Skip to main content

প্ৰাপ্তি-অপ্ৰাপ্তিৰ ভাষা

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটি সৰু ৰাস্তা।

ৰাস্তাটোৰে নামি গ’লে সোঁফালে এটা পুখুৰী, বাঁওফালে এখন সৰু দোকান।


পুখুৰীটোৰ লগতে এটি ঘৰ, দোকানখনৰ কাষতে এখন স্কুল।


পুখুৰীটোৰ পাৰতে এজোপা গুলঞ্চ ফুলৰ গছ; তাৰ তলতে বাঁহেৰে নিৰ্মিত এখন বেঞ্চ।


ৰুটি-ঘুগুনি খাবলৈ দোকানখনলৈ অহা স্কুলৰ ল’ৰাবোৰ প্ৰায়েই এই বেঞ্চখনতে বহে। 


*********


যোৱা কিছুদিনৰ পৰা এই বেঞ্চখনত যুবক-যুবতী এহালক দেখা পোৱা গৈছে।


স্কুলখন বৰ্তমান বন্ধ। 


ল’ৰা-ছোৱালীবোৰ নাই বাবে দোকানখনো প্ৰায় বন্ধ হৈ থাকে।


এই বেঞ্চখনত এতিয়া সেই যুুবক আৰু যুবতীক বহি থকা দেখা যায়।


দুয়ো ন-বিবাহিত।


যুবকজন বাছত উঠি কামলৈ যায়, যুবতীগৰাকী আগবঢ়াবলৈ আহে।


বাছখন অহা লৈকে দুয়ো তাত বহি কথা পাতে।


কি কথা পাতে সেয়া জনাৰ উপায় নাই।


সেই কথোপকথনৰ সাক্ষী কেৱল সেই বেঞ্চখন আৰু গুলঞ্চ ফুলৰ গছজোপা।


********


পুখুৰীৰ পাৰৰ ঘৰটোতো এজনী ছোৱালী থাকে।


খিৰিকীখনৰ কাষতে বহি কিবা লিখি থকা দেখা যায় তাইক।


কেতিয়াবা খিৰিকীৰে বাহিৰৰ পৃথিৱীখন পৰ্যবেক্ষন কৰে তাই।


বহী এখনৰ পাতত খোদিত হয় তাইৰ অনুভৱবোৰ। 


********


“দুদিনমান মেঘালয়ত ফুৰি আহোগৈ ব’লা।”


বেঞ্চখনত বহি-বহি যুবকজনে ক’লে।


যুবতীগৰাকীয়ে মুৰ দুপিয়ালে।


“ডাৱৰৰ মাজেৰে খোজকাঢ়ি নিজকে বিলীন কৰি দিবলৈ ভাল লাগিব।” যুবকজনে কল্পনা কৰি কৈ উঠিল।


যুবতীগৰাকীও সেই কল্পনাতে বিলীন।


********


বেঞ্চখনত আজি এজন অচিনাকী যুবক।


আগতে এই ঠাইত তেওঁক দেখা পোৱা নাই।


তেওঁ অকলে তাত বহি আছে।


মাজে-মাজে হাতত থকা মোবাইলটোলৈ চাই, মাজে-মাজে পুখুৰীৰ পাৰৰ ঘৰটোলৈ।


তাত বহি থকাৰ উদ্দেশ্যটো জানিব পৰা হোৱা নাই।


******


“মোৰ যে আকৌ এবাৰ মেঘালয়লৈ যাবলৈ মন গৈছে। সেই নিজান ৰাস্তাবোৰত আপোনাৰ সৈতে পুনৰ খোজ দিবলৈ মন গৈছে।” 


যুবতীগৰাকীৰ কথাত যুবকজনে লাহেকৈ তাইৰ হাতখন ধৰিলে।


দুয়ো যেন এতিয়াও পাহাৰৰ শিখৰত ডাৱৰৰ দেশতে আছে।


পুনৰ এই মুহূৰ্ত্তৰ সাক্ষী হৈ ৰ’ল সেই বেঞ্চখন আৰু গুলঞ্চ ফুলৰ গছজোপা।


********


সেই অচিনাকী যুবকজন আজিও বেঞ্চখনত বহি আছে।


মাজে-মাজে ঘৰটোৰ ফালে চাইছে।


আজি খিৰিকীখন বন্ধ; ছোৱালীজনী ছাগে ঘৰত নাই।


এই অচিনাকী যুবকজন যে সেই ছোৱালীজনীক চাবলৈকে এই ঠাইলৈ আহে, সেই কথা এতিয়া স্পষ্ট।


********


“তাইৰ কবিতাৰ কিতাপখনৰ উন্মোচন কেতিয়া?” বাছলৈ অপেক্ষা কৰি থকা সময়ত যুবকজনে সুধিলে।


“অহা দেওবাৰে। আমি দুয়ো যাম দেই।” যুবতীগৰাকীয়ে ক’লে।


“যাম। কিতাপখনৰ নাম কি?”


“বিভ্ৰান্তি”


********


“আপোনাৰ কবিতাৰ মই গুণমুগ্ধ”, সেই অচিনাকি যুবকজন এতিয়া সেই পুখুৰীৰ পাৰৰ ঘৰটোৰ ছোৱালীজনৰ সম্মুখত।


শাখা সাহিত্য সভাৰ সেইদিনা এক বিশেষ অধিবেশন।


দুয়ো আজি তাত উপস্হিত।


“আপুনি মোৰ কবিতা পঢ়িছে?” তাই সুধিলে সেই যুবকজনক।


“আপোনাক দেখিছিলো কেইসপ্তাহমান আগতে। কবি সন্মিলনত এটি স্বৰচিত কবিতা পাঠ কৰিছিল।”


তাইৰ ভাল লাগিল তাৰ কথা শুনি; গালৰ বৰণ অলপ ৰঙা পৰিল।


অৱশেষত যুবকজন চিনাকী হ’ল ছোৱালীজনীৰ সৈতে।


নামটোহে আমি গম নেপালো।


********


“আপুনি নেথাকিলে যে মোৰ একোকে ভাল নালাগে।” 


বেঞ্চখনত বহি যুবতীগৰাকীয়ে ক’লে।


যুবকজন কিবা কামত ক’ৰবালৈ যাবলৈ উলাইছে। কান্ধত বেগ এটা। তেওঁ যে কেইদিনমান নাথাকিব সেয়া বুজিব পৰা গৈছে।


“আমি শুনি ভালপোৱা গানকেইটামান লগাই থবা। মই কাষতে আছো যেন লাগিব।” যুবকজনে ক’লে।


সেই মুহূৰ্ত্ততে পুখুৰী পাৰৰ ঘৰটোৰ পৰা সেই ছোৱালীজনী উলাই আহিল।


যুবতীগৰাকীয়ে তাইৰ ফালে চাই হাত ডাঙিলে।


ছোৱালীজনী তাহাঁতৰ ফালে খোজ দিলে।


সেই একেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰা নামি ৰাস্তাটোত খোজ পেলালেহি সেই অচিনাকী যুবকজনে।


সি দেখিলে ছোৱালীজনীক; তায়ো দেখিলে তাক।


ৰাস্তাটোৰ মাজত তেতিয়া গৰু এটা শুই আছিল।


ছোৱালীজনীয়ে বা কি ভাবি আছিল; তাই গৰুটোৰ গাতে খুন্দিয়াই পৰি গ’ল।


যুবক-যুবতীহালৰ লগতে সেই অচিনাকী যুবকজনো তাইৰ কাষ পালেগৈ।


“গৰুটো ক’ৰ পৰা আহিল?” ছোৱালীজনীয়ে তাইৰ চশমাযোৰ থিক কৰি সুধিলে।


“তোমাৰ কবিতাটোত যে সি নাছিল সেইটো মই নিশ্চিত।” অচিনাকী যুবকজনে লাহেকৈ উত্তৰ দিলে।


বাকীকেইজনে তাৰ ফালে চালে।


********


“সেইদিনা আপুনি ছাগে মোক কি বুলি ভাবিলে থিক নাই!” ছোৱালীজনীয়ে ক’লে।


কবিতাৰ এটি সন্ধিয়া উপভোগ কৰি দুয়ো সৰু হোটেল এখনত চাহ খাই আছিল।


“তোমাৰ অন্যমনস্কতাটোও যে মোৰ ভাল লাগে!” সি উত্তৰ দিলে।


ছোৱালীজনীৰ গালখন পুনৰ ৰঙা পৰিল।


********


স্কুলখন খুলিলে।


বেঞ্চখনত এতিয়া ল’ৰা তিনিটা বহি আছে।


অচিনাকী (এতিয়াও?) যুবকজন পুখুৰীটোৰ পাৰতে থিয় হৈ আছে।


ছোৱালীজনীৰ ঘৰত আজি বহু মানুহ দেখিছে সি।


কিয় বা? 


সেইদিনা লগ পোৱা যুবক-যুবতীহালকো দেখিছে সি তাত।


‘যুবকজন আজি কামলৈ যোৱা নাই নেকি?’ সি মনতে ভাবিলে।


********


“আপুনি কিন্তু বিয়াৰ কেইদিনৰ কাৰণে এতিয়াই ছুটিৰ কাৰণে কৈ থব দেই।” যুবতীগৰাকীয়ে ক’লে।


যুবকজনে মুৰ দুপিয়ালে।


বেঞ্চখনত তেতিয়া কেৱল তাহাঁত দুয়ো।


সিহঁতৰ কথোপকথনৰ সাক্ষী পুনৰ সেই বেঞ্চখন আৰু গুলঞ্চ ফুলৰ গছজোপা।


********


আজি বেঞ্চখন শূণ্য।


পুখুৰীৰ পাৰৰ ঘৰখনো প্ৰায় শূন্য।


ছোৱালীজনীৰ বিয়া হৈ গ’ল।


তাইৰ কবিতাৰ গুণমুগ্ধ সেই যুবকজনে বিয়াৰ নিমন্ত্ৰণ নাপালে।


নিমন্ত্ৰণ পালেও সি জানো আহিলেহেতেন?


সেইটো আমি গম নেপাওঁ।


অচিনাকী সেই যুবকজনে বা কি ভাবিছিল?


সেইটোও আমি গম নাপালো।


যুবকজননো কোন আছিল সেইটোও আমি গম নেপালো।


********


যুবক-যুবতীহাল বেঞ্চখনত বহি আছে।


সেইদিনা দেওবাৰ।


সময় তেতিয়া দুপৰীয়া।


ৰাস্তাত গাড়ী-মটৰ প্ৰায় নায়েই।


মৃদু এজাক মলয়াই দুয়োকে লাহেকৈ বিচি আছে।


গুলঞ্চ ফুলৰ গছজোপাৰ ছাঁত দুয়ো নিজৰ ভাৱত মগন।


“এই ঠাইটুকুৰাত বহি এক আমেজ আছে।” যুবকজনে ক’লে।


যুবতীগৰাকীয়ে লাহেকৈ তাইৰ মুৰটো তাৰ কান্ধত থলে।


জীৱনৰ সমস্ত সুখ যেন সেই মুহূৰ্ত্তটোত সোমাই পৰিল।


নিৰৱ নিস্তব্ধ সেই সময়ছোৱা যেন কালৰ গতিত খোদিত হৈ পৰিল।


এটি প্ৰাপ্তি আৰু এটি অপ্ৰাপ্তিৰ ঘটনাৰ সাক্ষী হৈ ৰ’ল পুনৰ গুলঞ্চ ফুলৰ গছজোপা আৰু সেই বেঞ্চখন।


********


Comments

Popular posts from this blog

নদী, ঈশানী আৰু মই (খণ্ড-৪)

পাগলাদিয়া… পাগলাদিয়া নদী…  ভূটান পাহাৰৰ দেওথাংৰ পৰা বৈ আহি, অসমৰ বাক্সা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ, ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়গৈ। নামেই যাৰ পৰিচয়। আকস্মিক বানপানী বাবে পাগলাদিয়া জনাজাত।  মূহুৰ্ততে সংহাৰী ৰূপ ধৰিব পৰা এই পাগল নদীখনেই পাগলাদিয়া। কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে দেখিছিলো এই নদীৰ প্ৰলয়। আমাৰ চকুৰ সন্মুখতে খহাই নিছিল ভূখণ্ড।  বালিৰে পুতি পেলাইছিল বিস্তৃত পথাৰ। তেনে এক মৰুভূমি যেন পথাৰত ৰৈ আমি অনুভৱ কৰিছিলোঁ এই নদীখনৰ শক্তিক। নদীৰ দৰে, সময়ৰ দৰে, শক্তিশালী আছেনে আন কোনোবা?? ****** বানপানীৰ সংহাৰী ৰূপ দেখাৰ চাক্ষুষ অভিজ্ঞতা মোৰ নাই। উজনি অসমৰ এখন চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা আমিবোৰ বানপানীৰ কবলত পৰা নাছিলোঁ। ঈশানীয়ে কিন্তু দেখিছিল। তাই সৰু থাকোঁতে দেখিছিল কিদৰে জাঁজী নদীৰ বাঢ়নী পানী আহি সিঁহতৰ ঘৰৰ চোতাল পাইছিল। এবাৰেই সেই অভিজ্ঞতা হৈছিল তাইৰ কিন্তু সেই অভিজ্ঞতাই তাইক বুজাই দিছিল নদীৰ সেই শক্তিক। কোনো বান্ধে চিৰদিন ধৰি ৰাখিব নোৱাৰা শক্তিক। ****** আৰু চকুলোৰ নদী! জুবিন গাৰ্গৰ মহাপ্ৰয়াণত অসমত বৈ গৈছিল চকুলোৰ বান! তেওঁৰ সেই শেষ চিনেমা - “ৰৈ ৰৈ বিনালে” - চাবলৈ গৈছিল...

নৈৰ বুকুত এটি সপোন

১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়!  তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল।  চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু।  লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...

অনুভৱৰ দলিচাত তুমি যেন এটি যাযাবৰী সপোন

  লাহেকৈ দুৱাৰখন খুলি সি কিতাপৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল।  সময় তেতিয়া সন্ধিয়া ৫ বাজিছে। আজি এই ঠাইত সৰুকৈ কিতাপৰ বিষয়ে এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। সি সোমাই অহা দেখি আয়োজকজন আগবাঢ়ি আহিল। তেওঁৰ সৈতে কিছু পৰ কথা পাতি সি চকী এখনত বহিলেগৈ। আন কেইজনমান চিনাকি মানুহ চকুত পৰিল তাৰ। সি সেই কেইজনকো মাত লগালে। আলোচনাচক্ৰৰ মূল বক্তাজন তেতিয়াও আহি পোৱা নাই। সি কাষৰ চকিখনত বহা যুৱক এজনৰ লগত কথা পাতিবলৈ ধৰিলে। কিছু সময় পাছত দুৱাৰখন খুল খোৱাৰ শব্দত সি সেইফালে ঘূৰি চালে। দুগৰাকী যুৱতী সোমাই অহা সি দেখা পালে। প্ৰথম গৰাকীক সি আগতে দেখা নাই, কিন্তু তাইৰ পাছফালে থকা যুৱতী গৰাকীক দেখি তাৰ চকু থৰ লাগিল। ‘তাই ইয়াত কি কৰিছে?’ সেয়া আছিল তাৰ মনলৈ অহা প্ৰথম প্ৰশ্ন! লগৰজনীৰ সৈতে তাই সম্মুখৰ ফালৰ চকী এখনত বহিলেগৈ। সি তাইৰ পৰা প্ৰায় তিনি শাৰী পাছত বহি আছিল। তাই তাক দেখা নাই তেতিয়ালৈকে। তাইক মাতিম নে নেমাতিম ভাবি থাকোতেই আলোচনাচক্ৰৰ মূল বক্তাজন আহি পালেহি আৰু আয়োজনজনে সভা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। সভা আৰম্ভ হ’ল কিন্তু তাৰ মনটোহে এতিয়া অশান্ত হৈ পৰিল। সি তাইলৈ ভালদৰে চালে। তাইৰ বিশেষ পৰিৱৰ...