Skip to main content

বৰষুণৰ অপেক্ষাত

 নিৰৱ, নিজান, উকা…

একো নাই…

সকলো যেন শূণ্য…
সম্মুখৰ শুকান বালিচৰলৈ চাই সি ভাবি থাকিল।
এসময়ত এই ঠাইৰে প্ৰবল বেগেৰে বৈ গৈছিল ব্ৰহ্মপুত্ৰ আৰু আজি সেই ঠাইখন যেন এক মৰুভূমি।
“ঠিক মোৰ দৰেই”, সি মনতে ভাবিলে।
তাৰ জীৱনৰ উচ্ছল তৰংগবোৰ যেন কৰবাত হেৰাই থাকিল।
তৰাই তাক বিদায় দি আকাশৰ তৰা হোৱা আজি এবছৰেই হ’ল কিন্তু সি আজিও তাইৰ অনুপস্থিতি সহ্য কৰিব পৰা হোৱা নাই।
আজিও সি নীৰৱে, অকলশৰীয়াকৈ ঘূৰি ফুৰে সেই বাটেৰে, যি বাটত এটা সময়ত সি তৰাৰ লগত সুখ-দুখৰ কথা পাতি বহু সময় পাৰ কৰিছিল।
******
“কি কৰি আছ’ এই ঠাইত?”
সেয়া ৰহিম কাইৰ মাত।
তাৰ মনৰ কথা বুজি পোৱা একমাত্ৰ পুৰুষ এই ৰহিম কাই।
তাৰ চাইকেল ভাল কৰা দোকানখনৰ কাষতে ৰহিম কাইৰ ঘুমটি দোকানখন। আজৰি সময়ত তেওঁৰ দোকানত বহি দুয়ো কথা পাতে। দুয়ো জানে ইটো-সিটোৰ মনৰ কথা।
“মোৰ জীৱনো এই মৰুভূমিৰ দৰে হ’ল অ’ ৰহিম কাই!” সজল নয়নেৰে সি ক’লে।
“এইবাৰ বাৰিষাৰ পানীৰে যেতিয়া এই ঠাই উপচি পৰিব, আশাকৰোঁ তেতিয়া তই বুজিবি জীৱনে পুনৰ পুখা মেলে বুলি।”
ৰহিমে সম্মুখলে চাই কৈ উঠিল।
বহু দূৰৈত সেয়া ব্ৰহ্মপুত্ৰ - বাৰিষাৰ অপেক্ষাত!
******
আকাশখন গোমা।
দোকানৰ ভিতৰত বহি সি মবাইলটোকে চাই আছিল।
ৰহিম কাইৰ দোকান বন্ধ। তেওঁ কাৰোবাৰ বিয়ালৈ গৈছে, দুদিনমান পাছতহে উভতি আহিব।
আজি কোনো গ্ৰাহকো নাই দোকানত।
মাজে-মাজে সি ফোনতে তৰাৰ ফটোখন চাই।
“কোনোবা আছে নেকি?” এক নাৰীকণ্ঠ ভাঁহি আহিল।
সি ফোনটো থৈ বাহিৰলৈ ওলাই আহিল।
এজনী ছোৱালী দোকানৰ সম্মুখত ৰৈ আছিল।
“বেয়া নাপায় যদি আপুনি মোক অলপ সহায় কৰিব পাৰিব নেকি?” তাক দেখি তাই কৈ উঠিল।
******
আজি প্ৰথম বাৰ সি পুলিচ থানাত ভৰি দিছে।
মনত অলপ ভয় ভাব।
সি বেঞ্চ এখনত বহি যুৱতীগৰাকীৰ কথাবোৰ শুনি আছিল।
তাই মহিলা পুলিচগৰাকীক কৈ আছিল কি দৰে তাই নাৰী সৰবৰাহী চক্ৰৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল।
কথাখিনি ইতিমধ্যেই তাই তাক কৈছিল।
কথাখিনি শুনাৰ পাছতেই সি তাইক কাষৰ থানাখনলৈ লৈ আনিছিল।
******
মানুহৰ জীৱন কিমান জটিল হব পাৰে বাৰু?
যুৱতীগৰাকীৰ কথাবোৰ শুনি সি ভাবি থাকিল।
পিতৃ-মাতৃক হেৰুওৱাৰ পাছত তাইক ডাঙৰ-দীঘল কৰা একমাত্ৰ ককায়েকজনেই তাইক বিক্ৰী কৰি দিছিল নাৰী সৰবৰাহী চক্ৰৰ এক দালালৰ হাতত।
যাৰ বিশ্বাসত তাই নিজৰ জীৱন আগুৱাই নিছিল, সেই ককায়েকেই তাইক বিশ্বাসঘাটকতা কৰিলে।
জোৰকৈ দেহ বিক্ৰী কৰিবলৈ তাইৰ উপৰত চলিল অত্যাচাৰ।
কোনোমতে সুযোগ বুজি তাই পলাবলৈ সক্ষম হৈছিল।
পিছে এতিয়া আগলৈ কি?
******
আশ্ৰয় গৃহৰ পৰা তাই আজি ওলাই আহিল।
বাহিৰত সি থিয় হৈ আছিল।
যোৱা কেইমাহমান কেৱল সিয়েই তাইৰ খবৰ লৈ আছিল।
ককায়েক ইতিমধ্যে জেলত।
তাইৰ পৰিয়ালৰ আন কোনো মানুহে খবৰ লোৱা নাই তাইৰ।
গাঁওৰ মানুহবোৰেও হেনো নিবিচাৰে তাই ঘূৰি অহাটো।
আজিও নাৰীৰ জীৱন কিমান কণ্টকময়!!
******
তৰাৰ মৃত্যু হোৱা আজি প্ৰায় ডেৰ বছৰ হ’ল।
তাইক সম্পূৰ্ণভাৱে সি পাহৰা নাই কিন্তু তাইৰ মৃত্যুৱে উকা কৰি যোৱা হৃদয়খনত এতিয়া এক সেউজীয়া ৰঙৰ প্রেমে গজালি মেলিছে।
মন্দিৰৰ পৰা ওলাই আহি সি আকাশখনলৈ চালে।
“বৰষুণ এজাক দিব এতিয়া”, ৰহিম কায়ে কৈ উঠিল।
তেওঁৰ ওঁঠত এটি সন্তুষ্টিৰ হাঁহি।
সি তাইলৈ চালে।
কইনাৰ সাজত তাইক বৰ ধুনীয়া দেখাইছে।
******
ঠাইখন এতিয়া আৰু বালিৰে পৰিপূৰ্ণ নহয়।
ব্ৰহ্মপুত্ৰই পুনৰ দখল কৰিলে এই ঠাই।
সি তাইক কৈছিল কেনেদৰে খৰালিত উকা হৈ পৰিছিল এই ঠাইখন।
নৈৰ পাৰত ৰৈ দুয়ো চাই থাকিল নদীখনৰ বুকুত নীৰৱে ডুব যোৱা বেলিটোলৈ।
ৰঙা এটি আভাই জিলিকাই তুলিছিল চাৰিওকাষ।
সি লাহেকৈ তাইৰ হাতখন ধৰিলে।
তাই মূৰটো তাৰ কান্ধত থলে।
নৈখন বৈ থাকিল।
এতিয়াও নিৰৱ কিন্তু প্ৰাপ্তিৰ আশাৰে সুখী।
পাৰত ৰঙা হৈ জিলিকি আছিল তাইৰ কপাল।
ঠিক যেনেকৈ বৰষুণৰ অপেক্ষাত থকা ব্ৰহ্মপুত্ৰ এতিয়া জীপাল।
*******

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...