ৰামপথাৰৰ ৰাইফল
ৰামপথাৰ - আধুনিক আৰু পুৰাতন - দুখন জগতৰ মাজত আবদ্ধ এখন গাঁও। ভৌগলিক ভাৱে এখন ভিতৰুৱা ঠাই, তথাপিও আধুনিকতাৰ পৰশে চুই যোৱা।
বৰপেটা জিলাৰ এটি প্ৰান্তত, বেকী নদীৰ পাৰৰ এখন অখ্যাত গাঁও। ইয়াত মোবাইল নেটৱৰ্ক ভালদৰেই পোৱা যাই, পিছে ৰাস্তাৰ নেটৱৰ্কটোহে বেয়া - মানে শিলগুটি দিয়া ৰাস্তা। প্ৰত্যেক নিৰ্বাচনৰ আগত ভাল ৰাস্তাৰ প্ৰতিশ্ৰুতি দিয়া হয়, পিছে সেই ৰাস্তাটো এতিয়াও হৈ উঠা নাই।
গাঁওখনৰ বেছিভাগ ঘৰেই এতিয়া কংক্ৰিটৰ। বিদ্যুৎ যোগান আছে যদিও বিজুলী মাজে-মাজে বিচ্ছিন্ন হয়।
গাওঁৰ যুৱকসকলে সস্তীয়া স্মাৰ্টফোনত ইউটিউব ভিডিঅ’ আৰু ইনষ্টাগ্ৰাম ৰীল চাই সময় কটাই। মহিলাসকলেও মোবাইলৰ ব্যৱহাৰ শিকি, আত্মসহায়ক গোটৰ কাম কৰিবলৈ হোৱাটছএপ গ্ৰুপ গঠন কৰি লৈছে।
গাঁওখনত বহু বছৰৰ পৰাই হিন্দু-মুছলমান, দুয়ো ধৰ্মৰে মানুহে মিলাপ্ৰিতিৰে বসবাস কৰিছিল। কিন্তু যোৱা কিছু বছৰৰ পৰা অঞ্চলটোৰ জনগাঁথনিত যেন এক নিস্তব্ধ পৰিৱৰ্তন ঘটিছিল। নদীৰ বালিচাপৰিত কিছু সংখ্যক জুপুৰি ঘৰ গজি উঠিছিল। স্থানীয় স্কুলখনৰ নামপঞ্জীত অধিক অচিনাকি নাম ওলাবলৈ ধৰিছিল।
লাহে-লাহে গাঁওখনৰ চাহৰ দোকানৰ আড্ডাবোৰত আৰু হোৱাটছএপ ফৰৱাৰ্ডবোৰৰ মাজত কিছুমান নতুন শব্দৰ সংযোজন ঘটিবলৈ ধৰিছিল - অবৈধ প্ৰব্ৰজনকাৰী, ভূমি বেদখল, ভোটদানৰ ধৰণৰ পৰিৱৰ্তনৰ, আদি।
সন্দেহ আৰু সংশ্ৰয়ৰ এক পৰিবেশ গাঁওখনত ঠন ধৰি উঠিছিল।
ঠিক তেনে এক সময়ত, এখন চৰকাৰী আঁচনিৰ কথা গাওঁৰ মানুহে গম পালে - ৰাজ্যৰ দুৰ্গম তথা স্পৰ্শকাতৰ অঞ্চলত থকা সাধাৰণ নাগৰিকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিবৰ বাবে এক বিশেষ আঁচনি। বাংলাদেশী অবৈধ প্ৰব্ৰজনকাৰীৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ বাবে এয়া এক সমল বুলি কোৱা হ’ল।
******
“তোৰ দেউতাই বোলে অস্ত্ৰৰ লাইচেঞ্চ এখন ললে?” ৰঞ্জনে ৰাধাক সুধিলে।
“অকল লাইচেঞ্চ নহয়, কালি ৰাইফল এটাও কিনি আনিলে।” ৰাধাই সম্মুখৰ পথাৰখনৰ ফালে চাই ক’লে।
ৰঞ্জন আৰু ৰাধা - দুয়োৰে প্ৰেমৰ সাক্ষী এই পথাৰখন। ৰামপথাৰ গাঁৱতেই ডাঙৰ-দীঘল হৈ, কলেজ পাই মানে দুয়োৰে মনৰ মিল ঘটিছিল।
ৰঞ্জন এতিয়া ওচৰৰে স্কুল এখনৰ শিক্ষক; ৰাধাই মাকৰ লগত ঘৰতে সৰুকৈ ব্যৱসায় এটা চলাই, লগতে ঘৰতে টিউচন কৰাই।
ৰাধাৰ দেউতাকৰ যথেষ্ট খেতি-মাটি আছে। ধনেৰে নহলেও, তেওঁ মাটিৰ ধনী।
“তয়ো ৰাইফল এটা কিনি ল’। দেউতাৰ বাহিৰেও, গাওঁৰ আৰু কিছু মানুহেও কিনিছে।” ৰাধাই তাৰ ফালে চাই ক’লে।
“তই পগলা হৈছ নেকি? মই আকৌ ৰাইফল কিয় কিনিম!” ৰঞ্জনে কিছু খঙেৰে কৈ উঠিল।
“যি হে দিনকাল পৰিছে, ভয়েই লাগে দেখোন। লগতে আজিকালি ফেচবুক, হোৱাটছএপত কিবাকিবি আহিয়েই থাকে নহয়।”
“তোক মই কিমান বুজাইছো যে ফেচবুক, হোৱাটছএপত অহা সকলো কথা বিশ্বাস নকৰিবলৈ। তোৰ নিজৰ মগজুটো খটুৱাবি কেতিয়াবা!” ৰঞ্জনে বিৰক্তিৰে ক’লে।
“তথাপিও কেতিয়াবা ভয় লাগে নহয়। গাঁওখনত অচিনাকি মানুহ ইমান দেখা পোৱা যায় আজিকালি।”
ৰঞ্জনে কথাটো মন নকৰা নহয়। সঁচাকৈয়ে বহু অচিনাকি মানুহেৰে ভৰি পৰিছে এই অঞ্চলটি।
******
৫৬ বছৰীয়া কৃষক মোহন দাসে সদায়ে নিজৰ কৰ্মকে প্ৰাধান্য দিছিল। ৰামপথাৰ গাঁৱতেই তেওঁৰ জন্ম আৰু ইয়াৰ পথাৰতেই তেওঁ নিজৰ জীৱনৰ বেছিভাগ সময় পাৰ কৰিছিল। পত্নী আৰু একমাত্ৰ জীয়ৰী ৰাধাৰ সৈতে তেওঁৰ এক সুখৰ সংসাৰ। ৰাধাৰো ইতিমধ্যে ৰঞ্জনৰ লগত বিয়া ঠিক হৈ আছে। সেই ফালৰ পৰাও তেওঁ আজি চিন্তামুক্ত।
কিন্তু যোৱা কিছু মাহৰ পৰা তেওঁক আন এক চিন্তাইহে খুলি খাইছিল। সেয়া হৈছিল তেওঁৰ খেতি-মাটি বাংলাদেশী অবৈধ প্ৰব্ৰজনকাৰীৰ হাতলৈ যোৱাৰ। এনে কিছুমান কথা তেওঁ শুনি থাকিছিল আৰু লাহে-লাহে তেওঁৰ মনত ভয় এটাই বাহ লৈছিল।
সেয়ে যেতিয়াই তেওঁ চৰকাৰৰ অস্ত্ৰ লাইচেঞ্চৰ আঁচনিটোৰ কথা শুনিলে, তেওঁ লাইচেঞ্চ বনাই, ৰাইফল এটা কিনি আনিলে।
ৰাইফলটো কিনি অনা পাছদিনাখন ওচৰ-চুবুৰীয়া ৰেহমান আলী তেওঁৰ ঘৰলৈ আহিছিল।
ৰাইফলটো এবাৰ লিৰিকি-বিদাৰি চাই, তেওঁ মোহন দাসক কৈছিল, “এইটোৰ দৰকাৰ আছিল জানো? অহা বছৰলৈ ছোৱালীজনীক বিয়া দিবি, পইছা সাঁচিবহে লাগিছিল তই।”
ৰেহমান আৰু মোহন সৰুকালৰে বন্ধু, লগতে ওচৰ-চুবুৰীয়া। কিন্তু কিয় জানো সেইদিনা মোহনৰ তাৰ কথাখিনি ভাল নালাগিল।
“মই মোৰ পৰিয়াল আৰু খেতি-মাটি ৰক্ষা কৰিবলৈ এইটো কিনিছো। তাত তই মাত নামাতিলেও হ’ব। এনেও সেই অবৈধ প্ৰব্ৰজনকাৰীবোৰে আমাৰ ঘৰতহে আক্ৰমণ কৰিব, তহঁতক নকৰে নহয়।” মোহনে সেইদিনা কিছু উষ্মাৰে কৈছিল কথাষাৰ।
“আমাক নকৰে বুলি তই কি বুজাইছ? আমি কি সেই অবৈধ প্ৰব্ৰজনকাৰীবোৰৰ মিতিৰ নেকি?” ৰেহমানে উত্তৰ দিছিল।
সেইদিনা দুয়েৰে মাজত কথাৰ কটাকটি হৈছিল। ৰাধাই সেই প্ৰথম দেখিছিল দেউতাক আৰু ৰেহমান কাৰ মাজৰ কাজিয়া।
পাছদিনাখনৰ পৰা ৰেহমানৰ সৰু জীয়েক ৰেহানা ৰাধাৰ ওচৰলৈ টিউচন কৰিবলৈ নহা হ’ল।
******
“বিয়াৰ তাৰিখ ঠিক কৰিবলৈ দেউতা এইকেইদিনতে তহঁতৰ ঘৰলৈ যাব।” ৰাতি বিছনাত পৰি-পৰি ৰাধাই ফোনত ৰঞ্জনৰ লগত কথা পাতি আছিল।
হঠাৎ বাহিৰত হুলস্থুল এটা শুনা গ’ল।
ৰাধাই ফোনটো কাটি কি হৈছে চাবলৈ উলাই আহিল।
কিছু সময়ৰ পাছত গম পোৱা গল যে কাষৰ ঘৰ এখনৰ পৰা গৰু এটা কোনোবাই চোৰ কৰিছে।
মতা মানুহবোৰ ঘৰৰ পৰা উলাই আহিল। হাতত ৰাইফল লৈ মোহনো গাওঁৰ মানুহখিনিৰ লগত সেই নদীৰ চৰত থকা জুপুৰি ঘৰৰবোৰৰ ভালে খোজ দিলে।
গৰুটো বিচাৰি পোৱা নগ’ল। কিন্তু এখন ডাঙৰ কাজিয়া হ’ল। ভয়-ভাবুকি দি মোহন আৰু গাওঁৰ মানুহবোৰ ঘূৰি আহিল।
সেইদিনা ৰাতি ৰাধা এক অজান আশংকাত ৰাতিটো সাৰে থাকিল।
******
পিছদিনা ৰাতিপুৱা এটা ষোল্ল বছৰীয়া ল’ৰা - স্থানীয় এক শ্ৰমিকৰ পুত্ৰ জলিল - উৰুত গুলীৰ ঘাঁ লগা অৱস্থাত উদ্ধাৰ হয়। সি জনাই যে নদীৰ পৰা পানী তুলি থকা সময়ত কোনোবাই গুলীচালনা কৰে।
আৰক্ষী আহিল। এটা বিবৃতি লৈ গুচি গ’ল। কোনে গুলি মাৰিছিল তাৰ কোনো শুংসূত্ৰ নোলাল।
লাহে-লাহে গাঁৱৰ আন লোকসকলেও অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিবলৈ ধৰিলে। কিছুমানে পালে, কিছুমানে নাপালে। আন কিছুমানে অনুজ্ঞাপত্ৰৰ বাবে আবেদন নকৰিলে আৰু অবৈধভাৱে নিৰ্মিত বন্দুক কিনিবলৈ ধৰিলে।
******
“তই বজাৰৰ পৰা মোৰ কাৰণে মুখত ঘঁহা ক্ৰীম এটা লৈ আহিবিছোন।” দেওবৰীয়া বজাৰলৈ বুলি ওলোৱা ৰঞ্জনক ৰাধাই ফোনত ক’লে।
“তয়ো ব’ল মোৰ লগত। মই এই ক্ৰীমবোৰ চিনি নেপাও।”
“আজি মাহঁতৰ গোটৰ মিটিং আছে। মই থাকিব লাগিব। মই তোক ক্ৰীমটোৰ ফটো মাৰি পথাই দিম, তই সেইমতে কিনি আনিবি।”
“হব দে। পঠাই দিবি।” ৰঞ্জনে ফোন থৈ বজাৰলৈ উলাই গ’ল।
বজাৰ কৰি থাকোতেই হঠাৎ হুলাস্থুল এটা শুনা পালে সি।
তাৰ হবলগীয়া শহুৰ মোহন দাস আৰু ৰেহমানৰ খুলশালীয়েক মিৰজানুৰৰ মাজত কিবা কাজিয়া হোৱা সি দেখা পালে। আন মানুহৰ লগত লাগি মেলি, সি কাজিয়াখন ভাঙিলে।
কিন্তু সেই কাজিয়াখনে যে অন্য ৰূপ লব, সেই কথা ৰঞ্জনে সপোনতো ভবা নাছিল।
******
এদিন পথাৰৰ মাটিক লৈ দুটি ফৈদৰ মাজত কাজিয়া হ’ল। সেইদিনা ৰাতি, গাওঁৰ কিছু ঘৰত কোনোবাই অগ্নিসংযোগ কৰিলে।
মোহন দাসে হাতত ৰাইফল লৈ উলাই গ’ল। ৰঞ্জনো ঘৰৰ পৰা উলাই আহিল।
যিহেতু এতিয়া গাওঁৰ বহুতৰে হাতত অস্ত্ৰ আছিল, কাজিয়াখন ৰক্তাত হবলৈ বেছি সময় নালাগিল।
বন্দুকৰ গুলিয়ে জানো হিন্দু-মুছলমান চিনি পাই!
সেই ৰাতি পাঁচজন মানুহৰ মৃত্যু হ’ল, আঠজন আহত হ’ল আৰু চাৰিটা ঘৰ সম্পূৰ্ণভাৱে জ্বলি গ’ল।
সেই মৃতকৰ মাজত এজন আছিল ৰঞ্জন।
কাজিয়া ৰখাবলৈ যোৱা মানুহটোকে কোনোবাই গুলিয়াই থৈ গ’ল। নিশাৰ অন্ধকাৰত কোনেও দেখা নাপালে তাক গুলি মৰা মানুহটো হিন্দু নে মুছলমান!
ৰাধাৰ কান্দি-কাটি অৱস্থা নোহোৱা হ’ল।
ৰাইফলটো হাতত লৈ মোহন ঘৰৰ এটা চুকত সোমাই থাকিল। কোন সতেৰে জীয়েকক কয় যে আন্ধাৰত মিৰজানুৰ বুলি ভাবি তেৱেই গুলিটো মাৰিছিল ৰঞ্জনক!
এই শোকাৱহ ঘটনাই ৰামপথাৰক নিস্তব্ধ কৰি পেলালে।
ইমান বছৰৰ পৰা শান্তিৰে বসবাস কৰা মানুহবোৰ আজি হিংস্ৰ পশু হৈ পৰিল।
চৰকাৰে তদন্তৰ নিৰ্দেশ দিলে, কিন্তু সেয়া লেহেমীয়া গতিত চলি থাকিল।
বন্দুকবোৰ তেতিয়াও বৈধ হৈয়েই থাকিল।
বেকী নদীখন তেনেদৰেই বৈ থাকিল - নীৰৱে, নিস্তব্ধে।
******
Comments
Post a Comment