Posts

Showing posts from April, 2025

সপোনত বন্দী তাইৰ ইতিহাস

 ভালকৈ টোপনি ধৰা নাই তাইৰ। কিয় জানো চকু মুদিলেই তাই দেখা পাইছে এটাৰ পাছত আন এটা অদ্ভূত সপোন। বাৰে-বাৰে সাৰ পাই গৈছে তাই। আজি দিনটো তাই শিৱসাগৰত কটাইছিল। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱ দৌল, সকলোবোৰ চাই আহিছিল তাই। আহোম সাম্ৰাজ্যৰ ঐতিহ্যৰ মাজত দিনটো পাৰ কৰি আহি, তাইৰ মনত বহুতো প্ৰশ্নৰ জন্ম হৈছিল। আৰু সেইবাবেই চাগে আজি তাইৰ সপোনত অসম বুৰঞ্জীৰ কিছু ঘটনাপ্ৰবাহ বৈ গৈছেহি। ****** তাইৰ সম্মুখত সেয়া তলাতল ঘৰ। কিন্তু সেয়া আজি দেখা তলাতল ঘৰ নহয় - তাই সপোনত দেখিছে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত কাঠেৰে নিৰ্মাণ কৰা সেই ৰাজকীয় আবাস। তলাতল ঘৰৰ উপৰভাগ এতিয়া উন্মুক্ত নহয়। তাইৰ সম্মুখত এতিয়া সেই চাৰি মহলীয়া ৰাজকীয় আৱাস। তাই দেখিছে ৰজাৰ মন্ত্ৰণাঘৰ, ৰাণীৰ কক্ষ, ন্যায়সোধা ফুকনৰ বৰচৰা, ভিতৰুৱাল ফুকনৰ গোপন বৰচৰা। তাই সপোনত বিচৰণ কৰি থাকিল সেই ৰাজকীয় কাৰেঙত। তলাতল ঘৰৰ তলৰ সুৰঙ্গবোৰহে তাই দেখা নাপালে। ****** এতিয়া তাইৰ সমুখত কীৰ্তি চন্দ্ৰ বৰবৰুৱা।  খং আৰু চিন্তাৰে জৰ্জৰিত তেওঁৰ মুখমণ্ডল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত তেওঁৰ অপাৰ ক্ষমতা কিন্তু তেওঁৰ সংঘাত মায়ামৰা সত্ৰৰ সৈতে। মায়ামৰীয়া মহন্ত,অষ্ট...