Skip to main content

নদী, ঈশানী আৰু মই (খণ্ড-২)

ৰঙাজান…

তাইৰ ঘৰৰ পাছফালেৰে বৈ যোৱা এটি সৰু জান।
১৮১৯ চনত মানৰ আক্ৰমণ ৰোধ কৰিবলৈ এই ঠাইখিনিৰ কাষতেই গগৈ সেনাপতিৰ নেতৃত্বত আহোম সেনাই যুঁজ কৰিছিল।
যুঁজৰ আঘাতত বৈ পৰা শোণিতৰ ধাৰাৰে ৰঙা হৈ পৰা জানটিৰ নাম তেতিয়াৰ পৰা ৰঙাজান হৈ পৰিল।
এই ৰণক বুৰঞ্জীত ফুলপানীছিগা ৰণ বুলি কোৱা হয়। কিছুৱে এই ৰণক জামুগুৰি চাপৰিৰ ৰণ বুলিও কয়।
লগতে কোৱা হয় মাছখোৱা গড়ৰ ৰণ।
এতিয়াৰ জামুগুৰি-ফুলপানীছিগাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো এই মাছখোৱা গড়ৰে অংশ।
**********
নাজানো তাই জানেনে নাই এই ইতিহাস।
নজনাটোৱে স্বাভাবিক।
মানৰ আক্ৰমণৰ সেই বিভৎস স্মৃতি আজিৰ অসমীয়াৰ মনৰ মাজত নাই।
কিন্তু তাইক বিয়া পাতি মোৰ আকৰ্ষণৰ আন এক কেন্দ্ৰবিন্দু হৈ পৰিল এই ৰঙাজান।
**********
বাৰিষাত হেনো এতিয়াও ওফন্দি পৰে ৰঙাজান।
মই দেখা নাই পিছে…
মই দেখিছো খৰালিত শুকাই থকা জানটিক।
এই ৰঙাজানৰ পাৰেৰে, পথাৰৰ মাজেৰে, এদিন দুপৰীয়া খোজকাঢ়িছিলো মই আৰু ঈশানীয়ে।
মৃদু এজাক বতাহে দুয়োকে লাহেকৈ কোবাই থৈ গৈছিল।
তাই কৈ গৈছিল তাইৰ শৈশৱৰ কথা।
ককাকে হেনো আহিবলৈ নিদিছিল ৰঙাজানৰ পাৰলৈ।
ৰঙাজানৰ বুকুৰে বৈ থকা শোণিতৰ ধাৰাৰ বাবেই নেকি??
**********
যোৱা বছৰ গংগা নদীত স্নান কৰি, যমুনাৰ পাৰৰ পৰা আহি যেতিয়া মই পুনৰ উপস্হিত হৈছিলোহি ব্ৰহ্মপুত্ৰৰ পাৰত, তেতিয়া কৈছিলো মই মহাবাহুক গংগাৰ পাৰত মানৱতাৰ স্খলনৰ কথা।
মনলৈ আহিছিল ভূপেন হাজৰিকা দেৱৰ গানৰ সেই কথা - “অ’ গংগা টু বহতী হে কিউ্!”
মহাবাহু ব্ৰহ্মপুত্ৰয়ো যেন কৈছিল সেই একেই কথা - নিৰ্লজ্জ অলস ভাৱে বৈ আছো ময়ো।
সলনি হ’বনে বাৰু সময়বোৰ।
বুঢ়া লুইতে বাৰু দেখিবনে মানৱতাৰ জয়গান।
**********
কোনোবাই মোক সুধিছিল কিয় নদীৰ প্ৰতি মোৰ এই দুৰ্বাৰ আকৰ্ষণ।
নাজানো কিয়!
কিন্তু নদী বৰ প্ৰিয় মোৰ।
শৈশৱত ডাঙৰ-দীঘল হোৱা চাহ বাগিচাখনৰ মাজেৰে বৈ গৈছিল এখন নৈ।
নাম - টিংৰাই…
আমাৰ সেই চাহ বাগিচাখনৰ মাজেৰে বৈ গৈ হুগ্ৰিজান নামৰ জানখনত লগ হৈ বুঢ়ীদিহিঙ নদীত মিলিত হয়গৈ।
সেই টিংৰাই নৈৰ পাৰতে শৈশৱ-কৈশোৰৰ কিছু সুন্দৰ মুহূৰ্ত্ত পাৰ কৰিছিলো।
নদীৰ সৈতে প্ৰথম চিনাকী এই টিংৰাইখনেই।
আৰু আছিল আন এখন নদী - জাঁজী নৈ।
মোৰ মামাহতৰ ঘৰ এই জাঁজী নদীৰ পাৰতেই।
বহুকেইবাৰ জাঁজী নৈত গা ধুবলৈ গৈছিলো তেতিয়া।
জনা নাছিলো অকল এটা কথা।
আগলৈ গৈ এই জাঁজী নদীৰ পাৰৰেই এজনী ছোৱালী হ’বগৈ মোৰ জীৱন-সংগিনী।
**********
নদীৰো হেনো মান-অভিমান থাকে।
নদীৰ দৰেই মোৰ জীৱনলৈ প্ৰৱেশ ঘটা ঈশানীয়েও কেতিয়াবা প্ৰকাশ কৰে কিছু মান-অভিমান।
অভিমান কৰিলে বৰ মৰম লাগে তাইলৈ।
এই মান-অভিমানবোৰেই আমাৰ সম্বন্ধবোৰক আৰু আকৰ্ষণীয় কৰি নোতোলে জানো!
**********
নদীৰ ঢৌৰ দৰে সময়বোৰ বাগৰি গৈ আছে।
আজি আমাৰ বিয়াৰ ছমাহ সম্পূৰ্ণ হ’ল।
মান-অভিমান, মৰম-চেনেহৰ মাজেৰে আমাৰ জীৱনৰ চকৰি আগবাঢ়ি গৈ আছে।
মোৰ দৰে তায়ো নদীক ভাল পাই।
আৰু ভাল পাই মোক!
জীৱন নদীৰ এই চাকনৈয়াত নাও মেলি দি আমি এতিয়া প্ৰবাহমান।
আশীৰ্বাদ কৰিব।
**********

Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...