Posts

Showing posts from March, 2025

পৰিচিত সেই সুবাসৰ ৰাগিণী

আবেলিৰ সময়। বেলি পশ্চিম আকাশৰ ফালে ধাৱমান। ৰঙা হৈ থকা আকাশখনলৈ চাই-চাই অন্তৰীপ লাহেকৈ ৰাস্তাৰ কাষৰ পাৰ্কখনৰ ভিতৰত সোমাল। বৰ্তমান সি কলিকতাত। দুপৰীয়া হোটেলত সোমাই, অলপ দেৰি আৰাম কৰি, এতিয়া সি খোজকাঢ়িবলৈ ওলাই আহিছে। কলিকতাত কেইদিনমান থাকিব সি। অফিচৰ কাম অলপ আছে। পাৰ্কৰ মাজেৰে লাহে-লাহে খোজকাঢ়ি সি তাৰ পত্নী কৰৱীলৈ ফোন কৰি অলপ সময় কথা পাতিলে। ফোনটো থৈ সি আৰু অলপ আগলৈ খোজ দিওতেই তাৰ নাকত লাগিলেহি সেই সুবাস। অতি চিনাকি এই সুবাস - কিন্তু আজি কিমান দিন, কিমান মাহ, কিমান বছৰৰ পাছত অনুভৱ কৰিলে সি এই সুবাস। অন্তৰীপ ৰৈ গ’ল। তাৰ চকুত পৰিল এজন মানুহে ঘাঁহ কটা সজুঁলি লৈ পাৰ্কখনৰ ঘাঁহবোৰ কাটি আছিল। দীঘলকৈ উশাহ টানি সি পুনৰ অনুভৱ কৰিবলৈ চেষ্টা কৰিলে সেই সুবাসৰ। ঘাঁহ কটাৰ পাছত যি এক গোন্ধ আহে, এয়াই সেই সুবাস - অতি চিনাকি এই সুবাস তাৰ বাবে। তাৰ মন উৰা মাৰিল শৈশৱৰ সেই সোণালী দিনবোৰলৈ। ক্ৰিকেট ফিল্ডত কটোৱা সেই সময়খিনিলৈ। চাহ বাগিচাৰ সেউজ পৰিবেশত ডাঙৰ-দীঘল হৈছিল সি। ঘৰৰ সম্মুখতে আছিল এখন ডাঙৰ ফিল্ড। তাতেই শৈশৱৰ বেছিভাগ সময় পাৰ কৰিলে বুলি কলেও ভুল নহ’ব। সেই ক্ৰিকেট ফিল্ডখনেই যেন সেই সময়ত সিঁহতৰ জীৱন ...

দেবু

 "দিদি, য়ে ফৰ্ম একবাৰ দেখিয়ে, থিক হেই না?" উপায়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাৰ চাৰি নম্বৰ কাউন্টাৰত বহা মহিলাগৰাকীৰ ফালে ফৰ্মখন আগবঢ়াই সি কৈ উঠিল।   মহিলাগৰাকীয়ে মুৰ তুলি চাই তাৰ ফালে চালে আৰু তাৰ পাছত প্ৰায় বিৰক্তিৰে কৈ উঠিল, "তই কেতিয়াৰ পৰা মোৰ ভায়েৰ হ’লি?" দেবু থতমত খাই উঠিল। সি ভবা নাছিল মহিলাগৰাকীয়ে তেনে এটা কথা ক’ব বুলি। বেছিভাগ মহিলাক দিদি বা বহন কোৱাৰ তাৰ অভ্যাস হৈ গৈছিল, কিন্তু এনেকৈ কোনোবাই তাক কব বুলি সি ভবাই নাছিল।   সি লাহেকৈ তাৰ মাতৰ সুৰ সলাই ক’লে, "মেডাম, এবাৰ এইখন চাই দিয়ক।" তাৰ ফালে নোচোৱাকৈ এইবাৰ মহিলাগৰাকীয়ে ফৰ্মখন ল’লে।   ****** দেবু।   পেচাত সি কাঠমিস্ত্ৰি।   জন্ম বিহাৰত।   পিছে জন্মৰ ছমাহৰ পাছতে তাৰ দেউতাকে তাক আৰু তাৰ মাকক অসমলৈ লৈ আহিছিল। তেওঁ সেই সময়ত অসমতে চাহ বাগান এখনৰ কাষত থাকি কাম কৰিছিল। সেয়ে দেবু অসমতে ডাঙৰ-দীঘল হ’ল, অসমতে পঢ়িলে। হিন্দিৰ লগতে অসমীয়াও সি ভালদৰে ক’ব জানে।   পিছে খুব বেছি পঢ়া-শুনা সি নকৰিলে।   এজন কাঠমিস্ত্ৰিৰ লগত থাকি কাম শিকি লাহেকৈ সি এই পেছাত ভৰি দিলে।...