নদী, ঈশানী আৰু মই (খণ্ড-২)
ৰঙাজান… তাইৰ ঘৰৰ পাছফালেৰে বৈ যোৱা এটি সৰু জান। ১৮১৯ চনত মানৰ আক্ৰমণ ৰোধ কৰিবলৈ এই ঠাইখিনিৰ কাষতেই গগৈ সেনাপতিৰ নেতৃত্বত আহোম সেনাই যুঁজ কৰিছিল। যুঁজৰ আঘাতত বৈ পৰা শোণিতৰ ধাৰাৰে ৰঙা হৈ পৰা জানটিৰ নাম তেতিয়াৰ পৰা ৰঙাজান হৈ পৰিল। এই ৰণক বুৰঞ্জীত ফুলপানীছিগা ৰণ বুলি কোৱা হয়। কিছুৱে এই ৰণক জামুগুৰি চাপৰিৰ ৰণ বুলিও কয়। লগতে কোৱা হয় মাছখোৱা গড়ৰ ৰণ। এতিয়াৰ জামুগুৰি-ফুলপানীছিগাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো এই মাছখোৱা গড়ৰে অংশ। ********** নাজানো তাই জানেনে নাই এই ইতিহাস। নজনাটোৱে স্বাভাবিক। মানৰ আক্ৰমণৰ সেই বিভৎস স্মৃতি আজিৰ অসমীয়াৰ মনৰ মাজত নাই। কিন্তু তাইক বিয়া পাতি মোৰ আকৰ্ষণৰ আন এক কেন্দ্ৰবিন্দু হৈ পৰিল এই ৰঙাজান। ********** বাৰিষাত হেনো এতিয়াও ওফন্দি পৰে ৰঙাজান। মই দেখা নাই পিছে… মই দেখিছো খৰালিত শুকাই থকা জানটিক। এই ৰঙাজানৰ পাৰেৰে, পথাৰৰ মাজেৰে, এদিন দুপৰীয়া খোজকাঢ়িছিলো মই আৰু ঈশানীয়ে। মৃদু এজাক বতাহে দুয়োকে লাহেকৈ কোবাই থৈ গৈছিল। তাই কৈ গৈছিল তাইৰ শৈশৱৰ কথা। ককাকে হেনো আহিবলৈ নিদিছিল ৰঙাজানৰ পাৰলৈ। ৰঙাজানৰ বুকুৰে বৈ থকা শোণিতৰ ধাৰাৰ বাবেই নেকি?? ********** যোৱা বছৰ গংগা নদীত স্নান কৰি...