৪ ডিচেম্বৰ।
ঈশানীৰ জন্মদিন।
আমাৰ বিয়াৰ ঠিক আগে-আগে, তাইৰ জন্মদিন আমাৰ ঘৰত উদযাপন কৰিছিলোঁ।
ঘৰত তেতিয়া উখল-মাখল পৰিবেশ। আমি কেক কাটিছিলোঁ, তাই ভিডিঅ’ ক’লত চাই আছিল।
তাৰ কিছুদিন পাছতেই কইনা হৈ তাই আমাৰ ঘৰত পদাৰ্পন কৰিছিল।
এতিয়া জন্মদিনত তাই মোৰ কাষত।
নাৰীৰ হেনো বহু ৰূপ - আজি তাই পত্নী ৰূপে মোৰ কাষত।
******
নদীৰ বাৰু জন্মদিন থাকেনে?
আমাৰ অসমৰ জীৱনৰেখা ব্ৰহ্মপুত্ৰৰ জন্মদিন কেতিয়া?
ইয়াৰ ছাগে কোনো উত্তৰ নাই।
চিৰকাল, নিৰন্তৰ ভাৱে বৈ থকা সেই জলধাৰাৰ কোনো উৎপত্তিৰ দিন সঠিককৈ নাই।
কিন্তু নদীয়ে নিজৰ জীৱনকালত যেনেদৰে বহু একা-বেঁকা পথ অতিক্ৰম কৰি নানা ৰঙেৰে উদ্ভাসিত হৈ পৰে, সেইদৰে জীৱন পথত অতিক্ৰম কৰা বহু কেইটা জন্মদিনৰ মাজেৰে আহি ঈশানীয়ে মোৰ জীৱনত বুলাই দিলেহি বহু ৰঙীন মূহুৰ্তৰ পয়োভৰ।
******
আৰু জোনাক…
নদীক যিদৰে ভালপাওঁ মই, সেইদৰে জোনাকৰো প্ৰেমত বন্দী মই। লগতে তায়ো।
তায়ো ভাল পাই জোনাকৰ মায়াজাল।
বিয়াৰ আগতেই পাতিছিলো আমি জোনাকৰ কথা, জোনাকৰ বৰষুণত তিতাৰ কথা।
কিছুদিন আগতে এটি সন্ধিয়া চাহ বাগানৰ মাজে-মাজে খোজকাঢ়ি ফুৰিছিলো আমি দুয়ো। ধৰাত তেতিয়া জোনাক।
জোনাকৰ পোহৰে ৰাস্তাটোত এক মায়াময় পৰিবেশ গঢ়ি তুলিছিল। মাজে-মাজে অহা-যোৱা কৰা গাড়ীবোৰৰ পোহৰেও শ্লান কৰিব পৰা নাছিল সেই জোনাকক।
চাহ পাতৰ মিঠা গোন্ধ এটি বতাহত ভাঁহি আছিল; আমাৰ প্ৰতিটো খোজত সেই গোন্ধটোৱে যেন আমাক অনুসৰণ কৰিছিল।
তাইৰ মুখত এটি মিঠা হাঁহি। এনে এটা হাঁহি যিটো প্ৰকাশ কৰিবলৈ শব্দৰ প্ৰয়োজন নাই - সন্তুষ্টি, আমেজ, প্ৰেমৰ উষ্ণতা, সকলো যেন সোমাই আছিল সেই হাঁহিত।
আমি সেই জোনাকৰ মাজেৰে খোজকাঢ়ি থাকিলোঁ। ৰাস্তাটো গৈ থাকিল দূৰ দিগন্তলৈকে, ঠিক আমাৰ জীৱন যাত্ৰাৰ দৰে।
******
আৰু নদীকেইখন…
ব্ৰহ্মপুত্ৰ, জাঁজী, টিংৰাই বা ৰঙাজান - সকলো নদ, নদী, হ্ৰদে জানে আমাৰ বিষয়ে…
জানে আমাৰ কথা, শুনে আমাৰ বেথা…
নদীৰ দৰে আমিও প্ৰেমৰ পথত ধাৱমান, নিৰৱিচ্ছিন্ন ভাৱে…
জোনাকৰ দৰে…
জীৱনৰ দৰে…
Comments
Post a Comment