা অভিনয় কৰি থাকিলোঁ সেইদিনা।”

“ৰাতিৰ আন্ধাৰেও সহায় কৰিছিল সেইদিনা আমাক।”

“গাড়ীবোৰ আহিলে হেডলাইটৰ পোহৰৰ পৰা আমাৰ যুগ্ম হাত লুকুৱাবলৈও আমি যে কিমান কি কৰিছিলোঁ!” তাই হাঁহি-হাঁহি কৈ উঠিল; তাই যেন পাহৰি গল আমাৰ কাষত আন মানুহৰ উপস্থিতি।

“কি যে এক সুন্দৰ নিশা আছিল সেয়া!” সি কৈ উঠিল।

এন্ধাৰো যে আপোন হব পাৰে, সেইদিনা গম পাইছিল সি; সেয়ে সেই ৰাতিটোৰ কথা কোনো দিনে পাহৰা নাই সি।

তায়ো যে পাহৰা নাই সি গম পালে আজি।

সি তাইলৈ চালে। তাইৰ দুচকুত এতিয়া নিস্তব্ধতা। এক শান্তিৰ প্ৰতিচ্ছবি।

তাই ঘড়ীটোলৈ চালে। 

“আমি যাব লাগে। মই ট্ৰেইনিং এটাৰ কাৰণে গুৱাহাটী আহিছিলো। মোৰ এই লগৰজনীৰ ঘৰত আছিলো; কালি ৰাতিপুৱা ঘৰলৈ ঘূৰি যাম। আজি তাইৰ লগত ইয়ালৈ আহি ভালেই কৰিলোঁ। তোক লগ পালোঁ।”

“মোৰো ভাল লাগিল। আশাকৰোঁ আকৌ কেতিয়াবা এনেকৈ আমি ইজন-সিজনৰ লগত মুখামুখি হ’ম।”

“আশাকৰোঁ”, তাই লাহেকৈ ক’লে আৰু লগৰজনীৰ সৈতে ওলাই গ’ল।

তাইৰ বিয়া ঠিক হৈছে নেকি সেই কথা সুধিবলৈকে থাকিল! 

তায়ো সেই কথা নুশুধিলে তাক।

******

লেপটপটোৰ সম্মুখত সি বহু সময় বহি থাকিল।

কিবা এটা লিখিম বুলি ভাবিও সি লিখিব পৰা নাছিল।

সি চকীখনৰ পৰা উঠি আহিল।

ৰুমৰ দুৱাৰখন খুলি সি বেলকণিত থিয় হ’ল।

বাহিৰত তেতিয়া জোনাক।

কোমল, স্নিগ্ধ পোহৰে ধৰাখন উজলাই ৰাখিছিল।

সি আজি দিনটোৰ কথা ভাবিব ধৰিলে। তাইৰ ফোন নম্বৰটো নুখুজিলে সি; তায়ো তাৰ নম্বৰ লোৱাৰ চেষ্টা নকৰিলে।  

হয়টো সেয়াই ভাল।

এটা এৰ খাই যোৱা সম্বন্ধক পুনৰ জোৰা লগোৱাৰ একো অৰ্থ নাই। 

জোনবাইটোলৈ কিছু সময় চাই থাকিল সি।

হঠাৎ যেন এক শব্দ তৰংগ তাৰ মাজেৰে পাৰ হৈ গ’ল।

জোনাকে যেন ফুচফুচাই কৈ থৈ গ’ল শব্দকেইটামান।

সি তাৰ ৰুমলৈ সোমাই আহিল।

তাৰ পুৰণা ডায়েৰীখন উলিয়াই আনিলে সি।

এখিলা উকা পাত উলিয়াই লিখিবলৈ ধৰিলে সি সেই কেইটা শব্দ, যি আছিল তাৰ মনৰ একেবাৰে আপোন - 

“অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন…”


Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...