পৰিচিত সেই সুবাসৰ ৰাগিণী
আবেলিৰ সময়।
বেলি পশ্চিম আকাশৰ ফালে ধাৱমান।
ৰঙা হৈ থকা আকাশখনলৈ চাই-চাই অন্তৰীপ লাহেকৈ ৰাস্তাৰ কাষৰ পাৰ্কখনৰ ভিতৰত সোমাল।
বৰ্তমান সি কলিকতাত।
দুপৰীয়া হোটেলত সোমাই, অলপ দেৰি আৰাম কৰি, এতিয়া সি খোজকাঢ়িবলৈ ওলাই আহিছে।
কলিকতাত কেইদিনমান থাকিব সি। অফিচৰ কাম অলপ আছে।
পাৰ্কৰ মাজেৰে লাহে-লাহে খোজকাঢ়ি সি তাৰ পত্নী কৰৱীলৈ ফোন কৰি অলপ সময় কথা পাতিলে।
ফোনটো থৈ সি আৰু অলপ আগলৈ খোজ দিওতেই তাৰ নাকত লাগিলেহি সেই সুবাস।
অতি চিনাকি এই সুবাস - কিন্তু আজি কিমান দিন, কিমান মাহ, কিমান বছৰৰ পাছত অনুভৱ কৰিলে সি এই সুবাস।
অন্তৰীপ ৰৈ গ’ল।
তাৰ চকুত পৰিল এজন মানুহে ঘাঁহ কটা সজুঁলি লৈ পাৰ্কখনৰ ঘাঁহবোৰ কাটি আছিল।
দীঘলকৈ উশাহ টানি সি পুনৰ অনুভৱ কৰিবলৈ চেষ্টা কৰিলে সেই সুবাসৰ।
ঘাঁহ কটাৰ পাছত যি এক গোন্ধ আহে, এয়াই সেই সুবাস - অতি চিনাকি এই সুবাস তাৰ বাবে।
তাৰ মন উৰা মাৰিল শৈশৱৰ সেই সোণালী দিনবোৰলৈ। ক্ৰিকেট ফিল্ডত কটোৱা সেই সময়খিনিলৈ।
চাহ বাগিচাৰ সেউজ পৰিবেশত ডাঙৰ-দীঘল হৈছিল সি। ঘৰৰ সম্মুখতে আছিল এখন ডাঙৰ ফিল্ড। তাতেই শৈশৱৰ বেছিভাগ সময় পাৰ কৰিলে বুলি কলেও ভুল নহ’ব।
সেই ক্ৰিকেট ফিল্ডখনেই যেন সেই সময়ত সিঁহতৰ জীৱন আছিল।
মাজে-মাজে বাগিচাৰ কোনো কৰ্মচাৰীয়ে ফিল্ডখনৰ ঘাঁহবোৰ কাটেহি। ক্ৰিকেট খেলিবলৈ আহি সিহঁতি অনুভৱ কৰে সেই সুঘ্ৰাণ।
আজি পুনৰ সেই সুবাস পাই অন্তৰীপৰ মন উৰা মাৰিলে সেই সোণোৱালী দিনবোৰলৈ।
কিমান দিন যে হ’ল ক্ৰিকেট নেখেলা; কিমান দিন যে হ’ল শুদা ভৰিৰে ঘাঁহত খোজকঢ়া; কিমান দিন যে হ’ল, শৈশৱৰ সেই লগৰখিনিৰ সৈতে একেলগে আড্ডা মৰা!!
জীৱন যেন এতিয়া যান্ত্ৰিক - কটা ঘাঁহৰ সেই গোন্ধটোৱে যেন তাক আজি সোঁৱৰাই থৈ গ’ল!
******
অন্তৰীপ খোজকাঢ়ি আহি হোটেল সোমাই মানে সন্ধিয়া হৈছিল।
হোটেলৰ ফ্ৰণ্ট কাউন্তাৰৰ পৰা তাৰ ৰুমৰ চাবিটো লবলৈ লওঁতেই, তাৰ কাষতে আহি এগৰাগী মহিলাই নিজৰ ৰুমৰ চাবি বিচাৰিলেহি।
তাইৰ মাতটো শুনি সি থৰ লাগিল।
ঠিক একে সময়তে তাই তাৰ ফালে চালে। তাইৰ চকুত যেন ফুটি উঠিল অনামী এক তৰংগ।
ৰুমৰ চাবি লবলৈ দুয়ো যেন পাহৰি থাকিল।
কাউন্তাৰৰ ছোৱালীজনীয়ে দুয়োৰে ৰুমৰ চাবিকেইটা আগবঢ়াই দিওঁতেহে সিঁহতৰ সম্বিত ঘূৰি আহিল।
“ভালে আছ’?” তাই সুধিলে।
সি কেৱল তাৰ মূৰটো জোঁকাৰিলে।
তাই যেন আৰু কিবা কব বিচাৰিছিল কিন্তু অন্তৰীপ নিশ্চুপ হৈ থকা দেখি তায়ো একো নক’লে।
হাঁহি এটা মাৰি হাতত চাবিটো লৈ তাই লিফটৰ ফালে খোজ দিলে।
অন্তৰীপ ঠাইতে থিয় হৈ তাই যোৱা ফালে চাই থাকিল।
******
ৰাগিণী - তাৰ ৰাগিণী - তাৰ কলেজৰ দিনৰ প্ৰেমিকা - এসময়ত যাক লৈ দেখিছিল সি অযুত সপোন।
কিমান বছৰৰ পাছত দেখিলে বাৰু সি তাইক - দহ বছৰ? পোন্ধৰ বছৰ?
হয় - পোন্ধৰ বছৰেই হ’ল।
পোন্ধৰ বছৰ আগৰ এনে এটি সন্ধিয়াতেই দেখিছিল সি তাইক শেষবাৰৰ বাবে।
তেতিয়া সি ভবাই নাছিল সেই দেখাই যে সিঁহতৰ শেষ দেখা হ’ব।
তাৰ হোটেলৰ ৰুমৰ ভিতৰত কাপোৰ সলাই-সলাই সি ভাবি থাকিল তাইৰ কথা।
আজি কিয় বা নিৰ্বাক হৈ পৰিল সি? কিয় একো কব নোৱাৰিলে সি তাইক?
তাইৰ প্ৰতি এটা ক্ষোভ তাৰ আছিল কিন্তু সেই ক্ষোভৰ প্ৰশমন কেতিয়াবাই ঘটিল।
তেনেহ’লে কিয় বাৰু সি তাইক দেখি মুক হৈ পৰিল!
উত্তৰ বিচাৰি তাৰে মনে যেন হাহাকাৰ কৰি উঠিল।
কেইঘন্টামানৰ ব্যৱধানত তাৰ মন শৈশৱ আৰু যৌৱন, দুয়ো কাল ভ্ৰমি আহিল।
******
ৰাতিৰ আহাৰ কৰিবলৈ সি হোটেলৰ ডাইনিং ৰুমলৈ যাবলৈ ওলালে।
ৰুমৰ দৰ্জাখন বন্ধ কৰি লিফটৰ ফালে খোজ দিবলৈ লওঁতেই তাৰ চকু পৰিল ৰাগিণীৰ উপৰত।
তায়ো দেখিলে তাক।
“খাবলৈ যাৱ?” তাই তাক সুধিলে।
সি মূৰ দুপিয়ালে।
“তই কথা কবলৈ পাহৰিলি নেকি?” তাই হাঁহি এটা মাৰি সুধিলে।
অন্তৰীপৰ হাঁহি উঠি গ’ল - সেই হাঁহিত নিমিষতে তাৰ সকলো সংকোচ যেন নিচিহ্ন হৈ পৰিল।
“খাওগৈ আহ।” সি তাইৰ ফালে চাই ক’লে।
“যোৱা তিনিদিন ধৰি এই হোটেলখনতে খাই-খাই আমনি লাগিছে মোৰ। বাহিৰতে কৰবাত খাই আহো ব’ল।” তাই এনেকৈ ক’লে যেন সিঁহতি প্ৰায়ে এনেকৈ খাবলৈ গৈ থাকে - এটা দশকতকৈয়ো পাছত লগ পোৱাৰ কোনো চিনেই নাই তাইৰ কথাত।
অন্তৰীপ মান্তি হ’ল।
******
“তোৰ ছোৱালী কিমান ডাঙৰ হ’ল?” হোটেলৰ পৰা খোজকাঢ়ি ওলাই অহাৰ পাছতেই তাই তাক সুধিলে।
“মোৰ ছোৱালী এজনী আছে বুলি তাৰ মানে তই গম পাৱ?” সি অলপ আচৰিত হ’ল।
“ৰাজীৱক লগ পাইছিলো মাজতে। সি কৈছিল।”
“মোৰ ছোৱালীজনীৰ এতিয়া ৫ বছৰ। তোৰ ল’ৰাটো কোন ক্লাছত এতিয়া?” সি সুধিলে তাইক।
“ক্লাছ ৬”, তাই উত্তৰ দিলে।
কিছু সময় নীৰৱতা।
অলপ পাছত এখন ভাল ৰেস্তোৰাঁ দেখি দুয়ো তাত সোমাই গল।
খাদ্য অৰ্ডাৰ দিয়াৰ পাছত সি তাইক সুধিলে, “তই এতিয়া কোনটো কোম্পানীত চাকৰি কৰি আছ’?”
“ডাবৰত। আমাৰ ট্ৰেইনিং এটা চলি আছিল কলিকতাত। আজি শেষ হ’ল। কালি ৰাতিপুৱা ফ্লাইটত ডিব্ৰুগড় ঘূৰি যাম।”
‘কালি ঘূৰি যাম’ - কথাষাৰ শুনি কিয় জানো অন্তৰীপৰ কিবা এটা বেয়া লাগিল!
“তই ইয়ালৈ কেতিয়া আহিলি?” তাই তাক সুধিলে।
“মই আজি দুপৰীয়া পালোহি। মই আৰু কেইদিনমান থাকিম। মোৰ কাম কিছুমান আছে।” সি উত্তৰ দিলে।
“আমাৰ সময়বোৰ নিমিলিলে।” তাই লাহেকৈ ক’লে।
সি একো উত্তৰ নিদিলে।
“একো নকলি যে?” তাই তাক সুধিলে।
“কিনো কম!”
“তই মোক এতিয়াও বেয়া পাই আছ’ নেকি?” তাই যেন কিছু আবেগিক হৈ পৰিল।
অন্তৰীপৰ হাঁহি উঠি গ’ল।
“তোৰ কথা মনলৈ নহাই আজি কিমান বছৰ হ’ল আৰু তই সুধিছ যে মই তোক বেয়া পাই আছোঁ নেকি!”
“তেনেহলে অথনি মোক দেখি তই কিয় থৰ লাগিছিলি? কিয় মুখেৰে একো মাতিব পৰা নাছিলি?” তাই যেন তাক জেৰাহে কৰিছে তাৰ এনে লাগিল।
“তোক হঠাৎ এনেকৈ লগ পাম বুলি ভবা নাছিলোঁ যে!”
তাৰ উত্তৰ শুনি তাই হাঁহিলে।
“মোৰ পিছে তোক লগ পাই ভাল লাগিছে।” তাই ক’লে।
সি কিবা এটা কবলৈ লওঁতেই ৱেইটাৰ এজন সিঁহতৰ খাদ্য লৈ উপস্থিত হ’লহি।
******
“গুৱাহাটীত ফ্লেত কিনিলি?”
ৰেস্তোৰাঁখনৰ পৰা খাই ওলাই আহি দুয়ো খোজকাঢ়ি গৈ থাকোঁতে তাই সুধিলে।
“অ’। কেইবছৰমান হ’ল।”
“মোক নামাত’ তহঁতৰ ঘৰলৈ? তোৰ মানুহজনীৰ লগত মোক চিনাকি কৰি নিদিয় নেকি?”
“আহিবি। মইনো কেতিয়া মানা কৰিছোঁ।” সি সাধাৰণ ভাৱে ক’লে।
"তয়ো ডিব্ৰুগড় গলে আমাৰ ঘৰলৈ আহিবি।” তাই ক’লে।
সি মূৰ দূপিয়ালে। কিন্তু সি জানে যে তাই কেতিয়াও তাৰ ঘৰলৈ নাহে আৰু তায়ো জানে যে সি কেতিয়াও তাইৰ ঘৰলৈ নাযায়। এই ক্ষেত্ৰত সিহঁত দুয়োটাই ইটোৱে-সিটোক বুজি পাই।
কিছু সময় পাছত দুয়ো সিহঁত থকা হোটেলখনৰ কাষ পালেহি।
“আৰু অলপ খোজকাঢ়িবি নেকি? বহু দিন হ’ল এনেকৈ খোজকাঢ়ি ঘূৰি ফুৰা নাই।”
অন্তৰীপ মান্তি হ’ল।
দুয়ো ৰাস্তাৰ কাষে-কাষে খোজকাঢ়ি গৈ থাকিল।
এটা সময় আছিল যেতিয়া এনেকৈ একেলগে খোজকাঢ়ি গৈ থাকোঁতে সিঁহতৰ কথাৰ অন্তই নহৈছিল। কিন্তু এতিয়া দুয়ো সম্পূৰ্ণ নীৰৱতাৰ মাজেৰে গৈ থাকিল।
কবলৈ যেন এতিয়া শব্দৰ অভাৱ।
******
“ভাল লাগিল আজি।”
কিছু দুৰ খোজকাঢ়ি আহি সিহঁত যেতিয়া ঘূৰি আহি হোটেলৰ ৰুমৰ উচৰ পালেহি, তাই কৈ উঠিল।
“মোৰো ভাল লাগিল।” সিও ক’লে।
“যোগাযোগত থাকিবি।” তাই পুনৰ ক’লে।
সি মূৰ দূপিয়ালে, কিন্তু সি জানে সিঁহতৰ মাজত আৰু যোগাযোগ হোৱাৰ আশা ক্ষীণ।
তাৰ ওচৰত তাইৰ ফোন নম্বৰ নাই। আজি সি বিছৰাও নাই।
তাইৰ ওচৰত তাৰ নম্বৰটো আছেনে নাই সি নাজানে।
সিঁহতৰ কলেজৰ লগৰবোৰৰ হোৱাটছএপ গ্ৰুপটো তাই নাই। ফেচবুক-ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা বাদ দিলে বুলি তাই অলপ আগতে কৈছিলে।
যোগাযোগৰ আধুনিক উপকৰণ একো নাই আজি সিঁহতৰ মাজত।
ঘাঁহৰ সেই সুবাস যেনেকৈ হঠাৎ আজি সি পালে, সেই তেনেকৈয়ে চাগে আকৌ কেতিয়াবা তাই তাক লগ পাব।
******
পিছদিনা ৰাতিপুৱাৰ পৰা গধূলিলৈকে সি কামত ব্যস্ত আছিল।
হোটেল ঘূৰি আহি পাওঁতে বাহিৰত আন্ধাৰেই হ’ল।
ৰাগিণী চাগে ইতিমধ্যে ডিব্ৰগড়ত।
ৰুমৰ চাবিটো লোৱাৰ সময়ত কাউন্তাৰৰ ছোৱালীজনীয়ে বন্ধ খাম এটা তাৰ ফালে আগবঢ়াই দিলে।
“ৰুম ৩০৫ত থকা মেডাম গৰাকীয়ে আজি ৰাতিপুৱা ওলাই যোৱা সময়ত আপোনাক দি যাবলৈ কৈছিল।”
সি খামটো ল’লে।
ৰূমলৈ আহি সি খামটো খুলিলে।
ভিতৰত সৰু চিঠি এখন।
“কালি তোক লগ পাই সঁচাকৈয়ে বহুত ভাল লাগিল। এনে লাগিল যেন হেৰুৱা যৌৱন পুনৰ ঘূৰাই পালোঁ। তোৰ লগত থকা সময়খিনিত মোৰ এনে লাগিছিল যেন মই আজিও সেই কলেজৰ দিনৰ ৰাগিণীজনীয়ে হৈ আছোঁ।
তোৰ ফোন নম্বৰটো লোৱা নহ’ল। মোৰ নম্বৰ তোৰ উচৰত আছেনে নাই নাজানো। দৰকাৰ হ’লে উলিয়াই লব পাৰিবি বুলি মই জানো।
তোক লগ পোৱা কথাটো মই মোৰ স্বামীকো জনালোঁ। তোক আমাৰ ঘৰলৈ মাতিছো বুলিও কৈছোঁ। কিন্তু মই জানো তই নাহ’ বুলি। তথাপিও মই বাট চাম। নহলে আৰু জীৱনৰ বিদায়ী বেলাত কেতিয়াবা আকৌ এনেকৈয়ে লগ পাম।”
অন্তৰীপে চিঠিখন পঢ়ি শেষ কৰিলে। তাৰ পাছত সেইখন লাহেকৈ ফালি ডাষ্টবিনত পেলাই দিলে।
সি তাৰ পাছত তাৰ ৰুমৰ লগত সংলগ্ন বেলকণিটোত গৈ থিয় হ’ল।
তলত তেতিয়া ৰাস্তাত গাড়ীৰ লানি নিছিগা শাৰী।
সকলো ব্যস্ত যান্ত্ৰিক এই জীৱনৰ কোলাহলত।
সি দুৰলৈ চাই পঠিয়ালে। সি কালি যোৱা পাৰ্কখন দেখা পোৱা গৈছে।
সি দীঘলকৈ উশাহ এটা ল’লে।
ঘাঁহৰ সেই সুবাস যেন সি পুনৰ অনুভৱ কৰিলে।
******
Comments
Post a Comment