নদী, ঈশানী আৰু মই (খণ্ড-২)

ৰঙাজান…

তাইৰ ঘৰৰ পাছফালেৰে বৈ যোৱা এটি সৰু জান।
১৮১৯ চনত মানৰ আক্ৰমণ ৰোধ কৰিবলৈ এই ঠাইখিনিৰ কাষতেই গগৈ সেনাপতিৰ নেতৃত্বত আহোম সেনাই যুঁজ কৰিছিল।
যুঁজৰ আঘাতত বৈ পৰা শোণিতৰ ধাৰাৰে ৰঙা হৈ পৰা জানটিৰ নাম তেতিয়াৰ পৰা ৰঙাজান হৈ পৰিল।
এই ৰণক বুৰঞ্জীত ফুলপানীছিগা ৰণ বুলি কোৱা হয়। কিছুৱে এই ৰণক জামুগুৰি চাপৰিৰ ৰণ বুলিও কয়।
লগতে কোৱা হয় মাছখোৱা গড়ৰ ৰণ।
এতিয়াৰ জামুগুৰি-ফুলপানীছিগাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো এই মাছখোৱা গড়ৰে অংশ।
**********
নাজানো তাই জানেনে নাই এই ইতিহাস।
নজনাটোৱে স্বাভাবিক।
মানৰ আক্ৰমণৰ সেই বিভৎস স্মৃতি আজিৰ অসমীয়াৰ মনৰ মাজত নাই।
কিন্তু তাইক বিয়া পাতি মোৰ আকৰ্ষণৰ আন এক কেন্দ্ৰবিন্দু হৈ পৰিল এই ৰঙাজান।
**********
বাৰিষাত হেনো এতিয়াও ওফন্দি পৰে ৰঙাজান।
মই দেখা নাই পিছে…
মই দেখিছো খৰালিত শুকাই থকা জানটিক।
এই ৰঙাজানৰ পাৰেৰে, পথাৰৰ মাজেৰে, এদিন দুপৰীয়া খোজকাঢ়িছিলো মই আৰু ঈশানীয়ে।
মৃদু এজাক বতাহে দুয়োকে লাহেকৈ কোবাই থৈ গৈছিল।
তাই কৈ গৈছিল তাইৰ শৈশৱৰ কথা।
ককাকে হেনো আহিবলৈ নিদিছিল ৰঙাজানৰ পাৰলৈ।
ৰঙাজানৰ বুকুৰে বৈ থকা শোণিতৰ ধাৰাৰ বাবেই নেকি??
**********
যোৱা বছৰ গংগা নদীত স্নান কৰি, যমুনাৰ পাৰৰ পৰা আহি যেতিয়া মই পুনৰ উপস্হিত হৈছিলোহি ব্ৰহ্মপুত্ৰৰ পাৰত, তেতিয়া কৈছিলো মই মহাবাহুক গংগাৰ পাৰত মানৱতাৰ স্খলনৰ কথা।
মনলৈ আহিছিল ভূপেন হাজৰিকা দেৱৰ গানৰ সেই কথা - “অ’ গংগা টু বহতী হে কিউ্!”
মহাবাহু ব্ৰহ্মপুত্ৰয়ো যেন কৈছিল সেই একেই কথা - নিৰ্লজ্জ অলস ভাৱে বৈ আছো ময়ো।
সলনি হ’বনে বাৰু সময়বোৰ।
বুঢ়া লুইতে বাৰু দেখিবনে মানৱতাৰ জয়গান।
**********
কোনোবাই মোক সুধিছিল কিয় নদীৰ প্ৰতি মোৰ এই দুৰ্বাৰ আকৰ্ষণ।
নাজানো কিয়!
কিন্তু নদী বৰ প্ৰিয় মোৰ।
শৈশৱত ডাঙৰ-দীঘল হোৱা চাহ বাগিচাখনৰ মাজেৰে বৈ গৈছিল এখন নৈ।
নাম - টিংৰাই…
আমাৰ সেই চাহ বাগিচাখনৰ মাজেৰে বৈ গৈ হুগ্ৰিজান নামৰ জানখনত লগ হৈ বুঢ়ীদিহিঙ নদীত মিলিত হয়গৈ।
সেই টিংৰাই নৈৰ পাৰতে শৈশৱ-কৈশোৰৰ কিছু সুন্দৰ মুহূৰ্ত্ত পাৰ কৰিছিলো।
নদীৰ সৈতে প্ৰথম চিনাকী এই টিংৰাইখনেই।
আৰু আছিল আন এখন নদী - জাঁজী নৈ।
মোৰ মামাহতৰ ঘৰ এই জাঁজী নদীৰ পাৰতেই।
বহুকেইবাৰ জাঁজী নৈত গা ধুবলৈ গৈছিলো তেতিয়া।
জনা নাছিলো অকল এটা কথা।
আগলৈ গৈ এই জাঁজী নদীৰ পাৰৰেই এজনী ছোৱালী হ’বগৈ মোৰ জীৱন-সংগিনী।
**********
নদীৰো হেনো মান-অভিমান থাকে।
নদীৰ দৰেই মোৰ জীৱনলৈ প্ৰৱেশ ঘটা ঈশানীয়েও কেতিয়াবা প্ৰকাশ কৰে কিছু মান-অভিমান।
অভিমান কৰিলে বৰ মৰম লাগে তাইলৈ।
এই মান-অভিমানবোৰেই আমাৰ সম্বন্ধবোৰক আৰু আকৰ্ষণীয় কৰি নোতোলে জানো!
**********
নদীৰ ঢৌৰ দৰে সময়বোৰ বাগৰি গৈ আছে।
আজি আমাৰ বিয়াৰ ছমাহ সম্পূৰ্ণ হ’ল।
মান-অভিমান, মৰম-চেনেহৰ মাজেৰে আমাৰ জীৱনৰ চকৰি আগবাঢ়ি গৈ আছে।
মোৰ দৰে তায়ো নদীক ভাল পাই।
আৰু ভাল পাই মোক!
জীৱন নদীৰ এই চাকনৈয়াত নাও মেলি দি আমি এতিয়া প্ৰবাহমান।
আশীৰ্বাদ কৰিব।
**********

Comments

Popular posts from this blog

প্ৰাপ্তি-অপ্ৰাপ্তিৰ ভাষা

দেবু

সপোনত বন্দী তাইৰ ইতিহাস