Skip to main content

তুমি, মই আৰু ডিমা হাছাও

 মাজনিশালৈ আৰু কিছু সময় বাকী।

 সিহঁত আজি ডিমা হাছাওৰ কেন্দ্ৰস্থল হাফলঙত।

 হোটেলখনৰ চাদৰ ওপৰত বহি আছিল দুয়ো।

 হোটেলৰ মালিকজনে সিঁহতৰ বাবে একুৰা জুইৰ ব্যবস্থা কৰি থৈ গৈছিল।

 দূৰৈত সেয়া বৰাইল পৰ্বতমালা - আন্ধাৰৰ মাজতো ধৰিব পাৰি দূৰৈৰ সেই পাহাৰৰ উপস্থিতি।

 সেই আন্ধাৰ ঠেলি কুঁৱলীৰ আৱৰণখন লাহে-লাহে আগুৱাই আহিছিল সিহঁতৰ কাষলৈ।

 আজি ৩১ ডিচেম্বৰ।

 কালিৰ পৰা এটি নতুন বছৰৰ আৰম্ভণি।

******

চাদৰ ওপৰৰ পৰা সি চাই আছিল চাৰিওকাষৰ ঘৰবোৰত নতুন বছৰক আদৰাৰ প্ৰস্তুতি।

কোনো এঘৰত স্পীকাৰত উচ্চস্বৰে বাজি আছিল পাশ্চাত্য সংগীত।

আন কিছু ঘৰ নিজান।

পাহাৰৰ টিলা এটাত অৱস্থিত হোটেলখনৰ পৰা দূৰৈৰ গাৱঁবোৰো দেখা পোৱা যায়।

আজি ৰাতি পিছে কুঁৱলীয়ে ঢাকি ৰাখিছে ঠাইখিনি।

নিশা যিমানেই আগবাঢ়িছে, সিমানেই তলৰ সেই বগা আচ্ছাদন ঘন হৈ পৰিছে।

জুইৰ উত্তাপেও ঠাণ্ডাৰ লগত যেন এক যুদ্ধত অৱতীৰ্ণ।

তাই তেতিয়াও জুইৰ কাষত, সি চাদৰ এটা মূৰত - সম্মুখৰ পাহাৰলানিৰ ফালে চাই নিমগ্ন।

******

নতুন বছৰ আহিল।

লগতে আহিল এক নতুন প্ৰতিশ্ৰুতি লৈ পোহৰৰ প্ৰথম কণিকাখিনি।

কুঁৱলি ফালি ধৰাত পোহৰৰ আগমণ ঘটা চাবলৈ দুয়ো পুনৰ হোটেলৰ চাদত উপস্থিত হৈছিল ৰাতিপুৱা।

ৰ’দে জিলিকাই ৰখা বৰাইল পৰ্বতমালাই অভিবাদন জনাইছিল দুয়োকে।

ডাৱৰৰ ফাঁকেৰে ধৰালৈ নামি অহা সূৰ্য্যৰ কিৰণবোৰ চাবলৈ কেনে মনোমোহা লাগিছিল তেতিয়া।

“এইয়াই মোৰ নামৰ অৰ্থ।” সি সেই সূৰ্য্যৰ কিৰণবোৰ দেখুৱাই তাইক ক’লে।

তাই মূৰ জোকাৰিলে - তাই জানে।

ৰাতিপুৱাৰ এই সূৰ্য্যক কোৱা হয় অৰুণ আৰু সেই অৰুণৰ আভা হৈছে - অৰুণাভ।

******

আজি সিহঁত মায়বঙত।

ডিমাছা সাম্ৰাজ্যৰ এসময়ৰ ৰাজধানী মায়বঙ।

সেই সাম্ৰাজ্যৰ বহুতো স্মৃতি চিহ্ন আজিও তাত বিদ্যমান।

তাতেই আছে ৰণচণ্ডী মন্দিৰ।

১৭০১ চনত ডিমাছা ৰজা তাম্ৰধ্বজ নাৰায়ণে নিৰ্মাণ আৰম্ভ কৰা মন্দিৰটো সম্পূৰ্ণ হৈছিল ১৭৬১ চনত ৰজা হৰিশ্চন্দ্ৰ নাৰায়ণৰ দিনত।

মাইবাঙৰ মাহুৰ নদীৰ পাৰৰ পৰা কিছু দূৰত অৱস্থিত এই মন্দিৰটো পাথৰ ঘৰ (stone house) হিচাপে অধিক পৰিচিত।

এটা গোটা শিলত কটা মন্দিৰটো বেৰি আছে এক জলাশয়।

তাৰেই পাৰত বহি ভাবি আছে সি সেই পুৰণি ডিমাছা ইতিহাসৰ কথা।

কিছু দূৰত ডিমাচা ৰজা, সেনাপতি, দাউগা, আদিৰ মূৰ্তি স্থাপন কৰা হৈছে।

তাই সেইবোৰ এফালৰ পৰা চাই গৈ আছে; লগতে পঢ়ি গৈছে মূৰ্তিবোৰৰ বিষয়ে লিখা কথাবোৰ।

******

“ডিমাছা সমাজত নাৰীৰ স্থান যথেষ্ট উন্নত আছিল, নহয়নে?” তাই সুধিলে তাক।

“কেনেকৈ জানিলা?”

“নাৰীও তাত দাৱগা আছিল।” মূৰ্তিকেইটাৰ ফালে আঙুলিয়াই তাই ক’লে।

ডিমাছা সাম্ৰাজ্যত দাৱগাসমূহ আছিল ঠিক ৰজাৰ তলতে। ৰাজ্যৰ কিছু অংশ তেখেতসকলৰ অধীনত পৰিচালনা কৰা হৈছিল। নাৰীও আছিল সেই পদবীত।

আমাৰ জনজাতি সমাজত নাৰীৰ স্থান সদায়েই আগশাৰীত - এয়া তাৰ আন এক প্ৰমাণ।

******

একা-বেঁকা পাহাৰীয়া ৰাস্তাৰ মাজেৰে খোজকাঢ়ি আগবাঢ়িছিল দুয়ো।

ৰাস্তাৰ দুয়োকাষে গছৰ বাহিৰে আৰু আন একো নাই।

দূৰৈত ৰ’দৰ পোহৰত জিলিকি আছিল পাহাৰৰ শিখৰবোৰ।

এবাৰ ওপৰলৈ, এবাৰ তললৈ গৈ আছিল ৰাস্তাটো।

সেই পৰিবেশত নিমগ্ন হৈ দুয়ো যেন আন এটি কালৰ মাজত হেৰাই গৈছিল।

পাহৰি গৈছিল সিহঁতি যে একবিংশ শতিকাৰ বাসিন্দা।

******

“সেই ৰাস্তাটোৰ ফালে চোৱা।” তাই পাহাৰৰ ওপৰৰ পৰা তললৈ আঙুলিয়াই দেখুৱালে।

বহু তলত এটা সৰু লুংলুঙীয়া ৰাস্তা - সিহঁতি পাহাৰৰ ওপৰৰ পৰা চাইছে বাবে ৰাস্তাটো আৰু সৰু দেখাইছে।

“সেই মানুহগৰাকীয়ে কি লৈ গৈ আছে?” তাই সুধিলে।

সি ভালদৰে চালে।

পিঠিত বাঁহেৰে নিৰ্মিত টুকুৰী এটাত খৰি লৈ সেই মানুহগৰাকী নিশ্চয় নিজৰ গাঁওৰ ফালে ধাৱমান।

জীৱন সংগ্ৰামৰ এক জীৱন্ত সাক্ষৰ এইয়া সিঁহতৰ চকুৰ সম্মুখত।

******

ডিমা হাছাও আজি শান্ত।

কেইবছৰমান আগৰ সেই অশান্ত পৰিবেশ আজি নাই।

ৰাস্তা-ঘাট যথেষ্ট উন্নত।

কিন্তু তথাপিও যেন ঠাইখনি আজিও উপেক্ষিত।

প্ৰকৃতিয়ে জিলিকাই ৰখা এই পাহাৰীয়া ঠাইখন যেন আৰু আগবাঢ়ি যায়, তাকে কামনা কৰিলোঁ।

******

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...