তুমি, মই আৰু ডিমা হাছাও

 মাজনিশালৈ আৰু কিছু সময় বাকী।

 সিহঁত আজি ডিমা হাছাওৰ কেন্দ্ৰস্থল হাফলঙত।

 হোটেলখনৰ চাদৰ ওপৰত বহি আছিল দুয়ো।

 হোটেলৰ মালিকজনে সিঁহতৰ বাবে একুৰা জুইৰ ব্যবস্থা কৰি থৈ গৈছিল।

 দূৰৈত সেয়া বৰাইল পৰ্বতমালা - আন্ধাৰৰ মাজতো ধৰিব পাৰি দূৰৈৰ সেই পাহাৰৰ উপস্থিতি।

 সেই আন্ধাৰ ঠেলি কুঁৱলীৰ আৱৰণখন লাহে-লাহে আগুৱাই আহিছিল সিহঁতৰ কাষলৈ।

 আজি ৩১ ডিচেম্বৰ।

 কালিৰ পৰা এটি নতুন বছৰৰ আৰম্ভণি।

******

চাদৰ ওপৰৰ পৰা সি চাই আছিল চাৰিওকাষৰ ঘৰবোৰত নতুন বছৰক আদৰাৰ প্ৰস্তুতি।

কোনো এঘৰত স্পীকাৰত উচ্চস্বৰে বাজি আছিল পাশ্চাত্য সংগীত।

আন কিছু ঘৰ নিজান।

পাহাৰৰ টিলা এটাত অৱস্থিত হোটেলখনৰ পৰা দূৰৈৰ গাৱঁবোৰো দেখা পোৱা যায়।

আজি ৰাতি পিছে কুঁৱলীয়ে ঢাকি ৰাখিছে ঠাইখিনি।

নিশা যিমানেই আগবাঢ়িছে, সিমানেই তলৰ সেই বগা আচ্ছাদন ঘন হৈ পৰিছে।

জুইৰ উত্তাপেও ঠাণ্ডাৰ লগত যেন এক যুদ্ধত অৱতীৰ্ণ।

তাই তেতিয়াও জুইৰ কাষত, সি চাদৰ এটা মূৰত - সম্মুখৰ পাহাৰলানিৰ ফালে চাই নিমগ্ন।

******

নতুন বছৰ আহিল।

লগতে আহিল এক নতুন প্ৰতিশ্ৰুতি লৈ পোহৰৰ প্ৰথম কণিকাখিনি।

কুঁৱলি ফালি ধৰাত পোহৰৰ আগমণ ঘটা চাবলৈ দুয়ো পুনৰ হোটেলৰ চাদত উপস্থিত হৈছিল ৰাতিপুৱা।

ৰ’দে জিলিকাই ৰখা বৰাইল পৰ্বতমালাই অভিবাদন জনাইছিল দুয়োকে।

ডাৱৰৰ ফাঁকেৰে ধৰালৈ নামি অহা সূৰ্য্যৰ কিৰণবোৰ চাবলৈ কেনে মনোমোহা লাগিছিল তেতিয়া।

“এইয়াই মোৰ নামৰ অৰ্থ।” সি সেই সূৰ্য্যৰ কিৰণবোৰ দেখুৱাই তাইক ক’লে।

তাই মূৰ জোকাৰিলে - তাই জানে।

ৰাতিপুৱাৰ এই সূৰ্য্যক কোৱা হয় অৰুণ আৰু সেই অৰুণৰ আভা হৈছে - অৰুণাভ।

******

আজি সিহঁত মায়বঙত।

ডিমাছা সাম্ৰাজ্যৰ এসময়ৰ ৰাজধানী মায়বঙ।

সেই সাম্ৰাজ্যৰ বহুতো স্মৃতি চিহ্ন আজিও তাত বিদ্যমান।

তাতেই আছে ৰণচণ্ডী মন্দিৰ।

১৭০১ চনত ডিমাছা ৰজা তাম্ৰধ্বজ নাৰায়ণে নিৰ্মাণ আৰম্ভ কৰা মন্দিৰটো সম্পূৰ্ণ হৈছিল ১৭৬১ চনত ৰজা হৰিশ্চন্দ্ৰ নাৰায়ণৰ দিনত।

মাইবাঙৰ মাহুৰ নদীৰ পাৰৰ পৰা কিছু দূৰত অৱস্থিত এই মন্দিৰটো পাথৰ ঘৰ (stone house) হিচাপে অধিক পৰিচিত।

এটা গোটা শিলত কটা মন্দিৰটো বেৰি আছে এক জলাশয়।

তাৰেই পাৰত বহি ভাবি আছে সি সেই পুৰণি ডিমাছা ইতিহাসৰ কথা।

কিছু দূৰত ডিমাচা ৰজা, সেনাপতি, দাউগা, আদিৰ মূৰ্তি স্থাপন কৰা হৈছে।

তাই সেইবোৰ এফালৰ পৰা চাই গৈ আছে; লগতে পঢ়ি গৈছে মূৰ্তিবোৰৰ বিষয়ে লিখা কথাবোৰ।

******

“ডিমাছা সমাজত নাৰীৰ স্থান যথেষ্ট উন্নত আছিল, নহয়নে?” তাই সুধিলে তাক।

“কেনেকৈ জানিলা?”

“নাৰীও তাত দাৱগা আছিল।” মূৰ্তিকেইটাৰ ফালে আঙুলিয়াই তাই ক’লে।

ডিমাছা সাম্ৰাজ্যত দাৱগাসমূহ আছিল ঠিক ৰজাৰ তলতে। ৰাজ্যৰ কিছু অংশ তেখেতসকলৰ অধীনত পৰিচালনা কৰা হৈছিল। নাৰীও আছিল সেই পদবীত।

আমাৰ জনজাতি সমাজত নাৰীৰ স্থান সদায়েই আগশাৰীত - এয়া তাৰ আন এক প্ৰমাণ।

******

একা-বেঁকা পাহাৰীয়া ৰাস্তাৰ মাজেৰে খোজকাঢ়ি আগবাঢ়িছিল দুয়ো।

ৰাস্তাৰ দুয়োকাষে গছৰ বাহিৰে আৰু আন একো নাই।

দূৰৈত ৰ’দৰ পোহৰত জিলিকি আছিল পাহাৰৰ শিখৰবোৰ।

এবাৰ ওপৰলৈ, এবাৰ তললৈ গৈ আছিল ৰাস্তাটো।

সেই পৰিবেশত নিমগ্ন হৈ দুয়ো যেন আন এটি কালৰ মাজত হেৰাই গৈছিল।

পাহৰি গৈছিল সিহঁতি যে একবিংশ শতিকাৰ বাসিন্দা।

******

“সেই ৰাস্তাটোৰ ফালে চোৱা।” তাই পাহাৰৰ ওপৰৰ পৰা তললৈ আঙুলিয়াই দেখুৱালে।

বহু তলত এটা সৰু লুংলুঙীয়া ৰাস্তা - সিহঁতি পাহাৰৰ ওপৰৰ পৰা চাইছে বাবে ৰাস্তাটো আৰু সৰু দেখাইছে।

“সেই মানুহগৰাকীয়ে কি লৈ গৈ আছে?” তাই সুধিলে।

সি ভালদৰে চালে।

পিঠিত বাঁহেৰে নিৰ্মিত টুকুৰী এটাত খৰি লৈ সেই মানুহগৰাকী নিশ্চয় নিজৰ গাঁওৰ ফালে ধাৱমান।

জীৱন সংগ্ৰামৰ এক জীৱন্ত সাক্ষৰ এইয়া সিঁহতৰ চকুৰ সম্মুখত।

******

ডিমা হাছাও আজি শান্ত।

কেইবছৰমান আগৰ সেই অশান্ত পৰিবেশ আজি নাই।

ৰাস্তা-ঘাট যথেষ্ট উন্নত।

কিন্তু তথাপিও যেন ঠাইখনি আজিও উপেক্ষিত।

প্ৰকৃতিয়ে জিলিকাই ৰখা এই পাহাৰীয়া ঠাইখন যেন আৰু আগবাঢ়ি যায়, তাকে কামনা কৰিলোঁ।

******

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Comments

Popular posts from this blog

প্ৰাপ্তি-অপ্ৰাপ্তিৰ ভাষা

দেবু

সপোনত বন্দী তাইৰ ইতিহাস