Posts

Showing posts from January, 2025

তুমি, মই আৰু ডিমা হাছাও

  মাজনিশালৈ আৰু কিছু সময় বাকী।   সিহঁত আজি ডিমা হাছাওৰ কেন্দ্ৰস্থল হাফলঙত।   হোটেলখনৰ চাদৰ ওপৰত বহি আছিল দুয়ো।   হোটেলৰ মালিকজনে সিঁহতৰ বাবে একুৰা জুইৰ ব্যবস্থা কৰি থৈ গৈছিল।   দূৰৈত সেয়া বৰাইল পৰ্বতমালা - আন্ধাৰৰ মাজতো ধৰিব পাৰি দূৰৈৰ সেই পাহাৰৰ উপস্থিতি।   সেই আন্ধাৰ ঠেলি কুঁৱলীৰ আৱৰণখন লাহে-লাহে আগুৱাই আহিছিল সিহঁতৰ কাষলৈ।   আজি ৩১ ডিচেম্বৰ।   কালিৰ পৰা এটি নতুন বছৰৰ আৰম্ভণি। ****** চাদৰ ওপৰৰ পৰা সি চাই আছিল চাৰিওকাষৰ ঘৰবোৰত নতুন বছৰক আদৰাৰ প্ৰস্তুতি। কোনো এঘৰত স্পীকাৰত উচ্চস্বৰে বাজি আছিল পাশ্চাত্য সংগীত। আন কিছু ঘৰ নিজান। পাহাৰৰ টিলা এটাত অৱস্থিত হোটেলখনৰ পৰা দূৰৈৰ গাৱঁবোৰো দেখা পোৱা যায়। আজি ৰাতি পিছে কুঁৱলীয়ে ঢাকি ৰাখিছে ঠাইখিনি। নিশা যিমানেই আগবাঢ়িছে, সিমানেই তলৰ সেই বগা আচ্ছাদন ঘন হৈ পৰিছে। জুইৰ উত্তাপেও ঠাণ্ডাৰ লগত যেন এক যুদ্ধত অৱতীৰ্ণ। তাই তেতিয়াও জুইৰ কাষত, সি চাদৰ এটা মূৰত - সম্মুখৰ পাহাৰলানিৰ ফালে চাই নিমগ্ন। ****** নতুন বছৰ আহিল। লগতে আহিল এক নতুন প্ৰতিশ্ৰুতি লৈ পোহৰৰ প্ৰথম কণিকাখিনি। ক...

বৰষুণৰ অপেক্ষাত

  নিৰৱ, নিজান, উকা… একো নাই… সকলো যেন শূণ্য… সম্মুখৰ শুকান বালিচৰলৈ চাই সি ভাবি থাকিল। এসময়ত এই ঠাইৰে প্ৰবল বেগেৰে বৈ গৈছিল ব্ৰহ্মপুত্ৰ আৰু আজি সেই ঠাইখন যেন এক মৰুভূমি। “ঠিক মোৰ দৰেই”, সি মনতে ভাবিলে। তাৰ জীৱনৰ উচ্ছল তৰংগবোৰ যেন কৰবাত হেৰাই থাকিল। তৰাই তাক বিদায় দি আকাশৰ তৰা হোৱা আজি এবছৰেই হ’ল কিন্তু সি আজিও তাইৰ অনুপস্থিতি সহ্য কৰিব পৰা হোৱা নাই। আজিও সি নীৰৱে, অকলশৰীয়াকৈ ঘূৰি ফুৰে সেই বাটেৰে, যি বাটত এটা সময়ত সি তৰাৰ লগত সুখ-দুখৰ কথা পাতি বহু সময় পাৰ কৰিছিল। ****** “কি কৰি আছ’ এই ঠাইত?” সেয়া ৰহিম কাইৰ মাত। তাৰ মনৰ কথা বুজি পোৱা একমাত্ৰ পুৰুষ এই ৰহিম কাই। তাৰ চাইকেল ভাল কৰা দোকানখনৰ কাষতে ৰহিম কাইৰ ঘুমটি দোকানখন। আজৰি সময়ত তেওঁৰ দোকানত বহি দুয়ো কথা পাতে। দুয়ো জানে ইটো-সিটোৰ মনৰ কথা। “মোৰ জীৱনো এই মৰুভূমিৰ দৰে হ’ল অ’ ৰহিম কাই!” সজল নয়নেৰে সি ক’লে। “এইবাৰ বাৰিষাৰ পানীৰে যেতিয়া এই ঠাই উপচি পৰিব, আশাকৰোঁ তেতিয়া তই বুজিবি জীৱনে পুনৰ পুখা মেলে বুলি।” ৰহিমে সম্মুখলে চাই কৈ উঠিল। বহু দূৰৈত সেয়া ব্ৰহ্মপুত্ৰ - বাৰিষাৰ অপেক্ষাত! ****** আকাশখন গোমা। দোকানৰ ভিতৰত বহি সি মবাইলটোকে চ...