নৈৰ বুকুত এটি সপোন
১৯৯০ চনৰ গ্ৰীষ্মৰ এটি আবেলি। বেলি তেতিয়া পশ্চিম দিশে ধাৱমান। গাওঁৰ পদূলিবোৰ প্ৰায় উদং। ৰাস্তাতো বেছি মানুহ নাই। লিপিকা তাইৰ কোঠাতে বহি বিষ্ময় আলোচনীৰ শেহতীয়া সংখ্যাখন পঢ়ি আছিল। ৰঞ্জু হাজৰিকাৰ এখন নতুন ভৌতিক উপন্যাস প্ৰকাশ পাইছে। তাই তাকে পঢ়ি আছিল। কাষৰ কোঠাটোত তাইৰ মাক আৰু দেউতাকে কিবা কথা পাতি আছিল। তাইৰ বায়েক শহুৰেকৰ ঘৰৰ পৰা কেইদিনমান পাছত অহা কথা। জোঁৱায়েকক কি খুৱাব, সেই বিষয়ে কথা পাতি আছিল নিশ্চয়! তাইৰ ককায়েক আৰু ভায়েক ঘৰত নাই। ককায়েক চাকৰিলৈ গ’ল আৰু ভায়েক নিশ্চয় লগৰবোৰৰ লগত কৰবাত কিবা খেলি আছেগৈ। লিপিকাৰ এইবাৰ কলেজৰ শেষ বছৰত। আৰু কেইমাহমান পাছত তাইৰ বি.এ. সম্পূৰ্ণ হ’ব। তাৰ পাছত কি কৰিব তাই একো ভবাই নাই! ****** পদূলিমুখত চাইকেলৰ টিলিঙাৰ মাত শুনা গ’ল। চাইকেল চলাই কোনোবা সিহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গৈছে। টিলিঙাৰ মাত শুনিয়েই লিপিকাই গম পালে সেয়া কোন। তাই লাহেকৈ খিৰিকীখনৰ কাষলৈ গ’ল। পৰ্দাখনৰ এটা চুক কোঁচাই তাই বাহিৰলৈ চাই পঠালে। সেয়া ৰন্টু। লিপিকাহঁতৰ ঘৰৰ পদূলি পাৰ হৈ, কিছু আগত সি চাইকেলখন লৈ ৰৈ আছিল। পৰ্দাখনৰ ফাঁকেৰে তাক যে লিপিকাই চালে, সি বুজি পালে। তাৰ ...