বৰষুণৰ অপেক্ষাত
নিৰৱ, নিজান, উকা…
সকলো যেন শূণ্য…
সম্মুখৰ শুকান বালিচৰলৈ চাই সি ভাবি থাকিল।
এসময়ত এই ঠাইৰে প্ৰবল বেগেৰে বৈ গৈছিল ব্ৰহ্মপুত্ৰ আৰু আজি সেই ঠাইখন যেন এক মৰুভূমি।
“ঠিক মোৰ দৰেই”, সি মনতে ভাবিলে।
তাৰ জীৱনৰ উচ্ছল তৰংগবোৰ যেন কৰবাত হেৰাই থাকিল।
তৰাই তাক বিদায় দি আকাশৰ তৰা হোৱা আজি এবছৰেই হ’ল কিন্তু সি আজিও তাইৰ অনুপস্থিতি সহ্য কৰিব পৰা হোৱা নাই।
আজিও সি নীৰৱে, অকলশৰীয়াকৈ ঘূৰি ফুৰে সেই বাটেৰে, যি বাটত এটা সময়ত সি তৰাৰ লগত সুখ-দুখৰ কথা পাতি বহু সময় পাৰ কৰিছিল।
******
“কি কৰি আছ’ এই ঠাইত?”
সেয়া ৰহিম কাইৰ মাত।
তাৰ মনৰ কথা বুজি পোৱা একমাত্ৰ পুৰুষ এই ৰহিম কাই।
তাৰ চাইকেল ভাল কৰা দোকানখনৰ কাষতে ৰহিম কাইৰ ঘুমটি দোকানখন। আজৰি সময়ত তেওঁৰ দোকানত বহি দুয়ো কথা পাতে। দুয়ো জানে ইটো-সিটোৰ মনৰ কথা।
“মোৰ জীৱনো এই মৰুভূমিৰ দৰে হ’ল অ’ ৰহিম কাই!” সজল নয়নেৰে সি ক’লে।
“এইবাৰ বাৰিষাৰ পানীৰে যেতিয়া এই ঠাই উপচি পৰিব, আশাকৰোঁ তেতিয়া তই বুজিবি জীৱনে পুনৰ পুখা মেলে বুলি।”
ৰহিমে সম্মুখলে চাই কৈ উঠিল।
বহু দূৰৈত সেয়া ব্ৰহ্মপুত্ৰ - বাৰিষাৰ অপেক্ষাত!
******
আকাশখন গোমা।
দোকানৰ ভিতৰত বহি সি মবাইলটোকে চাই আছিল।
ৰহিম কাইৰ দোকান বন্ধ। তেওঁ কাৰোবাৰ বিয়ালৈ গৈছে, দুদিনমান পাছতহে উভতি আহিব।
আজি কোনো গ্ৰাহকো নাই দোকানত।
মাজে-মাজে সি ফোনতে তৰাৰ ফটোখন চাই।
“কোনোবা আছে নেকি?” এক নাৰীকণ্ঠ ভাঁহি আহিল।
সি ফোনটো থৈ বাহিৰলৈ ওলাই আহিল।
এজনী ছোৱালী দোকানৰ সম্মুখত ৰৈ আছিল।
“বেয়া নাপায় যদি আপুনি মোক অলপ সহায় কৰিব পাৰিব নেকি?” তাক দেখি তাই কৈ উঠিল।
******
আজি প্ৰথম বাৰ সি পুলিচ থানাত ভৰি দিছে।
মনত অলপ ভয় ভাব।
সি বেঞ্চ এখনত বহি যুৱতীগৰাকীৰ কথাবোৰ শুনি আছিল।
তাই মহিলা পুলিচগৰাকীক কৈ আছিল কি দৰে তাই নাৰী সৰবৰাহী চক্ৰৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল।
কথাখিনি ইতিমধ্যেই তাই তাক কৈছিল।
কথাখিনি শুনাৰ পাছতেই সি তাইক কাষৰ থানাখনলৈ লৈ আনিছিল।
******
মানুহৰ জীৱন কিমান জটিল হব পাৰে বাৰু?
যুৱতীগৰাকীৰ কথাবোৰ শুনি সি ভাবি থাকিল।
পিতৃ-মাতৃক হেৰুওৱাৰ পাছত তাইক ডাঙৰ-দীঘল কৰা একমাত্ৰ ককায়েকজনেই তাইক বিক্ৰী কৰি দিছিল নাৰী সৰবৰাহী চক্ৰৰ এক দালালৰ হাতত।
যাৰ বিশ্বাসত তাই নিজৰ জীৱন আগুৱাই নিছিল, সেই ককায়েকেই তাইক বিশ্বাসঘাটকতা কৰিলে।
জোৰকৈ দেহ বিক্ৰী কৰিবলৈ তাইৰ উপৰত চলিল অত্যাচাৰ।
কোনোমতে সুযোগ বুজি তাই পলাবলৈ সক্ষম হৈছিল।
পিছে এতিয়া আগলৈ কি?
******
আশ্ৰয় গৃহৰ পৰা তাই আজি ওলাই আহিল।
বাহিৰত সি থিয় হৈ আছিল।
যোৱা কেইমাহমান কেৱল সিয়েই তাইৰ খবৰ লৈ আছিল।
ককায়েক ইতিমধ্যে জেলত।
তাইৰ পৰিয়ালৰ আন কোনো মানুহে খবৰ লোৱা নাই তাইৰ।
গাঁওৰ মানুহবোৰেও হেনো নিবিচাৰে তাই ঘূৰি অহাটো।
আজিও নাৰীৰ জীৱন কিমান কণ্টকময়!!
******
তৰাৰ মৃত্যু হোৱা আজি প্ৰায় ডেৰ বছৰ হ’ল।
তাইক সম্পূৰ্ণভাৱে সি পাহৰা নাই কিন্তু তাইৰ মৃত্যুৱে উকা কৰি যোৱা হৃদয়খনত এতিয়া এক সেউজীয়া ৰঙৰ প্রেমে গজালি মেলিছে।
মন্দিৰৰ পৰা ওলাই আহি সি আকাশখনলৈ চালে।
“বৰষুণ এজাক দিব এতিয়া”, ৰহিম কায়ে কৈ উঠিল।
তেওঁৰ ওঁঠত এটি সন্তুষ্টিৰ হাঁহি।
সি তাইলৈ চালে।
কইনাৰ সাজত তাইক বৰ ধুনীয়া দেখাইছে।
******
ঠাইখন এতিয়া আৰু বালিৰে পৰিপূৰ্ণ নহয়।
ব্ৰহ্মপুত্ৰই পুনৰ দখল কৰিলে এই ঠাই।
সি তাইক কৈছিল কেনেদৰে খৰালিত উকা হৈ পৰিছিল এই ঠাইখন।
নৈৰ পাৰত ৰৈ দুয়ো চাই থাকিল নদীখনৰ বুকুত নীৰৱে ডুব যোৱা বেলিটোলৈ।
ৰঙা এটি আভাই জিলিকাই তুলিছিল চাৰিওকাষ।
সি লাহেকৈ তাইৰ হাতখন ধৰিলে।
তাই মূৰটো তাৰ কান্ধত থলে।
নৈখন বৈ থাকিল।
এতিয়াও নিৰৱ কিন্তু প্ৰাপ্তিৰ আশাৰে সুখী।
পাৰত ৰঙা হৈ জিলিকি আছিল তাইৰ কপাল।
ঠিক যেনেকৈ বৰষুণৰ অপেক্ষাত থকা ব্ৰহ্মপুত্ৰ এতিয়া জীপাল।
*******
Comments
Post a Comment