দেবু

 "দিদি, য়ে ফৰ্ম একবাৰ দেখিয়ে, থিক হেই না?"


উপায়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাৰ চাৰি নম্বৰ কাউন্টাৰত বহা মহিলাগৰাকীৰ ফালে ফৰ্মখন আগবঢ়াই সি কৈ উঠিল।  


মহিলাগৰাকীয়ে মুৰ তুলি চাই তাৰ ফালে চালে আৰু তাৰ পাছত প্ৰায় বিৰক্তিৰে কৈ উঠিল, "তই কেতিয়াৰ পৰা মোৰ ভায়েৰ হ’লি?"


দেবু থতমত খাই উঠিল। সি ভবা নাছিল মহিলাগৰাকীয়ে তেনে এটা কথা ক’ব বুলি। বেছিভাগ মহিলাক দিদি বা বহন কোৱাৰ তাৰ অভ্যাস হৈ গৈছিল, কিন্তু এনেকৈ কোনোবাই তাক কব বুলি সি ভবাই নাছিল।  


সি লাহেকৈ তাৰ মাতৰ সুৰ সলাই ক’লে, "মেডাম, এবাৰ এইখন চাই দিয়ক।"


তাৰ ফালে নোচোৱাকৈ এইবাৰ মহিলাগৰাকীয়ে ফৰ্মখন ল’লে।  


******


দেবু।  


পেচাত সি কাঠমিস্ত্ৰি।  


জন্ম বিহাৰত।  


পিছে জন্মৰ ছমাহৰ পাছতে তাৰ দেউতাকে তাক আৰু তাৰ মাকক অসমলৈ লৈ আহিছিল। তেওঁ সেই সময়ত অসমতে চাহ বাগান এখনৰ কাষত থাকি কাম কৰিছিল। সেয়ে দেবু অসমতে ডাঙৰ-দীঘল হ’ল, অসমতে পঢ়িলে। হিন্দিৰ লগতে অসমীয়াও সি ভালদৰে ক’ব জানে।  


পিছে খুব বেছি পঢ়া-শুনা সি নকৰিলে।  


এজন কাঠমিস্ত্ৰিৰ লগত থাকি কাম শিকি লাহেকৈ সি এই পেছাত ভৰি দিলে।  


তাৰ লগত ৰাজীৱৰ প্ৰথম চিনাকী পেছাগত ভাবেই। তাহাঁতৰ ঘৰৰ পাকঘৰৰ কেবিনেট বনোৱা কামত তাক নিয়োজিত কৰা হৈছিল। 


দেবুৰ কামৰ সমগ্ৰ চহৰখনতে নাম আছে। চহৰৰ বহু ঘৰতে সি কাঠৰ কাম কৰিছে। পিছে অকল কাঠৰ কাম কৰিছে বুলি কোৱাটো ভুল হ’ব; যিখন ঘৰৰ লগত তাৰ ভাল, তাত সি সকলোৰ ধৰণৰ কামতে সহায় কৰে।  


ৰাজীৱৰ ঘৰখনো তাৰ ব্যতিক্ৰম নহ’ল। তাহাঁতৰ ঘৰত কাঠৰ কাম কৰি-কৰি সি ঘৰখনৰ প্ৰায় অপৰিহাৰ্য্য অংগ হৈ পৰিল।  


******


"তাৰ পাচত কি হ’ল?" ৰাজীৱে হাঁহি-হাঁহি তাক সুধিলে। 


দেবুয়ে ৰাজীৱক তাৰ উপায়ুক্ত কাৰ্যালয়ত হোৱা ঘটনাটোৰ বিষয়ে কৈ আছিল।  


"মহিলাগৰাকীয়ে ফৰ্মখন চালে আৰু ক’লে যে মোৰ কামটো আজি নহ’ব। অহা সপ্তাহত পুনৰ মাতিছে। দিদি বুলি কোৱাৰ কাৰণে বেয়াই পালেই নেকি!" 


"তইনো তাইক দিদি বুলি কিয় কব লাগে?"


"আৰে! মোৰ অভ্যাস হৈ গৈছে তেনেকৈ কোৱাৰ। এতিয়াৰ পৰা পিচে অলপ সাৱধান হ’ব লাগিব, নহ’লে মোৰ চৰকাৰী অফিচত একো কামেই নহ’ব।" সি ক’লে আৰু জোৰেৰে হাঁহিলে।


"দেবু, চাহ খাবি আহ!" সেই সময়তে ৰাজীৱৰ মাকে দেবুক চাহ খাবলৈ মাতিলে।


সি ভিতৰলৈ সোমাই গ’ল।


******


কিছু দেৰি পাচত দেবু আহি তাৰ ভাড়াঘৰটোৰ কাষ পালেগৈ।


বাইকখন ৰখাই ঘৰৰ দৰ্জাখনৰ তলাটো খুলিব লওঁতেই সি কাষৰ ঘৰৰ পৰা অহা উচ্চ স্ৱৰৰ মাতবোৰ শুনিলে।


’বেছেৰিজনীয়ে পুনৰ নবৌয়েকৰ গালি খাইছে!’ সি মনতে ভাবিলে।


প্ৰায়েই এইটো হোৱা সি দেখিছে। 


তাৰ ঘৰৰ কাষতে বেংগলী পৰিয়াল এটা থাকে। পৰিয়াল মানে সেই গালি খোৱা ছোৱালীজনী, তাইৰ ককায়েক আৰু নবৌয়েক।


ছোৱালীজনীক ককায়েক আৰু নবৌয়েকে সদায় গালি পাৰি থকাই শুনে সি। তাই কিন্তু উত্তৰত একো নকয়। মনে-মনে ককায়েক আৰু নবৌয়েকৰ গালিবোৰ শুনি থাকে।


তাহাঁতৰ গলিটোৰ মূৰত থকা দিনেশ দোকানীৰ মতে মাজে-মাজে ককায়েকে তাইক মাৰধৰো কৰে।


তাৰ বেয়া লাগে তাইলৈ। 


সি কেতিয়াবা তাইক ৰাস্তাত দেখা পাই। তাই তাক দেখিলে সদায় তল মুৰ কৰে। সিও তাইক কোনোদিনে মাতি পোৱা নাই। তাইৰ ককায়েকক অৱশ্য সি মাজে-সময়ে দেখিলে মাতে; কিন্তু তাহাঁতৰ ঘৰলৈ সি কোনোদিলে যোৱা নাই। 


দেবুৱে কাপোৰ-কানি সলাই বিচনাখনতে অলপ বহিলে। 


তেতিয়াও নবৌয়েকে তাইক গালি পাৰি আছে।


তাৰ কিবা এটা অশান্তি লাগিল।


******


ৰাজীৱে তাৰ লেপটপত কাম কৰি আছিল।


দেবু তাহাঁতৰ ঘৰলৈ আহিছিল আৰু অলপ সময় সি ৰাজীৱৰ কাষতে বহিলেহি।


"প্ৰচেছৰ কোনটো আপোনাৰ লেপটপত? আই৩ নে আই৫?"


ৰাজীৱে তাৰ ফালে অলপ বিস্ময়ত চালে - সি ভবা নাছিল যে দেবুৱে প্ৰচেছৰৰ বিষয়ে জানিব।


দেবুৱে হাঁহিলে আৰু ক’লে, "মই লেপটপৰ বিষয়ে সব জানো - কোনটো প্ৰচেছৰ অধিক শক্তিশালী, RAM কিমান হ’লে ভাল, SSD নে HDD — কোনটো উপযুক্ত, বেটাৰী বেকআপ কিমান হ'ব লাগিব। মই এটা কিনিছিলো মাজতে, পিছে দোকানীটোৱে মোক ঠগিলে - ৩৫,০০০ টকা দি কিনিলো, পিছে সেইটো ইমানবাৰ বেয়া হ’ল যে, ভাল কৰাওতে-কৰাওতে প্ৰায় আৰু এক লাখ টকা খৰচ হ’ল।"


ৰাজীৱৰ হাঁহি উঠিল, "এতিয়া আছে নাই লেপটপটো?"


"নাই, নাই! সেইটো লাষ্ট এবাৰ ভাল কৰাই বিক্ৰী কৰি দিলো আৰু তাৰ পাছত ডেস্কটপ এটা ল’লো। সেইটো ধুনিয়াকৈ চলি আছে, এবাৰো বেয়া হোৱা নাই।"


দেবুৰ এইটো এটা ভাল গুণ। পঢ়া-শুনা বেছি নকৰিলে যদিও কাৰিকৰী জ্ঞান সি আয়ত্ৱ কৰি লৈছে। বেংকৰ এপ ডাউনলোড কৰি মোবাইল বেংকিঙৰ বিষয়ে সি ভালদৰে শিকি লৈছে। ইউপিআই, অনলাইন ট্রান্সফাৰ, একাউণ্ট চেক কৰা — সকলো কাম তাৰ নখ দৰ্পণত। লগতে ইন্স্টাগ্ৰাম, ফেচবুক — সামাজিক মাধ্যমৰ সকলো প্লেটফৰ্ম এতিয়া তাৰ আঙুলিৰ ঠাৰত। স্টেটাছ আপডেটৰ পৰা আৰম্ভ কৰি, ৰিলচ বনোৱা, কেপচনৰ সংযোজন — সকলো সি কৰিব পাৰে আৰু কৰিও থাকে।


******


দিনেশৰ দোকানৰ আগত থিয় হৈ সি তামোল এখন খাই আছিল।


তাইক দেখিলে সি তেতিয়া। চকু তল কৰি তাই লাহে-লাহে নিজৰ ঘৰৰ ফালে গৈ আছিল। 


সূৰ্যৰ পোহৰ তাইৰ মূখৰ ওপৰত পৰি এক নিস্তব্ধ বিষাদৰ ছাঁ দৰে এক ছবিৰ সৃষ্টি কৰিছিল। সি বুজি পাইছিল, তাইৰ বুকুৰ ভিতৰত এক গভীৰ যন্ত্রণা লুকাই আছে।


দিনেশে কোৱা মতে তাইক ককায়েকে কেইদিনমান আগতে বৰ বেয়াকৈ মাৰিলে। উচৰ-চুবুৰীয়া দুজনমানে আহি ৰখালেহি বুলিহে, নহ’লে ছোৱালীজনীক হস্পিটেলত ভৰ্তি কৰিব লগা হ’লহেতেন।


দেবু কেইদিনমান তাৰ বিহাৰৰ ঘৰলৈ গৈছিল বাবে কথাটো গম নাপালে।


সেইদিনাখনৰ পৰা সি তাইৰ কথা বেছিকৈ ভাবিব ধৰিলে। খোৱাৰ সময়তো তাইৰ কথা তাৰ মনলৈ আহে, কামৰ মাজতো তাইৰ চেহেৰাটো সি চকুৰ সম্মুখত দেখে। 


সি তাইৰ বিষয়ে চিন্তা কৰে — ’কি দোষ তাইৰ? কিয় এনেকৈ সহিব লগা হৈছে তাই? তাই কাকো ছাগে মনৰ কথাবোৰ ক’ব নোৱাৰে। কেতিয়াবা কাকো একো ক’ব নোৱাৰিলে, লুকাই থকা দুখবোৰে মানুহক ভিতৰভ-ভিতৰি মাৰি পেলায়...”


সি সদায় ৰাতিপুৱা-গধুলি তাহাঁতৰ ঘৰৰ ফালে চোৱা হ’ল - তাইক দেখা পোৱাৰ আশাত। 


কেতিয়াবা দেখে, কেতিয়াবা নেদেখে। কেতিয়াবা তাইৰ চকুৱে-চকুৱে পৰে; সি লাহেকৈ হাঁহে, তাই চকু নমাই আনে। 


তাইৰ মুখখনলৈ চাই সি এক স্নিগ্ধ কোমলতা অনুভৱ কৰে। 


তাইক দেখিলেই তাৰ বুকুত এতিয়া এক অজান অনুভৱে দেখা দিয়ে - তাই যেন তাৰ পুৰণা চিনাকি, তাৰ আত্মাৰে যেন এক প্ৰতিচ্ছবি।


এদিনা সি তাইক ৰাস্তাত লগ পালে। অলপ সাহস গোটাই তাইক মাতিলে, "ভালে আছানে?"


তাই থমকি ৰ'ল। তাৰ পাচত চকু তুলি তাৰ ফালে চাই মিচিকিয়াই হাঁহি ক’লে, “অ’...ভাল। আপোনাৰ?”


সেয়াই আৰম্ভণি। সেইদিনাৰ পৰা ইটোৱে-সিটোক ৰাস্তাত দেখিলে মাত লগোৱা হ’ল। 


দিনবোৰ বাগৰিব ধৰিলে। সিহঁতৰ মাজত যেন এটি নীৰৱ সম্বন্ধ গঢ়ি উঠিল — নামহীন, কিন্তু গভীৰ; নীৰৱ, কিন্তু প্ৰতিধ্বনিৰে পূৰ্ণ।


******


এদিন ৰাতি। সি খাই-বৈ শুবলৈ সাজু হৈছিল।


তেনেতে সি তাইৰ ককায়েকৰ উচ্চ স্ৱৰৰ মাত শুনিলে, লগতে নবৌয়েকৰ গালি।


সি বুজি উঠিলে ককায়েকে তাইক মাৰিবলৈ উদ্যত হৈছে।


দেবুৰ মগজুত যেন এক আগ্নেয়গিৰিৰ উদগিৰণ হ’ল।


সি দৌৰি গ’ল আৰু জোৰকৈ তাইৰ ঘৰ সোমালেগৈ। সন্মুখত দেখিলে — তাই তলত মজিয়াত পৰি আছে, উঠঁৰ কোণ এটাত তেজ, চকুত অসহায়তা। আৰু ককায়েকে তেতিয়াও গুজৰি-গুমৰি আছিল।


সি ককায়েকৰ কাষলৈ গ’ল আৰু গম্ভীৰ স্বৰৰে ক’লে, “যদি আকৌ এবাৰ তাইৰ গাত আপুনি হাত দিয়ে, প্ৰথমে আপোনাৰ হাত ভাঙিম আৰু তাৰ পাছত পুলিচ থানাত আপোনাৰ বিৰুদ্ধে কেছ দিম।”


দেবুৰ চকুত ফুটি উঠা জুইকুৰা দেখি ককায়েকে ভয় খালে; নবৌয়েকো যেন অবাক হৈ পৰিল।


সি লাহেকৈ তাইক হাতত ধৰি উঠালে। 


তাই তাৰ ফালে চাই থাকিল; তাইৰ চকুত তেতিয়া আশ্ৰয় বিচাৰি ঘুৰি ফুৰা পক্ষীৰ দৰে আকুলতা।


তাইৰ ককায়েক-নবৌয়েকৰ উপস্থিতি অগ্ৰাহ্য কৰি সি তাইক ক’বলৈ ধৰিলে, “মই জানো, মই তোমাৰ একো নহয়। কিন্তু মই তোমাক সুখ দিব বিচাৰো। তোমাক মৰম, স্নেহ আৰু শান্তি দিব বিচাৰো। যদি তুমি সন্মতি দিয়া, মই তোমাক বিয়া কৰিব বিচাৰো। যদি তুমি হয়ভৰ দিয়া, মই তোমাক এতিয়াই লৈ যাবলৈ সাজু।”


তাই অলপ সময় তভক মাৰিলে। এনে এটা কথা সি কব বুলি তাই ভবা নাছিলে।


কিন্তু তাৰ কথাৰ উত্তৰ দিবলৈ তাই বেছিপৰ ভাবিব লগা নহ’ল। 


তাৰ চকুত চকু থৈ তাই ক’লে, “হয়, মই আপোনাৰ হাত ধৰি আগবাঢ়িব বিচাৰো। আপোনাৰ সৈতে এই জীৱনটো নতুনকৈ আৰম্ভ কৰিব বিচাৰো।”


******


"তই তাইক লগত লৈ গুছি আহিলি? ককায়েকে একো নকলে?" ৰাজীৱে তাক এসপ্তাহৰ পাছত সুধিলে।


"কি ক’ব সি! সি জানে মোৰ কিমান দম আছে আৰু সিও জানে তাৰ ভুল আছে।” দেবুৱে হাঁহি-হাঁহি ক’লে।


সেইদিনা ৰাতি সি তাইক আনি তাৰ লগৰ এটাৰ ঘৰত ৰাখিলেগৈ। লগৰটোৰ ঘৈণীয়েকে তাইক নিজৰ ভণীৰ দৰে সেই ৰাতি তাহাঁতৰ ঘৰত ৰাখিলে। 


আৰু পিছদিনা মন্দিৰত সৰু নিয়ম এটা কৰি সি তাইক নিজৰ ঘৰ সোমোৱালেহি। 


দেবু সংসাৰী হৈ পৰিল। 


******


"আপোনাৰ বিহাৰৰ ঘৰত খবৰটো দিলেনে? আপোনাৰ মাক?" তাই তাক সুধিলে। 


"দিলো।"


"কি ক’লে মায়ে?"


"তোমাক এদিন লৈ যাবলৈ কৈছে।"


"মই তালৈ গ’লে কিবা হ’ব নেকি? তোমাৰ দাদাই কিবা কব নেকি?" তাই অলপ ভয়ে-ভয়ে সুধিলে। 


"নাই একো নকয়। সি ভালহে পাব, সি বোৱাৰী এজনী পালে।"


******


প্ৰত্যেক ৰাতি সিহঁতি কথা পাতে - আগৰ কথা, এতিয়াৰ কথা, ভবিষ্যতৰ কথা।


দুয়োতাই ইটোৱে-সিটোৰ লগত চিনাকি হোৱা যাত্ৰা এয়া।


সি তাইক বিহাৰৰ বিষয়ে কয়, তাই তাক নিজৰ শৈশৱৰ কথা কয়। 


তাই নিজৰ মাক-দেউতাকৰ হেৰুৱাৰ দুখবোৰ বৰ্ণনা কৰে, দেবুৱে তাৰ দেউতাকৰ অকাল মৃত্যুৰ কথা কয়।


"দেউতাৰ মৃত্যুৰ পিছত, মোৰ দাদাই মাৰ পৰা জোৰকৈ চহী লৈ আমাৰ পৰিয়ালৰ বহুখিনি মাটি নিজৰ নামত কৰি ল’লে। মই কিন্তু সেইবাবে তাক একো কোৱা নাই। জীৱনৰ ইমান কেইটা বছৰ পাৰ কৰিলো, তাৰ লগত কোনোদিনে কাজিয়া কৰা নাই। আৰু জীয়াই থাকিমনো কিমান বছৰ? খুব বেছি ৩০-৪০ বছৰ। এতিয়া তাৰ লগত মাটি-বাৰী লৈ কাজিয়া কৰি কিয়নো আমাৰ মাজৰ সম্বন্ধবোৰ বেয়া কৰো। মোৰ মাটিৰ প্ৰতি কোনো লোভ নাই। আচলতে চাবলৈ গ’লে এই বিশ্ৱৰ সমগ্ৰ মাটি ইশ্ৱৰৰে নহয় জানো? আমি মৰাৰ পাছত মাটিখিনি আমাৰ লগত এনেও নাথাকে। এই মাটিৰ আচল অধিকাৰ কেৱল ভগবানৰ হে আছে। মই এতিয়া মাটিক লৈ যদি মোৰ সহোদৰ ভাতৃৰ লগত কাজিয়া কৰো, মই পাছত ভগবানৰ উচৰত জবাবদিহি হ’ব লাগিব - কিয় মাটিৰ বাবে নিজৰ ভাতৃৰ লগত কাজিয়া কৰিলি, কিয় মৰম-ভালপোৱাৰ সৰল পথ এৰি, অপ্ৰেমৰ অন্ধ গলিত সোমাই পৰিলি?"


তাই তাৰ কথাবোৰ শুনি থাকিল।  


কিবা এটা ভাল লাগিল তাইৰ দেবুৰ কথাবোৰ শুনি — যেন শান্তিৰ এক মিঠা বতাহ এজাক ভিতৰলৈ সোমাই আহিল, যেন জীৱনৰ ঘন ধূলিৰে আচ্ছাদিত হৈ থকা আয়নাখনত এক সত্যৰ প্ৰতিচ্ছবি দেখা পালে তাই।


আজিৰ যুগত দেবুৰ দৰে মানুহৰ বৰ প্ৰয়োজন।  


এই হিংসা আৰু স্ৱাৰ্থৰে ভৰপুৰ সময়ত, য’ত ভাতৃয়ে ভাতৃক বিশ্বাস নকৰে, সন্তানে পিতৃ-মাতৃক ত্যাগ কৰে, মানুহে মানুহক কেৱল সম্পত্তিৰ মাপেৰে জোখে — তেনে সময়ত দেবুৰ দৰে মনৰ মানুহ এজনেই সমাজক নৱ আলোকেৰে উদ্ভাসিত কৰিব পাৰে বুলি তাই ধাৰণা কৰিলে। 


এনে মানুহবোৰেই সৰলতাৰ প্ৰতিচ্ছবি — নিঃস্বার্থ, শান্ত আৰু উদাৰ হৃদয়ৰে ভৰপূৰ।


******


Comments

  1. দেবু দাৰ গোটেই জীৱনটোয়ে দেখিলো এই লিখনিটোৰ যোগেদি। বৰ ধুনীয়া বৰ্ণনা।

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰাপ্তি-অপ্ৰাপ্তিৰ ভাষা

সপোনত বন্দী তাইৰ ইতিহাস