অশান্ত, প্ৰাণান্ত, জীৱন্ত

 বতৰটো গোমা।


আকাশত ডাৱৰৰ স্পষ্ট আভাস।


কেইঘণ্টামানৰ পাছত বৰষুণ দিয়াৰ সম্ভাৱনা।


চোতালখন সাৰি থকাৰ মাজতে জবাই আকাশৰ ফালে চাই আছিল।


বতৰটোৰ দৰেই তাইৰ মনো বৰ এটা ফৰকাল নহয়।


বহু কিছু চিন্তাই তাইৰ মনত বাহৰ পাতি আছিল।


“ঐ জবা! ভোট দিবলৈ যাবিনে?” কাষৰ ঘৰৰ পৰা ৰমলাই মাত দিলে।


জবাই কি উত্তৰ দিব ভাবিব নোৱাৰি মনে-মনে থাকিল।


“কি ভাবি আছ? যাবি যদি ক’; মোৰ মানুহটো ভোট দিবলৈ গৈছে, সি উভতি আহিলে আমি যাব পাৰিম।” ৰমলাই পুনৰ কলে।


“যাম বাৰু” জবাই ক’লে আৰু লাহেকৈ ঘৰৰ ভিতৰলৈ খোজ দিলে।


ৰমলাৰ কথাষাৰে জবাক বেজিৰ দৰে বিন্ধিলে।


‘মোৰ মানুহটো’ - জবাৰ যে মানুহটো নাই!


কিমাননো দিন হৈছিল বিয়াৰ - সাত মাহ - সাত মাহতে বিধৱা হ’ল তাই!


******


সৰুতে মাক-দেউতাকক হেৰুৱা জবা ডাঙৰ-দীঘল হৈছিল মোমায়েকৰ ঘৰত। মোমায়েকে তাইক মৰম কৰিছিল যদিও মামীয়েকৰ বাবে তাই আছিল এক জঞ্জাল।


হায়াৰ ছেকেণ্ডৰী পৰীক্ষা পাছ কৰাৰ পাছৰে পৰা তাইৰ বাবে দৰা চোৱা আৰম্ভ কৰিছিল মামীয়েকে। আৰু এদিন তেনেকৈয়ে তাইৰ বিয়া হৈ গৈছিল যতীনৰ সৈতে।


কাষৰে এখন ব্যক্তিগত চিকিৎসালয়ৰ তৃতীয় বৰ্গৰ চাকৰিয়াল আছিল যতীন। চিকিৎসালয়ৰ কাষতে সৰু ঘৰ এটাত থাকিছিল সি। তাৰ মাক-দেউতাক থাকিছিল গাওঁৰ ঘৰত আৰু বায়েকৰো ইতিমধ্যে বিয়া হৈছিল।


বিয়াৰ পূৰ্বে জবাৰ মত সোধা হোৱা নাছিল। তাইক যেন বিয়া দি ঘৰখনৰ পৰা উলিয়াই দিয়ালৈ সকলোৱে বাট চাই আছিল।


তাইৰ বয়স তেতিয়া মাত্ৰ বিছ বছৰ।


যতীন তাইতকৈ প্ৰায় পোন্ধৰ বছৰ ডাঙৰ।


যতীনে কিন্তু মৰম কৰিছিল তাইক। লাহে-লাহে দুয়ো ইজনে-সিজনক বুজি উঠিছিল। অনাগত দিন সুখেৰে যাব বুলি জবাই আশা কৰা আৰম্ভ কৰিছিল। 


কিন্তু বিধিৰ বিপাক! এটি বাছ দুৰ্ঘটনাত যতীনৰ মৃত্যু হয়। 


জবাৰ জীৱনলৈ নামি আহে অমানিশা।


যতীনৰ মাক-দেউতাক-বায়েক সকলোৱে দোষ দিলে তাইক।


তাইহে বোলে জগৰীয়া তাৰ অকাল মৃত্যুৰ বাবে! 


তাই বোলে অমংগলীয়া!


আৰু যতীনৰ মৃত্যু হোৱা যোৱা ছমাহে তাই সঁচাকৈয়ে যেন এক অমংগলীয়া জীৱন কটাইছে।


******


“ভোটতো কাক দিবি বুলি ভাবিছ তই?” 


প্ৰশ্নটোত থতমত খাইছিল তাই।


সেইদিনা আছিল দেওবাৰ।


সন্ধিয়া ইতিমধ্যে নামি আহিছিল।


তাই বিচনাতে পৰি আছিল আৰু সেই সময়তে দুৱাৰত টোকৰ পৰিছিল।


সেয়া আছিল বিপিন - এটি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ এক স্থানীয় পৰ্যায়ৰ নেতা। 


আছলতে বিপিন আছিল এক গুণ্ডা; সকলোৱে জানে তাৰ প্ৰকৃত স্বৰূপ, কিন্তু ধনবল আৰু বাহুবলৰ বাবে সকলোৱে তাক সমীহ কৰি চলিছিল।


“ভোটতো কাক দিবি বুলি ভাবিছ তই?” তাইৰ ঘৰৰ ভিতৰলৈ সোমাই আহি চকী এখনত বহি সুধিছিল সি তাইক।


“একো ভবা নাই এতিয়ালৈকে”, তাই সৰুকৈ উত্তৰ দিছিল।


“চা, আমাৰ দলৰ বহু কেইটা আচঁনি আছে, যি তোক সহায় কৰিব। লগতে তোক চাকৰি এটাৰো দৰকাৰ। আমাৰ দলে সেই ক্ষেত্ৰটো তোক সহায় কৰিব।” বিপিনে কৈছিল।


জবাই জানে এই কথাকেইতাৰ সত্যতা। সঁচাকৈয়ে তাইক চাকৰি এটাৰ দৰকাৰ। যতীনৰ মৃত্যুৰ ক্ষতিপুৰণ হিচাপে পোৱা পইছাখিনি বেছিদিন নাথাকে।


“তোক মই এই ক্ষেত্ৰত সহায় কৰিব পাৰিম, কিন্তু তই ভোট আমাৰ দলৰ প্ৰাৰ্থীক দিব লাগিব।” 


জবাই একো নকৈ মাথোঁ কথাখিনি শুনি থাকিছিল।


বিপিন তাৰ পাছত চকীখনৰ পৰা উঠি তাইৰ কাষ পাইছিলগৈ।


“তোৰ আৰু কিবা দৰকাৰ হ’লে মোক কব পাৰ’। ৰাতিও কিবা দৰকাৰ হ’লে কবি, মই আহি যাম।”


এক লোলাপু দৃষ্টিৰে তাইৰ ফালে চাই সি কৈ উঠিছিল সেইদিনা।


জবাই বুজি উঠিছিল সেইদিনা সন্ধিয়া সি অকলে তাইৰ ঘৰলৈ কিয় ভোট বিছাৰি আহিছিল।


******


“ঐ হৰেণ, কালি ৰাতিপুৱা আহিবিছোন আমাৰ ঘৰলৈ। পাছফালৰ জেওৰাখন অলপ ভাল কৰিব লাগে।” 


ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱা ৰাস্তাত লগ পাই ৰমলাই হৰেণক ক’লে।


“হ’ব বাৰু। আহিম মই।” সেইবুলি কৈ সি আগবাঢ়িছিল।


জবাই তাৰ ফালে চাইছিল।


এটা সময়ত গাওঁৰ প্ৰাথমিক বিদ্যালয়ত তাই আৰু হৰেণ একেলগে পঢ়িছিল। সি তাইতকৈ দুই শ্ৰেণীমান ওপৰত আছিল।


তাৰ মাক সি সৰু থাকোতেই ঢুকাইছিল। দেউতাকে দিন হাজিৰা কৰি তাহাঁতৰ দুজনীয়া সংসাৰখন চলাইছিল।


পাছে বেমাৰত পৰি তাৰ দেউতাকৰো মৃত্যু হ’ল। হৰেণেও মেট্ৰিকৰ দেওনা পাৰ নকৰিলে। 


বাপেকৰ দৰে সিও এতিয়া দিন হাজিৰা কৰে। সৰু কেঁচা ঘৰটোৰ সি এতিয়া অকলশৰীয়া বাসিন্দা। 


“এই বিপিনডাল ৰাস্তাতে থিয় হৈ আছে”, ভোটগ্ৰহণ কেন্দ্ৰ পোৱাৰ আগে-আগে ৰমলাই জবাক আগলৈ দেখুৱাই ক’লে।


তাক দেখি জবাৰ সেইদিনা সন্ধিয়াৰ কথা পুনৰবাৰ মনত পৰিল।


“আমাৰ দলৰ প্ৰাৰ্থীক ভোট দিব বুলি আশা কৰিলো।”


তাৰ কাষেৰে পাৰ হৈ যাওঁতে, বিপিনে কৈ উঠিল।


জবাই অনুভৱ কৰিলে তাইৰ দেহাৰ ওপৰেৰে পিছলি পৰা তাৰ দৃষ্টি। 


ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰি তাই এবাৰ পাছলৈ ঘুৰি চালে।


বিপিনে তেতিয়াও তাইৰ ফালে চাই আছে।


******


“মই অলপ মেঘালীৰ ঘৰৰ পৰা আহো; তই যাবিনে?” ভোট দি ওলাই অহাৰ পাছত ৰমলাই জবাক সুধিলে।


“মই নাযাওঁ এতিয়া। দুটামান বজাৰ আছে, সেইকেইটা কৰি মই ঘৰলৈকে যামগৈ।” 


সেইবুলি কৈ দুইজনীয়ে দুই দিশে খোজ পেলালে।


বস্তুকেইপদমান কিনি জবাই ঘৰৰ ফালে আগবাঢ়িল।


কিছু দুৰ যোৱাৰ পাছতে তাইৰ কাষত গাড়ী এখন ৰখালে।


“তোক ঘৰত থৈ আহো ব’ল।” গাড়ীৰ ভিতৰৰ পৰা বিপিনে মাত লগালে।


“নেলাগে দিয়ক, মই যাম পাৰিম।”


“এই বস্তুসোপা ডাঙি কষ্ট কৰি কিয় যাব লাগে তই; গাড়ীত উঠ, আৰামত যাব পাৰিবি।”


নেলাগে বুলি কৈ তাই আগবাঢ়িল।


বিপিনেও গাড়ীখন লগতে আগুৱাই নিলে।


“ঘৰৰ ফালে যাৱ নেকি? ময়ো সেইফালে গৈ আছো, ব’ল।” 


জবা আৰু গাড়ীখনৰ মাজত সোমাই হৰেণে কৈ উঠিল।


“বিপিন দা, আপোনাক তাত বিচাৰি ফুৰিছে।” গাড়ীৰ ভিতৰলৈ চাই হৰেণে ক’লে।


বিপিনৰ মূখত খঙৰ ভাৱ স্পষ্টভাৱে ফুটি উঠিল। পাছে সি একো নকৈ গাড়ীখন ঘুৰাবলৈ ধৰিলে।


******


“ই এনেকুৱাই। অকলশৰীয়া ছোৱালী বা বোৱাৰী দেখিলেই সি পাছ লোৱা আৰম্ভ কৰে। চিন্তা নকৰিবি, মই তোক ঘৰলৈকে আগবঢ়াই থৈ আহিম।” বিপিন যোৱাৰ পাছত হৰেণে কৈ উঠিল।


আজি বহু বছৰৰ পাছত জবা আৰু হৰেণে কথা পাতিছে।


যদিও দুয়ো ইটোৱে-সিটোক দেখি থাকে, কিন্তু তাহাঁতৰ মাজত একো কথোপকথন হোৱা নাছিল।


দুয়ো এতিয়া জবাৰ ঘৰৰ দিশে ধাবমান।


জবাৰ মনত পৰিল এবাৰ বিদ্যালয়ত দুটা ল’ৰাই তাইৰ কিতাপ এখন তাইৰ পৰা টানি লৈ যাওঁতে, হৰেণে তাহাঁতৰ পৰা কিতাপখন ঘুৰাই আনি তাইৰ হাতত দিছিলহি। 


সেইদিনা তাই হৰেণক ধন্যবাদ জনাইছিল।


আজিও তাই তাক ধন্যবাদ জনাব লাগে, পাছে তাইৰ মুখৰ পৰা একো মাতকে ওলোৱা নাছিল।


“মই অলপ আগে-আগে খোজ দিওঁ দে।” সেইবুলি কৈ হৰেণ কিছু আগবাঢ়ি গ’ল।


জবাই বুজি পালে সি কিয় আগবাঢ়িল। তাহাঁত দুয়োটাক একেলগে খোজকাঢ়ি যোৱা দেখিলে, মানুহে কিবা-কিবি ক’ব পাৰে, তাইৰ কিবা বদনাম ওলাব পাৰে; সেয়ে সি তাইৰ পৰা অলপ আঁতৰি গৈছিল।


“তোৰ কিবা বজাৰ-সমাৰ কৰাত দিগদাৰ হ’লে মোক কব পাৰ’। মই আনি তোক দি থৈ যাম।” হৰেণে মাজতে ক’লে।


তাৰ কথাষাৰে কিয় জানো তাইৰ মনত এক ভাললগা অনুভৱৰ জন্ম দিলে।  


কিছু দেৰি পাছত তাহাঁত গৈ জবাৰ ঘৰৰ আগত উপস্হিত হ’লগৈ।


“মই যাওঁ দে, আকৌ ঘৰত গৈ ভাতৰ যোগাৰ কৰিবগৈ লাগিব।” হৰেণে তাইক বিদায় দি কৈ উঠিল।


জবাই কিছুপৰ সি যোৱাৰ ফালে চাই থাকিল।


তাৰ পাছত তাই তাক চিঞৰি মাতিলে, “হৰেণ দা, ইয়াতে ভাত খাই যা।”


সি ঘুৰি চালে।


তাইৰ মুখত হাঁহি এটা বিৰিঙি উঠিল।


বতৰটো যেন ফৰকাল হৈ উঠিল।


*******

Comments

Popular posts from this blog

প্ৰাপ্তি-অপ্ৰাপ্তিৰ ভাষা

দেবু

সপোনত বন্দী তাইৰ ইতিহাস