Posts

Showing posts from June, 2025

ৰামপথাৰৰ ৰাইফল

  ৰামপথাৰ - আধুনিক আৰু পুৰাতন - দুখন জগতৰ মাজত আবদ্ধ এখন গাঁও। ভৌগলিক ভাৱে এখন ভিতৰুৱা ঠাই, তথাপিও আধুনিকতাৰ পৰশে চুই যোৱা।  বৰপেটা জিলাৰ এটি প্ৰান্তত, বেকী নদীৰ পাৰৰ এখন অখ্যাত গাঁও। ইয়াত মোবাইল নেটৱৰ্ক ভালদৰেই পোৱা যাই, পিছে ৰাস্তাৰ নেটৱৰ্কটোহে বেয়া - মানে শিলগুটি দিয়া ৰাস্তা। প্ৰত্যেক নিৰ্বাচনৰ আগত ভাল ৰাস্তাৰ প্ৰতিশ্ৰুতি দিয়া হয়, পিছে সেই ৰাস্তাটো এতিয়াও হৈ উঠা নাই। গাঁওখনৰ বেছিভাগ ঘৰেই এতিয়া কংক্ৰিটৰ। বিদ্যুৎ যোগান আছে যদিও বিজুলী মাজে-মাজে বিচ্ছিন্ন হয়।  গাওঁৰ যুৱকসকলে সস্তীয়া স্মাৰ্টফোনত ইউটিউব ভিডিঅ’ আৰু ইনষ্টাগ্ৰাম ৰীল চাই সময় কটাই। মহিলাসকলেও মোবাইলৰ ব্যৱহাৰ শিকি, আত্মসহায়ক গোটৰ কাম কৰিবলৈ হোৱাটছএপ গ্ৰুপ গঠন কৰি লৈছে।  গাঁওখনত বহু বছৰৰ পৰাই হিন্দু-মুছলমান, দুয়ো ধৰ্মৰে মানুহে মিলাপ্ৰিতিৰে বসবাস কৰিছিল। কিন্তু যোৱা কিছু বছৰৰ পৰা অঞ্চলটোৰ জনগাঁথনিত যেন এক নিস্তব্ধ পৰিৱৰ্তন ঘটিছিল। নদীৰ বালিচাপৰিত কিছু সংখ্যক জুপুৰি ঘৰ গজি উঠিছিল। স্থানীয় স্কুলখনৰ নামপঞ্জীত অধিক অচিনাকি নাম ওলাবলৈ ধৰিছিল।  লাহে-লাহে গাঁওখনৰ চাহৰ দোকানৰ আড্ডাবোৰত আৰু হোৱাটছএপ ফৰৱ...